Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বহিৰ্মহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰৰ ক্ষেত্রত ভাৰত আৰু ফিনলেণ্ডৰ মাজত সহযোগিতা সংক্রান্তীয় বুজাবুজি চুক্তিৰ স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন


 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটে বহিৰ্মহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰৰ ক্ষেত্রত ভাৰত আৰু ফিনলেণ্ডৰ মাজত সহযোগিতা সংক্রান্তীয় বুজাবুজি চুক্তিত স্বাক্ষৰৰ বাবে আগবঢ়োৱা প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন জনাইছে। উল্লেখ্য যে বিগত ১০ জানুৱাৰীত নতুন দিল্লীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হৈছিল।

 

এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত পৃথিৱীৰ দূৰ সংযোগ ক্ষেত্রত নতুন ধৰণৰ গৱেষনামূলক কামকাজৰ ক্ষেত্রত বিভিন্ন সুযোগ-সুবিধা বৃদ্ধি পাবইয়াৰ উপৰিও, উপগ্রহ সংযোগ, উপগ্রহৰ দিশ নির্ণয় আৰু বহিৰ্মহাকাশৰ ক্ষেত্রত বৈজ্ঞানিক গৱেষনাৰ কাজলৈও ক্ষীপ্ৰতা আহি পৰিব।

 

ফিনলেণ্ড চৰকাৰৰ সৈতে সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ ফলত মানৱ সমাজৰ উপকাৰৰ কামত মহাকাশ প্রযুক্তিৰ উপযুক্ত ব্যৱহাৰৰ ক্ষেত্রত যৌথ আদান-প্রদান যথেষ্ট বৃদ্ধি পাব।

 

প্রসঙ্গক্ৰমে উল্লেখযোগ্য যে এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত যিবোৰ বিষয় সহযোগিতামূলক কামকাজত ব্যৱহৃত হ, তাৰ ভিতৰত আছে ক্ৰমে

 

পৃথিবীৰ দূৰসংযোগী বৈজ্ঞানিক গৱেষনা

উপগ্রহ সংযোগ আৰু উপগ্রহভিত্তিক দিক নির্ণয়

মহাকাশ বিজ্ঞান আৰু গ্রহৰ অন্বেষণ

মহাকাশৰ বিভিন্ন বস্তুৰ পৰীক্ষা-নিৰীক্ষা

ভাৰতীয় উৎক্ষেপন যানৰ সাহায্যত ফিনলেণ্ডৰ মহাকাশযান উৎক্ষেপন

মহাকাশ সংক্রান্তীয় তথ্যৰ প্রক্রিয়াকৰণ আৰু ব্যৱহাৰ

ধাৰাবাহিকভাৱে বহিৰ্মহাকাশৰ ব্যৱহাৰ ইত্যাদি

এই বুজাবুজি চুক্তিৰ আওঁতাত অংশগ্রহণকাৰীসকলে বা ৰূপায়ণকাৰী সংস্থাসমূহে প্ৰকল্প দল গঠন কৰি তুলিব প্ৰয়োজনসাপেক্ষে, যাতে বিশেষ কোনো ধৰণৰ সমবায় প্রকল্প পৰিচালনা কৰিব পৰা যায়।

***

AKT