Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ ইন্দিৰাপুৰমত আজি অনুষ্ঠিত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ)ৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷

এই উপলক্ষে চিআইএছএফ জোৱানসকলৰ পেৰেডৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ বিভিন্ন শিতানত বিশিষ্ট আৰু দক্ষতাপূৰ্ণ সেৱা আগবঢ়োৱা জোৱানসকলক পদক প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে শ্বহীদসকলৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে ভিজিটৰছ বুকতো স্বাক্ষৰ কৰে৷

চিআইএছএফ জোৱানসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বাহিনীটোৰ সোনালী জয়ন্তী উপলক্ষে তেওঁলোকক অভিনন্দন জনায়৷ তেওঁ দেশৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চিআইএছএফে পালন কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ তেওঁ লগতে কয় যে নতুন ভাৰতৰ আধূনিক আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা প্ৰতিষ্ঠান-ভৱনসমূহ চিআইএছএফৰ হাতত নিৰাপদে ৰখাৰ বাবে তেওঁলোকক দায়িত্ব দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকক নিৰাপত্তাৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ ভিআইপি সংস্কৃতিয়ে স্থাপত্যসমূহৰ সুৰক্ষাত বাধা জন্মায়৷ সেয়েহে, নাগৰিকসকলে নিৰাপত্তাৰক্ষীসকলৰ সৈতে সহযোগিতা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ চিআইএছএফৰ ভূমিকা আৰু কৰ্তব্য সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিমানবন্দৰ আৰু মেট্ৰ’সমূহত চিআইএছএফৰ কাম-কাজসমূহ প্ৰদৰ্শিত হোৱাকৈ ডিজিটেল সংগ্ৰহালয় স্থাপনৰ পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে৷

দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত চিআইএছএফৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাহিনীটো দুৰ্যোগ ব্যৱস্থাপনা, মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অন্যান্য বিভিন্ন কামত জড়িত হৈ আছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে কেৰালাৰ বানপানীৰ লগতে নেপাল আৰু হাইটিৰ ভূমিকম্পৰ দৰে দুৰ্যোগৰ সময়ত সাহায্য অভিযানত বাহিনীটোৰ অৱদানৰ সন্দৰ্ভত উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাহিনীটোৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি তেওঁৰ চৰকাৰ দায়বদ্ধ৷ প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগত বাহিনীটোৰ আধূনিকীকৰণ আৰু তেওঁলোকৰ কল্যানৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ সন্দৰ্ভত উল্লেখ কৰে৷

তেওঁ উল্লেখ কৰে যে সেনা বাহিনীৰ বাবে কৰ্তব্যই উৎসৱ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সন্তাসবাদৰ প্ৰত্যাহ্বানৰ বাবে চিআইএছএফৰ ভূমিকা বৃদ্ধি পাইছে৷ তেওঁ লগতে কয় যে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে তেওঁ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সাহস আৰু ত্যাগৰ নামত উচৰ্গিত৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকৰ দৰে স্মৃতিসৌধসমূহে নাগৰিকসকলৰ মাজত নিৰাপত্তাৰক্ষীৰ অৱদানৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব৷ তেওঁ চিআইএছএফত বহুতো মহিলা সৈনিক অন্তৰ্ভূক্ত কৰাৰ প্ৰচেষ্টাৰ শলাগ লয়৷

ভাৰত যিমানে বিকশিত হ’ব, চিআইএছএফৰ দায়বদ্ধতাও সমানে বৃদ্ধি পাব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

******

AKT/VJ/DB