Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰুছৌডি আৰৱৰ মাজত পর্যটন ক্ষেত্রতবুজাবুজি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন


ভাৰত আৰু ছৌডি আৰৱৰ মাজত পর্যটন ক্ষেত্রত সহযোগিতা আৰু অধিক বৃদ্ধি কৰি তোলাৰ উদ্দেশ্যেৰে কেন্দ্রীয় পর্যটন মন্ত্রালয়আৰু ছৌডি পর্যটন আয়োগতথা ছৌডি আৰৱ ৰাষ্ট্ৰীয় ঐতিহ্যৰ মাজত সম্পন্ন হোৱা বুজাবুজি চুক্তিখনলৈ যাৱতীয় অনুমোদন জনাইছে দেশৰ কেন্দ্ৰীয় কেবিনেটে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত এই অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই বুজাবুজি চুক্তি স্বাক্ষৰৰ উদ্দেশ্য হৈছে পর্যটন ক্ষেত্রৰ উন্নয়ন, হোটেল, ৰিজ’ৰ্ট, পর্যটক আবাস সংক্রান্তীয় সুযোগ-সুবিধা, পর্যটন সংক্রান্তীয় তথ্য আৰু পৰিসাংখ্যিকতথা কৃষি-পর্যটন, মৰুভূমি পর্যটন আদি ক্ষেত্রত তথ্য আৰু বিশেষজ্ঞৰ আদান-প্রদান। গণমাধ্যমত প্রকাশিত বা সম্প্রচাৰিত অনুষ্ঠান বা কাৰ্যসূচীৰ বিনিময়, পর্যটন সংক্রান্তীয়চুটিছবিৰ আদান-প্রদান, বিশেষজ্ঞ আৰু পর্যটনৰসৈতে জড়িত প্রতিনিধিসকলৰ দেশ ভ্রম আদিও ইয়াৰ মাজত সন্নিৱিষ্ট থাকিব। ইয়াৰ উপৰি পর্যটন ক্ষেত্রত বিনিয়োগৰ সুযোগ-সুবিধা বিচাৰি উলিওৱা আৰু পর্যটন প্রকল্পসমূহত পাৰস্পৰিক বিনিয়োগত উৎসাহ প্রদান বিষয়টোও জড়িত থাকিব। যৌথভাৱে পর্যটন সংক্রান্তীয় অনুষ্ঠান, প্রদর্শনী, সভা-সন্মিলনৰ আয়োজন কৰাৰো প্রস্তাৱ আছে ইয়াত। ইয়াৰ উপৰিও, পর্যটন ক্ষেত্রত উদ্ভাৱনমূলক অভিজ্ঞতা আৰু প্রযুক্তিৰ আদান-প্রদান আৰু পর্যটন ক্ষেত্রৰসৈতেজড়িত আন্তর্জাতিক মঞ্চ আৰু সংগঠনসমূহৰ সৈতে পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় বৃদ্ধিৰ কথাও এই চুক্তিত উল্লেখ কৰা হৈছে।

******

AKT/RD