পি এম ইণ্ডিয়া
মঞ্চত উপস্থিত বিশিষ্ট অতিথিসকল আৰু কাৰ নিকোবৰৰ মোৰ ভাই-ভনীসকল,
কালি মই বাৰাণসীত গংগা মাৰ সৈতে আৰু আজি ইয়াত এই বিশাল সাগৰৰ কোলাত আপোনালোকৰ সৈতে আছো৷ মা গংগাই যিদৰে নিজৰ পবিত্ৰতাৰে ভাৰতৰ জনমানসক আশীর্বাদ কৰি গৈছে, তেনেদৰেই এই সাগৰেও অনন্তকাল ধৰি মা ভাৰতীৰ চৰণ বন্দনা কৰি আহিছে, ৰাষ্ট্রৰ সুৰক্ষা আৰু সামর্থ্যক প্রাণশক্তি যোগাইছে৷
বন্ধুসকল, আজি ইয়ালৈ আহি প্ৰথমেই ইয়াৰ সকলো দ্বীপত বসবাসকাৰী আমাৰ পূর্বজসকলক প্ৰণাম জনাইছো, যিসকলে স্বাধীনতা সংগ্রাম আৰু ইয়াৰ উন্নয়নৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে৷
বন্ধুসকল, আপোনালোকৰ কাষত প্ৰকৃতিৰ অদ্ভুত ভাণ্ডাৰতো আছেই, তদুপৰি, আপোনালোকৰ সংস্কৃতি, পৰম্পৰা, কলা আৰু দক্ষতাও অসাধাৰণ৷ কিছু সময়ৰ পূ্ৰ্বে ইয়াত যি নৃত্য প্ৰদর্শিত হ’ল, সৰু সৰু ল’ৰা-ছোৱালীয়ে যি নৃত্যকলা প্ৰদর্শন কৰিছে তাতেই স্পষ্ট যে ভাৰতৰ সাংস্কৃতিক সম্পন্নতা ভাৰত মহাসাগৰৰ দৰেই বিশাল৷
আপোনালোকে ইয়াত যি যৌথ পৰিয়ালৰ পৰম্পৰা বঁচাই ৰাখিছে, সেয়া ভাৰতীয় জীৱনশৈলীৰ এক ডাঙৰ শক্তি৷ কাম, সম্পদ আৰু শ্ৰমৰ সঠিক উপযোগিতা নির্ণয়ৰ জৰিয়তে এক হোৱাটো জীৱনধাৰণৰ এক উৎকৃষ্ট উদাহৰণ৷ কাৰগিলৰ পৰা কাৰ নিকোবৰ লৈকে, কচ্ছৰ পৰা ক’হিমালৈকে আমাৰ সমাজত এই পৰিয়ালৰ প্ৰতিষ্ঠান, পাৰিবাৰিক ব্যৱস্থাৰ শক্তি অপৰিসীম৷
বন্ধুসকল, কিছু সময়ৰ পূৰ্বে মই ছুনামি মেম’ৰিয়েল, ‘ৱাল অৱ লষ্ট ছোল্ছ’ চাবলৈ গৈছিলো৷ তাত মই সেই ভয়াবহ প্রাকৃতিক দুৰ্যোগত প্রাণ হেৰুওৱা সকলৰ প্ৰতি পুষ্পাঞ্জলি অর্পণ কৰিলো৷ ১৪–১৫ বছৰৰ পূৰ্বে সেই হৃদয় বিদাৰক ঘটনাই ইয়াৰ জনগণক আপোনালোকৰ জীৱনক বিপর্যস্ত কৰিছিল৷ কিন্তু আপোনালোকে আপোনজনৰ মৃত্যুৰ শোক পাহৰি নিজৰ পৰিশ্ৰমেৰে কাৰ নিকোবৰক যিধৰণে আকৌ বাসপযোগী কৰি তুলিছে, সেয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য৷
ভাই-ভনীসকল, কাৰ নিকোবৰৰ জীৱনক আৰু অধিক সহজ কৰি তুলিছে, আপোনালোক সকলোকে উন্নত সেৱা প্ৰদানৰ বাবে আজি ইয়াত কেইবা কোটি টকাৰ প্ৰকল্প উদ্বোধন অথবা অধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াত শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, কর্মসংস্থানৰ পৰা আৰম্ভ কৰি দক্ষতা উন্নয়ন, পৰিবহণৰ পৰা আৰম্ভ কৰি বিদ্যুৎ উৎপাদন, খেলাধূলাৰ পৰা পর্যটনলৈকে– বহু প্ৰকল্প আছে৷ মই আপোনালোকৰ সকলোকে এই সমগ্ৰ প্ৰকল্পৰ বাবে শুভেচ্ছা জনাইছো৷ এতিয়া দেশৰ উন্নয়নত আমাৰ সেই ভাৱনাৰ বিস্তাৰ, যাৰ মূলতে আছে আন্তঃগাঁথনিমূলক নির্মাণ, যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, ‘সবকা সাথ সবকা বিকাশ’ অর্থাৎ দেশৰ কোনো নাগৰিকে উন্নয়নৰ দিশত পিছ পৰি নাথাকে আৰু কোনো প্রান্তই যাতে অস্পৃশ্য হৈ নাথাকে, সেই ভাৱনাৰেই আগবাঢ়িছো৷
দেশৰ বিস্তৃত অংশৰ দূৰত্ব দূৰ কৰা আৰু অন্তৰত সহ–অস্তিত্বৰ ভাব শক্তিশালী কৰাৰ লক্ষ্যৰে আমি কাজ কৰি আহিছো৷ বিগত চাৰি বছৰ ধৰি মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছো যাতে প্ৰধানমন্ত্রী হিচাপে দেশৰ প্ৰতিটো প্রান্তলৈ গৈ সাধাৰণ মানুহৰ সৈতে কথা পাতি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিব পাৰো৷
বন্ধুসকল, অলপ সময়ৰ আগতে যিবোৰ প্ৰকল্পৰ উদ্বোধন অথবা আধাৰশিলা স্থাপন হ’ল, তাৰ ভিতৰত ‘সমুদ্ৰ প্রাচীৰ’ প্ৰকল্পও অন্যতম৷ এইটো আপোনালোকৰ দীর্ঘদিনীয়া দাবী আছিল, সমুদ্রৰ ঢৌৱে মাটি খহাই যি সমস্যাৰ সৃষ্টি কৰিছে তাৰ পৰা ৰক্ষা কৰাৰ বাবে এটি পুৰু তথা সুউচ্চ সমুদ্ৰ প্রাচীৰ নির্মাণ কৰা৷ অৱশেষত আজি সেই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ল, প্রায় ৫০ কোটি টকা বিনিয়োগেৰে দ্রুতগতিত এই সমুদ্ৰ প্রাচীৰ নিৰ্মাণ কৰা হ’ব, যিটোৱে কাৰ নিকোবৰৰ বাবে সুৰক্ষা কবচৰূপে কাম কৰিব৷
বন্ধুসকল, নিৰাপত্তাৰ সমান্তৰালভাৱে কাৰ নিকোবৰত উন্নয়নৰ পঞ্চধাৰা যাতে প্ৰবাহিত হয়, অর্থাৎ ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, যুৱক-যুৱতীৰ কর্মসংস্থান, জ্যেষ্ঠসকলৰ ঔষধ, কৃষকসকলৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা আৰু প্ৰত্যেক মানুহৰ অভাৱ–অভিযোগ শুনাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰা হৈছে৷ আমি জানো যে ইয়াৰ নৱপ্ৰজন্মৰ শিক্ষা, দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বাবে বহু দূৰ–দূৰণিলৈ যাব লাগে৷ এতিয়া আৰোং গাঁৱত এক ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আইটিআই গঢ় লৈ উঠিলে আপোনালোক অত্যন্ত উপকৃত হ’ব৷ এতিয়া কাৰ নিকোবৰৰ যুৱক–যুৱতীসকলে ইলেক্ট্ৰিচিয়ান, প্লাম্বিং, অটোম’টিভ টেকনিচিয়ানৰ প্ৰশিক্ষণ লৈ উত্তীৰ্ণ হোৱাৰ পাছত দেশৰ যি কোনো প্রান্তত কর্মসংস্থাপনৰ উপযোগী হৈ উঠিব৷
বন্ধুসকল, কাৰ নিকোবৰৰ যুৱক–যুৱতীসকলে আজি পাৰস্পৰিক কর্মসংস্থাপনৰ সমান্তৰালভাৱে শিক্ষা, চিকিৎসা ইত্যাদি ক্ষেত্রতো আগুৱাই গৈছে৷ ক্রীড়া ক্ষেত্রত দক্ষতা ইয়াৰ যুৱক-যুৱতীসকলৰ সহজাত গুণ৷ ফুটবলকে ধৰি বিভিন্ন খেলত দেশেৰ উৎকৃষ্ট প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে কাৰ নিকোবৰ৷ কিছু সময়ৰ পূৰ্বে ইয়াৰ প্ৰতিভাবান খেলুৱৈসকলৰ সৈতে মিলিত হোৱাৰ সৌভাগ্য হৈছে৷ মোক জনোৱা মতে ইয়াৰ জুনিয়ৰ ফুটবল টিম চাৰবাৰে সন্মানীয় সুব্ৰত মুখার্জী কাপ জয় কৰিছে৷
বন্ধুসকল, ইয়াৰ প্ৰতিভাক আৰু বিকশিত কৰাৰ বাবে এতিয়া লপাতী গাঁৱত নির্মিত হৈছে এক আধুনিক ক্রীড়া চৌহদ৷ প্রায় ৮ কোটি টকা বিনিয়োগেৰে নির্মিত এই ষ্টেডিয়ামত বিভিন্ন ধৰণৰ ক্রীড়াভ্যাসৰ আধুনিক পৰিকাঠামো গঢ়ি তোলা হৈছে৷ ল’ৰাৰ হোষ্টেল, ছোৱালীৰ হোষ্টেল আৰু এখন ছিন্থেটিক ট্ৰেক নিৰ্মাণ কৰা হৈছে৷
বন্ধুসকল, ফুটবলক বাদদিও চাইক্লিং, কায়ার্কিং আৰু ৰয়িঙৰ ক্ষেত্রত কাৰ নিকোবৰে দেশক বহু প্ৰতিভাৰ যোগান ধৰিছে৷ আজি যি ক্রীড়া চৌহদৰ উদ্বোধন কৰা হ’ল, ভৱিষ্যতে তাত চাইক্লিঙৰ বাবে ৱেলোড্রোম আৰু ছুইমিং পুল নির্মাণৰ পৰিকল্পনা আছে৷
বন্ধুসকল, কেন্দ্রীয় চৰকাৰে আন্দামান আৰু নিকোবৰত বসবাসকৰা প্ৰতিগৰাকী নাগৰিকৰ জীৱনত প্ৰতিটো ব্যৱস্থাক সহজ কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে৷ সস্তীয়া ৰেচন, স্বচ্ছ খোৱাপানী, প্ৰত্যককে ৰন্ধন গেছ সংযোগ, কেৰাচিন তেল-প্ৰতিটো সেৱা সহজ কৰাৰ চেষ্টা আব্যাহত আছে৷ বিশেষকৈ, ইয়াৰ প্ৰতিগৰাকী নাগৰিকক উন্নতমানৰ স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰতি চৰকাৰ দায়বদ্ধ৷ ডিগলীপুৰৰ উপ–জিলা চিকিৎসালয়ত সম্প্ৰসাৰিত হোৱাৰ পাছতৰ ইয়াৰ স্বাস্থ্য সেৱা বহু পৰিমাণে উন্নত হ’ব৷
বন্ধুসকল, কেন্দ্রীয় চৰকাৰে ইয়াৰ প্ৰয়োজনীয়তা, পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি উন্নয়নৰ পৰিকল্পনা কৰিছে৷ চৰকাৰে বিচাৰে যে পৰিৱেশ আৰু স্থানীয় সংস্কৃতিৰ সংৰক্ষণৰ সমান্তৰালভাৱে উন্নয়ন হ’ব৷ এই ভাৱনাৰে চৰকাৰে বহু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আন্দামান আৰু নিকোবৰকে ধৰি দেশৰ উপকূলৱর্তী অঞ্চলত বসবাস কৰা কোপৰা আৰু নাৰিকল খেতিৰ সৈতে জড়িত কৃষকসকলৰ বাবে চৰকাৰে গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে৷ মিলিং কোপৰাৰ ন্যূনতম সমর্থন মূল্য ৭,৭৫০ টকাৰ পৰা প্ৰতি কুইণ্টলত প্রায় ২০০০ টকা বৃদ্ধি কৰি ৯,৫০০ টকা কৰা হৈছে৷ আনহাতে বোল কোপৰাৰ ন্যূনতম সমর্থন মূল্যও প্ৰতি কুইণ্টলত ৭,৭৫০ টকাৰ পৰা বৃদ্ধি কৰি ৯,৯২০ টকা কৰা হৈছে৷ এই বৃদ্ধিৰ ফলত কোপৰা খেতিয়কসকল যথেষ্ট পৰিমাণে লাভবান হ’ব৷
বন্ধুসকল, কেন্দ্রীয় চৰকাৰে আমাৰ মৎস্যজীৱিসকলক সবলীকৰণ কৰাৰ স্বার্থত মৎস্যপালনক এক লাভজনক ব্যৱসায় হিচাপে গঢ়ি তুলিবলৈ ৭ হাজাৰ কোটি টকাৰ এক বিশেষ পূঁজি গঠন কৰিছে৷ ইয়াৰ জৰিয়তে মৎস্যজীৱিসকলক সঠিক সুদত ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷
আমাৰ উপকূলৱর্তী অঞ্চলসমূহত ‘নীল বিপ্লৱ’ৰ কেন্দ্ৰ হৈ উঠাৰ সামর্থ্য আছে–এই ভাৱনাৰৈ চৰকাৰ আগুৱাই গৈছে৷ মৎস্যকেন্দ্রিক ব্যৱসায় অথবা সমুদ্ৰগুটিকাৰ খেতি–এনেধৰণৰ বিভিন্ন প্ৰকল্পক উৎসাহ যোগোৱা হৈছে৷ আধুনিক নৌকা ক্ৰয় কৰাৰ বাবে চৰকাৰে মৎস্যজীৱিসকলৰ আর্থিক সাহায্য প্ৰদান কৰিছে৷ এই দৃষ্টিকোণৰ পৰাই ইয়াত মৎস্যপালন, মৎস্য ব্যৱসায়, সমুদ্ৰগুটিকা খেতি আৰু পশুপালন সংক্রান্তীয় বিভিন্ন প্ৰকল্পৰ বাবে পেকেজ দিয়া হৈছে৷
ভাই-ভনীসকল, কাৰ নিকোবৰৰ পৰিৱেশক ৰক্ষা কৰি সৌৰশক্তিৰ সম্ভাৱনাসমূহ বিচাৰি উলিওৱাৰ চেষ্টা কৰা হৈছে৷ আজি ভাৰতে বিশ্বৰ সেই দেশসমূহৰ অন্যতম য’ত সৌৰশক্তিৰ উৎপাদন সর্বাধিক দ্রুতগতিত আগুৱাই গৈছে৷ সৌৰশক্তিৰ জৰিয়তে দেশক সস্তা আৰু পৰিৱেশ অনুকূল শক্তি উৎপাদনক্ষম কৰি তুলিবলৈ আমি দায়বদ্ধ৷ আজি আন্তঃৰাষ্ট্ৰীয় সৌ মৈত্ৰীৰ জৰিয়তে সমগ্ৰ বিশ্বত সৌৰশক্তি উৎপাদনত বিপ্লৱ আনিবলৈ ভাৰতে নেতৃত্ব বহন কৰিছে৷ এক বিশ্ব, এক সূর্য, এক গ্রিডৰ ব্যাপক লক্ষ্যৰে ভাৰতে কাম কৰিছে৷
বন্ধুসকল, ভাৰতৰ বিশাল উপকূলত নবীকৰণযোগ্য শক্তি উৎপাদনৰ প্ৰচূৰ সম্ভাৱনা আছে৷ এই সম্ভাৱনাসমূহক আমি সুযোগলৈ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰি আহিছো৷ এই প্ৰকল্পৰ জৰিয়তে কাৰ নিকোবৰত ৩০০ কিলোৱাট ‘মুধচৰ ওপৰত সৌৰশক্তি উৎপাদন’ প্ৰকল্পৰ আওঁতালৈ অনাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ মোক জনোৱা মতে ইয়াৰ বিদ্যালয় আৰু চিকিৎসালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠানত ইতিমধ্যে ৫০ কিলোৱাট সৌৰশক্তি উৎপাদন হৈছে৷ চৰকাৰে বিচাৰে যে অনাগত দিনত কাৰ নিকোবৰে সৌৰশক্তি উৎপাদনৰ জৰিয়তেই ইয়াৰ সকলো বিদ্যুতৰ প্ৰয়োজন পুৰণ কৰিব৷
বন্ধুসকল, আমাৰ এই কাৰ নিকোবৰ, এই সমগ্ৰ সমুদ্ৰ ক্ষেত্ৰ, দেশ, এই মালাক্কা ষ্ট্ৰেইট, সম্পদ আৰু নিৰাপত্তা উভয় দৃষ্টিকোণৰ পৰা বহু গুৰুত্বপূর্ণ৷ ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ মাজত এটি প্ৰধান ‘শিপিং চেনেল’৷ ই মালবাহী জাহাজৰ বাবে বিশ্বৰ ব্যস্ততম পথ৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি যোগাযোগৰ মাধ্যমসমূহৰো উন্নতিসাধনৰ কাম চলিছে৷ ইয়াৰ ফলত আপোনালোক সকলোৱেই উপকৃত হ’ব আৰু কর্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব৷
ভাই-ভনীসকল, দেশৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত আজি ‘ট্রান্স–শ্বিপমেণ্ট’ বন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ এই প্ৰকল্পৰ জৰিয়তে বংগোপসাগৰৰ দক্ষিণ অংশত নতুন উদোগৰ সুযোগ সৃষ্টি হ’ব৷ তদুপৰি, ‘সাগৰমালা’ প্ৰকল্পৰ মাধ্যমেৰে কাৰ নিকোবৰেও ‘কেম্পবেল বে’ত প্রায় ৫০ কোটি টকা বিনিয়োগেৰে ‘কেম্পবেল বে জেটি’ৰ বিস্তাৰ প্রায় ১৫০ কিলোমিটাৰলৈকে কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ‘মাছ জেটি’ৰ গভীৰতা বৃদ্ধিৰ বাবেও প্ৰকল্প নির্মিত হৈছে যাতে ইয়াত ডাঙৰ জাহাজবোৰ ৰখাত অসুবিধা নহয়৷
ভাই-ভনীসকল, অনাগত দিনত ইয়াত বিমান সেৱা উন্নয়নৰ জৰিয়তে উন্নতমানৰ যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবসৈ চৰকাৰ সাজু৷ আপোনালোক সকলোৰে জীৱনৰ মান উন্নত কৰিবলৈ, সহজ কৰিবলৈ চৰকাৰ সজাগ৷
বন্ধুসকল, মই ‘জনজাতীয় পৰিষদ’ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জনাইছো। আপোনালোক সকলোৱেই দেশৰ গণতন্ত্ৰক শক্তিশালী কৰিবলৈ আৰু ইয়াত উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ মোক জনোৱা মতে ইয়াৰ গাওঁ পঞ্চায়তসমূহত মা, ভগ্মী আৰু কন্যাসকলৰ ভাল অংশীদাৰিত্ব আছে৷ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়৷
বন্ধুসকল, কাৰ নিকোবৰৰ উন্নয়নৰ বাবে চৰকাৰ সম্পূর্ণ দায়বদ্ধ৷ নতুন বৰ্ষতো আমাৰ প্ৰচেষ্টা নতুন উৎসাহ-উদ্দীপনাৰে অব্যাহত থাকিব৷ শেষত পুনৰবাৰ আপোনালোক সকলোকে এইলানি উন্নয়ন প্ৰকল্পৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷
বহুত বহুত ধন্যবাদ৷ জয় হিন্দ৷
***
AKT/SH/IG/MG/AK/DB
मैं कल काशी में था और आज यहां विराट समंदर की गोद में आप सभी के बीच मौजूद हूं
— PMO India (@PMOIndia) December 30, 2018
मां गंगा अपनी पवित्रता से जिस प्रकार भारत के जन-मानस को आशीर्वाद देती रही है,
उसी प्रकार ये सागर अनंत काल से मां-भारती के चरणों का वंदन कर रहा है, राष्ट्र की सुरक्षा और सामर्थ्य को ऊर्जा दे रहा है: PM
आपके पास प्रकृति का अद्भुत खज़ाना तो है ही, आपकी संस्कृति, परंपरा, कला और कौशल भी बेहतरीन है।
— PMO India (@PMOIndia) December 30, 2018
थोड़ी देर पहले यहां पर जो नृत्य प्रस्तुत किया गया, बच्चों ने जो कला का प्रदर्शन किया, वो दिखाता है कि भारत की सांस्कृतिक संपन्नता हिंद महासागर जितनी ही विराट है: PM
ये देश के विकास के लिए हमारी उस सोच का विस्तार है, जिसके मूल में Infrastructure है, Connectivity है।
— PMO India (@PMOIndia) December 30, 2018
सबका साथ, सबका विकास, यानि विकास से देश का कोई नागरिक भी ना छूटे और कोई कोना भी अछूता ना रहे, इसी भावना का ये प्रकटीकरण है: PM
सुरक्षा के साथ-साथ कार-निकोबार में विकास की पंचधारा बहे, बच्चों को पढ़ाई, युवाओं को कमाई, बुजुर्गों को दवाई, किसानों को सिंचाई, जन-जन की सुनवाई, ये सभी सुविधाएं मिलें, इसके लिए भी काम किया जा रहा है: PM
— PMO India (@PMOIndia) December 30, 2018
कार-निकोबार के युवा पारंपरिक रोज़गार के साथ-साथ आज शिक्षा, चिकित्सा और दूसरे कामों में भी आगे बढ़ रहे हैं।
— PMO India (@PMOIndia) December 30, 2018
स्पोर्ट्स की स्किल तो यहां के युवा साथियों में रची-बसी है। कार-निकोबार फुटबॉल समेत अनेक खेलों में देश के बेहतरीन स्पोर्टिंग टैलेंट के लिए भी मशहूर हो रहा है: PM
केंद्र सरकार अंडमान और निकोबार में रहने वाले हर नागरिक के लिए जीवन से जुड़ी हर व्यवस्था को आसान करने में जुटी है।
— PMO India (@PMOIndia) December 30, 2018
सस्ता राशन हो, स्वच्छ पानी हो, गैस कनेक्शन हो, केरोसिन हो, हर सुविधा को आसान करने का प्रयास किया जा रहा है: PM
केंद्र सरकार हमारे मछुआरों को सशक्त करने में जुटी है।
— PMO India (@PMOIndia) December 30, 2018
हाल में ही देश में मछलीपालन को लाभकारी व्यवसाय बनाने के लिए 7 हज़ार करोड़ रुपए के एक विशेष फंड का प्रावधान किया गया है।
इसके तहत मछुआरों को उचित दरों पर ऋण उपलब्ध कराया जा रहा है: PM
कार-निकोबार के पर्यावरण को संरक्षित रखते हुए, सौर ऊर्जा की संभावनाओं को तलाशा जा रहा है, तराशा जा रहा है।
— PMO India (@PMOIndia) December 30, 2018
आज भारत दुनिया के उन देशों में है जहां सौर ऊर्जा का उत्पादन और उपयोग सबसे तेज़ी से बढ़ रहा है। सौर ऊर्जा से देश को सस्ती और ग्रीन एनर्जी देने के लिए हम प्रतिबद्ध हैं: PM
देश की ज़रूरतों को ध्यान में रखते हुए यहां Trans-shipment Port की आधारशिला आज रखी गई है। इस परियोजना से खाड़ी के दक्षिणी हिस्से में नए उद्यमों के लिए अवसर बनेंगे।
— PMO India (@PMOIndia) December 30, 2018
इसी के साथ सागरमाला योजना के तहत देशभर के समुद्री तटों को विकसित करने की बड़ी योजना चल रही है: PM
कार-निकोबार में कैंबल बे में करीब 50 करोड़ रुपए की लागत से कैंबल बे जेट्टी का विस्तार करीब डेढ़ सौ किलोमीटर तक किए जाने का निर्णय लिया गया है।
— PMO India (@PMOIndia) December 30, 2018
इसके साथ-साथ मूस जेट्टी की गहराई बढ़ाने के लिए भी योजना बनाई गई है, ताकि यहां बड़े जहाज़ों को रुकने में मुश्किल ना हो: PM
Today in Car Nicobar, we inaugurated and laid the foundation stones for several development works.
— Narendra Modi (@narendramodi) December 30, 2018
These are projects relating to education, healthcare, skill development, transportation, energy and sports.
Congratulations to the citizens! pic.twitter.com/SXKuK2HaCg
Giving wings to the aspirations of our Yuva Shakti.
— Narendra Modi (@narendramodi) December 30, 2018
The upcoming ITI will greatly benefit youngsters.
The Government is building vital sporting infrastructure, which will further popularize sports in the UT and boost fitness levels. pic.twitter.com/JzBy1qaJKU
Happy to announce important decisions relating to agriculture and fisheries. These will help protect local culture of the Andaman and Nicobar islands as well as increase livelihood opportunities. pic.twitter.com/1LcPF8HDWt
— Narendra Modi (@narendramodi) December 30, 2018
Central Government’s efforts such as Sagarmala will have an extremely positive impact on the Andaman and Nicobar Islands. At the same time, we are working towards a Trans-shipment Port that will boost economic prospects. Connectivity will also be enhanced. pic.twitter.com/NBdcPs0Ykq
— Narendra Modi (@narendramodi) December 30, 2018