Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ, সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত এশ পঞ্চাছজন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰতৰ হৈ শোক প্ৰকাশ কৰে৷

ধৰ্মীয় উৎসৱ এটা চলি থকাৰ সময়তে ধৰ্মীয় অনুষ্ঠানত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণক প্ৰধানমন্ত্ৰীয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ এয়া শীতল মস্তিষ্ক তথা পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে সন্ত্ৰাসবাদৰ সমস্যা সমগ্ৰ বিশ্বৰ মানৱতাৰ বাবে গুৰুতৰ বিষয় হৈ পৰিছে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাক সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে গ্ৰহণ কৰা সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে যথাসম্ভৱ সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে৷

তেওঁ আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় সহযোগিতা প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷

******

AKT/SH/MANN