পি এম ইণ্ডিয়া
প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, মই তেলেংগানাৰ হায়দৰাবাদস্থিত বেগামপেটৰ চৰকাৰী মহিলা মহাবিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ স্নাতক চূড়ান্ত শ্ৰেণীৰ ছাত্ৰী কে. দীপিকা। মহোদয়, বিগত পাচটা বছৰত শিক্ষা ক্ষেত্ৰত ভালেমান পৰিৱৰ্তন মই দেখিবলৈ পাইছো। শিক্ষাখণ্ডত আপুনি গ্ৰহণ কৰা পদক্ষেপসমূহক লৈ আপুনি সুখী নে? মোক এইখিনি সুবিধা প্ৰদানৰ বাবে আপোনাক অশেষ ধন্যবাদ।
আঁত ধৰোতা – আমি বিগত পাচটা বছৰত শিক্ষা ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পাইছো। আপুনি এই পদক্ষেপসমূহক লৈ সন্তুষ্ট নে? অনুগ্ৰহ কৰি কওঁক।
প্ৰধানমন্ত্ৰী – আপোনাৰ এই প্ৰশ্নৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু সমগ্ৰ দেশৰ প্ৰায় আঢ়ৈ কোটি যুৱক-যুৱতীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিছো। এই ক্ষেত্ৰত প্ৰযুক্তিক ধন্যবাদ জনাইছো। এটা বিষয়কেই দুটা বেলেগ বেলেগ ধৰণে চাব পাৰি। মই অত্যন্ত সুখী আৰু সন্তুষ্ট যে আমি সঠিক দিশেৰেই কাম কৰি আছো। আমি সঠিক সময়সীমা নিশ্চিত কৰি আগবাঢ়িছো আৰু সমগ্ৰ বিশ্বৰে শিক্ষাৰ মানদণ্ডৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছো। সেই গ্লোবেল মানদণ্ড আমিও আহৰণ কৰিবলৈ বিচাৰিছো। মই বিচাৰো যে আমাৰ দেশৰ প্ৰতিগৰাকী যুৱক যুৱতীয়েই যেন মনে বিচৰা অনুসৰিয়েই শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু শিক্ষাৰ যি ক্ষেত্ৰতেই নহওঁক কিয় সেয়া যেন উপলব্ধ হয়। চৰকাৰৰ এটা কাম হৈছে যে এই ব্যৱস্থাসমূহ যেন আমি বিকশিত কৰিব পাৰো। আধুনিক ভাৰত নিৰ্মাণৰ বাবে যিধৰণৰ প্ৰতিষ্ঠানৰ প্ৰযোজনীয়তা আছে, সেইবোৰ যেন উপলব্ধ হয়। আমি সেই দিশবোৰকেই উদগনি যোগাইছো। আই আই টিয়েই হওঁক অথবা আই আই এমেই হওঁক, সকলোবোৰ নিৰ্মাণৰ বাবে অতি ক্ষীপ্ৰতাৰে কাম চলি আছে। ঠিক তেনেদৰে দক্ষতা উন্নয়নৰ দিশবোৰতো আমি যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছো। দেখবলৈ পাইছো যে দেশৰ যুৱ প্ৰজন্মৰ যথেষ্ট সংখ্যকেই শিক্ষাগ্ৰহণ কৰিবলৈ বিদেশলৈ যায়, আৰু এই দিশেৰেই আমাৰ দেশৰ পৰা কোটি কোটি টকা দেশৰ বাহিৰলৈ ওলাই যায়। যদিহে আমি এনে কিছু আন্তঃগাঁথনি আৰু শিক্ষাব্যৱস্থাৰ উত্তৰণ ঘটাও, যি দেখি আমাৰ দেশৰ পৰা বাহিৰলৈ যোৱা শিক্ষাৰ্থীসকলৰ দৰেকৈ বিদেশৰ পৰা শিক্ষাৰ্থী ভাৰতলৈ আহে, তেন্তে তেনে পৰিপ্ৰেক্ষিতত কেনে এক পৰিৱেশ গঢ়ি উঠিব কল্পনা কৰকচোন, আমি তেনে এক পৰিকাঠামো সৃষ্টিৰেই চেষ্টা কৰি আহিছো। আৰু কাৰ্যসম্পাদনৰ দিশৰ ক্ষেত্ৰত মই নিসন্দেহে সন্তুষ্ট। চাৰে চাৰিবছৰতকৈও কম সময়ৰ ভিতৰত যিখিনি কাম হৈছে তাক লৈ মই সন্তুষ্ট। মইয়েই কিয়, যিকোনো লোকেই সন্তুষ্ট হ’ব। কিন্তু কেৱল মোৰ আত্মসন্তুষ্টিৰ বাবেই সন্তুষ্টি নলভো। মোৰ সন্তুষ্টিৰ অৰ্থ হৈছে নৱস্বপ্নৰ জন্ম দিয়া, মোৰ সন্তুষ্টিৰ অৰ্থ হৈছে নতুন লক্ষ্ স্থিৰ কৰা, মোৰ সন্তুষ্টিৰ অৰ্থ হৈছে সেই লক্ষ্যসমূহ অতিক্ৰম কৰা। আৰু সন্তুষ্টি লভি সুখনিদ্ৰা যোৱা আমাৰ উদ্দেশ্ নহয়, আমাৰ অৰ্থ নহয়, এই সন্তুষ্টিৰে নতুন নতুন স্বপ্ন সাকাৰ কৰা। ধন্যবাদ….
আঁতধৰোতা – ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এতিয়া আমি উত্তৰ-পূৱ ভাৰতৰ অসমৰ সৈতে সংযোজিত হৈছো। অসমৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী অনমিত্ৰা মহন্তই আপোনাক কিবা সুধিবলৈ বিচাৰিছে….
প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, মই অসমৰ পৰা অনমিত্ৰা মহন্ত। মহোদয় শিক্ষা ব্যৱস্থাৰ সমান্তৰালকৈ দৈনন্দিন জীৱনতো আমি এই ডিজিটেল ইণ্ডিয়াৰ প্ৰযোগ যথেষ্ট পৰিমাণে দেখিবলৈ পাইছো। আমাৰ দেশৰ লগতে দেশৰ জনতাৰ ওপৰত এই প্ৰযুক্তিৰ প্ৰভাৱ আপুনি কেনেদৰে গণ্য কৰে? মোৰ প্ৰশ্ন ইমানেই। ধন্যবাদ।
আঁতধৰোতা – মহোদয়, আমি দৈনন্দিন জীৱনত ডিজিটেল ইণ্ডিয়াৰ যথেষ্ট ব্যৱহাৰ দেখিবলৈ পাইছো। ইয়াৰ ভিতৰত শিক্ষাও চামিল হৈ আছে। ইয়াৰ ফলত দেশবাসীৰ জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবে? অনুগ্ৰহ কৰি ক’ব।
প্ৰধানমন্ত্ৰী – চাওঁক, মানৱ সমাজ নিৰন্তৰ বিকাশশীল। এইক্ষেত্ৰত প্ৰযুক্তিয়ে এক চালিকা শক্তিৰ ভুমিকা পালন কৰি আহিছে। নতুন নতুন উদ্ভাৱনে মানৱ জীৱনক ধাৰাবাহিকভাৱে সলনি কৰি আহিছে। কিন্তু বিগত ৪০ বছত প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বকে অতি ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈছে। সৃষ্টিশীলতা, উদ্ভাৱনীয়তা আৰু আৱিস্কাৰে বিগত ২০০-৩০০ বছৰত পৰিৱৰ্তিত কৰি কৰি যি স্থানলৈ লৈ আহিছে তাৰ পিছৰ পৰা বিগত ৪০ টা বছৰত প্ৰযুক্তিয়ে এক বৃহত্ পৰিৱৰ্তন সাধন কৰিছে। যাৰ আমি হয়তো কল্পনাও কৰিব পৰা নাছিলো। আমি যদি বিগত ২০০-৩০০ বছৰৰ তুলনাত বিগত ৪০-৫০ বছৰৰ উদ্ভাৱনীয়তালৈ লক্ষ্য কৰো তেন্তে দেখিবলৈ পাম এক বৃহত্ পৰিৱৰ্তন। এক সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াৰ মাজলৈ লৈ গৈছে সমগ্ৰ সময়। সেয়া লাগিলে মহাকাশেই হওঁক অথবা সমূদ্ৰতলিয়েই হওঁক, সকলোতে উদ্ভাৱনীয়তা আৰু আৱিস্কাৰে লাভ কৰিছে ব্যাপকতা। ভুগৰ্ভই হওঁক বা ডিজিটেল বিশ্বই হওঁক, সকলোতে পৰিৱৰ্তন বিৰাজমান। আজি মই ইমান সহজে কথা পাতি থাকিব পাৰিছো, শ্ৰীনগৰত বহি আছো আৰু ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ যুৱ শিক্ষাৰ্থীসকলৰ সৈতে এনেদৰে শিক্ষা সম্বন্ধীয় কথা পাতি থাকিব পাৰিছো, এই সকলোতে প্ৰযুক্তি, উদ্ভাৱনীয়তাৰ যথেষ্ট প্ৰভাৱ আছে। আোপোনালোক সম্ভৱত অৱগত যে অলপতে আমি বান্দিপুৰাত এটা বিপিঅ’ মুকলি কৰিছো আৰু এইটো হৈছে প্ৰথমটো বিপিঅ’, যিটো ডিজিটেল অভ্যুত্থানৰ পৰিণাম। ডিজিটেল অভ্যুত্থানৰ আটাইতকৈ ডাঙৰ লাভালাভটো হৈছে আধাৰ, আপোনালোকে নিস্চয় দেখিবলৈ পাইছে যে আমাৰ আধাৰ এতিয়া ডিজিটেল অভ্যুত্থানৰ এক অংশ হৈ পৰিছে। মই বিশ্বত যেতিয়া কওঁ যে দেশৰ ১২০ কোটি লোকৰ সবিশেষ আমাৰ হাতত আছে, সেই কথা শুনি সকলো আশ্চৰ্যচকিত হৈ পৰে। আমাৰ হাতত থকা এই সম্পত্তি কিন্তু নিসন্দেহে ডিজিটেল অভ্যুত্থানৰেই পৰিণাম। আমি জেম ট্ৰিনিটি আৰম্ভ কৰিছো, ভাৰত চৰকাৰে এই জেম ট্ৰিনিটিৰ দ্বাৰা আধাৰ, মোবাইল, জনধন এই সকলোবোৰৰেই সুব্যৱস্থা দেশৰ জনতাৰ বাবে উপলব্ধ কৰিবলৈ সক্ষম হৈছে। শিক্ষা ক্ষেত্ৰতো আজি ইমানবোৰ এপ্লিকেশ্যন উপলব্ধ হৈছে যে ইয়াৰ ভিতৰত বহু এপ্লিকেশ্যন বিনামূলীয়াকৈও উপলব্ধ হৈছে। ইয়াৰ বাবেই শিক্ষাৰ্থীসকলে ন ন শিক্ষা গ্ৰহণৰ বাবে এইবোৰ এপ্পযোগে কিছু হোমৱৰ্ক কৰাৰ সুবিধা লাভ কৰিছে। সম্ভৱত এনে এক সময়ো আহিব, যেতিয়া বিশ্বৰ পৰাই লোপ পাব টিউশ্যন ক্লাছ আৰু কোচিং ক্লাছবোৰ। ইমানেই শক্তি আছে এই ডিজিটেল ইণ্ডিয়াৰ। ডিজিটেল বিশ্বই বিশ্বৰ প্ৰশাসন যন্ত্ৰৰ সক্ৰিয়তাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। স্বচ্ছতা-নিকা ব্যৱস্থাৰ ক্ষেত্ৰত এই ডিজিটেল বিশ্ব হৈছে এক শক্তিশালী উপাদান। এই একপ্ৰকাৰে কেৱল শিক্ষাই নহয়, সমগ্ৰ জীৱন ব্যৱস্থাতেই ডিজিটেল বিশ্বই আমাৰ শৰীৰৰ এক অভিন্ন অংগ হৈ পৰিছে। আমি ইয়াৰ অবিহনে জীয়াই থাকিবই নোৱাৰা হৈছো, এনে এক পৰিস্থিতি হৈ পৰিছে। আৰু এইবাবেই আমি এই প্ৰভাৱক আমাৰ ভালৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব পাৰো, দেশৰ অধিকতম লোকৰ কল্যাণৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰো সেয়াহে চিন্তা কৰিব লাগে। ইয়াৰ ওপৰত যদিহে আমি সৰ্বাধিক গুৰুত্ব প্ৰদান কৰো তেন্তে এই ডিজিটেল শক্তিয়ে শীঘ্ৰেই দেশত এক বৃহত্ অভ্যুত্থানৰ সৃষ্টি কৰিব, সেয়া নিশ্চিত। ইয়াৰ পিছতেই হৈছে দূৰ সংযোগ শিক্ষা। আমি এই ডিজিটেলৰ যোগেদিয়েই দেশৰ দুৰ্গম এলেকাত থকা একোগৰাকী শিক্ষাৰ্থীক, দূৰ দূৰণিত থকা একোগৰাকী শিক্ষাৰ্থীক এই দূৰ সংযোগ শিক্ষাৰ যোগেদিয়েই মানসম্পন্ন শিক্ষা প্ৰদান কৰিব পাৰো। আৰু এই ক্ষেত্ৰত ডিজিটেল কানেক্টিভিটিৰ যথেষ্ট গুৰুত্ব আছে। আৰু মই দেখিবলৈ পাইছো যে দেশৰ বহু যুৱক যুৱতীয়ে ভাৰ্ছুৱেল লেবৰেটৰীৰ দ্বাৰা আজি শিকাৰুসকলক পাঠদান কৰিবলৈ লৈছে। আৰু ইয়াতো তেওঁলোকে ঠিক তেনেদৰেই পঢ়িবলৈ সক্ষম হয়, যিদৰকে তেওঁলোকে আঁচল পৰীক্ষাগাৰত গৈ কাম কৰে। এনে কৰাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়। থ্ৰীডি প্ৰজেকশ্যনৰ বাবে আজি শিক্ষাৰ্থীসকলে যদিহে হৃদযন্ত্ৰ সন্দৰ্ভত পঢ়িবলৈ বিচাৰে তেন্তে আজিকালি থ্ৰিডিৰ মাধ্যমেৰে সুন্দৰকৈ বুজাই দিব পাৰি, আগতে শিক্ষকে মোখিকভাৱে বা ছবি আকি যিমানেই সুন্দৰকৈ নুবুজাওঁক কিয়, তেওঁলোকে বুজিবলৈ সক্ষম হোৱা নাছিল, আৰু আজি প্ৰযুক্তিৰ সুবাদতে সুন্দৰকৈ আৰু খু্টি-নাটি মাৰি বুজিবলৈ সক্ষম হৈছে। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলো, তেতিয়া মই এক সৰু সমীক্ষা চলাইচিলো। মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰত কেনেধৰণৰ প্ৰভাৱ পৰে। আৰু তাত যদিহে আমি ডিজিটেল ক্লাছৰূম নিৰ্মাণ কৰো তেন্তে তাৰ প্ৰভাৱ কেনমে হব। ইয়াৰ পাৰ্থক্য কেনে হ’ব। মোৰ সমীক্ষাত আছিল এনে কিছু বিদ্যালয়, য’ত স্মাৰ্ট ক্লাছৰূম নাছিল, আৰু কিছুমানত আছিল স্মাৰ্ট ক্লাছৰূম। এই স্মাৰ্ট ক্লাছৰূম নথকা বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনতেই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। আনহাতে কিছুমান স্মাৰ্ট ক্লাছৰূম থকা বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থাও আছিল, পিছে তেনেবোৰ স্কুলত দেখিলো যে মধ্যাহ্ন ভোজনৰ ব্যৱ্স্থা থকা সত্ত্বেও স্মাৰ্ট ক্লাছৰূমৰ প্ৰতি শিক্ষাৰ্থীসকল বেছি আকৰ্ষিত আছিল। অতি বেচি দৰিদ্ৰ পৰিয়ালৰো শিক্ষাৰ্থী তাত আছিল যদিও তেওঁলোকেও মধ্যাহ্ন ভোজনৰ প্ৰতি গুৰুত্ব নিদি স্মাৰ্ট ক্লাছৰূমত শিক্ষাগ্ৰহণৰ বাবে বহি গৈছিল। মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোকক মাতি মাতিহে লৈ যাবলগীয়া হৈছিল। আনফালে যিবোৰ স্কুলত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছিল সেইবোৰ স্কুলতো যথেষ্টসংখ্যক শিক্ষাৰ্থী অহা নাছিল। সেইবোৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনত বেছি ৰুচি নাছিল কিন্তু স্মাৰ্ট ক্লাছৰূম নথকা বাবেই তেওঁলোক তালৈ গৈ শিক্ষাগ্ৰহণত ইচ্ছুক নাছিল। এতিয়া মই নিসন্দেহে ক’ব পাৰো যে এই যে প্ৰভাৱ, সেয়া হৈছে ডিজিটেল প্ৰভাৱ। আৰু অনাগত সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব। ধন্যবাদ…..
আঁত ধৰোতা – মাননীয়, এইবাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ গৌৰৱে আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিছে….
প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী, মোৰ নাম গৌৰৱ আৰু মই হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ…আমাৰ দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে আপুনি কৰি অহা প্ৰয়াসৰ পিছতো দেশত দৰিদ্ৰতা দেখি আমি কষ্ট পাও, দূখ পাওঁ। আপুনি ভাবেনে যে ভৱিষ্যতে আমি এখন দৰিদ্ৰতামুক্ত ভাৰত দেখিবলৈ পাম?
আঁত ধৰোতা – আমাৰ দেশৰ দৰিদ্ৰতা দেখি খুব দুখ লাগে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে আপোনাৰ প্ৰয়াস আমি দেখিবলৈ পাইছো। আপুনি অনুভৱ কৰেনে যে অনাগত ভৱিষ্যতত আমাৰ দেশ দৰিদ্ৰতামুক্ত হৈ পৰিব? অনুগ্ৰহ কৰি কওঁক।
প্ৰধানমন্ত্ৰী – যদিহে দেশে থিৰাং কৰি লয় যে দেশ দৰিদ্ৰতামুক্ত হ’ব, তেন্তে বিশ্বৰ কোনো শক্তিয়েই আমাক দৰিদ্ৰতাৰ মেৰপেচত বান্ধি ৰাখিব নোৱাৰিব। দেশৰ এশ পছিশকোটি দেশবাসীৰ মাজত ইমান সামৰ্থ্য অৱশ্যেই আছে। আমি যদিহে প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ ব্যৱহাৰেৰে সঠিক পৰিকল্পনাৰে যদিহে আমি আগবাঢ়ো তেন্তে দৰিদ্ৰতাৰ পৰা মুক্ত হোৱা কোনো কঠিন কাম নহ’ব। এই কথা মই বিগত চাৰে চাৰিবছৰৰ অনুভৱেৰে কৈছো। সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে দুটা বিষয়ে বিশেষকৈ গা কৰি উঠিছে। প্ৰথমটো হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতেই ক্ষীপ্ৰতম গতিৰে বিকশিত বৃহত্ অৰ্থনীতিৰ দেশসমূহৰ ক্ষেত্ৰত এক নং স্থানত আছে ভাৰত। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই এয়া এক গৌৰৱৰ বিষয়। দ্বিতীয়টো হৈছে ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় এজেন্সীয়ে কৈছে যে ক্ষীপ্ৰতাৰে দৰিদ্ৰতা নিৰ্মূলকৰণৰ দিশেৰে সমগ্ৰ বিশ্বতেই ভাৰতৰ স্থান হৈছে এক। নতুন মধ্যবিত্ত শ্ৰেণী ক্ৰমাত্ বৃদ্ধি পাইছে। আৰু তেওঁলোকে লগতে কৈছে যে দেশৰ অনুসূচীত জাতি আৰু ভাৰতৰ মুছলমান লোকসকলে এইক্ষেত্ৰত সৰ্বাধিক লাভালাভ আহৰণ কৰিছে। তেওঁলোকেই অতি ক্ষীপ্ৰতাৰে দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিবলৈ লৈছে। এতিয়া কোনোবাই যদি মোক মহাত্মা গান্ধীৰ স্বতন্ত্ৰতা আৰু স্বচ্ছতা, এই দুটা বিষয়ৰ মাজৰ পৰা এটা বিষয় বাচনি কৰিবলৈ কয় তেন্তে মেই স্বচ্ছতাকেই প্ৰথম স্থানত ৰাখিম। গান্ধীজীয়ে বহু প্ৰয়াস কৰিছিল। তেতিয়া স্বাধনীতা সংগ্ৰামো চলি আছিল আৰু স্বচ্ছতাৰ বাবেও বিভিন্ন আলোচনা চলি আছিল। দেশ স্বাধীন হোৱাৰ পিছত আমি সেই কামটো অনায়াসে আগবঢ়াই নিব পাৰিলোহেতেন। কিন্তু সেই কামটো কোনোবাই যদি কৰে কৰক, নকৰিলেও নাই, এনে মনোভাৱেৰেই চলি আছিল। মই লালকিল্লাৰ পৰা আহ্বান জানাইছিলো, সমগ্ৰ দেশবাসীৰ প্ৰতি আহ্বান জনাইছিলো, আৰু আজি নিজৰ প্ৰচেষ্টাৰ বলতে দেশ আজি স্বচ্ছতাৰ দিশেৰে অতি সন্তোষজনক স্থিতিত অৱতীৰ্ণ হৈছে আৰু ক্ষীপ্ৰতাৰে অগ্ৰগতিও লাভ কৰিছে। জম্মু কাশ্মীৰৰ এইগৰাকী বিষয়া, এইয়াত বহি থকা এইগৰাকী বিষয়া ইয়াৰ পূৰ্বে অনন্তনাগত আছিল, তেতিয়াই সম্ভৱতঃ মোৰ হাতৰ পৰাই স্বচ্ছতাৰ পুৰস্কাৰ গ্ৰহণ কৰিছিল। সমগ্ৰ দেশেই গৰ্বিত হৈছিল,যথেষ্ট ডাঙৰ কাম কৰিছিল। আজি সমগ্ৰ জম্মু-কাশ্মীৰ মুকলিত মলত্যাগমুক্ত স্থান হিচাপে পৰিগণিত হৈছে, এয়া কম ডাঙৰ কাম নহয়। মই যেতিয়া ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলো তেতিয়া গ্ৰাম্য অনাময়ৰ হাৰ আছিল ৩৮ শতাংশ আৰু আজি এই হাৰ হৈছেগৈ ৯৮ শতাংশ। এয়া কেৱল চৰকাৰৰ সদিচ্ছাৰ ফলতেই সম্ভৱ হৈছে। দেশে যদিহে এবাৰ সিদ্ধান্ত গ্ৰহণ কৰে যে যিকোনোধৰণে সুফল অনা হ’ব, তেন্তে সেই সুফল অহাটো অনিবাৰ্য। সকলোৱে জানে যে দেশত বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ প্ৰক্ৰিয়া আজিৰ নহয়, পিছে দীৰ্ঘসময় ধৰি দৰিদ্ৰ জনতাৰ বাবে বেংকৰ একাউণ্ট খুলিব পৰা নগৈছিল। আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে প্ৰতিগৰাকী দৰিদ্ৰ লোকৰে একাউণ্ট খুলিব লাগিব। ভাৰতত ২০১৪ চনত শতকৰা ৪০ গৰাকী লোকৰ বেংক একাউণ্ট আছিল আৰু আজি দেশৰ প্ৰায় ১০০ শতাংশ লোকৰেই বেংক একাউণ্ট আছে। আমাৰ দেশত সৰ্বমুঠ প্ৰায় ২৫-২৬ কোটি পৰিয়াল আছে আৰু আৰ্থিক দিশেৰে মোক শক্তিশালী স্থিতিত থকা বুলি কোৱা হৈছিল। কাৰণ ৰাজ্যসমূহে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি দেশৰ প্ৰায় ৪ কোটি পৰিয়ালে বিজুলীবাতিৰ সুবিদা লভ কৰা নাই। এনে তথ্যৰ পিছতেই আমি পদক্ষেপ গ্ৰহণ কৰিলো যে দেশৰ প্ৰ্তিটো পৰিয়ালেই বিদ্যুত্ যোগান লাভ কৰিব লাগিব আৰু মই আজি নথৈ আনন্দিত যে জম্মু কাশ্মীৰে এই কাম সুন্দৰভাৱে সম্পূৰ্ণ কৰি তুলিছে। অৰ্থা আমাৰ দেশে যদিহে এবাৰ সিদ্ধান্ত লৈ লয় যে এই সমস্যাৰ সমাধান কৰিব লাগিব তেন্তে সেয়া কৰিহে উলিয়াব। এতিয়া জম্মু কাশ্মীৰে এক সপোন দেখিছে যে প্ৰতি ঘৰে ঘৰে পানীৰ সংযোগ প্ৰদান কৰিব, এয়া এগ ডাঙৰ সপোন। আৰু মোৰ বিশ্বাস আছে যে জম্মু কাশ্মীৰে এই কাম কৰি দেখুৱাব। ইয়াৰ আমোলাসকলে এই কামকো শীঘ্ৰেই সম্পাদন কৰিব।আমাৰ দেশত আমি কেৱল সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আমি দৰিদ্ৰতাৰে যুঁজ কৰিব লাগিব, আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে কেৱল সামগ্ৰী বিতৰণ কৰিলেই নহ’ব। দৰিদ্ৰ লোকসকলক সবলীকৰণ কৰিব লাগিব। তেওঁলোকৰ মাজত দৰিদ্ৰতাৰ হেঙাৰ নেওচা দিয়াৰ মনোবল সৃষ্টি কৰিব লাগিব, তেনে এক মনোভাৱৰ সৃষ্টি কৰিব লাগিব। আৰু মই ভাবো যে আমি যদিহে এনে এক মনোবৃত্তি তেওঁলোকৰ মাজত গঢ়ি তুলিব পাৰো তেন্তে সেয়া তেওঁলোকে কৰি দেখুৱাব। আমি যেতিয়া উদাত্ত কন্ঠে কওঁ, শিক্ষা দিও, আয়ুষ্মান ভাৰতৰ যোগেদি স্বাস্থ্যসেৱাৰ কথা কওঁ, তেতিয়াই দেশৰ গৰীৱ জনতাৰ অনুভৱ হয় যে এতিয়াহে মোৰ দিন আহি গৈছে, এতিয়া মই আগবাঢ়িব পাৰিম। মোৰ মা-দেউতাই দৰিদ্ৰতাৰ মাজেৰে দিন অতিবাহিত কৰিলে, মই কিন্তু মোৰ সতি-সন্ততিক এই দৰিদ্ৰতাৰ মাজেৰে মই দিন অতিবাহিত কৰিবলৈ বাধ্য নকৰাও। দেশ এতিয়া যিধৰণেৰে আগবাঢ়িছে, তাৰ প্ৰতি লক্ষ্য ৰাখি মই এনে এক পৰিৱেশ দেখিবলৈ পাইছো। খুব ক্ষীপ্ৰতাৰে দৰিদ্ৰতা আঁতৰিব। দৰিদ্ৰতাৰ পৰা মুক্তি অৱশ্যাম্ভাৱী। আৰু আমি জীৱিত কালতেই দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল হোৱা আমি নিজ চকুৰেই দেখিবলৈ পাম।
আঁতধৰোতা – ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী, দেশৰ এনে পৰিৱৰ্তন দেখি দেশৰ যুৱ প্ৰজন্ম নিশ্চয়কৈ সুখী, যথেষ্ট সুখী তেওঁলোক। উৰিষ্যাৰ উত্কল বিশ্ববিদ্যালয়ৰ পৰা অংকিতাই আপোনাক কিবা ক’বলৈ বিচাৰিছে।
প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী, মই উৰিষ্যাৰ উত্কল বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা। আমাৰ ইয়াত যথেষ্ট পৰিমাণৰ ঐতিহাসিক ক্ষেত্ৰ আছে আৰু সুন্দৰ সুন্দৰ সমূদ্ৰ তীৰ আছে। বহু সময়ত মোৰ এনে লাগে যেন ইয়াৰ পৰ্যটনক্ষেত্ৰৰ উত্তৰণৰ বাবে মই কিবা এটা কৰো, কিন্তু পিছত একো বুজি নাপাও। শিক্ষাৰ সৈতে পৰ্যটন ব্যৱস্থাক জড়িত কৰি আমি কেনেদৰে উৰিষ্যাৰ উন্নয়ন সাধন কৰিব পাৰো অলপ কওঁক।
প্ৰধানমন্ত্ৰী – আপোনাক প্ৰথমেই অভিনন্দন জনাইছো, শিক্ষাৰ এক অনন্য প্ৰভাৱ আপোনাৰ মাজত দেখিবলৈ পাইছো যে আপুনি উৰিষ্যাৰ মাজত লুকাই থকা শকতিৰ বিষয়ে জানে আৰু সেই শকতিক আপুনি কেনেদৰে ব্যৱহাৰ কৰিব সেয়া চিন্তা কৰিছে। এই কথা সত্য যে দেশত পৰ্যটন ক্ষেত্ৰৰ যথেষ্ট সম্ভাৱনীয়তা আছে, কিন্তু আমি পৰ্যটন সম্বন্ধে যথেষ্ট উদাসীন ভু্মিকা পালন কৰো। পৰ্যটনৰ প্ৰথমটো চৰ্ত হৈছে যে আপুনি নিজৰ সম্পদ বা সামগ্ৰীৰবোৰক লৈ গৰ্ব অনুভৱ কৰিব পাৰিব লাগিব। আমাৰ এইটো অভ্যাস যে আমাৰ সকলোবোৰ অযথা, এনে এক মনোভাৱ আমাৰ থাকে। আমাৰ নিজৰেই সামগ্ৰীবোৰ, আমাৰ নিজৰেই সম্পত্তিবোৰক লৈ আমিয়েই যদিহে গৰ্ব অনুভৱ নকৰো তেন্তে সেয়া চাবলৈ বিশ্ববাসী কিয় আহিব….এই দিশটো বিশ্বৰ যিকোনো পৰ্যটন ক্ষেত্ৰতেই প্ৰযোজ্য। এটা সাধাৰণ স্তম্ভ থাকিলেও, সেইটোকে লৈ যিমানবোৰ গৌৰৱ গাঁথা শুনাব যে আপোনাৰ এনে লাগিব, এইটো কিবা এটা বিশেষ স্তম্ভ। আৰু আমি…হমম..কিবা এটা বনাইছে চাগে..কাম নাই এইবোৰ, চব পইচা বৰ্বাদ কৰাৰ ফন্দি। চাওঁক, বিশ্বৰ আটাইতকৈ ক্ষীপ্ৰতাৰে অগ্ৰগতি লাভ কৰা কোনো খণ্ড যদিহে আছে, তেন্তে সেয়া হৈছে পৰ্যটন। এই খণ্ডতেই ত্ৰিলিয়ন ডলাৰৰ ব্যৱসায় সম্ভৱপৰ হৈ উঠিবহ শীঘ্ৰেই। আপোনালোকৰ হয়তো মনত থাকিব যে বহুবছৰ পূৰ্বে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণসাপেক্ষে মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিলো। তেতিয়া মোক তাত সুধিছিল যে মোৰ কিহত ইচ্ছা। তেতিয়া মই কৈছিলো যে আপোনালোকৰ গ্ৰামাঞ্চলবোৰলৈ গৈ গাওঁবোৰত কি প্ৰক্ৰিয়াৰে খেতি কৰে সেয়া জানিবলৈ ইচ্ছা আছে। ইয়াৰ পিছতে মই কৈছিলো যে একেবাৰে ভিতৰুৱা গাওঁত যদিহে কোনো বিদ্যালয় আছে তেন্তে সেই বিদ্যালয় ব্যৱস্থা চাবলৈ মন আছে। ইয়াৰ পিছতে মই পুনৰ কৈছিলো যে গাওঁৰ ভিতৰুৱা এলেকাৰ স্বাস্থ্যসেৱা ব্যৱস্থা চোৱাৰ মন আছে আৰু চতুৰ্থতে কৈছিলো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো পুৰাতন ঐতিহ্যবাহী সম্পত্তি মোৰ চাবলৈ মন আছে, যাক লৈ আমেৰিকাই গৰ্ব অনুভৱ কৰে। এতিয়া আমাৰ দেশৰ কোনো গলিলৈ যাওঁক, সোধক কিমান পুৰণি, উত্তৰ পাব ২ হাজাৰ বছৰ পুৰণি, তিনিহাজাৰ বছৰ পুৰণি। তেন্তে, চাওঁক কিমান মহান পৰম্পৰা আছে আমাৰ। কিন্তু আমি যিমান উৎসাহেৰে ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰিব লাগিছিল সেয়া আমি কৰিছোনে, নাই কৰা। পৰ্যটন ক্ষেত্ৰই যথেষ্ট সংস্থাপন দিব পাৰে, আৰু আপুনি এতিয়া চাওঁক যে উৰিষ্যা ইমানেই এই ক্ষেত্ৰত সমৃদ্ধিশালী যে ইয়াৰ পৰ্যটন ক্ষেত্ৰই কি দিব নোৱাৰিব। উৰিষ্যাৰ সমূদ্ৰ তীৰেই হওঁক, স্থাপত্যই হওঁক অথবা ইয়াত থকা অন্যান্য ঐতিহ্যক্ষেত্ৰসমূহেই চাওঁক, সকলোতে আছে নতুনত্ব। আমি পৰ্যটন ক্ষেত্ৰক প্ৰসাৰতা প্ৰদান কৰিব লাগে। আগতে দেশলৈ বছৰি ৭০ হাজাৰ পৰ্যটক আহিছিল আৰু এইবছৰ আমাৰ দেশলৈ আহিছে এক কোটি পৰ্যটক। পূৰ্বে পৰ্যটকৰ পৰাই ১৮ মিলিয়ন ডলাৰ বিদেশী ধন দেশে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়া সেই পৰিমাণ বৃদ্ধি হৈ ২৭ মিলিয়ন ডলাৰ হৈছেগৈ। অৰ্থাত্ প্ৰায় ৫০ শতাংশ বিকাশ হৈছেগৈ। ইয়াৰ অৰ্থ হৈছে ভাৰতৰ প্ৰতি পৰ্যটক আকৰ্ষিত হৈছে। কিন্তু ইয়াতেই স্বচ্ছতাই গুৰুত্বপূৰ্ণ ভু্মিকা পালন কৰিছে। পৰ্যটকেও দেশৰ নাগৰিকৰ স্বভাৱ স্বীকাৰ কৰি গৈছে আৰু আজি মোৰ লগতে এনেদৰে কথা পাতি থকা শিক্ষাৰ্থীসকলেও এনেদৰেই উৰিষ্যাৰ সৈতে জড়িত হৈছে, প্ৰযুক্তিৰে জড়িত হৈছে। মই নিশ্চিতকৈ কওঁ যে উবেৰৰ মাধ্যমেৰেও দেশৰ যুৱকসমাজে বিজনেছ ষ্টাৰ্ট-আপ আৰম্ভ কৰিব পাৰে, বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ সৈতে সংগতি ৰাখি। পৰিয়ালে হোমছেট দিবলৈ বিচাৰে, তাৰ ওপৰতেই হওঁক, কোনো লোকে যদিহে এনে এক এপ্লিকেশ্যন প্ৰস্তুত কৰিবলৈ বিচাৰে যে যিটোৰ মাধ্যমেৰে এজন লোকে ভাৰতৰ পৰ্যটন ব্যৱস্থাক এফালৰ পৰা চাব পাৰে তেন্তে তেওঁলোকে উবেৰৰ দৰেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ পুনৰ ঘৰলৈ ঘূৰি অহালৈ সমগ্ৰ এক ব্যৱস্থাক গণ্ডীভুক্ত কৰিব পাৰে। আউটষ্টোৰ কৰি ক্ৰাউড ফাণ্ডিংৰ মাধ্যমেৰেও সমগ্ৰ বিশ্বকে সংযোজিত কৰিব পাৰে আৰু মই এইক্ষেত্ৰত নিশ্চিতি দিব পাৰো যে আজি উবেৰৰ দৰেকৈ কোনে দেশৰ যুৱক যুৱতীক হোমছেট প্ৰদান কৰিব পাৰে, ঠিক তেনেদৰেই আজি দেশৰ হোটেলবোৰত যিমান কোঠা আছে তাতকৈও আজি যথেষ্ট নতুন নতুন কোঠা দেখিবলৈ পাব। মই অলপতে বেনাৰসত প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে উপস্থিত আছিলো, মই কাশীৰ পৰা সাংসদ হৈ আহিছো, তাত উপস্থিত হৈ মই জনতাক সম্বোধন কৰি কৈছিলো আৰু লগতে হতচকিত হৈছিলো যে তাত থকা জনতাই বিদেশৰ পৰা অহা লোকক নিজৰ ঘৰৰ কোঠা দিবলৈ হেতা ওপৰা লগাইছিল। আৰু এনেদৰেই কাশীত হোমছেটৰ এই ব্যৱসায় লাহে লাহে বৃদ্ধি হ’বলৈ ধৰিছে। প্ৰবাসী লোকসকলৰো এইক্ষেত্ৰত অভ্যাস হৈ গৈছে, আৰু আজি সমগ্ৰ বিশ্বতে এয়া এক জনপ্ৰিয় ব্যৱস্থাত পৰিণত হৈছে। আমি যদিহে এনেদৰে উবেৰৰ দৰে এপ্প প্ৰস্তুত কৰি আমা যুৱ সমাজক আগুৱাই লৈ আহো তেন্তে উবেৰতকৈও সোনকালে উবেৰতকৈও অধিক ক্ষীপ্ৰতাৰে অগ্ৰসৰ হ’ব পাৰিম। আৰু এই বিশ্বাস আজি মই আপোনালোকক দিছো।
আঁতধৰোতা – ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আপুনি গুজৰাটৰ সন্তান আৰু এইবাৰ আমি গুজৰাটৰ ফালে অগ্ৰসৰ হ’ম। গুজৰাটৰ এম এন কলেজৰ ছাত্ৰ বিজয় কুমাৰে আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিছে।
প্ৰশ্ন – মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী, নমস্কাৰ, মই গুজৰাটৰ বিছ নগৰৰ এম এন কলেজৰ ছাত্ৰ বিজয় কুমাৰে কৈছো। মহোদয়, যেতিয়াৰে পৰা বাজেট উত্থাপন হৈছে তেতিয়াৰে পৰা মই কৃষকসকলৰ বাবে আৰম্ভ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা কৰা দেখিবলৈ পাইছো। সঁচাকৈয়ে কোনেও ভবাই নাছিল যে কৃ।কৰ বাবে চৰকাৰে যে ইমান বৃহত্ আঁচনি আৰম্ভ কৰিব আৰু মহোদয়, মই এই কথাও শুনিবলৈ পাইছো যে আপুনি পশ্চিমবঙ্গত কৈছে যে চৰকাৰে অনাগত দহ বছৰত ৭ লাখ ৫০ হাজাৰ কোটি টকা ব্যয় কৰিব। মহোদয় মোৰ প্ৰশ্ন হৈছে যে চৰকাৰে ইমান ধন পাব ক’ত….. ধন্যবাদ।
প্ৰধানমন্ত্ৰী – তুমি বিৰোধী পক্ষৰ খবৰ কাকত পঢ়িবলৈ লৈছা, বাৰু যাহওঁক, তুমি মোৰ গাওঁৰেই চুবুৰীয়া ল’ৰা, মোৰ গাওঁ ৱাডনগৰ আৰু তুমি বিছনগৰৰ, অৰ্থাৎ আমাৰ দুয়োৰে গাওঁ ওচৰা ওচৰি, আৰু তুমি মোৰ গাওঁৰ কাষৰ পৰাই কৈ আছা। মই অতিকৈ আনন্দিত যে বিছনগৰৰ পৰা আজি মোদীয়ে নিজৰ গাওঁখনকো সতেজ কৰি আছে। এইটো কথা সত্য যে আপুনি যিটো স্থানত আছে, সেই স্থানত কৃষকসকল যথেষ্ট কষ্টত আছে, তাত পানীৰ খুব নাটনি হৈছে, একপ্ৰকাৰেৰে শুনান ঠাই সেইখিনি, এইবোৰ কথা মই জানো, কাৰণ মই সেই ঠাইতেই জন্মলাভ কৰিছো, আৰু তুমিও সেই ঠাইৰ পৰাই কৈ আছে। যথেষ্ট কষ্টপূৰ্ণ স্থান সেইখিনি। চোৱা, আমাৰ দেশত সংসাধনৰ কোনো অভাৱ নাই। পিছে দুৰ্ভাগ্য ইমানতে যে ভাৰতৰে এগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিল যে একোটা কামৰ বাবে যদিহে এটকা আবণ্টন হয় তেন্তে সেই টকাটোৰ ১৫ পইচাহে সঠিক স্থানলৈ গৈ পায়। আৰু এতিয়া ইয়াৰ পৰা হোৱা লাভ হৈছে যে এতিয়া যদি কামটোৰ বাবে এটকা ওলায় তেন্তে তাৰ ১০০ পইচাই কামত ব্যৱহৃত হয়। আটাইতকৈ ডাঙৰ কাৰণেই হৈছে এইটো। ইয়াৰ পিছতে আপুনি প্ৰতিটো টকাৰ, প্ৰতিটো পইচাৰ যেতিয়া সঠিক প্ৰয়োগ কৰে, তেনে ক্ষেত্ৰত কৰদাঁতাসকলেও সততাৰে কৰ পৰিশোধ কৰিবলৈ বিচাৰে। কাৰণ তেওঁলোকে দেখে যে তেওঁলোকৰ ধন সঠিকভাৱেই ব্যৱহাৰ হৈছে। আপুনি কল্পনা কৰকচোন যে মই দেশবাসীক কৈছিলো যে আপোনালোকক যদিহে ৰন্ধন গেছৰ ৰাজসাহায্যৰ প্ৰয়োজন নাই তেন্তে সেয়া এৰি দিয়ক, ইয়াৰ বাবে কোনো আইন প্ৰণয়ন কৰাও নাছিলো, কেৱল অনুৰোধহে কৰিছিলো, আৰু এই অনুৰোধতে মোৰ দেশৰ কোটি কোটি জনতাই এই ৰাজসাহায্য এৰি দিছে, আৰু তাৰ পৰিণতিতেই দেশৰ আন কোটি কোটি দৰিদ্ৰ জনতাই ৰন্ধন গেছ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া কাম হৈ গ’ল। আপোনালোক সকলোৱেই জানে যে জ্যেষ্ঠ নাগৰিকসকলে ৰে’লৱে টিকটত ৰেহাই লাভ কৰে, ৰাজসাহায্য লাভ কৰে, মই তেওঁলোককো এবাৰ অনুৰোধ কৰিলো যে আপোনালোকে টিকটৰ বাবে পূৰ কৰা প্ৰ-পত্ৰখনত এবাৰ লিখকচোন যে আপুনি ৰাজসাহায্য নালাগে বুলি ঘোষণা কৰিছে, কাকো এইক্ষেত্ৰত দাবী কৰা নাছিলো, কেতিয়াও দাবী কৰা নাছিলো। কোনো খবৰ কাকততো ছপা কৰাও নাছিলো। পিছে পৰৱৰ্তী সময়ত মই দেখিবলৈ পালো যে দেশৰ এনে ৪২ লাখ যাত্ৰী পালো, যিয়ে ৰাজসাহায্য এৰি দিছে। ৰে’লৱেক সমস্ত ধন দিছে, নিজৰ পইচা এৰি দিছে। ধন এনেদৰেই আহে। এবাৰ সততাৰ এক পৰিৱেশ সৃষ্টি হোৱাৰ পিছত মানুহে ধন দিবলৈ আপোচ নকৰে, টকাৰ বাবে কোনোধৰণৰ বাধাৰ সৃষ্টি হ’ব নালাগে। আজি আমি অনুভৱ কৰিবলৈ লৈছো যে দেশে অতি ক্ষীপ্ৰতাৰে ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ হ’বলৈ গৈ আছে। আৰু মই আপোনালোকক এখ ৰহস্যময় কথা কওঁ যে আপোনালোকৰ দেশৰ যিগৰাকী মুখ্য সচিব, তেওঁ এসময়ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কাম কৰিছিল। প্ৰথমে তেওঁ ড. মনমোহন সিংজীৰ সৈতে কাম কৰিছিল। যেতিয়া মই এই পদটোৰ ভাৰ চম্ভালিবলৈ আহিলো, তেতিয়া ময়ো তেওঁক এৰি দিয়া নাছিলো, তেওঁ এদিনাখন মোক কৈছিল, মহোদয়, আপুনিতো ভাষণ দিবলৈ যাবলৈ ওলাইছে, কেতিয়াবা ক’বচোন যে আমাৰ দেশ ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ হোৱাৰ পথেৰে অগ্ৰসৰ হৈছে, এই কথা তেওঁ দুবছৰ পূৰ্বেই কৈছিল। আৰু মই আজি দেখিছো ভাৰত শীঘ্ৰেই ৫ ট্ৰিলিয়নৰ দেশত পৰিণত হ’ব, আৰু সেয়া আমাৰ চকুৰ সমূখতে আমাৰ জীৱিত কালতেই হ’ব, আৰু সেইবাবেই ধনৰ কোনো অভাৱ নহ’ব। আৰু আপুনি ঠিকেই কৈছে যে অনাগত দহটা বছৰত এইবাৰৰ বাজেটত কোৱাৰ দৰেকৈ কৃষকৰ পকেটলৈ ৭ লাখ কোটি টকা যাব, যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা হ’ব তেওঁলোক আৰু মোৰ অগাধ বিশ্বাস আছে যে এই আঁচনিৰে দেশৰ কৃষক সমাজৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হ’ব। ধন্যবাদ…..
আঁতধৰোতা – বহু বহু ধন্যবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এই মুহুৰ্ত্তত আমাৰ সৈতে বহু শিক্ষাৰ্থী জড়িত হৈ আছে আৰু আপোনাৰ কথা তেওঁলোকে শুনি আছে, সেয়া আপুনি স্ক্ৰীণত দেখিবলৈ পাইছে। বহু বহু ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সকলো শিক্ষাৰ্থীকে উৎসাহ যোগোৱা বাবে আপোনাক অশেষ ধন্যবাদ।
প্ৰধানমন্ত্ৰী ভাষণ –
যিসকল যুৱক-যুৱতীৰ সৈতে আজি মই কতা পতাৰ সুযোগ লাভ কৰিলো, আজি নিশ্চয় মোৰ লগতে আপোনালোকৰো জীৱনৰ প্ৰতি যোগাত্মক ধাৰণাৰ সৃষ্টি হৈছে, যিটো মোৰো হৈছে, আৰু এই দিশটো নিসন্দেহে উৎসাহজনক। ই নিশ্চিতভাৱে আমাক সকলোকে উদ্বুদ্ধ কৰিব। সৰ্বপ্ৰথমে মোলৈ প্ৰশ্ন আগবঢ়োৱা আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। কাশ্মীৰত এই মুহুৰ্ত্তত যথেষ্ট ঠাণ্ডা, তৎসত্ত্বেও কাশ্মিৰী যুৱক যুৱতীৰ উৎসাহ উল্লেখনীয়, এয়াই কাশ্মীৰ।
মঞ্চত উপৱিষ্ট জম্মু কাশ্মীৰৰ ৰাজ্যপাল শ্ৰীমান সতপাল মালিক জী, মন্ত্ৰীসভাৰ মোৰ সহযোগী ড. জীতেন্দ্ৰ সিং আৰু ইয়াত উপস্থিত মোৰ ভাই-ভনীসকল।
বন্ধুসকল, মই আজি শ্ৰীনগৰলৈ আহি শ্বহীদ নাজিৰ আহমেদ বাণীৰ লগতে সেই শতকোটি বীৰলৈ শ্ৰদ্ধা অৰ্পন কৰিছো, যিসকলে দেশৰ শান্তি সৌম্য ৰক্ষাৰ বাবে আত্মবলিদান দিছে। শ্বহীদ নাজিৰলৈ ইতিমধ্যেই তেওঁৰ বীৰত্বৰ বাবে অশোক চক্ৰৰে সন্মানিত কৰাও হৈছে। মই জম্মু কাশ্মীৰৰ লক্ষ লক্ষ লোকক অভিনন্দন জনাইছো। যিসকলে কেবা বছৰৰো পিছত পঞ্চায়ত আৰু নগৰ নিকায়ৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে।
গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ নিষ্ঠা এচাম লোকৰ বাবে এক বৃহৎ বাৰ্তা, বিশেষকৈ যিসকলৰ গণতন্ত্ৰৰ ওপৰত আস্থা নাই। কিছুমান লোকে অহৰহ ঋণাত্মক দৃষ্টিভঙ্গী প্ৰেৰণৰ মাজতো বিভিন্ন ধমকি-ভাবুকিক পৰোৱা নকৰি নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হৈছে।
আজি সমগ্ৰ দেশে নিৰ্দোষী, নিৰীহ, নিৰস্ত্ৰ কাশ্মিৰী যুৱক যুৱতীৰ হত্যাকাণ্ড দেখি আক্ৰোশৰ দাবাগ্নিত দহিছে, কিয়নো তেওঁলোকে শান্তি বিচাৰে, আজিৰ যুৱ প্ৰজন্মই শান্তি বিচাৰে, যিসকলেই শান্তি বিচাৰিছে তেওঁলোকেই সন্ত্ৰাসবাদৰ চিকাৰ হৈছে। ইয়াত সন্ত্ৰাসবাদৰ এয়াই সত্যতা। এয়াই বাস্তৱ। আজি মই জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ বিশ্বকে আশ্বস্ত কৰিবলৈ বিচাৰিছো যে এই সন্ত্ৰাসবাদক শক্তিশালী হাতেৰে দমন কৰা হ’ব। প্ৰতিগৰাকী সন্ত্ৰাসবাদীক উচিত শিক্ষা দিয়া হ’ব। ইতিমধ্যেই আমি ছাৰ্জিকেল ষ্ট্ৰাইকেৰে সমগ্ৰ বিশ্বকে জনাই দিছোৱেই যে এতিয়া ভাৰতৰ নীতি আৰু ৰীতি কি হ’ব।
আমি জম্মু কাশ্মীৰতো সন্ত্ৰাসবাদক সমুলি নিৰ্মূল কৰাৰ পণ লৈছো। জম্মু-কাশ্মীৰৰ বিকাশ, ইয়াৰ জনসাধাৰণৰ বিকাশ আমাৰ বাবে অগ্ৰাধিকাৰযোগ্য কাম। আৰু এই চিন্তাধাৰা সদায়েই থাকিব, মই পুনৰ এবাৰ আপোনালোক সকলোকে শিক্ষাৰ সৈতে জড়িত আঁচনিসমূহৰ আৰম্ভণিৰ পৰা আন্তঃগাঁথনি পৰিযোজনাসমূহৰ বাবে বহুতো শুভকামনা জনাইছো। আৰু মোৰ এইটো বিশ্বাস আছে যে অটল বিহাৰী বাজপেয়ীয়ে যি সপোন দেখিছিল, তেওঁৰ উত্তৰাধিকাৰী হিচাপে আমাক যি কাম দি থৈ গৈছে, সেই কামৰ পৰা এক বিন্দুও আমি পিছ হুহকি নাযাও। সেই চিন্তাধাৰাক, সেই স্বপ্নক আমি সাকাৰ কৰি দেখুৱাম আৰু তাৰ বাবে লাদাখেই হওঁক, শ্ৰীনগৰেই হওঁক, বা জম্মুৱেই হওঁক, সকলোৰে প্ৰতিগৰাকী নাগৰিককে লগত লৈ সকলোৰে সৈতে সকলোৰে বিকাশ নীতিৰে আমি সেই সুখী কাশ্মীৰ, শান্ত কাশ্মীৰ গঢ়ি তুলিম, সমগ্ৰ দেশৰ লগতে বিশ্ববাসীক আমন্ত্ৰণ জনাই অহা এই জম্মু কাশ্মীৰক চিৰসেউজ, চিৰশান্তিৰ ৰম্যভূমি কৰি তোলাৰ বাবে যিবোৰ কাৰকৰ আৱশ্যক, সেই আটাইবোৰেই ভৰাই তোলাৰ চেষ্টা অব্যাহত ৰাখিম।
আমাৰ ইয়াৰ প্ৰতিটো পৰিয়াল, প্ৰতিটো শিশু, প্ৰতিগৰাকী শিশুৰ উজ্জ্বল ভৱিষ্যতে এখন সুন্দৰ আৰু শক্তিশালী ভাৰত গঢ়ি তুলিব। সেই সম্বন্ধবোৰকেই অটুত ৰাখি আমি এই উদ্দেশ্য সুদৃঢ় কৰি আগুৱাই নিব লাগিব আৰু সেই প্ৰয়াসেৰেই আপোনালোক সকলোকে বহুতো শুভকামনা জনাইছো।
ধন্যবাদ।
***
AKT/VJ/MS/RD
There are 2 realities today which make us proud.
— PMO India (@PMOIndia) February 3, 2019
India is the fastest growing large economy in the world.
According to studies, India is also reducing poverty at the fastest pace in the world: PM
अगर देश तय कर ले कि हमें गरीबी से मुक्त होना है, तो दुनिया की कोई ताकत हमें गरीब नहीं रख सकती है।
— PMO India (@PMOIndia) February 3, 2019
हमारे देशवासियों में इतना सामर्थ्य है कि अगर हमारे natural resources और human resources का अगर हम सही तरीके से प्लान करके आगे बढ़े तो गरीबी से मुक्ति पाना मुश्किल नहीं है: PM
2013 में भारत आने वाले विदेशी पर्यटकों की संख्या 70 लाख से भी कम थी, जो 2017 में बढ़कर 1 करोड़ हो गई।
— PMO India (@PMOIndia) February 3, 2019
2013 में foreign exchange earnings का आंकड़ा 18 बिलियन डॉलर था जो 4 साल में बढ़कर 27 बिलियन डॉलर हो गया। यानी करीब 50% की बढ़ोतरी: PM
Tourism की पहली शर्त होती है कि आपको अपनी चीज पर गर्व करना होता है।
— PMO India (@PMOIndia) February 3, 2019
Tourism दुनिया की सबसे तेज गति से आगे बढ़ने वाली अर्थव्यवस्था है।
Tourism कई सारे रोजगार के अवसर भी देता है और हमें tourism को और बढ़ावा देने की जरूरत है: PM
हमारे देश में संसाधनों की कोई कमीं नहीं है, पहले देश के प्रधानमंत्री ने कहा था दिल्ली से एक रुपया निकलता है और 15 पैसा पहुंचता है।
— PMO India (@PMOIndia) February 3, 2019
अब फायदा ये है कि दिल्ली से एक रुपया निकलता है और पूरा 100 पैसा नीचे तक पहुंचता है: PM
मुझे विश्वास है हम जो योजना किसानों के लिए लेकर आए हैं उससे हमारे देश का किसान एक आत्मविश्वास के साथ आगे बढ़ेगा।
— PMO India (@PMOIndia) February 3, 2019
मैं यह भी देख रहा हूं कि हमारा देश 5 ट्रिलियन डॉलर की अर्थव्यवस्था बन कर रहेगा: PM
आज जब मैं श्रीनगर आया हूं तब मैं शहीद नज़ीर अहमद वाणी सहित उन सैकड़ों वीरों को श्रद्धा सुमन अर्पित करता हूं, जिन्होंने शांति के लिए, राष्ट्र की रक्षा के लिए सर्वोच्च बलिदान दिया है: PM
— PMO India (@PMOIndia) February 3, 2019
शहीद नज़ीर अहमद वाणी को उनके इसी अदम्य साहस और वीरता के लिए कृतज्ञ राष्ट्र ने अशोक चक्र से सम्मानित किया है।
— PMO India (@PMOIndia) February 3, 2019
शहीद वाणी जैसे युवा ही, जम्मू कश्मीर और देश के हर नौजवान को देश के लिए जीने और देश के लिए समर्पित होने का रास्ता दिखाते हैं: PM
आज श्रीनगर देश की शिक्षा व्यवस्था से जुड़े एक बहुत बड़े कार्यक्रम की मेज़बानी कर रहा है।
— PMO India (@PMOIndia) February 3, 2019
आप ने नोटिस किया होगा कि 4 साढ़े 4 वर्ष पहले जितने भी बड़े कार्यक्रम लॉन्च होते थे, तो वो सब कुछ दिल्ली में होता था।
लेकिन हमने पुरानी सरकारों की उस कार्य-संस्कृति को बदल दिया है: PM
हमारी सरकार ने
— PMO India (@PMOIndia) February 3, 2019
आयुष्मान भारत योजना की शुरुआत झारखंड से की,
उज्जवला योजना की शुरुआत यूपी से की,
प्रधानमंत्री सुरक्षा बीमा योजना की शुरुआत पश्चिम बंगाल से की,
हैंडलूम से जुड़े अभियान की शुरुआत तमिलनाडु से की,
बेटी बचाओ-बेटी पढ़ाओ की शुरुआत हरियाणा से की: PM
पोषण अभियान की शुरुआत राजस्थान से की,
— PMO India (@PMOIndia) February 3, 2019
और अब आज पूरे देश से जुड़े एक महत्वपूर्ण कार्यक्रम के लिए हम सभी श्रीनगर में हैं।
आज यहां राष्ट्रीय उच्चतर शिक्षा अभियान यानि रूसा के दूसरे फेज़ से जुड़े प्रोजेक्ट्स की शुरुआत की गई है: PM
इनोवेशन, इन्क्युबेशन और स्टार्ट अप्स के लिए एक नया टेंपरामेंट देश में विकसित किया जा रहा है।
— PMO India (@PMOIndia) February 3, 2019
देशभर के स्कूलों में बन रही अटल टिंकरिंग लैब्स हों, अटल इन्क्युबेशन सेंटर्स हों,
जय जवान,
जय किसान,
जय विज्ञान और
जय अनुसंधान का हमारा संकल्प आज और सशक्त हो रहा है: PM
यहां के सामान्य मानवी का जीवन आसान हो इसके लिए यहां प्रशासन जुटा हुआ है।
— PMO India (@PMOIndia) February 3, 2019
मुझे बताया गया है कि अनेक प्रोजेक्ट्स जो 10-20 साल से अटके हुए थे, वो अब पूरे कर लिए गए हैं।
बीते 2 महीने में सैकड़ों डॉक्टरों की भर्ती हो, या बारामुला का पुल हो, ऐसे अनेक प्रोजेक्ट पूरे किए गए हैं: PM
जम्मू कश्मीर में हर घर तक बिजली पहुंचाने के साथ-साथ, पर्याप्त बिजली देने की कोशिश भी की जा रही है।
— PMO India (@PMOIndia) February 3, 2019
लेह-लदाख-करगिल हो,
जम्मू हो या फिर श्रीनगर,
तीनों जगहों पर आज बिजली उत्पादन और ट्रांसमिशन से जुड़े अनेक बड़े प्रोजेक्ट्स का लोकार्पण और शिलान्यास किया है: PM