Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূটান ভ্ৰমণকালত প্ৰদানমন্ত্ৰীৰ প্ৰেছ বিবৃতি


ভূটানৰ মহামহিম প্ৰধানমন্ত্ৰী তথা মোৰ বন্ধু ড০ শ্বেৰিং,

মাননীয় অতিথিবৰ্গ,

ভদ্ৰ পূৰুষ-মহিলাসকল,

নমস্কাৰ।

ভাৰতৰ অভিন্ন তথা বিশেষ বন্ধুদেশ ভুটানলৈ আহি আপোনালোক সকলোৰে মাজত উপস্থিত হৈ মোৰ অতিশয় আনন্দ অনুভৱ হৈছে৷ মোৰ সৈতে অহা প্ৰতিনিধিবৃন্দ তথা আমাক উষ্ণ অভ্যর্থনা জনোৱাৰ বাবে মই মাননীয় প্ৰধানমন্ত্রী আৰু ভুটানৰ ৰয়েল চৰকাৰক আন্তৰিক কৃতজ্ঞতা জনাইছো৷

মহোদয়,

ভাৰত-ভুটানৰ অদ্বিতীয় মৈত্রী সম্পর্কত আপোনাৰ উদাৰ ভাৱনাৰ বাবেও আপোনাক আন্তৰিক কৃতজ্ঞতা জনাইছো। ১৩০ কোটি ভাৰতীয়ৰ হৃদয়ত ভুটানে এক বিশেষ স্থান অধিকাৰ কৰিছে। মোৰ আগৰ কার্যকালত প্ৰধানমন্ত্রী হিচাপে প্ৰথমবাৰ ভ্ৰমণৰ বাবে ভুটানক স্বাভাৱিকভাৱেই বাছনি কৰি লৈছিলো। এইবাৰো মোৰ দ্বিতীয় কার্যকালৰ আৰম্ভণিতে ভুটানলৈ আহি মই অতিকে সুখী অনুভৱ কৰিছো৷ ভাৰত আৰু ভুটানৰ সম্পর্ক উভয় দেশৰ জনসাধাৰণৰ উন্নয়ন, সমৃদ্ধি আৰু সুৰক্ষাৰ যৌথ আধাৰৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবে উভয় দেশৰ প্ৰত্যেক নাগৰিকে এই সম্পর্কক সমর্থন কৰে।

মহোদয়,

মোৰে সৌভাগ্য যে ভাৰতৰ জনসাধাৰণে পুনৰবাৰ মোক ব্যাপক সমর্থন প্ৰদানেৰে নির্বাচিত কৰি ভুটানৰ ৰজা আৰু আপোনালোকৰ সৈতে কাম কৰি এই সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ দায়িত্ব দিছে। আজি মই মহামহিম ভুটান ৰজাৰ সৈতে আমাৰ মিলিত প্ৰচেষ্টাৱলীক লৈ আলোচনা কৰাৰ সুযোগ পাম। কিছু সময়ৰ পাছতে মই মহামহিম চতুর্থ ৰজাৰ সৈতে মিলিত হ’ম। ভুটানৰ ৰজাৰ বুদ্ধিমত্তা আৰু দূৰদর্শিতাই দীর্ঘদিন ধৰি আমাৰ দ্বিপাক্ষিক সম্পর্কৰ পথ প্ৰদৰ্শন কৰিছে। কেৱল ইমানেই নহয়, তেওঁৰ দূৰদৃষ্টিয়ে ভুটানক বিশ্বৰ সন্মুখত এক অনন্য উদাহৰণৰূপে প্ৰতিষ্ঠা লাভ কৰিছে, যিখন দেশত উন্নয়নক পৰিসংখ্যাৰে নহয়, সুখেৰে জোখা হয়। যিখন দেশত আর্থিক উন্নয়নৰ পৰম্পৰা পৰিৱেশৰ সৈতে ভাৰসাম্য ৰাখি আগুৱাই যায়। এনে বন্ধু, এনে প্ৰতিৱেশী পাই আমি অতিশয় আনন্দিত।

বন্ধুসকল,

ভাৰতৰ বাবে সৌভাগ্যৰ কথা যে আমি ভুটানৰ উন্নয়নত প্ৰধান অংশীদাৰ। ভুটানৰ পঞ্চবার্ষিকী পৰিকল্পনাত ভাৰতৰ সহযোগিতা আপোনালোকৰ ইচ্ছা আৰু অগ্রাধিকাৰৰ ভিত্তিত ভৱিষ্যতেও অব্যাহত থাকিব।

বন্ধুসকল,

জলবিদ্যুৎ আমাৰ উভয় দেশৰ মাজত সহযোগিতাৰ এক গুৰুত্বপূর্ণ ক্ষেত্ৰ। উভয় দেশে মিলি ভূটানৰ নদীসমূহৰ শক্তিকে কেৱল বিদ্যুৎশক্তিয়েই নহয়, পাৰস্পৰিক সমৃদ্ধিলৈও ৰূপান্তৰিত কৰিছে।

আজি আমি মাংগদেছু প্ৰকল্প উদ্বোধনৰ জৰিয়তে এই প্ৰক্রিয়াত এক ঐতিহাসিক সাফল্য অর্জন কৰিছো। উভয় দেশৰ মিলিত প্ৰচেষ্টাত ভুটানে জলবিদ্যুৎ শক্তিৰ উৎপাদন ক্ষমতা ২,০০০ মেগাৱাট অতিক্ৰম কৰিছে। মোৰ দৃঢ়বিশ্বাস, আমি অন্য প্ৰকল্পসমূহকো দ্রুতগতিত আগুৱাই নিবলৈ সক্ষম হ’ম।

মহোদয়,

ভুটানৰ সাধাৰণ লোকসকৰ ক্ৰমবর্ধমান প্ৰয়োজনসমূহ পুৰণ কৰিবলৈ ভাৰতৰ পৰা প্ৰতিমাহত এলপিজিৰ সৰবৰাহ ৭০০ৰ পৰা বৃদ্ধি কৰি ১,০০০মেট্রিক টন কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্ৰতিখন গাঁৱত পৰিৱেশঅনুকূল শক্তিৰ চাহিদা পূৰণ কৰাটো সম্ভৱ।

বন্ধুসকল,

ডঃ শ্বেৰিঙে মোৰ প্ৰথম সাক্ষাততে মোক কৈছিল, তেওঁৰ ৰাজনীতিত যোগদানৰ মূল প্রেৰণা আছিল সাধাৰণ লোকসকলক ভাল স্বাস্থ্যসেৱা প্ৰদান কৰা। মই তেওঁৰ জীৱনৰ উদ্দেশ্যৰ কথা শুনি অত্যন্ত প্ৰভাৱিত হৈছিলো। ভুটানে তেওঁ বহুসুবিধাবিশিষ্ট ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ স্বপ্ন পূৰণত ভাৰতে যথাসম্ভৱ সহায় কৰিব।

মহোদয়,

ছার্ক কাৰেন্সি স্বোৱাইপ ফ্রেমৱর্কৰ জৰিয়তে ভুটানৰ বাবে কাৰেন্সি স্বোৱাইপৰ সীমাবৃদ্ধিৰ ক্ষেত্রত আমাৰ দৃষ্টিভংগী ইতিবাচক। ইতিমধ্যে, ভুটানত বিদেশী মূদ্রাৰ চাহিদা পূৰণৰ বাবে ষ্টেণ্ডবাই স্বোৱাইপৰ ব্যৱস্থাৰ অন্তর্গত অতিৰিক্ত ১০০ মিলিয়ন ডলাৰ প্ৰদান কৰা হ’ব৷

বন্ধুসকল,

মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে ভুটানৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। আমি আজি ‘দক্ষিণ এছিয়া উপগ্ৰহ’ৰ ‘আর্থ ষ্টেচন’ উদ্বোধন কৰিলো। ই ভুটানৰ যোগাযোগ ব্যবস্থা, চৰকাৰী সঞ্চাৰ ব্যৱস্থা আৰু দুৰ্যোগ ব্যৱস্থাপনা মোকাবিলা কৰাৰ ক্ষমতা বৃদ্ধি কৰিব। এই লক্ষ্য পূৰণৰ বাবে ভুটানৰ প্ৰয়োজন অনুসৰি অতিৰিক্ত বেণ্ড উইথ এণ্ড ট্রান্সপণ্ডাৰো প্ৰদান কৰা হ’ব। উভয় দেশত সৰু উপগ্ৰহ নির্মাণ আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰচেষ্টাৰ ক্ষেত্রতো সহযোগিতা আগবঢ়াব। ভাৰতৰ নেচনেল ন’লেজ নেটৱর্কৰ সৈতে ভুটানৰ ছাত্ৰ-ছাত্রী আৰু গৱেষকসকল জড়িত হ’লে তেওঁলোকে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ নতুন নতুন এপ্লিকেচনবোৰৰ সৈতে পৰিচিত হ’ব। উভয় দেশৰ মাজত যৌথ ন’লেজ ছ’চাইটি স্থাপনৰ ক্ষেত্রত এইটো এটা গুৰুত্বপূর্ণ পদক্ষেপ, যাৰ দ্বাৰা উভয় দেশৰ যুৱ-সম্প্ৰদায় লাভান্বিত হ’ব। ৰয়েল ভুটান ইউনিভাৰ্চিটীৰ সৈতে ভাৰতৰ আইআইটিসমূহ আৰু অন্যান্য কেইবাখনো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মাজত সহযোগিতা আৰু সম্পর্ক, শিক্ষা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বৰ্তমান চাহিদা আছে। কাইলৈ ৰয়েল ভুটান ইউনিভাৰ্চিটীত দেশখনৰ প্ৰতিভাবান যুৱ-সম্প্ৰদায়ৰ সৈতে সাক্ষাতৰ বাবে মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো।

বন্ধুসকল,

মই অতিশয় আনন্দিত যে আজি মই ভুটানত ৰূপে কার্ড আৰম্ভ কৰিছো। ইয়াৰ জৰিয়তে ডিজিটেল লেনদেন আৰু বাণিজ্য আৰু পর্যটন ক্ষেত্রত আমাৰ পাৰস্পৰিক সম্পর্ক আৰু অধিক বৃদ্ধি পাব। আমাৰ সাধাৰণ আধ্যাত্মিক ঐতিহ্য আৰু উভয় দেশৰ নাগৰিকৰ মাজত পাৰস্পৰিক নিবিড় সম্পর্কই হ’ল আমাৰ প্রাণশক্তি। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নালন্দা বিশ্ববিদ্যালয়ত ভুটানৰ বাবে স্নাতকোত্তৰ ছাত্ৰবৃত্তি ২ৰ পৰা বৃদ্ধি কৰা ৫ কৰা হৈছে। আজি ইয়াত শব-ডুৰুঙৰৰ আশীর্বাদ লাভ কৰিছো। মই অতি আনন্দৰে এইটো ঘোষণা কৰিছো যে এই মূর্তিটো ভুটানত ৰখাৰ ম্যাদ আৰু পাঁচ বছৰলৈ বৃদ্ধিৰ ক্ষেত্রত ভাৰত একমত৷

মহামহিম,

ভাৰত–ভুটান পাৰস্পৰিক সম্পর্কৰ ইতিহাস যিমান গৌৰৱপূৰ্ণ, ইয়াৰ ভৱিষ্যৎ সিমানেই আশাব্যঞ্জক। মোৰ দৃঢ় বিশ্বাস যে দুই প্ৰতিৱেশী দেশৰ মাজত আদর্শগত পাৰস্পৰিক সম্পর্ক কেনে হোৱা উচিৎ সেই ক্ষেত্ৰত ভাৰত আৰু ভুটান বিশ্বৰ বাবে এক অন্যতন আৰ্হি হিচাপে বিবেচিত হৈ ৰ’ব।

এই সুন্দৰ দ্ৰুক ইয়ুলত পুনৰবাৰ অহাৰ সুযোগ প্ৰদান,

আপোনালোকৰ উষ্ণ আতিথ্যৰ লগতে মৰমৰ বাবে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছো।

তাশী দেলক!

****

DB