Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ২০১৮ চনৰ মে’ মাহত ভাৰত আৰু ব্ৰাজিলৰ মাজত হোৱা এক চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰোৱা হয়৷

এই স্বাক্ষৰিত চুক্তিপত্ৰখনত জৈৱ প্ৰযুক্তিৰ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত বিজ্ঞান আৰু প্ৰযুক্তিৰ কৌশলগত কংক্ৰিট পৰিকল্পনা প্ৰস্তুতি উদ্ভাৱনৰ বাবে ভাৰত আৰু ব্ৰাজিলৰ মাজত সহযোগিতা সৱলীকৰণ কৰা সম্পৰ্কে উল্লেখ আছে৷

সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহ হ’লঃ

বায়’মেডিচিন আৰু স্বাস্থ্য, বিশেষকৈ জৈৱ প্ৰযুক্তিভিত্তিক সামগ্ৰী

জৈৱিক প্ৰজনন অভ্যাস

জৈৱিক ইন্ধন আৰু জৈৱ-শক্তি

নেন’ প্ৰযুক্তি আৰু বায়’ইন্সট্ৰুমেণ্টেচন

জৈৱ বৈচিত্ৰতা আৰু টেক্স’ন’মী

*****

AKT/SH/MANN