পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ইএফচিৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰীয় যুৱ স্ব-শক্তিকৰণ কাৰ্যক্ৰম আঁচনিৰ বাবে ১,১৬০ টকা ব্যয় ধাৰ্য কৰি ২০১৭-১৮ৰ পৰা ২০১৯-২০২০লৈকে চলাই নিবলৈ অনুমোদন জনায়।
দ্বাদশ পঞ্চবার্ষিকী পৰিকল্পনা কালত কেন্দ্রীয় বিত্ত মন্ত্ৰালয় আৰু নিটী আয়োগেৰ সৈতে আলোচনাৰ ভিত্তিত ৰাষ্ট্রীয় যুৱ স্ব-শক্তিকৰণ কার্যক্রমৰ অধীনত আন ৮টা প্রকল্ক গ্রহণ কৰা হৈছে। ইয়াৰ ফলত সকলো প্রকল্প ৰূপায়ণত আৰু অধিক সমন্বয় স্থাপন হ’ব আৰু সেইবোৰ ৰূপায়ণ হ’ব। এনেদৰে লাভ কৰা সম্পদৰ সদ ব্যৱহাৰ কৰি অধিক ভাল ফল পোৱা যাব। এই প্রকল্পসমূহৰ জৰিয়তে ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলে বিশেষভাবে উপকৃত হ’ব। তদুপৰি, ১০-১৯ বছৰ বয়সৰ বয়ঃসন্ধিকালীন কন্যানসকলো লাভবান হ’ব।
ৰাষ্ট্রীয় যুৱ স্বশক্তিকৰণ কার্যক্রমৰ অধীনত যি ৮টা প্রকল্পক অন্তর্ভুক্ত কৰা হৈছে সেইবোৰ হৈছে- নেহৰু যুৱ কেন্দ্র সংগঠন, নেচনেল য়ুথ ক’ৰ, কিশোৰ আৰু বয়ঃসন্ধিকালীন ল’ৰা-ছোৱালীসকলৰ উন্নয়নত ৰাষ্ট্ৰীয় কর্মসূচী, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, যুৱ আৱাস, স্কাউটিং আৰু গাইডিং সংগঠনৰ সহায়তা, ৰাষ্ট্ৰীয় শৃংখলা প্রকল্প আৰু যুৱক-যুৱতীসকলৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতাৰ বিকাশমূলক ৰাষ্ট্ৰীয় কর্মসূচী।
***
AKT/SH/DB