Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩১ জানুৱাৰী, ২০১৯ত সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ অসমীয়া অনুবাদ

৩১ জানুৱাৰী, ২০১৯ত সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ অসমীয়া অনুবাদ


আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ আজি বাজেট অধিৱেশন আৰম্ভ হৈছে৷ কিছু সময়ৰ পাছতে মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াই উভৈয় সদনৰ যুটীয়া অধিৱেশন সম্বোধন কৰিব৷ যোৱাবাৰ আমি সকলোৱে সংসদৰ গতিবিধি দেখিছো৷ বৰ্তমান দেশ সজাগ হৈছে৷ প্ৰতিগৰাকী নাগৰিকে সংসদৰ গতিবিধিক পুংখানুপুংখভাৱে লক্ষ্য কৰে৷ আজি দেশৰ প্ৰতিটো সৰু ঘটনাৰ খবৰো দ্রুতগতিত সাধাৰণ জনতাৰ ওচৰ পায়গৈ৷ সেইবাবে যিসকলৰ সংসদত আলোচনাৰ প্ৰতি কোনো উৎসাহ নাই, বিতর্কৰ প্ৰতি কোনো উৎসাহ নাই, তেওঁলোকৰ প্ৰতি সমাজত অসন্তুষ্টি সৃষ্টি হোৱাটো অতি স্বাভাৱিক৷

মই আশা কৰো আমাৰ সকলো সন্মানীয় সাংসদে এই জন-ভাৱনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই বাজেট অধিৱেশনক গভীৰভাবে, বিস্তৃতভাৱে, তথ্য সমৃদ্ধভাৱে ব্যৱহাৰ কৰিব, আলোচনাত অংশগ্ৰহণ কৰিব, নিজৰ বক্তব্য ৰাখিব, যিবোৰে সংসদক উপকৃত কৰিব৷ চৰকাৰ উপকৃত হ’ব৷ আমাৰ এই অধিৱেশনত যিমান কাম আছে তাৰ অধিকাংশই যেন মাননীয় সাংসদসকলে কৰে, তেওঁলোকৰ প্ৰতি এয়াই মোৰ আশা৷ মই এইটো ভালদৰেই জানো যে তেওঁলোকে যেতিয়া নিজৰ নিজৰ সংসদীয় সমষ্টিলৈ ঘুৰি যাব, তেতিয়া এইবাৰৰ সংসদ চলি থকা সময়ত তেওঁলোকৰ ব্যৱহাৰ যিমান ভাল তথা ইতিবাচক হ’ব, তেওঁলোকে নিজৰ অঞ্চলত সিমানেই ইতিবাচক সঁহাৰি লাভ কৰিব৷

মই বিশ্বাস কৰো সকলোৱে বিষয়টোৰ গুৰুত্ব স্বীকাৰ কৰিব৷ ‘সবকা সাথ, সবকা বিকাশ’ এই মন্ত্ৰক লৈ আমি আগুৱাই গৈছো৷ ভৱিষ্যতেও আমি এই মন্ত্রৰ প্ৰতি দায়বদ্ধ হৈ থাকিম৷ সংসদতো সকলোৰে সৈতে দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সিদ্ধান্ত লৈ আমি আগুৱাই যাব বিচাৰো৷ আমি যাতে সকলো বিষয়ক লৈ আলোচনা কৰিব পাৰো সেই প্ৰচেষ্টা অব্যাহত ৰাখিম৷ আমি মুকলি আলোচনাৰ প্ৰতি সকলোকে আমন্ত্ৰণ জনাইছো৷ অধিৱেশন যাতে ভালদৰে সম্পন্ন হয়, ইয়াৰ বাবে সকলো সদস্যকে আদৰণি জনাইছো৷ আহক, আমি সকলোৱে মিলি ভৱিষ্যৎ ভাৰত নির্মাণৰ বাবে কিবা নহয় কিবা এটা বৰঙণি আগবঢ়োৱা গৌৰৱ অর্জন কৰো৷

বহুত বহুত ধন্যবাদ৷

***

AKT/SH/SKS/DB