পি এম ইণ্ডিয়া
অনুষ্ঠানত সমবেত বোলছবি জগতৰ সকলো ৰথী-মহাৰথী। এই মহাসমাৰোহত আদৰণি জনোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আজি আমাৰ বোলছবি জগতৰ মহাৰথীসকলৰ মাজলৈ আহি সৃষ্টিশীল জগতৰ সৈতে বার্তালাপ কৰাৰ সৌভাগ্য হৈছে। সম্ভৱতঃ মোৰ জীৱনত এয়া এই ধৰণৰ প্ৰথম সুযোগ। কেতিয়াবা কেতিয়াবা কাৰোবাক নমস্কাৰ-প্ৰতি নমস্কাৰৰ সুযোগ হৈছে। কিন্তু কেতিয়াও কথা-বতৰা পতাৰ সৌভাগ্য হোৱা নাছিল৷ গুজৰাটত দীর্ঘদিন মুখ্যমন্ত্রী হিচাপে কাম কৰিছিলো, যদিও সেই সুযোগ পোৱা নাছিলো। কিন্তু আজি সেই সুযোগ পাইছো৷
আপোনালোকৰ নির্দেশনাত, আপোনালোকৰ প্ৰতিভাত ভাৰতে বোলছবিৰ ক্ষেত্ৰত একেৰাহে নতুন নতুন সাফল্য অৰ্জন কৰিছে। প্রার্থনা কৰো, এই পৰম্পৰা ভৱিষ্যতেও অব্যাহত থাকিব। এই বছৰ আপোনালোকে বিশেষ সাফল্য অর্জন কৰক। আপোনালোক সকলোকে ভাৰতীয় বোলছবিৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷
বিগত দুই দশক ধৰি কিবা নহয় কিবা ধৰণে এই সংগ্ৰহালয়ক লৈ বহুত আলোচনা হৈছে। আজি ইয়াৰ উদ্বোধনৰ জৰিয়তে আমাৰ বোলছবিৰ সোনালী অতীতক এটা স্থানত সংৰক্ষণৰ সপোন বাস্তবায়িত হ’ল। মই প্রায়েই অনুভৱ কৰো যে আমাৰ পূর্বসূৰিসকলে আমাক এনে বহুত ভাল কাম কৰাৰ সুযোগ দি গৈছে। আপোনালোকে সকলোৱেই যেতিয়া নতুন ভাৰতত নতুন বোলছবি নির্মাণৰ কাম কৰিছে, আপোনালোকৰ প্ৰতি মোৰ এটি প্ৰশ্ন আছে। ইয়াত সকলো প্ৰজন্মৰ অভিনেতা, অভিনেত্রী, নির্দেশক আৰু কর্মকুশলী আছে। আপোনালোকৰ ভাষাতে প্ৰশ্নটো কৰিছো৷
হাও ইজ দ্য যোশ- হাও ইজ দ্য যোশ
হাও ইজ দ্য যোশ – হাও ইজ দ্য যোশ
বৰ্তমান আপোনালোকৰ এই উৎসাহ সকলোৰে চকুত পৰিছে। নতুন ভাৰত নির্মাণৰ বাবে আপোনালোকৰ এই উৎসাহ বহুত অর্থপূৰ্ণ৷
বন্ধুসকল, বোলছবিৰ জগতখন ৰঙীন আৰু ইয়াৰ বহুত মাত্রা থাকে। ৰাষ্ট্ৰীয় বোলছবি সংগ্ৰহালয়ে দেশবাসীৰ সন্মুখত ইয়াৰ বহুমাত্রিকতাকে তুলি ধৰিব, যি বোলছবিপ্রেমী লোকে উপভোগ কৰিব। ইয়াত বিনোদন উদ্যোগৰ গৌৰবময় ইতিহাস সম্পর্কে বিস্তৃতভাৱে জানিব পাৰিব। এই জগতৰ সকলো শাখাৰ ৰথী-মহাৰথীৰ জীৱন সম্পর্কে জানিব পাৰিব। তেওঁলোকৰ জীৱন সংগ্রামৰ সোনালী গাথাৰ কিছু আভাস সাধাৰণ জনতাই জানিব পাৰিব, চাব পাৰিব৷
মই ভাবো, ৰাষ্ট্ৰীয় বোলছবি সংগ্ৰহালয়ৰ পৰা আমাৰ নবীন প্ৰজন্মই বহুত কিছু দেখা, শিকা আৰু বুজাৰ সুযোগ পাব। কিছুসময়ৰ পূৰ্বে মইও এই প্ৰদর্শনী পৰিদৰ্শন কৰিলো। ভাবিছিলো, প্ৰথম দুটা মহলা চাম। চাওতে চাওতে তৃতীয় মহলাতো যাবলৈ ইচ্ছা কৰিলে। জানো আপোনালোক আহি গ’ল, অপেক্ষা কৰিছে। কিন্তু ইমান সুন্দৰকৈ সকলো সজাোৱা হৈছে যে চাওতে চাওতে মই শেষলৈ গ’লো। আপোনালোকে অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবে ক্ষমা বিচাৰিছো৷
এই সমৃদ্ধ সংগ্ৰহালয়ত আমাৰ ইতিহাসেৰ গৌৰৱ যিমান আছে, ভৱিষ্যতৰ প্রাণশক্তিও আছে। ইমান প্রাচীন মান আছে, আধুনিকতাৰ সন্মান আছে। ইয়াৰ ‘গুলচন বহল’ আমাৰ ইতিহাসৰ সাক্ষী। সিমানেই অত্যাধুনিক অট্টালিকা দূৰদর্শিতাৰ পৰিচায়ক। গুলশন বহল ঘৰত বোলছবিৰ প্ৰথম দিশৰ গৌৰৱগাথাৰ সৈতে পৰিচয় হ’ব। মোক কোৱা হৈছে যে এই অংশত ৩০ ঘণ্টাৰ ইমান ফুটেজ আছে যাতে দ্বিতীয় বিশ্ব যুদ্ধত আমাৰ সৈনিকসকলৰ শৌর্য প্ৰদর্শিত হৈছে৷
মই ফিল্ম ডিভিজনক অভিনন্দন জনাব বিচাৰিছো। সেনাবাহিনীৰ পৰা এইবোৰ সংগ্ৰহ কৰি তাৰ ডিজিটাইজেচন কৰিছে। ফলত, দ্বিতীয় বিশ্ব যুদ্ধত দেশৰ ২০ লাখ সৈনিক আৰু বিষয়াৰ শৌর্য সম্পর্কে আমাৰ ভৱিষ্যৎ প্ৰজন্মই জানিব পাৰিব, প্রেৰণা পাব৷
বহুত লোকেহে জানে যে কোনো বিশ্ব যুদ্ধই আমাৰ দেশৰ কোনো স্বার্থ নাছিল, কোনো জাতীয় পতাকাৰ সন্মান ৰক্ষাৰ স্বাৰ্থ নাছিল, সেয়েহে দুয়োখন বিশ্ব যুদ্ধত আমাৰ দেশৰ ডেৰ লাখ সৈনিক শ্বহীদ হৈছিল৷ দুঃখৰ কথা যে এই বিষয়সমূহক পাহৰি যোৱা হৈছে। ইয়ালৈ আহিলে এই নতুন মাধ্যমেৰে দেশবাসীয়ে প্ৰকৃত সত্যটো জানিব পাৰিব। নতুন প্ৰজন্মই প্রেৰণা পাব। মই যেতিয়া বিশ্ববাসীৰ সৈতে বাৰ্তালাপ কৰো, তেতিয়া কওঁ যে আপোনালোকে আমাক ‘শান্তি’ নিশিকাব, বিশ্বত শান্তি স্থাপনৰ বাবে বিভিন্ন দেশত আমাৰ ডেৰ লাখ সৈনিক শ্বহীদ হৈছে। এয়াই আমাৰ ইতিহাস, আমাৰ গাঁথা, যি ভৱিষ্যৎ প্ৰজন্মক প্রেৰণা যোগাব৷
বন্ধুসকল, বাস্তৱ ক্ষেত্ৰত বোলছবি আৰু সমাজ উভয়েই পৰস্পৰৰ প্ৰতিফলন। সমাজত কি চলিছে সেয়া বোলছবিত দেখা যায়। আৰ বোলছবিত যি হয় তাক লৈ সমাজ প্ৰভাৱিত হয়। বহুত সময়ত আপোনালোকে হয়তো এইটোও দেখিছে যে মানুহে সমাজত আশা পৰিৱর্তনসমূহ চিহ্নিত কৰিছে। বহুত পৰিৱর্তনৰ পূর্বাভাস বোলছবিত দেখা যায়। মই ভাবো এইটো বহুত ডাঙৰ বিষয়। কলা আৰু সংস্কৃতিয়ে সমাজৰ ভৱিষ্যতক প্ৰতিফলিত কৰে। মোৰ মনত আছে ৬০-৭০ৰ দশকত মনোজ কুমাৰৰ দেশভক্তিমূলক বোলছবিৰ এটি ছিৰিজ অধিক জনপ্রিয় হৈছিল। ইয়াৰ অন্তৰালত হয়তো দেশৰ সুদীর্ঘ স্বাধীনতা সংগ্রামৰ ইতিহাসৰ প্ৰভাৱ আছে৷
সেইদৰে, ৭০-৮০ৰ দশকত ‘ৰাগী যুৱক’ৰ ভূমিকা জনপ্রিয় হয়। কিন্তু সমাজত পৰিৱর্তন আহিলে, খং কমি আহিলে আশা-আকাংক্ষা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বোলছবিতো ইয়াৰ প্ৰতিফলন দেখা যায়। সমাজত পৰিৱর্তনৰ সৈতে তুলনা কৰিলে প্ৰত্যেক যুগত বোলছবিও সলনি হৈছে। আজি আমি এক নতুন প্ৰৱণতা দেখিবলৈ পাইছো। এটা সময় আছিল যেতিয়া মেইনষ্ট্ৰিম বোলছবিৰ নায়কসকলে সকলো সময়তে ডাঙৰ চহৰ, ডাঙৰ পৰিবাৰ, মুম্বাই, দিল্লীৰ সুদর্শন যুৱক হৈছিল। কিন্তু বিগত কেইবছৰত এই পৰম্পৰা সলনি হৈছে। টিয়াৰ-২, টিয়াৰ-৩ চহৰ; সৰু সৰু ঠাইৰ পৰা চৰিত উঠি আহিছে। সেই সময়ত চৰিত্ৰ ৰূপায়ণত সেই ধৰণৰ চহৰসমূহৰ সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ সন্তান ওলাই আহিছে আৰু নতুন প্রাণশক্তিৰে বোলছবি উদ্যোগক সঞ্জীৱিত কৰিছে। এইটোও পৰিৱর্তিত ভাৰতৰ এক ৰূপ, যিটো মই দেখাৰ লগতে অনুভৱো কৰিছো৷
বৰ্তমান খেলাধূলা, ষ্টাৰ্ট-আপ আনকি দশম অথবা দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফলতো আপোনালোকে দেখিব ডাঙৰ চহৰৰ নামী স্কুলৰ সলনি সৰু সৰু চহৰৰ অখ্যাত স্কুলৰ ল’ৰা-ছোৱালী ভাল ফল দেখুৱাইছে। অর্থাৎ, দেশৰ সুপ্ত শক্তি আৰু সামর্থ্য জাগি উঠিছে। মই ভাৰতৰ দাৰিদ্র্য আৰু অসহায়ক লৈ বহুত বোলছবি চাইছো। আমাৰ দৰে এক পৰিৱর্তনশীল সমাজৰ লক্ষ্মণ হ’ল, সমস্যাৰ সমান্তৰালভাৱে সমাধানৰ পথো বোলছবিসমূহএ দেখাইছে। মই এনে স্বভাৱৰ মানুহ যি দাৰিদ্র্যকে সদ্গুণ বুলি মানি লৈছো৷ ছিন্ন বস্ত্ৰক লৈও অহংকাৰ কৰিব জানো, কাৰণ আমাৰ সত্যনাৰায়ণৰ কথা আৰম্ভ হয় এইদৰে-এক বেচাৰা দুখীয়া ব্রাহ্মণ আছিল… অর্থাৎ, দাৰিদ্র্যক সদ্গুণ ভবাই আমৰ মানসিকতাত স্থান লৈছে৷
কিন্তু এতিয়া পৰিলর্তিত ভাৰতে বিভিন্ন দৃষ্টিকোণৰ পৰা ভাবে, ইয়াক দেখুৱাও দিয়ে৷ আমাৰ বোলছবিতো এই পৰিৱর্তন দেখিবলৈ পোৱা গৈছে। সমস্যাতো আছেই, এতিয়া তাৰ সমাধানো আছে, সমস্যাক দূৰ কৰাৰ বাবে প্ৰৱল ইচ্ছাশক্তি আছে। ভাৰত সলনি হৈছে, নিজৰ সমস্যাৰ সমাধান নিজেই বিচাৰিছে৷ লাখ লাখ সমস্যাৰ কোটি কোটি সমাধান বাহিৰ কৰাৰ চেষ্টা চলিছে। আমি সলনি কৰিব পাৰো, এই আত্মবিশ্বাস সর্বস্তৰত পৰিলক্ষিত হৈছে। আৰু এইটোৱে সেই আত্মবিশ্বাস যাৰ কাৰণে এখন সমাজক ধ্বংস কৰা বিষয়সমূহ উত্থাপনত সংকোচ কৰা নাই। আমি সংকটত চিন্তিত নহও, সমস্যাক নুলুকুৱাও৷ বৰঞ্চ. সন্মুখৰ পৰা তাক দূৰ কৰাৰ চেষ্টা চলিছে। নতুন ভাৰতৰ এই নতুন বিশ্বাসেই এজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই তুলিব৷
বন্ধুসকল, আন এটি প্ৰৱণতাও হয়তো আপোনালোকে লক্ষ্য কৰিছে। পূৰ্বে এখন বোলছবি নির্মাণত ৮, ১০, ১৫ বছৰ লাগিছিল। বিখ্যাত বোলছবিসমূহৰ পৰিচয় হৈছিল–সেইবোৰ প্ৰস্তুত কৰোতে কিমান সময় লাগিছে, তাৰ জৰিয়তে। কিন্তু এতিয়া কেইমাহমানৰ ভিতৰতে এখন এখন বোলছবি নিৰ্মাণ হৈছে। নির্ধাৰিত সময়ৰ ভিতৰতে নিৰ্মাণ হৈছে। দেশৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ক্ষেত্রতো সিমানেই আগতে বাস্তবায়িত হ’বলৈ ৩০-৪০ বছৰ লাগিছিল; এই সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ যেনেকৈ ২০ বছৰ লাগিছে। কিন্তু এতিয়া কেনেকৈ প্ৰতিটো চৰকাৰী প্ৰকল্প নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ হৈছে–সেয়া দেখিবলৈ পাইছে। মই যদি কওঁ যে দেশৰ নবীন আকাংক্ষাসমূহ অনুভৱ কৰো আপোনালোকেও নিজক সলনি কৰিছে, তেতিয়াহ’লে হয়তো মোৰ বক্তব্য ভুল নহয়৷ আপোনালোকে দুখোজ আগুৱাই গৈছে। আপোনালোকৰ এই শক্তি ৰাষ্ট্ৰ গঠনত ডাঙৰ অৱদান আগবঢ়াইছে৷
বন্ধুসকল, আমাৰ বিনোদন উদ্যোগৰ পৰিপ্রেক্ষিতত মানৱীয় ভাৱনা, সংবেদনশীলতা, ক্রিয়া-প্ৰতিক্রিয়া, কমেডি-ট্ৰেজেডিসকলো মাত্রা পৰিলক্ষিত হয় যিটোৱে বিশ্বক জড়িত কৰে। সেয়েহে সেয়া যি দেশেই নহওঁক, মানৱীয় চিন্তা-ভাবনাতো একেধৰণৰে হয়। ভাৰতীয় বিনোদন উদ্যোগে এই মর্মকে অনুভৱ কৰিছে৷
মই এবাৰ বিদেশ ভ্ৰমণলৈ গৈছিলো৷ বিমানত মোৰ সহযাত্রীয়ে মোক এক আজৱ প্ৰশ্ন সুধিলে। তেওঁ ক’লে যে মই ভাৰতলৈ প্ৰায়েই অহা-যোৱা কৰো৷ ভাৰতীয় বোলছবি চাও। আপোনালোকৰ শিল্পীসকলে গছক সাৱটি ধৰি কি কান্দে? মন্দিৰলৈ গৈ কিয় কান্দে? কিয় চিঞঁৰে? মই তেওঁৰ প্ৰশ্ন শুনি বুজিব পাৰিলো যে তেওঁ সেই ভাৰতীয় পৰম্পৰাক বুজিবলৈ যত্ন কৰিছে, কিদৰে মানুহে ক্ষীপ্ৰতাৰে নিজৰ সংবেদনশীলতা প্ৰকাশ কৰি পুনৰ সহজ হৈ উঠে। আমাৰ বোলছবিত সাধাৰণ জনতাৰ এই প্ৰকৃতিক অতি সৰলভাৱে তুলি ধৰা হয়। মই ভাৱো এইটো সহজ কাম নহয়। এইটো তেতিয়াহে সম্ভৱ যেতিয়া কলা, সংস্কৃতি, অভিনেতা আৰু সাহিত্যক মাটিৰ সৈতে জড়িত হৈ থাকে, বীজ অংকুৰণৰ স্পন্দনক অনুভৱ কৰিব পাৰে। তেতিয়াহে ইমান সহজে এই অভিব্যক্তিসমূহ প্ৰকাশ কৰাটো সম্ভৱ হয়৷
হাস্যৰস উৎপন্ন কৰাৰ পৰা আৰম্ভ কৰি দর্শকসকলক নিজৰ অন্ধভক্ত কৰি তোলালৈকে সকলো শিল্পীসকলে দক্ষতাৰে কৰি থাকে। বোলছবি জগতৰ এই অভিজ্ঞতা আৰু উপলব্ধিক মই শুভেচ্ছা জনাইছো। আমাৰ নবীন প্ৰজন্মই যেনেকৈ বেটমেনৰ অন্ধভক্ত, তেনেকৈ বাহুবলীৰো অন্ধভক্ত। আমাৰ কলা-কুশলীসকলেও এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবেদনশীলতা সৃষ্টি কৰিবলৈ সক্ষম। এই বোলছবিয়েই গোটেই বিশ্বত ভাৰতীয়ত্বৰ প্ৰতিনিধিত্ব কৰে। বিশ্বক ভাৰতৰ প্ৰতি আকর্ষিত কৰে। বক্স অফিচত সাফল্যৰ সমান্তৰালভাৱে বিশ্বৰ সর্বত্ৰ ভাৰতৰ ব্ৰেণ্ড গঢ়ি তোলাৰ ক্ষেত্রতো বহুত ডাঙৰ ভূমিকা পালন কৰে৷
আমি সকলোৱে জানো যে ৰাজকাপুৰ চাহাবৰ বোলছবিক লৈ কেৱল দেশতে নহয়, বিশ্বৰ বহু দেশতে উন্মাদনা আছে। এনেধৰণৰ বহু লোকৰ সৈতে মোৰ সাক্ষাৎ হৈছে। আনকি মই একাংশ দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে চিনাকী হৈছো, যিসকলে বহুত হিন্দী বোলছবিৰ গান ভালকৈ গাব পাৰে। শেহতীয়াভাৱে ইজৰাইলৰ প্ৰধানমন্ত্রীৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ এক নতুন অভিজ্ঞতাৰ মুখামুখি হ’লো৷ ৰাতি দুটা-আঢ়ৈটালৈকে পাৰস্পৰিক আলোচনাৰ সমান্তৰালভাৱে বহুত আড্ডা হৈছে। তেতিয়া তেওঁ মোক ‘ইচকদানা ইচকদানা’ গানটো নির্ভুল উচ্চাৰণেৰে গাই শুনালে৷ তেওঁ আমাৰ ভাষা নাজানে, ইচকদানাৰ অর্থও নাজানে। মইও নাজানো৷ কিন্তু বোলছবিৰ শক্তি অনুভৱ কৰিছো। কিছুদিনৰ পূৰ্বে দক্ষিণ কোৰিয়া ভ্ৰমণলৈ যাওতে সেই দেশৰ ৰাষ্ট্ৰপতিৰ ঘৰত ভোজনৰ পূৰ্বে সেই দেশৰ স্কুলৰ শিক্ষাৰ্থীৰ কন্ঠত ‘হাথি মেৰা সাথী’ৰ গান শুনি শিক্ষাৰ্থীসকলক সুধিলো যে তেওঁলোকে গানটোৰ অৰ্থ জানে নে নাই! তেওঁলোকো ক’লে যে ‘হাথি’ শব্দটোৰ অৰ্থ জানিলেও বাকী শব্দসমূহৰ অৰ্থ নাজানে! অথচ তেওঁলোকে কিমান সুন্দৰ হাত-ভৰি নচুৱাই গানটো গাইছে, তাৰবাবে তেওঁলোকে কিমান পৰিশ্ৰম কৰিব লগা হৈছে। মই ঘুৰি আহি গানটো কোৰিয়া ভাষাত ডাবিং কৰি সেই স্কুলৰ শিক্ষাৰ্থীসকললৈ পঠিয়াই দিলো। আমাৰ দেশত এখন টিভি চিৰিয়েল অতি জনপ্রিয়, ‘ছাছ ভী কভী বহু থি’। মই বিশ্বৰ বিভিন্ন দেশলৈ গৈ দেখিছো, বিশেষ কৈ আফগানিস্তানত প্ৰত্যেক পৰিয়ালত এই চিৰিয়েল অতি জনপ্রিয়।
আমাৰ প্ৰতিৱেশী দেশসমূহতো ভাৰতৰ সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকে মুকলিভাৱে মোক লৈ কথা কয়। মই এবাৰ ভিয়েটনামৰ প্ৰধানমন্ত্রীৰ সৈতে বহি বাৰ্তালাপ কৰাৰ সময়ত সুধিলো যে তেওঁ তেওঁৰ পত্নীক লগত কিয় অনা নাই?
এখন কমিউনিষ্ট দেশৰ কমিউনিষ্ট নেতাই মোৰ প্ৰশ্নৰ উত্তৰত যি কথা ক’লে, সেয়া শুনিলে এতিয়াও হয়তো কমিউনিষ্টসকলে আঘাত পাব। সেইটো আপোনালোকে বিচাৰ কৰিব!
আমাৰ গণৰাজ্য দিৱস উদযাপনৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ কিয় তেওঁ পত্নীক অনা নাছিল, এই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে যে ঘৰত এটা সমস্যা আছে৷
মই সুধিলো বার্ধক্যজনিত সমস্যানেকি?
তেওঁ ক’লে যে নহয়, মোৰ স্ত্রীয়ে প্ৰতিদিনে কেইবাঘন্টা ধৰি আমাৰ ভাষাত ডাবিং কৰা ৰামায়ণ চিৰিয়েল চায়। সেইটোক বাদ দি তেওঁ ক’লৈকো নাযায়৷
এতিয়া বুজিব পাৰিছে আমাৰ সংস্কৃতিৰ প্ৰভাৱ কিমান? আমি নিজে যদি নিজৰ এই শক্তি চিনি নাপাও, তেতিয়াহ’লে আন কাৰোবাক দোষ দিলে নহ’ব৷
বন্ধুসকল, বোলছবিৰ মৌনশক্তিক অনুঘটক হিচাপে ব্যৱহাৰ কৰি আপোনালোকে স্বচ্ছতা, নাৰী সবলীকৰণ, ক্রীড়া, শিশুসকলৰ বিভিন্ন সমস্যা, জটিল ৰোগক লৈ সজাগতা, সৈনিকসকলৰ শৌর্যক লৈ বিভিন্ন ভাৱনাৰ বীজ, দর্শক আৰু শ্রোতাৰ মনত ৰোপণ কৰিব পাৰে। এই বিষয়সমূহক লৈ নিৰ্মাণ কৰা বোলছবিৰ সাফল্যই প্ৰমাণ কৰিছে যে সামাজিক বিষয়ক লৈ দূৰদৃষ্টিসম্পন্ন বোলছবিয়েও যেনেকৈ বক্স অফিচত সফল হ’ব পাৰে, তেনেকৈ ৰাষ্ট্ৰ গঠনতো অৱদান আগবঢ়াব পাৰে৷
বন্ধুসকল, আপোনালোকে ছবি নির্মাণৰ প্ৰক্রিয়াত যিদৰে দেশৰ বৈচিত্র্যৰ মাজত ঐক্যক তুলি ধৰে, সেয়া কেন্দ্রীয় চৰকাৰৰ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ ভাৱনাক প্ৰতিফলিত কৰে৷
আমাৰ হিন্দী বোলছবি নেপালী ভাষা আৰু নেপালৰ অভিনেতা-অভিনেত্রীসকলৰ মাজত খুব জনপ্রিয়। কিন্তু ভাৰতৰ প্ৰত্যেক ৰাজ্যৰ নিজা বৈশিষ্ট্য আছে। কোনো অভিনেতা-অভিনেত্রীয়ে যেতিয়া অন্য ভাষাৰ দুই-এটা বাক্য উচ্চাৰণ কৰে, তেওঁ দেশৰ একতাৰ বার্তা বহন কৰে। তেওঁৰ জনপ্রিয়তা বৃদ্ধি পায়। যি দেশত ১০০টা ভাষা আৰ ৭০০টা কথিত ভাষা আছে-আমি এই ক্ষেত্রত কিমান ধনী। এই বৈচিত্ৰতাক আমি কিদৰে ঐক্যতাৰে বান্ধি ৰাখিম? আনৰ ভাষা শিকাৰ অন্যতম উপায়। এই বার্তালাপৰ শক্তি মোৰ আছে৷
কিছু সময়ৰ পূৰ্বে ৰাজ্যৱর্ধন জীয়ে কৈছিল যে দেশত বহুত পর্যটনস্থল বিখ্যাত বোলছবিৰ শ্বুটিঙৰ কাৰণে অতি জনপ্রিয় হৈছে। বোলছবিত খুব সুন্দৰভাৱে দেশৰ বিভিন্ন স্থানক তুলি ধৰি পর্যটন উদ্যোগৰ উন্নতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আজি-কালি ভাৰতত পর্যটন উদ্যোগৰ দ্রুত বিকাশ ঘটিছে। কিন্তু আজিও দেশৰ বাহিৰৰ বহুতে তাজমহলক বাদ দি আনবোৰ ঠাইৰ নাম শুনা নাই। অথচ আমাৰ বাবে বিশ্বক দেখুৱাবলৈ বহুত কিবা-কিবি আছে। গৌৰৱেৰে, শৌর্যৰে বিশ্ববাসীৰ চকুত চকু থৈ কথা কোৱাৰ মেজাজ গঢ়ি তুলিবলৈ আপোনালোকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। মই ভাৱো যে পর্যটন এমে এক উদ্যোগ য’ত ন্যূনতম বিনিয়োগত অধিকতম আয় হয়, দুখীয়া লোকৰ কর্মসংস্থান হয়৷
আপোনালোকে দেশৰ বিভিন্ন স্থানত শ্বুটিং কৰিবলৈ গৈ প্ৰশাসনিক অনুমতি পোৱাৰ ক্ষেত্ৰত যি যি অসুবিধা হয় বুলি ভাৱে, আমি তাক লৈ অভিজ্ঞ বিষয়াৰ সৈতে কথা পাতি ব্যৱস্থাটো সৰল কৰাৰ চেষ্টা কৰিছো। এতিয়া দেশৰ যি কোনো স্থানত শ্বুটিঙৰ অনুমতিৰ বাবে এক নতুন ‘ছিংগল উইণ্ডো ক্লিয়াৰেন্স’ ব্যৱস্থা গঢ়ি তোলাৰ কাম আৰম্ভ হৈছে। নেটচনেল ফিল্ম ডিভিজন কর্পোৰেচনৰ বিষয়াসকলক এই দায়িত্ব দিয়া হ’ব। ‘ইজ অফ ডুয়িং বিজনেছ’ৰ সমান্তৰালভাৱে ‘ইজ অফ ফিল্মিং’ক সুনিশ্চিত কৰাৰ বাবে আমি সকলোধৰণৰ প্ৰচেষ্টা চলাইছো। আমাৰ ওপৰত ভৰসা কৰক৷
বন্ধুসকল, ভাৰতীয় বোলছবিৰ উন্নয়নে দেশত ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ স্বার্থত এক ব্যাপক আলাপ-আলোচনা, আত্ম-সমালোচনাৰ বাবে চৰকাৰ আপোনালোকৰ কাষত থিয় দিব৷ কিছুদিন পূৰ্বে চিনে জগতৰ কেইবাজনো বন্ধুৱে মোৰ কাষত জিএছটিক লৈ দুঃশ্চিন্তা ব্যক্ত কৰে৷ তেওঁলোকৰ বক্তব্য মই গুৰুত্বসহকাৰে লৈছো৷ অনুভৱ কৰিছো যে সৃষ্টিশীল কাম-কাজৰ মূল্যায়ন অর্থৰ জৰিয়তে কৰা নাযায়। মই তেওঁলোকক বিষয়টো জিএছটি কাউন্সিলত তুলি ধৰিছো। মই সুখী যে কাউন্সিলে মোৰ অনুৰোধ বিবেচনা কৰাৰ লগতে ১০০ টকাতকৈ অধিক মূল্যৰ টিকিটত জিএছটি ২৮ শতাংশৰ পৰা হ্ৰাস কৰি ১৮ শতাংশ কৰিছে৷
বন্ধুসকল, আপোনালোকৰ আন এক দুঃশ্চিন্তাৰ বিষয় আছিল ‘পাইৰেচি’৷ ইয়াৰ প্ৰতিৰোধত চিনেমাটোগ্রাফ নিয়ন্ত্ৰণ, ১৯৫২ সংশোধনৰ লক্ষ্যৰে আমি পদক্ষেপ হাতত লৈছো। এই সংশোধনে ‘কেমকার্ডিং’ক দণ্ডযোগ্য অপৰাধ ঘোষণা কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷
বন্ধুসকল, বিগত চাৰে চাৰি বছৰত আমি ১,৪০০তকৈও অধিক কালবাহ্য অথবা পৰস্পৰ বিৰোধী আইন বাতিল কৰা হৈছে৷ অর্থাৎ, প্ৰতিদিন গড়ে এটাকৈ আইন বাতিল কৰি আইনি প্ৰক্রিয়াক সৰল কৰিছো। বোলছবি সংক্রান্তীয় সংশোধন কৰি আধুনিক প্ৰযুক্তিভিত্তিক কৰি তুলিবলৈ আপোনালোকে সহায়ৰ হাত আগবঢ়াই দিব লাগিব। বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপ কৰা, এটা এটা শব্দ ভালকৈ পঢ়ি, সেইমতে এই সংশোধন কৰিব লাগিব। আপোনালোকৰ মাজত কোনোলে এই কামত নেতৃত্ব লোৱাৰ বাবে আগুৱাই আহক, যিগৰাকীয়ে এনিমেচন আৰু ভিজুৱেল এফেক্ট সম্পর্কে জানে৷ কিদৰে চুৰি প্ৰতিৰোধ কৰা যায়, তেওঁ সেই ক্ষেত্ৰত ভাল কৈ ক’ব পাৰিব৷
চাওক, বৰ্তমান বিশ্বত ‘মেক ইন ইণ্ডিয়া’ যিমান গুৰুত্বপূর্ণ হৈ উঠিছে, ‘ডিজাইনিং ইণ্ডিয়া’ও ক্ৰমে একেধৰণে গুৰুত্বপূর্ণ হৈ উঠিছে। আমাৰ যি সৃষ্টিশীল মেধাৱী আছে, তেওঁলোকে বহুত কিবা-কিবি কৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি, ‘নেচনেল চেণ্টাৰ ফৰ এক্সিলেন্স ফৰ এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং এণ্ড কমিক্স’ স্থাপনৰ লক্ষ্যৰে আমি কাম কৰি আছো৷ মোৰ ভাৱো এইদৰে দেশত যোগাযোগ আৰু বিনোদন ক্ষেত্রৰ বাবে স্বতন্ত্ৰ বিশ্ববিদ্যালয় স্থাপন কৰা উচিৎ। বোলছবি জগতৰ লোকসকলে এই ক্ষেত্রত সহায় কৰিবলৈ আগুৱাই আহিলে অদূৰ ভৱিষ্যতে মোৰ এই সপোন বাস্তবায়িত হ’ব পাৰে। প্ৰধানমন্ত্রীৰ ব্যক্তিগত প্ৰচাৰৰ স্বার্থে, তেওঁৰ ওপৰত বোলছবি নিৰ্মাণ কৰাৰ বাবে কিছু কৰাটো মই নিবিচাৰো৷ মই বিচাৰো, সাধাৰণ মানুহৰ স্বার্থত ভাল বোলছবি নিৰ্মাণ স্বার্থত, ভাল দর্শক সৃষ্টি স্বার্থত, ভবিষ্যৎ প্ৰজন্মৰ হাতত এই উদ্যোগৰ উন্নতিৰ স্বার্থত বিশ্ববিদ্যালয়ৰ প্ৰয়োজন৷
বন্ধুসকল, আপোনালোকৰ মাজৰে কাৰোবাৰ পৰা এনে এক আলোচনা মাজেৰে এক পৰামর্শ আহিছিল যিটো মোৰ খুব ভাল লাগিছে। ডাভোছত বিশ্ব অর্থনৈতিক শীর্ষ সন্মিলন আয়োজন আমি কৰিব পাৰো। প্ৰতি দুবছৰত এবাৰ কৈ৷ এতিয়া আপোনালোকৰ যি ‘ফেষ্টিভেল’ হয় তাৰ ভিত্তি হয় সৃষ্টিশীলতা। কিন্তু আমি বোলছবিৰ বাণিজ্যিকীকৰণ ভিত্তি কৰি ‘বিশ্ব ছবি সন্মিলন’ অথবা বোলছবি সংক্রান্তীয় নানা প্ৰযুক্তিৰ আদান-প্ৰদানেৰে এনে শীর্ষ সন্মিলনৰ আয়োজন কৰিব পাৰি! তেনে হ’লে অভিনেতা-অভিনেত্রীসকলৰ উপৰি এই উদ্যোগৰ সৈতে জড়িত কলা-কুশলীৰ দক্ষতা উন্নয়ন আৰু সংস্থাপন বৃদ্ধিত সহায় কৰিব। আমাৰ ফিল্ম উদ্যোগৰ ১০০ বছৰীয়া যাত্রাপথত যিবোৰ অভিজ্ঞতা সঞ্চিত হৈছে, সেইবোৰে একাংশ দেশৰ ঐক্য, সংহতি ৰক্ষাৰ লগতে পর্যটনৰ উন্নয়নতো ফলপ্ৰসূ ভূমিকা পালন কৰিব৷
বন্ধুসকল, বোলছবি জগত মানে যেনেকৈ গ্লেমাৰ–এটা যি ৰমৰমীয়া দিশ জড়িত আছে, কিন্তু তাৰ বাহিৰেও আন এখন ডাঙৰ পৃথিৱী আছে–আশা, প্ৰত্যাশা, দুঃখ, যন্ত্ৰণা ইত্যাদি বহুত কিবা-কিবি৷ আজি মই যেতিয়া সংগ্ৰহালয় চাও, তেতিয়া অনুভৱ কৰিছো যে সেই সময়ত কিমান কষ্ট কৰি বোলছবি নিৰ্মাণ কৰা হৈছিল৷ মানুহ কেৱল অভিনেতা-অভিনেত্রী আৰ গায়ক-গায়িকাসকলক মনত ৰাখে। কিন্তু আৰু কিমান মানুহৰ পৰিশ্ৰম ইয়াৰ সৈতে জড়িত হৈ থাকে৷
মই জানো, আপোনালোকৰ উদ্যোগতো এনে একাংশ লোক আছে, যিসকল প্ৰযুক্তিগতভাৱে, সৃষ্টিশীলতাৰ দিশত, দক্ষতাৰে প্ৰতিষ্ঠিত হৈছে৷ এই প্ৰতিষ্ঠাৰ আঁৰত তেওঁলোক কিমান যে পৰিশ্ৰম কৰিছে, সেইটো আমি নাজানো৷
মই ভাৱো, তেওঁলোকে যদি নিঃসংকোচে সেই যুঁজৰ কথা আন কাৰোবাক শুনায়, আজি ছ’চিয়েল মিডিয়া ইমান উন্নত হৈছে তাত যদি লিখে, কেতিয়াবাই তুষাৰাচ্ছন্ন হিমালয়ৰ কোলে কেতিয়াও শ্বুটিং কৰিবলৈ কিমান সমস্যাত পৰিছিল, তদূপৰি, কিমান হাঁহি মুখেৰে প’জ দিছিল–এইবোৰ পঢ়িলে নবীন প্ৰজন্মৰ অভিনেতা-অভিনেত্রীসকলে প্রেৰণা লাভ কৰিব৷ সাধাৰণ যুৱক-যুৱতীসকলেও প্রেৰণা পাব। বাস্তৱ সত্যটো বুজিব পাৰিব যে গ্লেমাৰেই সকলো নহয়, ইয়াৰ অন্তৰালত আছে বহুত পৰিশ্ৰম৷
বৰ্তমানো সমাজৰ এটা বৃহৎ অংশই আপোনালোকৰ পৰা প্রেৰণা পাব পাৰে। জীৱনৰ কঠিন যুঁজৰ সৈতে মোকাবিলা কৰাত আপোনালোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ মনৰ জোৰ ঘূৰাই আনিব পাৰি৷
এনেধৰণেই মোৰ অনুৰোধ যে এই মিউজিয়ামত যিদৰে সজোৱা আছে, তেনেদৰেই বিভিন্ন সময়ত ভাৰতীয় বোলছবিৰ শক্তি আৰু সামর্থ্য কেনে আছিল, প্ৰভাব কেনে আছিল, তেতিয়াৰ বোলছবি নিৰ্মাণ কৰোতে কি কি সমস্যা হৈছিল, কিদৰে মোকাবিলা কৰিব লাগিব–এইবোৰক লৈ গৱেষণা কৰা হওক, স্বতন্ত্ৰ সংগ্ৰহালয় গঢ়ি তোলা হওক। আজিৰ একবিংশ শতিকাতো যেতিয়া বোলছবি নির্মাণৰ পদ্ধতি, প্ৰযুক্তি সকলোবোৰ সলনি হৈছে, তেতিয়া পুৰণি দিনৰ তথ্যাৱলী সংগ্ৰহ কৰি সজাই ৰখাটো অতি প্ৰয়োজনীয়। এনেকৈয়ে আমি ভবা উচিৎ যে কি কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ মনত বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপোনালোকে হয়তো লক্ষ্য কৰিছে, বিশ্বব্যাপী বিজ্ঞানভিত্তিক বোলছবিৰ জনপ্রিয়তা বৃদ্ধি পাইছে। নতুন প্ৰজন্মৰ বিজ্ঞানমনস্কতা বৃদ্ধিৰ ক্ষেত্রত এইবোৰ যথেষ্টা প্ৰভাৱশালী ভূমিকা পালন কৰিছে। আপোনালোকে নানা ক্ষেত্রৰ কৃতীমানসকলৰ ওপৰ বায়োপিক বোলছবি নিৰ্মাণ কৰে। কিন্তু মই ভাবো, বিজ্ঞান, উদ্ভাৱন আৰু পৰিৱেশ বিষয়ত আমি বহুত কিবা কিবি কৰিব পাৰো৷
বন্ধুসকল, আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমাৰ চৰকাৰে পদ্ম পুৰস্কাৰত ক্ষেত্ৰত এক পৰিৱর্তন আনিছে। বিগত চাৰি বছৰত আমি বিচাৰি বিচাৰি এনে একাংশ নীৰৱ কর্মীক চিহ্নিত কৰিছি যিসকলে মানৱতাৰ সেৱাত নিঃস্বার্থভাৱে কাম কৰি গৈছে৷ আনকি পদ্ম পুৰস্কাৰ লাভ কৰাৰ পূৰ্বে তেওঁলোকৰ বহুতৰ সম্পর্কে নিজৰ ৰাজ্যৰ বাতৰি কাকততো দুইলাইন লেখা হোৱা নাছিল। কোনোবাই দুখীয়া লোকসকলৰ বিনামূলীয়া চিকিৎসা কৰি গৈছে, কোনোৱে জীৱনৰ সকলো উপাৰ্জনৰ টকাৰে স্কুল খুলিছে। এই মহান লোকসকলক আমি বিচাৰি বিচাৰি পদ্ম পুৰস্কাৰ প্ৰদান কৰিছো। তেওঁলোকক লৈও আপোনালোকে যদি ‘বায়োপিক’ নিৰ্মাণ কৰে তেতিয়াহলে সমাজে প্রেৰণা পাব। দশৰথ মাঝিক লৈ নিৰ্মাণ কৰা বোলছবিৰ দৰে সাফল্যও লাভ কৰিব৷
বন্ধুসকল, ইতিহাস সচেতন সমাজ হিচাপে আমি অলপ পিছপৰি আছো। ১৮৫৭ৰ চিপাহী বিদ্রোহক মই ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম বলি। ৰজা-মহাৰজা আৰু বিদ্রোহী সৈনিকসকলৰ বাবেও আমাৰ দেশৰ বিভিন্ন জনজাতিৰ লোকে যিদৰে তেতিয়া ব্রিটিছৰ বিৰুদ্ধে যুঁজিছিল, আত্মবলিদান দিছে, একেদৰে ১০০-২০০ জন লোকৰ ফাঁচী হৈছে আৰু বহুত ঐতিহাসিক তথ্যপ্ৰমাণ আছে। আপোনালোকে এইবোৰক লৈ কাম কৰিব পাৰে৷
সম্প্ৰতি চৰকাৰে এটা লক্ষ্য লৈ কাম কৰিছে। আমি জনজাতি সমাজৰ সেই বীৰসকলৰ কাহিনী উদ্ধাৰ কৰি সংশ্লিষ্ট ৰাজ্যত সংগ্ৰহালয় নিৰ্মাণ কৰিছো৷ ভাৰ্চুৱেল সংগ্ৰহালয় নিৰ্মাণ কৰাৰো ইচ্ছা আছে। এই ক্ষেত্রত আপোনালোকে চৰকাৰক সহায় কৰিব পাৰে। এনিমেচনৰ জৰিয়তে ভাৰ্চুৱেল উপস্থাপন কৰাব পাৰি। এইদৰে আমি নতুন প্ৰজন্মক ভৱিষ্যৎ প্ৰজন্মই গৌৰৱ কৰিব পৰাকৈ বহুত কিবা-কিবি দি যাব পাৰিম। নক্সালপন্থীসকলে তেওঁলোকক বিভ্রান্ত কৰিব নোৱাৰে! বিভ্রান্ত হোৱা সকলো সঠিক পথলৈ ঘুৰি আহিব, সমাজৰ মূল সুঁতিৰ উন্নয়নৰ পথলৈ ঘূৰি আহিব৷
আন এটি অনুৰোধ হৈছে আপোনালোকৰ বহুতেই থিয়েটাৰৰ মাধ্যমেৰে কর্মজীৱন আৰম্ভ কৰিছে, বহুতে এতিয়াও মাজে সময়ে মঞ্চত অভিনয় কৰে। নাট্যশাস্ত্ৰ ভাৰতৰ প্রাচীন ঐতিহ্য। সেইবাবে নাটকৰ ইতিহাস আৰু অভিজ্ঞতাৰ উপাদানসমূহকো একত্রিত কৰি ইয়ালৈ আনক৷ তেতিয়া হ’লে ভৱিষ্যৎ প্ৰজন্ম উপকৃত হ’ব। দেশৰ প্ৰতিটো ভাষাৰ নাটকৰ ঐতিহ্যকে বোলছবিৰ পৰা পৃথক নকৰি একেলগ কৰি ৰাখক৷ এই লক্ষ্যৰে নতুন প্ৰযুক্তিৰ মাধ্যমেৰে আপোনালোকে কিবা এটা কৰিব পাৰিলে থিয়েটাৰ উদ্যোগো উপকৃত হ’ব, আপোনালোকৰ নতুন প্ৰতিভাৰ যোগান অব্যাহত থাকিব৷
বন্ধুসকল, গণতান্ত্রিক সমাজত কোনো চৰকাৰে যদি কয় যে আমি অকলে সকলো কাম কৰিতে পাৰো, তেতিয়াহ’লে তেওঁলোকে কেৱল সমাজকে মুৰ্খ সজোৱা নাই, নিজকো ফাঁকি দিছে, ভ্ৰমৰ পৃথিৱীত বসবাস কৰিছে। সকলোৰে উন্নয়নৰ বাবে চৰকাৰে সকলোকে একেলগে লৈ আগবাঢ়িব লাগিব৷
চৰকাৰৰ সকলো উন্নয়নমূলক প্ৰকল্পত জন-অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্রত দেশবাসীক নিজৰ কর্তব্য বুলি ভাৱি লোৱাৰ ক্ষেত্রত আৰু সচেতনতা বৃদ্ধিৰ ক্ষেত্রত ছবি উদ্যোগৰ ভূমিকাক মই প্ৰশংসা কৰিছো, তেওঁলোকৰ অৱদানক প্ৰণাম জনাইছো। আপোনালোক এনে ব্যক্তি, যাক কোনো ধৰণৰ পৰামর্শ আগবঢ়োৱাৰ অধিকাৰ আমাৰ নাই, কাৰণ পৰামর্শইও আপোনালোকৰ স্বাধীনতাক খর্ব কৰিব পাৰে। সেইবাবে যদি কিছু বেছি কৈ কৈছো, তেতিয়াহ’লে ক্ষমা কৰিবে। আহক, আমি সকলোৱে মিলি এই দেশক বিশ্বৰ বাবে কিবা এটা কৰাৰ বাবে প্ৰস্তুত কৰো। এই উদ্যোগ ভাৰতৰ অসামান্য ঐশ্বৰ্য্য, অসংখ্য প্ৰতিভাবান লোকৰ ১০০ বছৰৰ তপস্যাৰ ফল। আপোনালোকৰ ওপৰত বিশ্ববাসীৰ অধিকাৰ আছে, মোৰ দায়িত্ব বিশ্বৰ সন্মুখত আমাৰ এই ঐশ্বর্যক তুলি ধৰা, প্রেৰণা যোগোৱা৷
এই আশাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷
***
অতুল তিৱাৰী/শ্বাহবাজ হছিবি/নিৰ্মল শৰ্মা/দিগন্ত বৈৰাগী
नेशनल फिल्म म्यूजियम में एंटरटेनमेंट इंडस्ट्री के गौरवशाली इतिहास के बारे में विस्तार से जानकारी मिलेगी।
— PMO India (@PMOIndia) January 19, 2019
प्रसिद्ध फिल्मी हस्तियों के बारे और उनके संघर्षों के स्वर्णिम किस्से-कहानियों की झलक मिलेगी।
हमारी युवा पीढ़ी को काफी कुछ देखने, सीखने और समझने का अवसर मिलेगा: PM
वास्तव में फिल्म और समाज – दोनों एक दूसरे के रिफ्लेक्शन्स होते हैं।
— PMO India (@PMOIndia) January 19, 2019
समाज में क्या हो रहा है वो फिल्मों में देखने को मिलता है और जो फिल्मों में हो रहा है, वो समाज में भी आपको दिखता है।
कला जगत आने वाले कल को परख लेता है: PM
हमने भारत की गरीबी पर तो बहुत फिल्में देखी है, भारत की बेबसी पर भी फिल्में देखी हैं।
— PMO India (@PMOIndia) January 19, 2019
मेरा मानना है कि ये एक बदलते समाज की निशानी है कि अब प्रॉब्लम्स के साथ-साथ सॉल्यूशंस पर भी फिल्में देखने को मिलती हैं।
साफ है, आज समाज के साथ फिल्मों में भी ये बदलाव दिख रहा है: PM
समस्याएं है तो अब उसका सॉल्यूशन भी है।
— PMO India (@PMOIndia) January 19, 2019
अड़चन है तो उसे दूर करने का जुनून भी है।
भारत बदल रहा है, अपना हल खुद ढूंढ़ रहा है।
हम बदल सकते हैं, ये आत्मबल दिख रहा है: PM
यही वो कॉन्फिडेंस है, जिसकी वजह से अब समाज को झकझोरने वाले विषयों को उठाने में झिझक नहीं होती।
— PMO India (@PMOIndia) January 19, 2019
हम परेशानियों से घबराते नहीं, उन्हें छिपाते नहीं, बल्कि सामने लाकर उसे दूर करने का प्रयत्न करते हैं: PM
बात चाहे फन पैदा करने की हो या फैन बनाने की, हम यहां भी अपना असर डाल सकते हैं।
— PMO India (@PMOIndia) January 19, 2019
मैं फिल्म जगत को इस उपलब्धि के लिए अपनी शुभकामनाएं देना चाहता हूं कि आज हमारा युवा बैटमैन का फैन है, तो साथ में बाहुबली का भी फैन है।
हमारे किरदारों की भी अब ग्लोबल अपील है: PM
भारत के सॉफ्ट पावर की शक्ति में हमारी फिल्मों की बड़ी भूमिका है। दुनिया को भी वह अपनी ओर आकर्षित करती रही हैं।
— PMO India (@PMOIndia) January 19, 2019
हमारी फिल्में बॉक्स ऑफिस पर तो धूम मचाती ही हैं, साथ ही पूरे विश्व में भारत की साख बढ़ाने, भारत का ब्रैंड बनाने में भी बड़ा रोल प्ले करती हैं: PM