পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বৃন্দাবন ভ্ৰমণ কৰে। বৃন্দাবনৰ চন্দ্রদ্বয় মন্দিৰত আয়োজিত অক্ষয় পাত্র ফাউণ্ডেশ্যনৰএক অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পিছপৰাশ্ৰেণীৰ বা দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলৰ মাজত তিনিশকোটিতম ভোজনি বিতৰণ উপলক্ষ্যে এক ফলকো উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই উপলক্ষে, ইস্কনৰ আচার্য্য শ্রীল প্রভুপাদৰ বিগ্রহত পুস্পস্তৱক অর্পণ কৰি শ্রদ্ধা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।
এই অনুষ্ঠানতে উত্তৰপ্রদেশৰৰাজ্যপাল শ্রী ৰাম নায়ক, ৰাজ্যৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, অক্ষয় পাত্র ফাউণ্ডেশ্যনৰঅধ্যক্ষ স্বামী মধু পণ্ডিত দাসসহ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই উদ্দেশ্যে প্রধানমন্ত্রী মোদীয়ে অক্ষয় পাত্র ফাউণ্ডেশ্যনৰ বিভিন্ন প্রয়াসকো উচ্চ প্রশংসা কৰি কয়, ডেৰ হাজাৰ শিশুক মধ্যাহ্ন ভোজন সৰবৰাহৰ বাবে যি উদ্যোগৰ সূচনা হৈছিল, আজিসেই পদক্ষেপেসমগ্ৰ দেশৰ ১৭ লাখ শিশুক সামৰি ল’বলৈ সক্ষম হৈছে। প্রধানমন্ত্রীয়ে লগতে কয়, অটল বিহাৰী বাজপেয়ীজীৰ কাৰ্যকালত প্রথম এনেদৰে ভোজনি বিতৰণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু এতিয়া সেই কাৰ্যসূচীৰে ৩০০ কোটিতম ভোজনি বিতৰণ কৰাৰ সৌভাগ্য মিলিত হৈছে। পর্যাপ্ত পুষ্টি আৰু স্বাস্থ্যকৰ শৈশৱেই হৈছেনৱ-ভাৰতৰ আধাৰ, এই বুলি কয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়।
প্রধানমন্ত্রীয়ে লগতে কয়, স্বাস্থ্যৰ সৈতে জড়িত তিনিটা গুৰুত্বপূর্ণ বিষয় হৈছেপৰিপুষ্টি, টীকাকৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৰু এই তিনিওটা বিষয়ৰ ওপৰতেই মোদী চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। এই লক্ষ্যৰেসমগ্ৰ দেশতেৰাষ্ট্ৰীয় পোষন অভিযান, মিশ্যন ইন্দ্রধনুষআৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে কাৰ্যসূচীৰূপায়ন কৰা হৈছে। দেশৰ প্ৰতিগৰাকী মাতৃআৰু শিশুকে সুষম পৰিপুষ্টি প্রদানৰ বাবেই যোৱা বছৰ আৰমভ হোৱা ৰাষ্ট্ৰীয় পোষণ অভিানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েকয় যে তেওঁৰ চৰকাৰে প্ৰতিশ্ৰুতি মতেই এই কাৰ্যপন্থা সম্পূৰণ কৰিছে। ‘প্রতিগৰাকী মাতৃআৰুপ্ৰতিটো শিশুকে আমি যদি সুষম পৰিপুষ্টি প্রদানৰ ক্ষেত্রত সফলতা অর্জন কৰিব পাৰো, তেন্তে দেশৰ বহু মৃত্যুমুখী জীৱন ৰক্ষা কৰাটো সম্ভৱপৰ হৈ পৰিব।’ এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মিশ্যন ইন্দ্রধনুষ কাৰ্যসূচী সন্ৰ্ভতপ্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই কাৰ্যসূচীত আৰু ৫টা টিকা অন্তর্ভুক্ত কৰাহৈছে। এই পর্যন্ত ৩ কোটি ৪০ লাখ শিশু আৰু ৯০ লাখ গর্ভৱতী মহিলাক টিকা দিয়া হৈছে। বিশ্বৰ এক আগশাৰীৰ আন্তর্জাতিক মেডিকেল পত্ৰিকাই বিশ্বৰশ্ৰেষ্ঠ১২টাকাৰ্যসূচীৰভিতৰত মিশ্যন ইন্দ্রধনুষক অন্তৰ্ভুক্ত কৰাত প্রধানমন্ত্রী সন্তুষ্টি ব্যক্ত কৰে।
স্বচ্ছ ভাৰত অভিযান আৰু অনাময় প্রসঙ্গত প্রধানমন্ত্রীয়েকয়, এক আন্তর্জাতিক প্রতিবেদনত প্রকাশ হোৱা তথ্য অনুসৰি নিয়মিত শৌচাগাৰ ব্যৱহাৰৰ ফলত তিনিলাখ মানুহৰ জীৱনৰক্ষা সম্ভৱ। এই লক্ষ্যপূৰণৰ বাবেই স্বচ্ছ ভাৰত অভিযান ৰূপায়িত হৈছে।
প্রধানমন্ত্রী মাতৃ বন্দনা যোজনা, উজ্জ্বলা যোজনা, ৰাষ্ট্রীয় গোকুল মিশ্যনসহ একাধিক উদ্যোগৰবিষয় উত্থাপন কৰি শ্রী মোদীয়েকয়, উজ্জ্বলা যোজনাৰ আওতাত কেৱল উত্তৰপ্রদেশতেই বিনামূলীয়াকৈ ১ কোটি গেছৰ সংযোগ প্ৰদান কৰা হৈছে।
গোধনৰ সংৰক্ষণ, সুৰক্ষা আৰু জীনৰ মান উন্নয়নৰ বাবেৰাষ্ট্রীয় কামধেনু আয়োগ গঠন কৰাহৈছে। পশুপালন ক্ষেত্রৰসৈতে জড়িত সংশ্লিষ্ট আটাইকেইটাবিভাগকেচৰকাৰী সহায় প্ৰদানৰ কথা উল্লেখ কৰিপ্ৰধানমন্ত্ৰীশ্ৰী মোদীয়েকয়, কিষান ক্রেডিট কার্ডৰ আওতাত এইসমূহৰ প্রত্যেককে তিনিলাখ টকাকৈ আর্থিক সাহায্য প্ৰদান কৰা হৈছে।
কৃষক কল্যাণৰ বাবে আৰম্ভ কৰা প্রধানমন্ত্রী কিষান যোজনা সন্দৰ্ভত শ্রী মোদীয়েকয়, এই আঁচনিৰ দ্বাৰা উত্তৰপ্রদেশৰ কৃষকসকলই আটাইতকৈ বেছি উপকৃত হ’ব, কাৰণ ইয়াৰ কৃষকসকলৰ অধিকাংশৰেই ৫ একৰকৈ কম ভূমি আছে।
মই বাদ দি আমি- এই চিন্তাভাৱনাৰে এই পৰিবর্তনৰ গুৰুত্বৰ বিষয়টো তুলি ধৰিবলৈ অক্ষয় পাত্র ফাউণ্ডেশ্যনে কৰা প্রয়াস তথা এই ধৰণৰ মহৎ চিন্তাভাৱনাই আমাকস্বাৰ্থ পৰিহাৰ কৰি সমাজৰ বিষয়ে চিন্তা কৰাত সহায় কৰে বুলি মন্তব্য কৰি ভাষণৰ সামৰণি মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
উল্লেখ্য যেমধ্যাহ্ন ভোজন কাৰ্যসূচীৰ আওতাতলাখ লাখ শিশুক গুণগতমানৰ, স্বাস্থ্যকৰআৰু পুষ্টিসমৃদ্ধ আহাৰ প্রদানৰ ক্ষেত্ৰত অক্ষয় পাত্র ফাউণ্ডেশ্যনে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়আৰু ৰাজ্য চৰকাৰসমূহৰসৈতে ঘনিষ্ঠ সমন্বয় ৰাখি কাম কৰে। উল্লেখনীয় বিষয় যে এই সংগঠনটোৱে দেশৰ ১২খনৰাজ্যৰ ১৪ হাজাৰ ৭০২ খন বিদ্যালয়ত ১৭ লাখ ৬০ হাজাৰ শিশুক মধ্যাহ্ন ভোজন দি আহিছে। প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ৩০০ কোটিতম পিছপৰা শ্ৰেণীৰ শিশু বা ছাত্ৰ-ছাত্ৰীৰ বাব অন্ন সংস্থানৰ মাধ্যমেৰে এই ফাউণ্ডেশ্যনে সমাজৰ দৰিদ্র আৰুপিছপৰা শ্ৰেণীৰ সমাজৰমানুহৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত আন এক মাইলৰ খুটি স্পৰ্শ কৰিবলৈ সক্ষম হ’ল।
******
AKT/AK/KP/RD
आज थोड़ी देर बाद मुझे कुछ बच्चों को अपने हाथ से खाना परोसने का अवसर मिलने वाला है।
— PMO India (@PMOIndia) February 11, 2019
जितनी थालियां परोसी जाएंगी, उसमें से एक थाली 3 अरबवी है।
जैसा कि यहां बताया गया है कि 1500 बच्चों से ये अभियान शुरु हुआ था और आज 17 लाख बच्चों को पोषक आहार से जोड़ रहा है: PM
अब बदली परिस्थितियों में पोषकता के साथ, पर्याप्त और अच्छी गुणवत्ता वाला भोजन बच्चों को मिले, ये सुनिश्चित किया जा रहा है।
— PMO India (@PMOIndia) February 11, 2019
इस काम में अक्षय पात्र से जुड़े आप सभी लोग, खाना बनाने वालों से लेकर खाना पहुंचाने और
परोसने वाले तक के काम में जुटे सभी व्यक्ति देश की मदद कर रहे हैं: PM
यदि हम सिर्फ पोषण के अभियान को हर माता, हर शिशु तक पहुंचाने में सफल हुए तो अनेक जीवन बच जाएंगे।
— PMO India (@PMOIndia) February 11, 2019
इसी सोच के साथ हमारी सरकार ने पिछले वर्ष राजस्थान के झूंझनू से देशभर में राष्ट्रीय पोषण मिशन की शुरुआत की थी।
पिछले वर्ष सितंबर के महीने को पोषण के लिए ही समर्पित किया गया था: PM
मिशन इंद्रधनुष के तहत देश के हर बच्चे तक पहुंचने का लक्ष्य लिया गया।
— PMO India (@PMOIndia) February 11, 2019
अब तक इस मिशन के तहत देश में लगभग 3 करोड़ 40 लाख बच्चों और करीब 90 लाख गर्भवती महिलाओं का टीकाकरण करवाया जा चुका है।
जिस गति से काम हो रहा है, उससे तय है संपूर्ण टीकाकरण का लक्ष्य अब ज्यादा दूर नहीं है: PM
हमने टीकाकरण अभियान को तेज़ी तो दी ही है, टीकों की संख्या में भी बढ़ोतरी की है।
— PMO India (@PMOIndia) February 11, 2019
पहले के कार्यक्रम में 5 नए टीके जोड़े गए हैं, जिसमें से एक एनसेफलाइटिस यानि जापानी बुखार का भी है, जिसका सबसे ज्यादा खतरा उत्तर प्रदेश में देखा गया है।
अब कुल 12 टीके बच्चों को लगाए जा रहे हैं: PM
मिशन इंद्रधनुष को आज दुनियाभर में सराहा जा रहा है।
— PMO India (@PMOIndia) February 11, 2019
हाल में ही एक मशहूर मेडिकल जर्नल ने इस कार्यक्रम को दुनिया की 12 Best Practices में चुना है: PM
बच्चों के सुरक्षा कवच का एक और महत्वपूर्ण पहलू है स्वच्छता है।
— PMO India (@PMOIndia) February 11, 2019
स्वच्छ भारत अभियान के माध्यम से इस खतरे को दूर करने का बीड़ा हमने उठाया।
एक अंतर्राष्ट्रीय रिपोर्ट आई है, जिसमें संभावना जताई गई कि सिर्फ स्वच्छ भारत मिशन से,
करीब 3 लाख लोगों का जीवन बच सकता है: PM
ये प्रयास 'मैं से हम’ तक की यात्रा का सबसे अच्छा उदाहरण हैं,
— PMO India (@PMOIndia) February 11, 2019
‘मैं’ जब ‘हम’ बन जाता है तो हम खुद से ऊपर उठकर समाज के बारे में सोचते हैं,
मैं जब ‘हम’ बन जाता है तो सोच का दायरा बढ़ जाता है,
‘हम’ का विचार अपने देश को, अपनी संस्कृति को व्यक्ति से ज्यादा महत्वपूर्ण बनाता है: PM
Had the honour of serving food to children in Vrindavan today. pic.twitter.com/Fs7esScQZA
— Narendra Modi (@narendramodi) February 11, 2019
अक्षय पात्र फाउंडेशन के प्रयास, ‘मैं से हम’ तक की यात्रा का सबसे अच्छा उदाहरण है। pic.twitter.com/IkVVu0cFlX
— Narendra Modi (@narendramodi) February 11, 2019
3 billion meals is a remarkable feat!
— Narendra Modi (@narendramodi) February 11, 2019
Happy to have joined the programme organised by the Akshaya Patra Foundation and interact with these wonderful youngsters. pic.twitter.com/Elcy7pNBgB