Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ কচ্ছত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছত সংঘটিত এক দুৰ্ঘটনাত হোৱা প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে।শ্ৰী মোদীয়ে প্ৰাণহানি হোৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰাণহানি হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷

 

এক্সত প্ৰধানমন্ত্ৰীয়ে এইদৰে পোষ্ট কৰিছে;

গুজৰাটৰ কচ্ছত সংঘটিত এটা দুৰ্ঘটনাত হোৱা প্ৰাণহানিত দুখিত হৈছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো।

প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi

***

MJPS/SS/VJ/SS/MK