পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ মে’, ২০১৯ত ঘূৰ্ণী বতাহ ফণীৰ ফলত উদ্ভৱ হোৱা পৰ্যালোচনা কৰাৰ বাবে আজি ওড়িশা ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ আকাশমাৰ্গেৰে পিপলি, পুৰী, কোণাৰ্ক, নিমাপড়া আৰু ভূৱনেশ্বৰৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে কৰা পৰিদৰ্শন সময়ত ৰাজ্যপাল অধ্যাপক গণেশী লাল, মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেবিনেট মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁক সংগ দিয়ে৷
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে ঘূৰ্ণী বতাহৰ ক্ষয়-ক্ষতিৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়৷ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ তেওঁ ৰাজ্যখনলৈ তাৎক্ষণিকভাৱে ১,০০০ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰে৷ ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰক ২৯ এপ্ৰিল, ২০১৯ত ৩৪১ কোটি টকা প্ৰদান কৰা হৈছিল৷ তদুপৰি, তেওঁ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলৰ দ্বাৰা কৰা মূল্যায়নৰ পাছত অতিৰিক্ত সাহায্য আগবঢ়াব বুলি কয়৷
প্ৰধানমন্ত্ৰীয়ে ওড়িশাবাসীৰ প্ৰতি সহমৰ্মিত প্ৰকাশ কৰে৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কেৱল তাৎক্ষণিক সাহায্য প্ৰদান কৰাই নহয়, ৰাজ্যখনৰ পুনৰ নিৰ্মাণৰ প্ৰতিও প্ৰতিশ্ৰুতিবদ্ধ৷ প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম উপগ্ৰহ তথা বতৰৰ আগজাননী দিয়া প্ৰযুক্তিয়ে প্ৰাণহানি কম কৰাত পালন কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ তেওঁ কয় প্ৰযুক্তি আৰু মানুহৰ সহযোগিতাত অন্তিমগৰাকী ভূক্তভোগীৰ সৈতে যোগাযোগ সম্ভৱ হৈছে৷ ইফালে, ৰাজ্য চৰকাৰে ১০,০০০তকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা তথা বতৰ বিজ্ঞান বিভাগে প্ৰদান কৰা নিখুঁত আগজাননীৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ উপকূলীয় অঞ্চলত বসবাস কৰা জনসাধাৰণৰ লগতে মাছমৰীয়া সকলে দেখুওৱা ধৈৰ্যৰো প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সুন্দৰ সহযোগিতাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাসত সহায় কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে নিজেও এগৰাকী উপকূলীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি অহাৰ বাবে সাগৰীয় ধূমুহাই কৰা ক্ষয়-ক্ষতিৰ ভয়াবহতাৰ কথা তেওঁ ভালদৰে জানে৷
প্ৰধানমন্ত্ৰীয়ে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটি দলে ৰাজ্যখনৰ আন্তঃগাঁথনি, আবাস, মাছমৰীয়া তথা তেওঁলোকৰ ফাৰ্মসমূহৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰাৰ লগতে ওড়িশালৈ সাহায্য প্ৰদান কৰিব৷ তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক ক্ষীপ্ৰতাৰে বিদ্যুৎ, দূৰসংযোগ আৰু ৰে’ল সেৱাৰ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে পথ আৰু ভূ-পৃষ্ঠ মন্ত্ৰালয়ক যিমান পাৰি সোনকালে ক্ষতিগ্ৰস্ত পথসমূহৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰক সাহায্য প্ৰদানৰ লগতে বানবিধ্বস্ত অঞ্চলসমূহত কৃষকৰ দাবী মূল্যায়ন কৰাৰ বাবে বীমা কোম্পানীসমূহক তাৎক্ষণিকভাৱে পৰ্যবেক্ষক প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণী বতাহত প্ৰাণহানি হোৱা লোকসকলৰ আত্মীয়ক ২ লাখকৈ আৰি আহতসকলৰ প্ৰতি ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কথাও ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই জটিল ক্ষণত কেন্দ্ৰীয় চৰকাৰৰে সদায় কান্ধে কান্ধ মিলাই তেওঁলোকৰ কাষত থিয় দিব বুলি ওড়িশাবাসীক আশ্বাস দিয়ে৷
******
AKT/SH/SKS/DB
PM @narendramodi visited Odisha to review the situation arising out of Cyclone Fani. He took part in a meeting of senior officers of the State and Central Government to take stock of the damage and the relief and rehabilitation measures being undertaken. pic.twitter.com/sA354AjxPt
— PMO India (@PMOIndia) May 6, 2019
PM assured all possible assistance to Odisha. He announced immediate assistance worth Rs.1000 crores. This is apart from Rs. 341 crores already released to the State Government. He promised further assistance after the assessment by an inter-ministerial Central team.
— PMO India (@PMOIndia) May 6, 2019
PM expressed his full solidarity with the people of Odisha. He said that the Central Government is fully committed not only for providing immediate relief, but also to ensure rebuilding of the state.
— PMO India (@PMOIndia) May 6, 2019
He appreciated the role played by technology including satellite imagery and advanced weather forecasting techniques in minimising loss of life.
— PMO India (@PMOIndia) May 6, 2019
Odisha Government’s efforts in evacuating people to safety and the efforts of IMD to give accurate forecast were specially appreciated by the Prime Minister. He appreciated the resilience of the people and the fishermen living in the coastal areas.
— PMO India (@PMOIndia) May 6, 2019
PM also expressed satisfaction at the excellent coordination between the Union and the State Government which helped to minimise causalities.
— PMO India (@PMOIndia) May 6, 2019
PM said that he knows the extent of damage and destruction such a cyclone brings, as he too has been a Chief Minister of a coastal state.
India stands in solidarity with the people of Odisha. https://t.co/rP7P4U7EEs
— Chowkidar Narendra Modi (@narendramodi) May 6, 2019