Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আবতৰীয়া বৃষ্টিপাত আৰু ধুমুহাত দেশৰ ভিন্ন প্ৰান্তত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশ, ৰাজস্থান, মণিপুৰ আৰু দেশৰ ভিন্ন প্ৰান্তত আবতৰীয়া বৃষ্টিপাত আৰু ধুমুহাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

“ক্ষতিগ্ৰস্তলৈ চৰকাৰে যথাসম্ভৱ সহায়-সহযোগিতা আগবঢ়াই আছে৷ অতি সতৰ্কতাৰে পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে৷”, প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিগৰাকী আহত ব্যক্তিক ৫০হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে৷

*****

AKT/ VJ/MS