Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অটল উদ্ভাৱন অভিযান অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে অটল উদ্ভাৱন অভিযান (এআইএম) অব্যাহত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰা লগতে বিদ্যালয় পৰ্যায়ত এই অভিযানৰ বৃহৎ সাফল্যৰ পৰিপ্ৰেক্ষিতত ২০১৯-২০ বৰ্ষৰ বাবে ১০,০০০ বিদ্যালয়ত অটল উদ্ভাৱন অভিযানৰ অধীনত অটল টিংকাৰিং লেবৰ বাবে ১০০০ কোটি টকা পৰ্যন্ত ব্যয়ৰ বাবেও অনুমোদন প্ৰদান কৰিছে৷

বিৱৰণঃ

• এআইএমৰ দ্বাৰা দেশত বিভিন্ন কাৰ্যসূচী উৎসাহিত কৰাৰ লগতে উদ্ভাৱনক সমৰ্থন প্ৰদান কৰা হৈছে৷

• সহস্ৰাধিক বিদ্যালয়ত অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে৷ তদুপৰি বিশ্ববিদ্যালয় তথা উদ্যোগসমূহত অটল ইনকিউবেচন চেণ্টাৰ (এআইচি) আৰু অটল কমিউনিটী ইনভেচন চেণ্টাৰো (এচিআইচি)স্থাপন কৰা হৈছে৷

• অটল নিউ ইণ্ডিয়া চেলেঞ্জেছ (এএনআইচি)ৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰাসংগিকতা তথা সামাজিক গুৰুত্ব সাপেক্ষে বিভিন্ন ক্ষেত্ৰত সামগ্ৰী বিকাশক সমৰ্থন প্ৰদান কৰা হৈছে৷
বিত্তীয় প্ৰণয়নঃ

• প্ৰথম বৰ্ষত প্ৰতিটো এটিএলে সামগ্ৰী আৰু কাৰ্যকৰী ব্যয়ৰ বাবে ১২ লাখ টকাৰ সাহায্য লাভ কৰিছে আৰু পিছৰ চাৰি বছৰলৈকে প্ৰতি বৰ্ষত ২ লাখ টকাকৈ লাভ কৰিছে৷

• প্ৰতিটো এটিএলে লাভ কৰা মাইলষ্টোনৰ ভিত্তিত প্ৰত্যেক বৰ্ষতে কিস্তি হিচাপে ১০ কোটি টকা পৰ্যন্ত অনুদান লাভ কৰিছে৷

• উদ্ভাৱকসকলে এএনআইচিৰ অধীনত বাণিজ্যিকীকৰণ তথা প্ৰযুক্তি আৱণ্টনৰ বাবে ১ কোটি টকা পৰ্যন্ত অনুদান লাভ কৰিছে৷

প্ৰভাৱঃ

• এই অভিযানৰ অধীনত এটিএল আৰু এআইচিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

• ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়/বিভাগে এআইএমৰ সাহায্যত বিভিন্ন কাৰ্যসূচী প্ৰণয়ন কৰিছে৷

• এটিএল কাৰ্যসূচীৰ অধীনত ২০২০ চনৰ ভিতৰত ১০,০০০ত কৈও অধিক বিদ্যালয়ত এই লেব স্থাপন হ’ব৷

• সমগ্ৰ দেশতে ১০০টাত কৈও অধিক এআইচি স্থাপন হ’ব যি প্ৰথম পাঁচটা বৰ্ষত অতিকমেও ৫০-৬০টা ষ্টাৰ্ট-আপক সমৰ্থন প্ৰদান কৰিব৷

• ১০০ত কৈও অধিক উদ্ভাৱক/ষ্টাৰ্ট আপ উদ্যোগে তেওঁলোকৰ উদ্ভাৱনসমূহৰ বাবে সমৰ্থন লাভ কৰিব৷

• প্ৰতিটো ইনকিউবেটৰৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ৫০-৬০টাকৈ প্ৰযুক্তিচালিত ষ্টাৰ্ট-আপে অগ্ৰগতি পাব বুলি আশা প্ৰকাশ কৰা হৈছে৷

• ১০০টাত কৈও অধিক ইনকিউবেটৰ স্থাপন কৰা হ’ব যাতে ইয়াৰ দ্বাৰা ৫০০০-৬০০০টা ষ্টাৰ্ট আপ বিকশিত হয় আৰু নতুন ইনকিউবেটৰ স্থাপিত হয়৷

প্ৰণয়ন কৌশল আৰু লক্ষ্যঃ

এআইএমে মুক্ত, প্ৰতিযোগিতামূলক, অনলাইন আবেদনৰ জৰিয়তে হিতাধিকাৰীসকলক বাচনি কৰে আৰু প্ৰত্যক্ষভাৱে অনুদান প্ৰদান কৰে৷ আজিৰ তাৰিখলৈকে সমগ্ৰ দেশতে ৫৪৪১ টা অটল টিংকাৰিং লেব বাচনি কৰা হৈছে আৰু ইয়াৰে ২১৭১টা এটিএল যি ৬২৩খন জিলাত আছে, তেওঁলোকে ইতিমধ্যেই প্ৰথম কিস্তি লাভ কৰিছে৷ সমগ্ৰ ৰাষ্ট্ৰতে ১০১ টা অটল ইনকিউবেচন চেণ্টাৰ বাচনি কৰা হৈছে আৰু তাৰে ৩১টাই অনুদানৰ প্ৰথম কিস্তি লাভ কৰিছে৷

২৪ টা অটল নিউ ইণ্ডিয়া চেলেঞ্জেছ মুকলি কৰা হৈছে আৰু ৮০০ খন আবেদন লাভ কৰা হৈছে৷ এইআইএম মেণ্টৰে এটিএলৰ সাফল্য নিশ্চিতিৰ বাবে প্ৰয়াস কৰে৷ মেণ্টৰে বিদ্যালয়ৰ প্ৰশাসনৰ সৈতে সংবদ্ধ হৈ এটিএল উপযুক্ত ধৰণে প্ৰণয়ন হোৱাত সহায় কৰে৷ আজিৰ তাৰিখলৈতে ২,৫০০ গৰাকী মেণ্টৰে প্ৰায় ১,৩০০ খন বিদ্যালয়ত সক্ৰিয়ভাৱে কাম কৰি আছে৷

পৃষ্ঠভূমিঃ

এআইএমৰ উদ্দেশ্য হ’ল সমগ্ৰ দেশৰ বিদ্যালয়, বিশ্ববিদ্যালয়ত উদ্ভাৱন আৰু উদ্যমিতাৰ পৰিবেশতন্ত্ৰ সৃষ্টি কৰা৷ এই অভিযান বিত্ত মন্ত্ৰীৰ ২০১৫ চনৰ বাজেটত কৰা ঘোষণা অনুসৰি নিটি আয়োগৰ অধীনত স্থাপন কৰা হৈছিল৷

********

AKT/SH/MANN