Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছুৰাটত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ষ্টেট-অব্-দা-আৰ্ট চিকিৎসালয়

ছুৰাটত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ষ্টেট-অব্-দা-আৰ্ট চিকিৎসালয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুৰাটত ষ্টেট-অব্-দা-আৰ্ট ছুপাৰ স্পেচিয়েলিটী ৰচিলাবেন সেৱন্তীলাল শ্বাহ ভেনাছ চিকিৎসালয় মুকলি কৰে৷ এই চিকিৎসালয়খনত আয়ুষ্মান ভাৰতৰ অধীনত চিকিৎসা প্ৰদান হোৱাৰ কথাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷

উপস্থিত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে সুস্থ ভাৰতৰ হকে কাম কৰি আছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান আৰু মিছন ইন্দ্ৰধনুশৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায়ক হৈছে৷

লালকিল্লাত ঘোষণা কৰা স্বচ্ছ অভিযানক লৈ তাচ্ছিল্য কৰা ঘটনাৰ প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ব্যাপক অনাময় অভিযানৰ ফলশ্ৰুতিত ৯৭% জনতাই স্বচ্ছ টয়লেট ব্যৱহাৰ কৰিব পাৰিছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰোধী স্বাস্থ্য সেৱাকো গুৰুত্ব প্ৰদান কৰি কয় যে বিশ্বই স্বাস্থ্য কল্যাণৰ বাবে যোগৰ মহত্ব অনুধাৱন কৰিব পাৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰতে সুস্থ ভাৰত সৃষ্টিৰ বাবে নতুন পৰিবেশ তন্ত্ৰৰ সৃষ্টি কৰিছে৷ এই আঁচনিয়ে টায়াৰ ২-৩চ চহৰসমূহত নতুন চিকিৎসালয় স্থাপনত সহায় কৰিব যাৰ দ্বাৰা নতুন চাকৰিৰো সৃষ্টি হ’ব৷ তেওঁ কয় যে অধিক সংখ্যক জেনেৰিক ঔষধৰ উপলব্ধিয়ে জনতাৰ স্বাস্থ্য সেৱাৰ ব্যয় হ্ৰাস কৰাই নহয় আনকি বহু মূল্যবান জীৱন ৰক্ষাতো সহায়ক হৈছে৷

প্ৰধানমন্ত্ৰীয়ে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে গুজৰাটে প্ৰথমে প্ৰণয়ন কৰা ১০% সংৰক্ষণ ব্যৱস্থাক প্ৰশংসা কৰে৷

*****

AKT/VJ/SBP/MANN