পি এম ইণ্ডিয়া
মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগন্নাথে নতুন দিল্লীত ৩০ মে’, ২০১৯ত আয়োজিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
৩১ মে’, ২০১৯ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী জগন্নাথে শ্ৰী মোদীক উষ্ম অভ্যৰ্থনা আৰু অভূতপূৰ্ব জনাদেশেৰে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা জনায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী জগন্নাথক ধন্যবাদ জনায় আৰু তেওঁ দুয়ো দেশৰ মাজত সকলো পৰ্যায়ৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা আৰু বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে৷
***
AKT/SH/AK/DB