পি এম ইণ্ডিয়া
১৭ ৰ পৰা ১৯ জানুৱাৰী, ২০১৯ লৈ তিনিদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত হৈছে মাল্টাৰ প্ৰধানমন্ত্ৰী ড. যোছেফ মাছকট, উদ্দেশ্য ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণ কৰা। প্ৰধানমন্ত্ৰী মাছকটৰ লগতে ভাৰতলৈ আহিছে মাল্টাৰ অৰ্থনীতি, বিনিয়োগ আৰু ক্ষুদ্ৰ ব্যৱসায় দপ্তৰৰ মন্ত্ৰী ড. খ্ৰীষ্টিয়ান কাৰ্ডোনা, তেখেতৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু দেশখনৰ আগশাৰীৰ বাণিজ্য প্ৰতিষ্ঠাৰ শীৰ্ষ বিষয়াসকল। ভাৰতত আটাইকেইগৰাকীকে আদৰণি জনায় গুজৰাটৰ ৰাজ্যপাল শ্ৰী অ’ পি কোহলীয়ে।
গান্ধীনগৰত চলি থকা ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মাছকটৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মাছকটে বিগত বৰ্ষত মাল্টালৈ যোৱা ভাৰতৰ উপ–ৰাষ্ট্ৰপতিৰ সাক্ষাৎৰ কথা সোঁৱৰণ কৰে আৰু দুয়োখন দেশৰে উন্নীত সম্পৰ্ক তথা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হোৱা দিশটোৰ প্ৰসংশা কৰে। এই বৈঠকতে দুয়োগৰাকী বিশ্ব নেতাই দুয়োখন দেশৰ মাজত স্থাপন হ’ব পৰা তথা পৰিবৰ্ধিত হ’ব পৰা ব্যৱসায়–বাণিজ্যৰ দিশসমূহ আলোচনা কৰে।
প্ৰধানমন্ত্ৰী মাছকটে আফ্ৰিতা আৰু ইউৰোপীয় বজাৰসমূহৰ বাবে মাল্টাক এক সম্ভাৱনাময় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতীয় ফাৰ্মা আৰু তথ্য প্ৰযুক্তি উদ্যোগটোৰ অৱদানক প্ৰসংশাৰে স্মৰণ কৰে। তেওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ব্লক চেইন আৰু বিত্তীয় প্ৰযুক্তিসমূহৰ দৰে উন্নত প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত মাল্টাৰ সৈতে সহযোগিতা আগবঢ়াবলৈ ভাৰতক আহ্বান জনায়। ব্লক চেইন প্ৰযুক্তিৰ ক্ষেত্ৰত মাল্টাই এক আনুষ্ঠানিক নীতি–নিয়মো প্ৰস্তুত কৰি উলিয়াইছে আৰু দেশখনে ছিষ্টেম মণিটৰ হিচাপে ভাৰতীয় তথ্য–প্ৰযুক্তি কোম্পানীসমূহক এইক্ষেত্ৰত ভুমিকা পালন কৰাৰ বাবে আহ্বান জনায়।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে মাল্টাৰ পৰা একাডেমিক সহযোগিতা আহ্বান কৰে, ইয়াৰ ভিতৰত থাকিব গুজৰাটত থকা ফৰেনছিক বিশ্ববিদ্যালয়ত কৰ্মৰত মাল্টাৰ পেছাদাৰী বিশেষজ্ঞসকলৰ বাবে প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদানৰ সম্ভাৱনীয়তা। দীৰ্ঘম্যাদী বা স্থায়ী উন্নয়নৰ ক্ষেত্ৰত পুনঃনবীকৰণযোগ্য শক্তি আৰু নিম্ন পৰিমাণৰ কাৰ্বন–ইমপ্ৰিণ্টৰ বিকাশৰ গুৰুত্ব উপলব্ধি কৰিয়েই দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰী সৌৰ চুক্তিৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে আৰু লগতে সৌৰ শক্তিৰ পূৰ্ণ সম্ভাৱনীয়তা আৰু সৌৰ প্ৰযুক্তিক উন্নীতকৰণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।
প্ৰধানমন্ত্ৰী মাছকটে তেওঁৰ ভ্ৰমণকালতে ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণ কৰাৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতেও এক বৈঠকত মিলিত হয়।
*****
AKT/KP/RD
Great meeting with PM @JosephMuscat_JM of Malta. Our talks will add tremendous strength to bilateral ties between our nations and benefit the people of our countries. pic.twitter.com/pHwdnNcBCt
— Narendra Modi (@narendramodi) January 18, 2019