Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰুণাচল প্ৰদেশৰ ইটানগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

অৰুণাচল প্ৰদেশৰ ইটানগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

অৰুণাচল প্ৰদেশৰ ইটানগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

অৰুণাচল প্ৰদেশৰ ইটানগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ


মোৰ মৰমৰ ভাই-ভনীসকল,

উদীয়মান সূৰুজৰ শক্তি—আমাৰ আশা আৰু আকাংক্ষাৰ প্ৰতীক৷ অৰুণাচলৰ নামেই সূৰ্যৰ সৈতে জড়িত৷ এয়া সূৰ্য উঠা দেশ৷ এইবাবে এই ভূমি সমগ্ৰ দেশৰ বিকাশৰ প্ৰতীক হিচাপে চিহ্নিত৷ অৰুণাচলে আমাৰ বিশ্বাসক শক্তি দিয়ে, আমাৰ সংকল্পক অধিক দৃঢ়তা দিয়ে৷ বিগত ৫৫ মাহত মই কেইবাবাৰো আপোনালোকৰ মাজলৈ আহিছো। আপোনালোকৰ মৰম-আশীৰ্বাদ ইয়াৰ এটি অন্যতম কাৰণ যদিও দেশৰ হৈ অবিৰত বাবে কাম কৰিবলৈ ইয়াৰ পৰা মই নতুন উৎসাহ আৰু সতেজতা লাভ কৰো বাবেই অৰুণাচললৈ আহি মই বহুত আনন্দ পাঁও৷ প্ৰতিগৰাকী নাগৰিকে ইয়াত জয় হিন্দ বুলি কৈ অভিবাদন জনায়৷ এই ধৰণীক মই আজি পুনৰ প্ৰণাম জনাইছো৷

সতীৰ্থসকল, যোৱা ৫৫ মাহৰ পৰা কেন্দ্ৰৰ এনডিএ চৰকাৰ আৰু ইয়াত আমাৰ মিত্ৰ খাণ্ডু মহোদয়ৰ নেতৃত্বত চলি থকা বিজেপিৰ চৰকাৰে অৰুণাচলক শক্তিশালী কৰিবলৈ তথা আপোনালোকৰ জীৱন সৰল কৰিবলৈ আমি সম্পূৰ্ণ নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি আছো৷ আজিও মই অৰুণাচলক সৱল কৰিবলৈ ৪ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে আন বিভিন্ন প্ৰকল্প উদ্বোধন কৰিলো৷
এই আঁচনিসমূহৰ উপৰি আপোনালোকৰ ৰাজ্যত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ আন কেইখনমান আঁচনি ৰূপায়নৰ বাবে তীব্ৰগতিৰে কাম চলি আছে৷ আজিৰ এই আঁচনিসমূহৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা উন্নত হ’ব আৰু শক্তিখণ্ডই শক্তিশালী ৰূপ পাব৷ এইধৰণৰ আঁচনিৰ ফলস্বৰূপে ৰাজ্য এখনৰ স্বাস্থ্যসেৱা উন্নত হোৱাৰ লগতে অৰুণাচনৰ সংস্কৃতিয়েও উদগণি লাভ কৰিব৷

ভাই-ভনীসকল, দেশে স্বাধীনতা লাভৰ পিছৰ পৰা এটা দলৰ ৫৫ বছৰীয়া শাসনকাল এটা ফালে ৰাখক আরু আমাৰ ৫৫ মাহৰ শাসনকাল আন এটা ফালত ৰাখি তুলনা কৰক৷ অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কিধৰণৰ কাম হৈছে, তাৰ এক জীৱন্ত ছবি আপোনালোকৰ সন্মুখত আহি যাব৷

অৰুণাচল জল সম্পদত সমৃদ্ধ৷ ইয়াত বিদ্যুৎ উৎপাদনৰ অভূতপূৰ্ব সম্ভাৱনা আছে৷ কিন্তু বিকাশ সেইধৰণে হোৱা নাছিল, যিধৰণে হ’ব লাগিছিল৷ ই দেশৰ সুৰক্ষাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ অঞ্চল৷ তথাপি ইয়াত আৱশ্যক সা-সুবিধাৰ নিৰ্মাণ হোৱা নাই৷ এনেকুৱা এক স্থিতি আছিল যে ইয়াৰ যুৱ প্ৰজন্মৰ প্ৰতি গুৰুত্ব দিয়া হোৱা নাছিল, আনকি সীমাত নিয়োজিত জোৱানসকলেও কেন্দ্ৰৰ পৰা গুৰুত্ব নাপাইছিল৷

সতীৰ্থসকল, পূৰ্বৰ চৰকাৰে এই কথা অনুধাৱন কৰা নাছিল যে এই অঞ্চলক অৱজ্ঞা কৰিলে ইয়াৰ জনসাধাৰণৰ কিমান সমস্যাৰ সৃষ্টি হয়৷ দশকজুৰি তেওঁলোকে দাবী উত্থাপন কৰি আছে যে অৰুণাচল প্ৰদেশত আধুনিক আন্তঃগাথনিৰ অতি প্ৰয়োজন৷ কিন্তু পূৰ্বৰ চৰকাৰে ইয়াক কাণসাৰ নিদিলে৷ সতীৰ্থসকল, মই আপোনালোকক ক’ব বিচাৰো যে অৰুণাচলৰ পূৰ্বৰ স্থিতি সলনি কৰিবলৈ আমাৰ চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আছে৷ মই বাৰম্বাৰ কৈ আহিছো যে নতুন ভাৰতৰ সপোনে তেতিয়াহে সাৰ্থকতা পাব, যেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ গতি দ্ৰুত হয়৷

ভাই-ভনীসকল, যোৱা ৫৫টা মাহত আমি সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰে অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে অবিৰতভাৱে কাম কৰি আছো৷ কেতিয়াও পুঁজিৰ অভাৱ অথবা ইচ্ছা শক্তিৰ অভাৱ হ’বলৈ দিয়া নাই৷ বিগত বছৰত ৰাজ্যখনক ৪৪ হাজাৰ কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে আৰু এয়া হৈছে পূৰ্বৰ চৰকাৰৰ তুলনাত প্ৰায় দুগুণ৷ ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলত হাজাৰ কোটিৰ আন প্ৰকল্পৰ কামো কৰি আছে৷ বিকাশৰ এই যাত্ৰাৰ অংশস্বৰূপে আজি অৰুণাচলত একেলগে দুটা বিমানবন্দৰৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন হ’ল৷ অৰুণাচল প্ৰদেশৰ বাবে আনন্দৰ কথা যে স্বাধীনতাৰ ইমান বছৰৰ পাছত অৱশেষত ইয়াত এটা পূৰ্ণাংগ বিমানবন্দৰ স্থাপন হ’ল৷ এতিয়া ইয়াত নিয়মীয়াভাৱে বৃহৎ যাত্ৰী বিমান অৱতৰণ কৰিব পাৰিব আৰু ইয়াৰ পৰা যাত্ৰা কৰিব পাৰিব৷

সতীৰ্থসকল, আজিৰ পৰা তেজু বিমানবন্দৰ সাধাৰণ যাত্ৰীৰ সেৱাৰ বাবে মুকলি হ’ল৷ এই বিমানবন্দৰ প্ৰায় ৫০বছৰ পূৰ্বে নিৰ্মাণ হৈছিল আৰু ইয়াৰ পাছত কোনেও এই কথা ভবা নাছিল যে ইয়াক সাধাৰণ নাগৰিকৰ বাবেও ব্যৱহাৰ কৰিব পাৰি৷ আমাৰ চৰকাৰে প্ৰায় ১০০কোটি টকা ব্যয়সাপেক্ষে এই সৰু বিমানবন্দৰটোক বিস্তাৰিত কৰিছে৷ ইয়াক আধুনিক সুবিধাযুক্ত কৰি তোলা হৈছে৷ এতিয়া অৰুণাচল প্ৰদেশৰ বিমান যোগাযোগ গুৱাহাটী, যোৰহাট আৰু ৱালঙলৈ সম্প্ৰসাৰিত হ’ব৷ এই বিমান বন্দৰ হৈ উঠাৰ পাছত আমি এতিয়া কেইঘণ্টামানৰ ভিতৰতে অৰুণাচলৰ ফল-ফুল দেশৰ বিভিন্ন বজাৰলৈ লৈ যাব পাৰিম৷ ইয়াৰ ফলত কৃষকসকল উপকৃত হ’ব৷

সতীৰ্থসকল, কেইমাহমান পূৰ্বে অৰুণাচললৈ বাণিজ্যিক বিমানৰ উৰণ আৰম্ভ হৈছিল৷ এতিয়া এই বিমানবন্দৰৰ সম্প্ৰসাৰণে আপোনালোকক দুগুণে লাভান্বিত কৰিব৷ চৰকাৰৰ প্ৰচেষ্টা এয়ে যে উৰান যোজনাৰ অধীনত যথেষ্ট কম দৰত বিমান যাত্ৰাৰ সুবিধা অৰুণাচল প্ৰদেশবাসীয়েও লাভ কৰক৷ বন্ধুসকল, প্ৰায় ১ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে আজি হলংগীগ্ৰীণফিল্ড বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। কিছু মাহ পূৰ্বে দেশৰ ১০০সংখ্যক আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গ্ৰীণফিল্ড পাকইয়ং বিমানবন্দৰ যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল৷ মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে উত্তৰ-পূৰ্বাঞ্চলৰ এই দ্বিতীয়টো গ্ৰীণফিল্ড বিমানবন্দৰ সময়মতে উদঘাটন কৰিব পৰা যাব৷ আপোনালোকে জানে যে আমি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ উদঘাটন আমি নিজেই কৰো৷

সতীৰ্থসকল, বিমানবন্দৰৰ লগতে স্থলপথ আৰু ৰেলপথৰ যোগাযোগ ব্যৱস্থাই অৰুণাচলক দেশৰ আন প্ৰান্তৰ সৈতে সংযুক্ত কৰি তুলিছে৷ প্ৰায় ৭ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগটো অতি সোনকালে সম্পূৰ্ণ কৰি তোলাৰ প্ৰয়াস চলি আছে৷ যেতিয়া এই সুৰংগটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব তেতিয়া বালিপাৰাৰ পৰা টাৱাঙলৈ যোৱাটো সহজ হৈ পৰিব। বছৰৰ যিকোনো ঋতুতে আপোনালোকৰ অহা-যোৱাৰ সমস্যা সমাধান হ’ব৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দেশৰ সৰ্ববৃহৎ ৰেল ৰোড দলং বগীবিল দলঙৰ শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তেও অৰুণাচল প্ৰদেশৰ অনেক অঞ্চল লাভান্বিত হৈছে৷
ভাই-ভনীসকল ,অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হাজাৰ কোটিটকীয়া প্ৰকল্পৰ কাম কৰি আছে৷ ইয়াৰ ভিতৰত প্ৰায় ৫০ হাজাৰ কোটি ব্যয় সাপেক্ষে নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা হৈছে৷ যোৱা দুটা বছৰত প্ৰায় ১হাজাৰ গাঁওক পকী পথৰ সৈতে সংযুক্ত কৰা হৈছে৷ প্ৰায় ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা ট্ৰান্স অৰুণাচল হাইৱেৰ কাম তীব্ৰতাৰে চলি আছে৷

সতীৰ্থসকল, স্থলপথৰ সমান্তৰালকৈ অৰুণাচলত ৰেলৱে’ খণ্ডতো অভূতপূৰ্বভাৱে কাম চলি আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰেল সেৱাৰ সৈতে জড়িত কৰা অভিযানৰ অংশস্বৰূপে ইটানগৰক ইতিমধ্যে সাঙুৰি লোৱা হৈছে৷ নাহৰলগুণ আৰু দিল্লীৰ মাজত চলা অৰুণাচল এচি এক্সপ্ৰেছ এতিয়া সপ্তাহত দুবাৰ যাত্ৰা কৰে৷ তদুপৰি, সমগ্ৰ অৰুণাচল প্ৰদেশত ৰেল সেৱা সম্প্ৰসাৰিত কৰিবলৈ ৭ স্থানত ছাৰ্ভেৰ কাম আৰম্ভ হৈ গৈছে৷ ইয়াৰ ভিতৰত তিনি স্থানত ছাৰ্ভেৰ কাম সম্পূৰ্ণও হৈছে৷ টাৱাঙকো ৰেলসেৱাৰ সৈতে জড়িত কৰাৰ বৃহৎ পৰিকল্পনা সন্দৰ্ভত তীব্ৰতাৰে কাম চলি আছে৷
ভাই-ভনীসকল, হাইৱে, ৰেলৱে, এয়াৰৱে’ৰ সমান্তৰালকৈ বিজুলী সংযোগো অত্যন্ত গুৰুত্বপূৰ্ণ৷ সৌভাগ্য যোজনাৰ অধীনত প্ৰায় প্ৰতিঘৰ লোকে বিদ্যুতৰ সুবিধা লাভ কৰা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ বাবে আজি মই অৰুণাচল প্ৰদেশক অভিন্দন জ্ঞাপন কৰিছো৷ মুখ্যমন্ত্ৰী মহোদয়কো অভিনন্দন জনাইছো৷

সতীৰ্থসকল, বিজুলী সংযোগৰ সমান্তৰালকৈ পৰ্যাপ্ত বিজুলী উপলব্ধ থকাতোও অত্যন্ত গুৰুত্বপূৰ্ণ দিশ৷ ইয়াৰ বাবে আমাৰ চৰকাৰে পাৱাৰ জেনেৰেচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ আজি এক ১১০ মেগাৱাট পাৰে হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ পৰা অৰুণাচলৰ লগতে আন ৰাজ্যইয়ো বিদ্যুৎ লাভ কৰিব৷ ইফালে, আজিৰে পৰা আৰম্ভ হৈছে ট্ৰেন্সমিছন ছিষ্টেম উন্নত কৰিবলৈ প্ৰায় তিনি হাজাৰ কোটি টকীয়া প্ৰকল্পৰ কাম৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ দূৰ-দূৰণিৰ অঞ্চললৈ বিদ্যুৎ উপলব্ধ হ’ব৷ সতীৰ্থসকল, যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎৰ দৰে বুনিয়াদী সুবিধাসমূহ যেতিয়া এখন ৰাজ্যই লাভ কৰে, তেতিয়া তাত জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত আৰু সুগম হয় তথা পৰ্যটন ক্ষেত্ৰইও ইয়াৰ পৰা উদগণি লাভ কৰে৷

কালি মই উত্তৰ-পূৰ্বাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য তথা ইয়াৰ পৰ্যটন সম্ভাৱনা সন্দৰ্ভত এটা টুইট কৰিছিলো৷ জনসাধাৰণক মই আহ্বান জনাইছিলো যে আপোনালোকে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ ফটো আৰু অনুভৱ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰক৷ মই আঁচৰিত হৈছিলো যে কেইটামান ছেকেণ্ডৰ ভিতৰতে টুইটাৰত হাজাৰ হাজাৰ লোকে মোক উত্তৰ দিয়ে আৰু উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ স্মৰণীয় অভিজ্ঞতা বৰ্ণনা কৰে৷ দেশ-বিদেশৰ বহুতো লোকে মোক উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰৰসাৰৰ বাবে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়৷

অৰুণাচলত নতুন বিমানবন্দৰ, ৰেলপথ নিৰ্মাণ হোৱাত ইয়াত দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি পাব৷ ইয়াৰ ফলত ইয়াৰ যুৱ প্ৰজন্মই সংস্থাপনৰ সুযোগ লাভ কৰিব আরু অৰুণাচলৰ অৰ্থনীতিয়ে নতুন শক্তি লাভ কৰিব৷
ভাই-ভনীসকল, কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিটো ক্ষেত্ৰৰ সংস্কৃতি, ভাষা, খাদ্যাভাস সুৰক্ষিত আৰু সংৰক্ষিত কৰিবলৈ তথা ইয়াক অধিক বিকশিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ৷ এই বিবিধতা ভাৰতৰ অমূল্য সম্পদ৷ এয়া আমাৰ গৌৰৱ আৰু আপোনালোকে জানে যে ভাৰতৰ সভ্যা-সংস্কৃতিৰ প্ৰতি ভাজপা চৰকাৰৰ এক বিশেষ আগ্ৰহ আছে৷ সেইবাবে আমাৰ চৰকাৰে অৰুণাচল প্ৰদেশৰ সংস্কৃতিক শক্তিশালী কৰিবলৈ ইয়াত অৰুণপ্ৰভা নামেৰে এটা ২৪ ঘণ্টীয়া টিভি চেনেল মুকলি কৰা হৈছে৷ আপোনালোকৰ নিজৰ এই চেনেলটোৰ বাবে সকলো আধুনিক সা-সুবিধা আগবঢ়োৱা হৈছে৷ এই চেনেলটোৰ জৰিয়তে ৰাজ্যৰ দূৰ-দূৰণিৰ অঞ্চলৰ খবৰো আপোনালোকে লাভ কৰিব৷ মই আশাবাদী যে চেনেলটোৱে ইয়াৰ সংস্কৃতি, পৰম্পৰাক সুন্দৰ ৰূপত উপস্থাপন কৰিব আৰু সমগ্ৰ দেশক অৰুণাচলৰ সুন্দৰতাৰ সৈতে পৰিচয় কৰাই দিব৷ একেদৰে ফিল্ম এণ্ড টেলিভিচন প্ৰতিষ্ঠানে ইয়াৰ যুৱচামক নতুন সুযোগ প্ৰদান কৰাৰ লগতে এই অঞ্চলৰ সংস্কৃতিয়েও এক ব্যাপক প্ৰসাৰত লাভ কৰিব৷
ভাই-ভনীসকল, আমাৰ চৰকাৰে বিকাশৰ পঞ্চধাৰা যেনে—শিশুৰ শিক্ষা, যুৱচামৰ উপাৰ্জন, জেষ্ঠজনৰ চিকিৎসা, কৃষকৰ সঞ্চয় আৰু সাধাৰণ জনতাৰ শুনানি সুনিশ্চিত কৰিবলৈ কঠোৰ পৰিশ্ৰমেৰে কাম কৰি আছে৷ বিশেষকৈ দেশৰ প্ৰতিগৰাকী ব্যক্তিক সুলভ আৰু উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ বাবে ঐতিহাসিক পদক্ষেপ হাতত লোৱা হৈছে৷ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ বনাই থকা হৈছে আৰু জটিল ৰোগত আক্ৰান্ত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে ডাঙৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাসেৱা সুনিশ্চিত কৰা হৈছে৷

সতীৰ্থসকল, আজি ইয়াত মুকলি হোৱা ৫০ টা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰে অৰুণাচলৰ দূৰ-দূৰণিৰ অঞ্চলসমূহত উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লগতে জটিল ৰোগীসকলৰ বেমাৰ চিনাক্তকৰণ প্ৰাৰম্ভিক পৰ্যায়তে সম্ভৱ হ’ব৷ বিশেষকৈ গৰ্ভৱতী মহিলা আৰু জৰুৰীকালীল স্থিতিৰ ৰোগীৰ বাবে এি কেন্দ্ৰসমূহ যথেষ্ট লাভজনক হৈ উঠিব৷

সতীৰ্থসকল, অৰুণাচল প্ৰদেশৰ দৰিদ্ৰ জনসাধাৰণে দেশৰ আন প্ৰান্তৰ দৰে আয়ুষ্মান ভাৰতৰ অধীনত চিকিৎসাসেৱা লাভ কৰি আছে৷ এই যোজনাৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ গুৰুতৰ ৰোগীসকলক ৫লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা আগবঢ়োৱা হৈছে৷ এই আঁচনিৰ ডেৰশ দিন অতিক্ৰম কৰিছেহে মাথো, এই পৰ্যন্ত দেশজুৰি প্ৰায় ১১ লাখ লোকে চিকিৎসা সুবিধা লাভ কৰিছে৷

সতীৰ্থসকল, কৃষিৰ লগতে আমি জৈৱিক কৃষিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো৷ মই জানিব পাৰিছো যে ইয়াৰ চৰকাৰে এই দিশত যথেষ্ট তীব্ৰতাৰে কাম কৰি আছে৷ মই আপোনালোকক আস্বস্ত কৰিব বিচাৰো যে কেন্দ্ৰৰ ফালৰ পৰা যি সহায়ৰ আৱশ্যক হয়, সকলো সহায় কৰিবলৈ আমি সাজু আছো৷

ভাই-ভনীসকল, অৰুণাচল প্ৰদেশ দেশৰ অভিমান, ই দেশৰ বিকাশ আৰু দেশৰ সুৰক্ষাৰ দুৱাৰমুখস্বৰূপ৷ এই দুৱাৰমুখক শক্তি প্ৰদানৰ কাম ভাজপা চৰকাৰে কৰি থাকিব৷ আপোনালোকৰ আশীৰ্বাদত দেশৰ এই প্ৰধান সেৱকে অৰুণাচলকে ধৰি সমগ্ৰ উত্তৰ-পূবক বিকাশৰ অঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰয়াসত ব্যস্ত হৈ আছে৷ আজিৰে পৰা আৰম্ভ হোৱা প্ৰকল্পসমূহৰ বাবে মই অৰণাচলৰ সকলো জনসাধাৰণক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো৷

জয় হিন্দ৷ জয় হিন্দ৷

বহুত বহুত ধন্যবাদ৷

***

अतुल कुमार तिवारी / शाहबाज़ हसीबी / तारा/ মুকুট শৰ্মা