Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান, উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান বিধেয়ক, ২০১৯ সংসদত উত্থাপনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান, উদ্যমিতা আৰু ব্যৱস্থাপনা বিধেয়ক, ২০১৯ সংসদত উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

এই বিধেয়কখনিৰ উদ্দেশ্য হৈছে হাৰিয়ানাৰ কুণ্ডলিৰ ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান, উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান (এনআইএফটিইএম) আৰু তামিলনাডুৰ থাঞ্জাভূৰৰ ভাৰতীয় খাদ্য প্ৰস্তুতকৰণ প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইএফপিটি)ক ‘ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান’ৰ মৰ্যাদা প্ৰদান কৰা৷

লাভালাভঃ

এই বিধেয়কে প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ সুবিধাজনক পাঠ্যক্ৰম প্ৰস্তুত কৰা, গৱেষণামূলক কাম-কাজ তথা শৈক্ষিক দিশত উন্নতি কৰিব পৰাকৈ স্বতন্ত্ৰতা প্ৰদান কৰিব, যাতে তেওঁলোকে বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে নিজকে গঢ়ি তুলিব পাৰে৷ এই প্ৰতিষ্ঠানত চৰকাৰৰ সংৰক্ষণ নীতি কাৰ্যকৰী কৰাৰ লগতে অংশীদাৰসকলৰ লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কাম-কাজো হাতত ল’ব৷ ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে অভিনৱ কাম-কাজ হাতত লৈ বিশ্বমানৰ শিক্ষা আৰু গৱেষণাৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব৷

***

AKT/SNC/SH/DB