Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৃষি আৰু খাদ্য উদ্যোগত সহযোগিতাৰ বাবে ভাৰত আৰু ইউক্ৰেইনৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদ


কৃষি আৰু খাদ্য উদ্যোগত সহযোগিতাৰ বাবে ভাৰত আৰু ইউক্ৰেইনৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে

প্ৰস্তাৱিত চুক্তিয়ে কৃষি আৰু খাদ্য উদ্যোগ ক্ষেত্ৰত সহযোগিতাৰ ব্যৱস্থা আগবঢ়াব৷ দুয়োখন দেশৰ প্ৰতিনিধিৰে একন যুটীয়া কাৰ্যকৰী কমিটি গঠন কৰা হ’ব৷ এই কমিটিৰ কাম হ’ব নিৰ্বাচিত খণ্ডসমূহত সহযোগিতাৰ বাবে আলোচনা আৰু পৰিকল্পনা যুগুত কৰা তথা কাৰ্যৰূপায়ন নিৰীক্ষণ কৰা৷ কাৰ্যকৰী কমিটিৰ বৈঠক দুবছৰত কমেও এবাৰ অনুষ্ঠিত হ’ব লাগিব৷ ইয়াৰে এবাৰ ভাৰতত আৰু আনবাৰ ইউক্ৰেইনত অনুষ্ঠিত হ’ব৷ এই চুক্তিখন স্বাক্ষৰৰ দিনাৰ পৰা কাৰ্যকৰী হ’ব আৰু পাঁচ বছৰৰ বাবে সক্ৰিয় হৈ থাকিব৷ ইয়াৰ পাছত স্বয়ংক্ৰিয়ভাৱে পুনৰ ৫বছৰলৈ চুক্তিৰ ম্যাদ সম্প্ৰসাৰিত হ’ব৷

***

AKT/SNC/SH/MS