Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উচৰ্গা কৰিব৷ এই উপলক্ষে তেওঁ একাংশ অৱসৰপ্ৰাপ্ত জোৱানক উদ্দেশ্যিও ভাষণ আগবঢ়াব৷

নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক হৈছে স্বাধীনতাৰ পাছত দেশৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া আমাৰ সেনা জোৱানসকলৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি৷

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক শান্তিৰক্ষা অভিযান তথা সন্ত্ৰাসবাদ বিৰোধী অপাৰেচনৰ অংশগ্ৰহণ কৰাৰ লগতে সৰ্বোচ্ছ ত্যাগ কৰা সৈনিকসকলৰ প্ৰতিও এক শ্ৰদ্ধাঞ্জলি৷

২০১৪চনত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকক বিশ্ব মানদণ্ডৰ স্মৃতিসৌধ হিচাপে অত্যাধূনিক ৰূপত নিৰ্মাণৰ সপোন দেখিছিল৷
ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ আকৃতিটো চাৰিটা সমকেন্দ্ৰিক চক্ৰৰে গঠিত, সেইবোৰ হৈছে ‘অমৰ চক্ৰ’ বা অমৰ বৃত্ত, ‘বীৰ চক্ৰ’ বা সাহসিকতাৰ বৃত্ত, ‘ত্যাগ চক্ৰ’ বা ত্যাগৰ বৃত্ত আৰু ‘ৰক্ষক চক্ৰ’ বা সুৰক্ষা বৃত্ত৷

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ কেন্দ্ৰস্থলত এটা স্মাৰকস্তম্ভ, এগছি বিৰামহীনভাৱে জ্বলি থকা চাকি আৰু ৬টা ব্ৰঞ্জৰ ভিত্তিচিত্ৰ আছে, য’ত স্থল সেনা, বায়ুসেনা আৰু নৌ সেনা উল্লেখযোগ্য যুদ্ধ অংকন কৰা হৈছে৷

পৰম যোদ্ধা স্থলত ২১গৰাকী পৰম বীৰ চক্ৰ বঁটা বিজয়ীৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে, যাৰ ভিতৰত তিনিগৰাকী জীৱিত বঁটা বিজয়ী ক্ৰমে চুবেদাৰ মেজৰ(সন্মানীয় কেপ্টেইন) বানা সিং(অৱসৰপ্ৰাপ্ত), চুবেদাৰ মেজৰ যোগেন্দ্ৰ সিং যাদৱ আৰু চুবেদাৰ সঞ্জয় কুমাৰো আছে৷

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকে দেশৰ শ্বহীদসকলৰ প্ৰতি দেশবাসীৰ সামূহিক আশা-আকাংক্ষাৰ লগতে সৰ্বোচ্ছ শ্ৰদ্ধাঞ্জলিকে সূচাইছে৷

***

AKT/SH/DB