পি এম ইণ্ডিয়া

মহামান্যসকল,
প্ৰথমতে মই বোলছোনাৰোক ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছো৷ আৰু ব্ৰিকছ পৰিয়াললৈ তেওঁক আদৰণিও জনাইছো৷ মই ৰাষ্ট্ৰপতি বোলছোনাৰোক এই বৈঠক আয়োজনৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ এই সুযোগত আমাৰ বন্ধু ৰামাফোছাক পুনৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে মই অভিনন্দন আৰু শুভকামনা জনাইছো৷
মহামান্যসকল,
এই ধৰণৰ অনানুষ্ঠানিক আলোচনাৰ মাজেৰে আমি জি-২০ৰ মুখ্য বিষয়ৰ ওপৰত পৰস্পৰৰ সৈতে সমন্বয়ৰ সুযোগ লাভ কৰো৷
আজি মই তিনিটা মুখ্য প্ৰত্যাহ্বানৰ ওপৰত মনোনিৱেশ কৰিম৷ প্ৰথম, বিশ্ব অৰ্থনীতিৰ মণ্ডাৱস্থা আৰু অনিশ্চয়তা৷ নিয়মৰ ওপৰত আধাৰিত বহুপক্ষীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ব্যৱস্থাৰ ওপৰত একপক্ষীয় নিৰ্ণয় আৰু প্ৰতিদ্বন্দ্বীতা বৃদ্ধি পাব ধৰিছে৷ আনহাতে, সম্পদৰ অভাৱ এই তথ্যত স্পষ্ট হয় যে সম্ভৱনাময় বজাৰ অৰ্থনীতিৰ আন্তঃগাথনিত বিনিয়োগৰ বাবে প্ৰায় ১.৩ ট্ৰিলিয়ন ডলাৰৰ অভাৱ আছে৷
দ্বিতীয়টো বৃহৎ প্ৰত্যাহ্বান হ’ল বিকাশ আৰু প্ৰগতিক ব্যাপক আৰু বহনক্ষম কৰি তোলা৷ তীব্ৰ গতিৰে সলনি হোৱা প্ৰযুক্তি যেনে ডিজিটেলকৰণ আৰু জলবায়ু পৰিৱৰ্তন কেৱল আমাৰ বাবেই নহয়, আহিবলগীয়া প্ৰজন্মৰ বাবেও চিন্তাৰ বিষয়৷ বিকাশ তেতিয়াহে প্ৰকৃত অৰ্থত বিকাশ হ’ব, যেতিয়া ই অসমতা হ্ৰাস কৰে আৰু সৱলীকৰণত আগভাগ লয়৷ সন্ত্ৰাসবাদ মানৱতাৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান৷ ইয়ে নিৰপৰাধী লোকৰ প্ৰাণ কাঢ়ি নিয়ে লগতে আৰ্থিক প্ৰগতি আৰু সামাজিক সুস্থিৰতাৰ ওপৰত কুপ্ৰভাৱ পেলায়৷ সন্ত্ৰাসবাদক সমৰ্থন আৰু সহায় কৰা সকলো পথ আমি বন্ধ কৰিব লাগিব৷
মহামান্যসকল,
এই সমস্যাসমূহ নিৰ্মূল কৰাতো যদিও ইমান সহজ নহয়, তথাপি নিৰ্ধাৰিত সময়ৰ ভিতৰত মই ৫টা পৰামৰ্শ আগবঢ়াব বিচাৰো—
১)ব্ৰিকছ দেশসমূহৰ মাজত আলোচনাৰ মাধ্যমেৰে একপক্ষীয় সিদ্ধান্তৰ কুপ্ৰভাৱ কিছু পৰিমাণে আমি নোহোৱা কৰিব পাৰো৷ সংশোধিত বহুপক্ষীয়তাবাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় আৰু ব্যৱসায়িক সংস্থা তথা সংগঠনৰ প্ৰয়োজনীয় সংশোধনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব৷
২) ধাৰাবাহিক আৰ্থিক বিকাশৰ বাবে প্ৰয়োজনীয় শক্তি সম্পদ যেনে তেল আৰু গেছ কম মূল্যত ধাৰাবাহিকভাৱে উপলব্ধ হোৱা উচিত৷
৩) নিউ ডেভেলাপমেণ্ট বেংকৰদ্বাৰা সদস্য ৰাষ্ট্ৰসমূহৰ ভৌতিক আৰু সামাজিক আন্তঃগাথনি তথা নৱীকৰণযোগ্য শক্তি কাৰ্যক্ৰমত বিনিয়োগে অধিক গুৰুত্ব লাভ কৰা উচিত৷ Coalition for Disaster Resilient Infrastructureৰ বাবে ভাৰতৰ পদক্ষেপ অনুন্নত আৰু বিকাশশীল দেশৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব পৰাকৈ পৰ্যাপ্ত আন্তঃগাথনিত সহায়ক বিবেবিত হ’ব৷ এই ক্ষেতত্ৰত মই আপোনালোকৰ অন্তৰ্ভুক্তি আশা কৰিছো৷
৪) বিশ্বজুৰি দক্ষ কাৰিকৰৰ অহা-যোৱা সৰল হোৱা উচিত৷ ইয়াৰ ফলত সেই দেশৰো লাভ হ’ব য’ত জনসংখ্যাৰ এটা বৃহৎ অংশই কামকাজৰ বয়স অতিক্ৰম কৰিছে৷
৫) মই শেহতীয়াকৈ সন্ত্ৰাসবাদক লৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আহ্বান জনাইছো৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে প্ৰয়োজনীয় সহমতিৰ অভাৱে আমাক নিষ্ক্ৰিয় কৰিব নোৱাৰে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজক প্ৰাধান্য দিয়াৰ বাবে মই ব্ৰাজিলক বিশেষভাৱে প্ৰশংসা কৰিছো৷
মহামান্যসকল,
ব্ৰাজিলিয়াত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰিছো৷ এই সন্মিলনক সফল কৰিবলৈ ভাৰতে পূৰ্ণ সহযোগ কৰিব৷
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷
****
AKT/KP/MS
The BRICS family comes together yet again!
— Narendra Modi (@narendramodi) June 28, 2019
Delighted to meet BRICS leaders. Shared my thoughts on the importance of access to energy and energy security, making WTO mechanisms stronger and fighting protectionism and close cooperation to eliminate forces of terror. pic.twitter.com/erDRW6w3SG
BRICS leaders met in Osaka, on the sidelines of the #G20 Summit.
— PMO India (@PMOIndia) June 28, 2019
In his remarks, PM @narendramodi spoke about strengthening WTO, fighting protectionism, ensuring energy security and the need to work together to fight terrorism. pic.twitter.com/c5QRoekSRg