পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহলৈ অভিনন্দনসূচক টেলিফোন কল কৰে৷ তেওঁ টেলিফোনযোগে ৰাষ্ট্ৰপতিগৰাকীক শেহতীয়া সংসদীয় নিৰ্বাচনত মালদ্বীপিয়ান ডেম’ক্ৰেটিক পাৰ্টি (এমডিপি)ৰ বিজয়ত অভিনন্দন প্ৰদান কৰে৷
এমডিপিৰ বিজয়ে নীতিসমূহৰ সংশোধন তথা নেতাসকলৰ কঠোৰ পৰিশ্ৰমক সূচায় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ নিৰ্বাচনৰ সফল সমাপ্তিক আদৰণি জনাই কয় যে ইয়াৰ দ্বাৰা মালদ্বীপৰ গণতান্ত্ৰিক পৰম্পৰা আৰু অধিক শক্তিশালী হ’ব৷
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘‘চুবুৰীয়া প্ৰথম’’ নীতিৰ কথা সোঁৱৰণ কৰি মালদ্বীপৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে অধিক ঘনিষ্ঠতাৰে কাম কৰি যাব বুলি মন্তব্য কৰে আৰু মালদ্বীপক আৰ্থ-সামজিক বিকাশৰ বাবে যথাসম্ভৱ সহায় আগবঢ়াব বুলিও প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাশ্বীদৰ সৈতেও কথা পাতে আৰু স্মৰণীয় বিজয়ৰ বাবে অভিনন্দন প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে মালদ্বীপত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সৰ্বদলীয় অংশগ্ৰহণক প্ৰশংসা কৰি এই সন্দৰ্ভত ভাৰতৰ সহযোগিতা সদায়েই উপলব্ধ হ’ব বুলি মন্তব্য কৰে৷
******
AKT/KP/MANN