পি এম ইণ্ডিয়া

২৩ মে’, ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ফোনযোগে অভিনন্দন জ্ঞাপন কৰে জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝৌ আবে’ই; ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বাবেই এই অভিনন্দন জনায় জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে প্ৰধানমন্ত্ৰী আবে’ই জনোৱা অভিনন্দনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়েও কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰে।
বাৰ্তালাপৰ সময়ছোৱাত দুয়োগৰাকী নেতাই বিগত পাচবছৰত দুয়োখন দেশৰ উন্নত সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে আৰু ভাৰত-জাপান বিশেষ কৌশলগত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে লোৱা প্ৰতিজ্ঞাৰ কথা সোঁৱৰণ কৰে আৰু লগতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত থকা দুয়োৰে উমৈহতীয়া লক্ষ্যত উপনীত হ’বৰ বাবেও বৈশ্বিক অংশীদাৰীত্ব লাভৰো পোষকতা কৰে।
উল্লেখ্য যে অহা মাহত জাপানৰ অ’ছাকাত অনুষ্ঠিত হ’বলগীয়া জি২০ সন্মিলনত মিলিত হোৱাৰ আশা প্ৰকাশ কৰে দুয়োগৰাকী ৰাষ্ট্ৰনেতাই।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে প্ৰধানমন্ত্ৰী আবে’ক চলিত বৰ্ষৰ শেষৰফালে ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতলৈ নিমন্ত্ৰণ জনোৱাৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে।
*****
RD