Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শান্তিপূৰ্ণ উদ্দেশ্যত মহাকাশ অন্বেষণ আৰু উপযোগিতাৰ বাবে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা আৰু বলিভিয়ান মহাকাশ সংস্থাৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে শান্তিপূৰ্ণ উদ্দেশ্যত মহাকাশ অন্বেষণ আৰু উপযোগিতাৰ বাবে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা আৰু বলিভিয়ান মহাকাশ সংস্থাৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷

এই বুজাবুজিৰ চুক্তিপত্ৰত ভাৰতৰ ইছৰ’ আৰু বলিভিয়াৰ মহাকাশ এজেন্সীয়ে ২৯ মাৰ্চ ২০১৯ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বলিভিয়া যাত্ৰাৰ সময়ত ছান্তাক্ৰুজ ডি লা ছিয়েৰা, বলিভিয়াত হস্তাক্ষৰ কৰিছিল৷

বিৱৰণঃ

এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা পৃথিৱীৰ ৰিম’ট ছেন্সিং, উপগ্ৰহ যোগাযোগ, উপগ্ৰহভিত্তিক নেভিগেচন, মহাকাশ বিজ্ঞান আৰু গ্ৰহসম্বন্ধীয় অন্বেষণ, মহাকাশযান, মহাকাশ প্ৰণালী আৰু ভূ-তল প্ৰণালীৰ ব্যৱহাৰ তথা মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰসহিতে মহাকাশ বিজ্ঞান, প্ৰযুক্তি তথা অনুপ্ৰয়োগৰ দৰে সহযোগিতাৰ সম্ভাৱিত ক্ষেত্ৰসমূহক সমৃদ্ধ কৰিব৷
এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ইছৰ’ আৰু বলিভিয়া মহাকাশ এজেন্সীৰ সদস্যসমূহক অন্তৰ্ভুক্ত কৰি এক সংযুক্ত কাৰ্যপ্ৰণালী স্থাপন কৰাত সহায়ক হ’ব যি সময়সীমা আৰু বুজাবুজিৰ চুক্তিপত্ৰৰ কাৰ্যপ্ৰণালী সহিতে কাৰ্যযোজনা প্ৰস্তুত কৰিব৷

প্ৰণয়ন নীতি আৰু লক্ষ্যঃ

এই হস্তাক্ষৰিত বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা নিৰ্দিষ্ট কাৰ্যসূচী পূৰণ কৰা তথা সময়সীমা অনুসৰি এক সংযুক্ত কাৰ্যপ্ৰণালী স্থাপন কৰাত সহায়ক হ’ব৷

মুখ্য প্ৰভাৱঃ

এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা পৃথিৱীৰ ৰিম’ট ছেন্সিং, উপগ্ৰহ যোগাযোগ, উপগ্ৰহভিত্তিক নেভিগেচন, মহাকাশ বিজ্ঞান আৰু গ্ৰহসম্বন্ধীয় অন্বেষণ, মহাকাশযান, মহাকাশ প্ৰণালী আৰু ভূ-তল প্ৰণালীৰ ব্যৱহাৰ তথা মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰসহিতে মহাকাশ বিজ্ঞান, প্ৰযুক্তি তথা অনুপ্ৰয়োগৰ দৰে সহযোগিতাৰ সম্ভাৱিত ক্ষেত্ৰসমূহক সমৃদ্ধ কৰিব৷

অন্তৰ্নিহিত ব্যয়ঃ

প্ৰত্যেক নিৰ্দিষ্ট গতিবিধিৰ সম্বন্ধত বিত্তীয় যোগদান সংযুক্ত গতিবিধিৰ স্বৰূপৰ ওপৰত নিৰ্ভৰ কৰিব যি সম্বন্ধীয় প্ৰণয়ন চুক্তি (ব্যৱস্থাপনা)/ঠিকাত প্ৰদান কৰা হ’ব৷

লাভঃ

এই বুজাবুজিৰ চুক্তিৰ দ্বাৰা বাহৰেইন চৰকাৰৰ সৈতে সহযোগিতাৰ দ্বাৰা মানৱতাৰ কল্যাণৰ বাবে মহাকাশ প্ৰযুক্তিৰ অনুপ্ৰয়োগৰ ক্ষেত্ৰত সংযুক্ত গতিবিধি বিকশিত কৰাত সহায়ক হ’ব৷ এইদৰে দেশৰ বিভিন্ন ক্ষেত্ৰ লাভান্বিত হ’ব৷

পৃষ্ঠভূমিঃ

বলিভিয়া মহাকাশ এজেন্সীয়ে ভাৰতৰ ৰাজদূতক ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহত ইছৰ’ৰৰ সৈতে মহাকাশ সহযোগিতা স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ এই পৰিপ্ৰেক্ষিতত ইছৰ’ই ৫-৬ জুন, ২০১৭ তাৰিখে প্ৰতিনিধীয় ভ্ৰমণৰ সময়ত পৃথিৱীৰ পৰ্যৱেক্ষণ আৰু উপগ্ৰহ যোগাযোগৰ সম্ভাৱিত ক্ষেত্ৰসমূহত সহযোগিতাৰ বিষয়ে চিন্তা ব্যক্ত কৰে৷ এবিই প্ৰতিনিধিয়ে বেংগালুৰুত ইছৰ’ৰ প্ৰযুক্তিগত সুবিধাসমূহৰ অৱলোকন কৰে৷ বলিভিয়া পক্ষই ভাৰতৰ সৈতে মহাকাশ সহযোগিতা আৰম্ভ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে৷ এই অনুৰোধৰ ভিত্তিত ভাৰত-বলিভিয়া মহাকাশ সহযোগিতাৰ বাবে এজেন্সী পৰ্যায়ত বুজাবুজিৰ চুক্তিপত্ৰৰ বাবে অনুমোদন প্ৰদান কৰা হয়৷ তদনুসাৰে বলিভিয়া পক্ষই নিজৰ সহমত প্ৰকাশ কৰে আৰু দুয়োটা পক্ষই হস্তাক্ষৰ কৰাৰ বাবে সহমত প্ৰকাশ কৰে৷

*****

VRRK/PK/SH/MANN