পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় দন্ত চিকিৎসা পৰিষদক অধিক প্ৰভাৱশালী কৰাৰ অৰ্থে দন্ত চিকিৎসক অধিনিয়ম, ১৯৪৮ (১৯৪৮ৰ ১৬)ত সংশোধনীৰ বাবে বিধেয়ক উত্থাপন কৰাৰ অনুমোদন প্ৰদান কৰিছে৷ এই অনুমোদনৰ দ্বাৰা দন্ত চিকিৎসক অধিনিয়ম, ১৯৪৮ৰ সন্দৰ্ভত ভাৰতীয় দন্ত চিকিৎসা পৰিষদৰ সদস্যতা তথা ৰাজ্য আৰু সংযুক্ত ৰাজ্য দন্ত চিকিৎসা পৰিষদৰ সদস্যতা সম্বন্ধীয় ব্যৱস্থাপনাসমূহতো সংশোধন প্ৰভাৱশালী হ’ব৷
প্ৰভাৱঃ
এই সংশোধনৰ দ্বাৰা দন্ত চিকিৎসা পৰিষদৰ পুনৰ্গঠনত সাহায্য লাভ হ’ব তথা দন্ত চিকিৎসা পৰিষদত কেন্দ্ৰ চৰকাৰৰ সদস্য তথা নিৰ্বাচিত সদস্যসকলৰ প্ৰতিনিধিত্ব অনিবাৰ্য হৈ নাথাকিব৷
এই প্ৰক্ৰিয়াৰ দ্বাৰা অতিৰিক্ততা হ্ৰাস হ’ব৷
এই বিধেয়কক পৰৱৰ্তী সদনৰ সময়চোৱাত উত্থাপন কৰা হ’ব৷
বিৱৰণঃ
দন্ত চিকিৎসক অধিনিয়ম, ১৯৪৮ৰ নিম্ন ধাৰাসমূহত সংশোধন কৰা হ’ব৷
১. অধিনিয়মৰ খণ্ড ৩ উপখণ্ড (এফ)ৰ অধীনত ভাৰত দন্ত চিকিৎসা পৰিষদৰ সদস্যতা, আৰু
২. অধিনিয়মৰ খণ্জ ২১ উপখণ্ড (বি) আৰু খণ্ড ২৩ উপখণ্জ (বি)ৰ অধীনত ৰাজ্য আৰু সংযুক্ত ৰাজ্য দন্ত চিকিৎসা পৰিষদৰ সদস্যতা৷
পৃষ্ঠভূমিঃ
অধিনিয়মৰ ব্যৱস্থাপনাৰ অধীনত খণ্ড ২ত উল্লিখিত ভাৰতীয় দন্ত চিকিৎশা পৰিষদত দন্ত চিকিৎসকৰ প্ৰতিনিধিৰ ৰূপত কেন্দ্ৰ চৰকাৰৰ সদস্য আৰু ৰাজ্যিক দন্ত চিকিৎসা পৰিষদ খণ্ড (বি)ৰ পৰা নিৰ্বাচিত ৪/২ সদস্যৰ প্ৰাসংগিকতা সমাপ্ত হৈছে৷ প্ৰতিনিধিত্বৰ ব্যৱস্থাপনাৰ অতিৰিক্ততা হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে এই ব্যৱস্থাপনাসমূহৰ সমাপ্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে প্ৰতিনিধিত্বৰ অনিৰ্বাযতা নোহোৱা কৰিব পাৰি৷
*******
AKT/AK/MANN