পি এম ইণ্ডিয়া

মোৰ সৈতে দুয়োখন হাত ওপৰলৈ তুলি সমস্বৰে কওক.. … নৰ্মদে… নৰ্মদে… সৰ্বদে… নৰ্মদে…. নৰ্মদে… নৰ্মদে…৷
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মহোদয়, ইয়াৰ মুখ্যমন্ত্ৰী শ্ৰীমান বিজয়ভাই ৰুপানী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই…মঞ্চত উপৱিষ্ট সকলো মহানুভৱ তথা বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷
এটা সময়ত মোৰ ফটোগ্ৰাফীৰ চখ আছিল৷ ফটো উঠোৱাৰ বিৰাট মন আছিল…কিন্তু পিছলৈ এই অভ্যাস নাইকিয়া হ’ল যদিও আজি মই ইয়াত বহি থকাৰ সময়ত মনলৈ এই ভাৱ আহিছিল যে এই মুহূৰ্তত যদি মোৰ হাতত এটা কেমেৰা থাকিলহেঁতেন কিমান ভাল লাগিলহৈ! তাৰোপৰি মই যি দৃশ্য পৰিলক্ষিত কৰিছো৷ তলত জনসাগৰ, পিছফালে জলসাগৰ আৰু মই কেমেৰামেনসকলকো নিবেদন জনাইছো যে ইয়াৰ ফটো ভালেমান গ্ৰহণ কৰিলে, এতিয়া কেমেৰা অলপ সিফালে ঘুৰাওক…কিদৰে জনসাগৰ আৰু জলসাগৰৰ মিলন হৈছে৷ বোধহয় ফটোগ্ৰাফী ক্ষেত্ৰ লোকসকলৰ বাবে এনেকুৱা দৃশ্য খুব কমেইহে লাভ হয়৷ আৰু মই ইয়াৰ উদ্যোক্তাসকলকো এই অৱস্থানৰ বাবে, তেওঁলোকৰ সৌন্দৰ্যবোধৰ বাবে বিশেষভাৱে অভিনন্দন জনাইছো৷
আজিৰ দিনটোত মা নৰ্মদাৰ দৰ্শনৰ সৌভাগ্য হোৱা, পুজা-অৰ্চনাৰ সৌভাগ্য হোৱা, ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কি হ’ব পাৰে৷ মই গুজৰাট চৰকাৰৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো যে তেওঁলোকে মোক নমামী দেৱী নৰ্মদা সমাৰোহলৈ নিমন্ত্ৰণ দিছে আৰু ইয়াৰ অংশীদাৰ কৰিছে৷ মই সকলো গুজৰাটবাসীক এই উৎসৱৰ বাবে অলেখ অভিনন্দন জনাইছো আৰু এনেকুৱা এটা অৱকাশ যাৰ লাভ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাট…এই চাৰিওখন ৰাজ্যৰ লোকে, কৃষকে, সেই ৰাজ্যই জনতাই লাভ কৰিব৷
বন্ধুসকল, আমাৰ সংস্কৃতিক এয়া পূৰ্বৰে পৰাই মানি অহা হৈছে যে পৰিবেশৰ সুৰক্ষাৰ সৈতেও বিকাশ সম্ভৱ হ’ব পাৰে৷ প্ৰকৃতি আমাৰ বাবে আৰাধ্য, প্ৰকৃতি আমাৰ আভূষণ, আমাৰ অলংকাৰ৷ পৰিবেশক সংৰক্ষিত কৰি কিদৰে বিকাশ সম্ভৱ তাৰ জীৱন্ত উদাহৰণ আজি কেৱড়িয়াত দেখিবলৈ পোৱা গৈছে৷
আজি ৰাতিপুৱাৰে পৰা মই অনেক স্থানলৈ যোৱাৰ সুবিধা পাইছো৷ আৰু প্ৰতিটো স্থানতে মই প্ৰকৃতি আৰু বিকাশৰ এক অতুলনীয় সামঞ্জস্য অনুভৱ কৰিছো৷ এফালে চৰ্দাৰ সৰোবৰ বান্ধ আছে, বিদ্যুৎ উৎপাদনৰ যন্ত্ৰ আছে আৰু আনফালে একতা নাৰ্ছাৰী, পখিলা উদ্যান, কেকটাছ উদ্যানৰ দৰে পৰিবেশ পৰ্যটনৰ দৰে সুন্দৰ ব্যৱস্থাও আছে৷ এই সকলোবোৰৰ মাজত চৰ্দাৰ বল্লভভাই পেটেলৰ ভব্য প্ৰতিমাই যেনে আমাৰ ওপৰত আশীৰ্বাদ বৰষি আছে৷ মই ভাবো যে কেৱড়িয়াত প্ৰগতি, প্ৰকৃতি, পৰিবেশ আৰু পৰ্যটনৰ অদ্ভুত সংগম স্থাপিত হৈছে আৰু এয়া সকলোৰে বাবে প্ৰেৰণাদায়ক৷
বন্ধুসকল, আজি নিৰ্মাণ আৰু সৃজনৰ দেৱতা বিশ্বকৰ্মাৰো তিথি৷ নতুন ভাৰতৰ নিৰ্মাণৰ যি সংকল্প লৈ আমি আগবাঢ়িছো তাত ভগৱান বিশ্বকৰ্মাৰ দৰে সৃজনীশীলতা আৰু বৃহৎ লক্ষ্য প্ৰাপ্তিৰ ইচ্ছাশক্তিৰ অতিশয় আৱশ্যক৷ ভগৱান বিশ্বকৰ্মাই ভাৰতত আশীৰ্বাদ বৰ্ষণ কৰক এয়াই আমাৰ সকলোৰে প্ৰাৰ্থনা৷
আজি মই আপোনালোকৰ সন্মুখত ভাষণ প্ৰদান কৰাৰ মুহূৰ্তত চৰ্দাৰ সৰোবৰ বান্ধ আৰু চৰ্দাৰ চাহাবৰ বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমা, দুয়োটাই সেই ইচ্ছাশক্তি, সেই সংকল্পশক্তিৰ প্ৰতীক হিচাপে মূৰ্তমান হৈ উঠিছে৷
মোৰ বিশ্বাস যে তেওঁৰ প্ৰেৰণাৰ জৰিয়তে আমি নতুন ভাৰতৰ সৈতে জড়িত সংকল্প বাস্তৱায়িত কৰিম, প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিম৷
বন্ধুসকল, আজিৰ এই উপলক্ষ অতিশয় ভাৱনাত্মকো হৈছে৷ চৰ্দাৰ পেটেলে যি সপোন দেখিছিল সেয়া দশকৰ পিছত বাস্তৱায়িত হৈছে আৰু সেয়া চৰ্দাৰ চাহাবৰ ভব্য প্ৰতিমাৰ চকুৰ সন্মুখত হৈছে৷
আমি প্ৰথমবাৰলৈ চৰ্দাৰ সৰোবৰ বান্ধ সম্পূৰ্ণ ভৰ্তি হোৱা দেখা পাইছো৷ এটা সময় আছিল যেতিয়া ১২২ মিটাৰৰ লক্ষ্য প্ৰাপ্তিও এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছিল৷ কিন্তু আজি ৫ বছৰৰ ভিতৰত ১৩৮ মিটাৰলৈ চৰ্দাৰ সৰোবৰ পানী পূৰণ হোৱাটো এক অবিস্মৰণীয় ঘটনা হিচাপে পৰিগণিত হৈছে৷
বন্ধুসকল, আজিৰ এই স্থিতিত উপনীত হ’বলৈ লক্ষাধিক লোকে নিজৰ অৱদান আগবঢ়াইছে৷ সাধাৰণতম নাগৰিকেও যোগদান কৰিছে৷ সাধু-সন্তৰ ভূমিকাও অপৰিসীম৷ অনেক সামাজিক সংগঠনেও যোগদান কৰিছে৷ আজিৰ দিনটো সেই লক্ষাধিক লোকক কৃতজ্ঞতা প্ৰকাশৰ দিন৷ যিসকলে এই চৰ্দাৰ সৰোবৰ পৰিযোজনাত নিজৰ অৱদান আগবঢ়াইছে সেই সকলো মিত্ৰলৈ মই সেৱা জনাইছো৷
বন্ধুসকল, কেৱড়িয়াত আজি যিমান উৎসাহ পৰিলক্ষিত হৈছে সিমানেই উৎসাহ সমগ্ৰ গুজৰাটতো পৰিলক্ষিত হৈছে৷ আজি নলা, পুখুৰী, জুৰি, নদীসমূহৰ পৰিষ্কাৰকৰণৰ কাম কৰা হৈছে৷ আগন্তুক দিনকেইটাত বৃহৎ পৰিমাণে বৃক্ষপুলি ৰোপণৰ কামো তড়িৎ গতিত সম্পন্ন কৰা হ’ব৷ এয়া নিশ্চিতৰূপে অভিনন্দনীয়, প্ৰশংসনীয়৷ এই প্ৰেৰণাৰ ভিত্তিতেই জলজীৱন অভিযান আগবাঢ়িব আৰু দেশত জল সংৰক্ষণৰ আন্দোলন সফল হ’ব৷ গুজৰাটত হোৱা সফল প্ৰয়োগক, জন সহযোগিতাক, জন সহযোগিতাৰ সৈতে জড়িত অনেক গুৰুত্বপূৰ্ণ কামক আমি আগবঢ়াই লৈ যাব লাগিব৷ গুজৰাটৰ গাঁৱে গাঁৱে যিসকলে এই অভিযানৰ সৈতে দশকজুৰি জড়িত হৈ আছে তেওঁলোককো মই আহ্বান জনাম যে সমগ্ৰ দেশতে যাতে তেওঁলোকে নিজৰ অভিজ্ঞতা ব্যাখ্যা কৰে৷
বন্ধুসকল, আজি কচ্চ আৰু সৌৰাষ্ট্ৰৰ সেইসমূহ স্থানতো মা নৰ্মদাৰ কৃপা বৰষিছে য’ত পূৰ্বে কেইবাসপ্তাহ পৰ্যন্তও পানীৰ সুবিধা লাভ কৰিব পৰা নগৈছিল৷ গুজৰাটত পূৰ্বে পানীৰ বাবে হোৱা যুদ্ধত গুলীবৰ্ষণো হৈছিল৷ কন্যা-ভগ্নীসকলে খোৱা পানীৰ ব্যৱস্থাৰ বাবে ৫-৫,১০-১০ কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়িবলগীয়া হৈছিল৷ গ্ৰীষ্ম আৰম্ভ হোৱাৰ সময়ত উত্তৰ গুজৰাটবাসীয়ে নিজৰ নিজৰ পশুধনসহিতে পানী থকা স্থানলৈ শ শ কিলোমিটাৰ দূৰলৈ যাবলগীয়া হৈছিল৷ তেওঁলোকে ঘৰ, গাঁও, খেতি সকলো এৰি যাবলৈ বাধ্য হ’বলগীয়া হৈছিল৷ মোৰ মনত আছে, ২০০০ চনত ভয়ংকৰ গৰমত এই অৱস্থা হৈছিল যে ৰাজকোট, সূৰ্য নগৰ, জাম নগৰলৈ পানী যোগান ধৰাৰ বাবে ভাৰতত প্ৰথমবাৰলৈ বিশেষ জল ৰে’ল চলাবলগীয়া অৱস্থা হৈছিল৷
বন্ধুসকল, আজি সেই পুৰণি দিনবোৰ ৰোমন্থন কৰিলে এনে লাগে যে গুজৰাট এতিয়া কিমান দূৰ আগবাঢ়ি গৈছে৷ আপোনালোকে গৌৰৱ অনুভৱ কৰে নে নকৰে, আপোনালোকে সুখী অনুভৱ কৰে নে নকৰে৷ আপোনালোকে যেতিয়া মোক এই দায়িত্ব প্ৰদান কৰিলে তেতিয়া আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান আছিল৷ সিঞ্চনৰ বাবে, খোৱা পানীৰ বাবে, বিদ্যুতৰ বাবে বান্ধৰ কাম ক্ষীপ্ৰ কৰাৰ প্ৰয়োজন আছিল৷ দ্বিতীয়তে, নৰ্মদা কেনেলৰ নেটৱৰ্কক আৰু বৈকল্পিক সিঞ্চন ব্যৱস্থাৰো অগ্ৰগতি প্ৰদানৰ আৱশ্যক আছিল৷ আপোনালোকে চিন্তা কৰক, ২০০১ বৰ্ষলৈ মুখ্য গাঁথনিৰ কাম কেৱল ১৫০ কিলোমিটাৰলৈহে সম্পন্ন হৈছিল৷ সিঞ্চন ব্যৱস্থা আৰু গাঁথনিৰ জালৰ কাম আধৰুৱা হৈ আছিল৷ কিন্তু আপোনালোক সকলোৱে, গুজৰাটবাসীয়ে সাহস নেহেৰুৱালে৷
আজি সিঞ্চনৰ যোজনাৰ এক ব্যাপক নেটৱৰ্ক গুজৰাটত স্থাপিত হৈছে৷ বিগত ১৭-১৮ বছৰত প্ৰায় দুগুণ ভূমি সিঞ্চনৰ পৰিসৰলৈ অনা হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, আপোনালোকে কল্পনা কৰিব পাৰে, টোপাল সিঞ্চন, মাইক্ৰ’ জলসিঞ্চনৰ পৰিসৰ ২০০১ চনত কেৱল ১৪ হাজাৰ হেক্টৰ আছিল আৰু প্ৰায় কেৱল ৮ হাজাৰ খেতিয়কেহে ইয়াৰ সুবিধা লাভ কৰিছিল৷ প্ৰতিটো টোপাল অধিক টোপালৰ অভিযান আৰম্ভ কৰা হ’ল, পানী সংৰক্ষণৰ অভিযান আৰম্ভ কৰা হ’ল, মাইক্ৰ’ জলসিঞ্চনত গুৰুত্ব প্ৰদান কৰা হ’ল৷ আৰু পূৰ্বৰ কেৱল ১২-১৪ হাজাৰ হেক্টৰৰ স্থানত আজি ১৯ লাখ হেক্টৰ ভূমিত…মই গুজৰাটৰ কথা কৈ আছো৷ আজি ১৯ লাখ হেক্টৰ ভূমি মাইক্ৰ’ জলসিঞ্চনৰ পৰিসৰলৈ আহিল৷ আৰু প্ৰায় ১২ লাখ কৃষক পৰিয়ালে ইয়াৰ সুবিধা লাভ কৰিছে৷ এই সকলোবোৰ আপোনালোকৰ সহযোগিতা অবিহনে সম্ভৱ নাছিল৷ গুজৰাটৰ গাঁৱৰ কৃষকসকলৰ সংবেদনশীলতা অবিহনে এয়া সম্ভৱ নাছিল৷ নতুন বিজ্ঞান, প্ৰযুক্তি আঁকোৱালি লৈ গুজৰাটৰ কৃষকসকলৰ স্বভাৱ পৰিণাম এয়াই আছিল যে আমি ইমান বৃহৎ সপোন এটা বাস্তৱায়িত কৰিব পাৰিলো৷ গুজৰাটৰ কৃষিভূমিত প্ৰতিটো টোপাল অধিক টোপালৰ সুবিধা প্ৰদান কৰা হ’ল৷ কিছু সময় পূৰ্বে আই আই এম আহমেদাবাদে এই সন্দৰ্ভত অধ্যয়ন কৰিছিল৷ মই আপোনালোকক আৰু দেশবাসীক এই সন্দৰ্ভত বিতংভাৱে জনাব খুজিছো৷
বন্ধুসকল, এই অধ্যয়নত মাইক্ৰ’ জলসিঞ্চনৰ ফলত টোপাল সিঞ্চন আৰু টুংকলাৰৰ বাবে গুজৰাট ৫০ শতাংশ পানী ৰাহি হৈছে বুলি প্ৰকাশ পাইছে৷ ২৫ শতাংশ পৰ্যন্ত সাৰৰ ব্যৱহাৰ কম হৈছে৷ ৪০ শতাংশ পৰ্যন্ত শ্ৰমিক ব্যয় হ্ৰাস হৈছে আৰু বিদ্যুতৰ ৰাহি হোৱাটোও আন এটা লাভ হৈছে৷ এয়াই নহয়, এফালে ৰাহি হোৱাৰ লগতে আনফালে ফচলৰ উৎপাদনতো ৩০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে৷ লগতে প্ৰতি হেক্টৰত প্ৰতিটো কৃষক পৰিয়ালৰ আয়ত প্ৰায় চাৰে পোন্ধৰ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি হৈছে৷
বন্ধুসকল, মোৰ মনত আছে, যেতিয়া কচ্চলৈ নৰ্মদাৰ পানী লৈ যোৱা হৈছিল তেতিয়া মই কৈছিলো যে এই পানী কচ্চৰ বাবে পৰশমণি হিচাপে বিবেচিত হ’ব৷ মা নৰ্মদাৰ পানীয়ে কেৱল কচ্চকেই নহয়, সৌৰাষ্ট্ৰকেই নহয়, গুজৰাটৰ এক বৃহৎ অংশৰ বাবে পৰশমণি হিচাপে বিবেচিত হোৱাত মই সুখী অনুভৱ কৰিছো৷ নৰ্মদাৰ পানী কেৱল পানী নহয়, সেয়া হ’ল পৰশমণি, যি ভূমিক সোণলৈ পৰিৱৰ্তিত কৰিব পাৰে৷ নৰ্মদাৰ পানীৰ বাবে সিঞ্চনৰ সুবিধা বৃদ্ধি হোৱাৰ লগতে নলৰ দ্বাৰা জল বিতৰণৰ পৰিসৰো বিগত দুটা দুশকত তিনি গুণলৈ বৃদ্ধি হৈছে৷ ২০০১ চনত গুজৰাটৰ কেৱল ২৬ শতাংশ ঘৰত নলৰ পানীৰ সুবিধা উপলব্ধ হৈছিল৷ অৰ্থাৎ যেতিয়াৰে পৰা দেশত ঘৰে ঘৰে নলেৰে পানী যোগানৰ কাম আৰম্ভ হৈছে তেতিয়াৰে পৰা ২০০১ চনলৈ অৰ্থাৎ প্ৰায় ৫ দশক পৰ্যন্ত কেৱল ২৬ শতাংশহে সামৰি লোৱা হৈছে৷ আজি আপোনালোকৰ প্ৰয়াসৰ প্ৰভাৱৰ ফলত, গুজৰাটৰ যোজনাসমূহৰ প্ৰভাৱৰ ফলত ৰাজ্যৰ ৭৮ শতাংশ ঘৰতে নলেৰে পানী যোগানৰ সুবিধা উপলব্ধ হৈছে৷ এই প্ৰেৰণাৰ সৈতে আমি সমগ্ৰ দেশৰ প্ৰতিখন ঘৰলৈ পানী যোগানৰ লক্ষ্য সিদ্ধি কৰিব লাগিব৷
ভাতৃ আৰু ভগ্নীসকল, আজি সোণ যোজনাই হওক, সুজলাম-সুফলাম যোজনাই হওক, আজি গুজৰাটৰ গাঁও আৰু চহৰ দ্ৰুত গতিত পানীৰ নেটৱৰ্কৰ সৈতে জড়িত হৈ পৰিছে৷ মই গুজৰাট চৰকাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী আনন্দীবেন আৰু এতিয়া ৰুপানী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিখন ঘৰলৈ, প্ৰতি কৃষিভূমিলৈ, পানীৰ সৈতে জড়িত অভিযানক আগুৱাই নিয়াৰ বাবে সকলো চৰকাৰক অনেক অভিনন্দন জনাইছো৷
বন্ধুসকল, সিঞ্চনৰ সুবিধা লাভৰ দ্বাৰা আৰু এটা লাভ গুজৰাটৰ কৃষকসকলে লাভ কৰিলে৷ পূৰ্বতে কৃষকসকলে পৰম্পৰাগত ফচল উৎপাদন কৰিছিল৷ কিন্তু সিঞ্চনৰ সুবিধাৰ পিছত নগদী ফচলৰ উৎপাদন আৰম্ভ হ’ল, উদ্যানশস্যৰ দিশত তেওঁলোক অগ্ৰসৰ হ’ল৷ নগদী কাম হ’বলৈ ধৰিলে৷ অলপতে এটা অধ্যয়নত এই পৰিৱৰ্তনৰ দ্বাৰা কৃষক পৰিয়ালৰ আয় বৃদ্ধি পাইছে বুলি প্ৰকাশ পাইছে৷
ভাতৃ আৰু ভগ্নীসকল, গুজৰাটসহিতে দেশৰ সকলো কৃষক পৰিয়ালৰ আয় ২০২২ চন পৰ্যন্ত দুগুণ কৰিবলৈ অনেক দিশত অনেক প্ৰয়াস কৰা হৈছে৷ নতুন চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত এই সন্দৰ্ভত অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ লাভ এতিয়া গুজৰাটৰ প্ৰতিটো কৃষক পৰিয়ালে লাভ কৰিছে৷
কিছুদিন পূৰ্বে ক্ষুদ্ৰ কৃষক আৰু ক্ষুদ্ৰ দোকানী, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে পেঞ্চন যোজনাৰ আৰম্ভ কৰা হৈছে৷ ইয়াৰ লাভো গুজৰাটৰ আৰু দেশৰ সকলো কৃষক পৰিয়ালে লাভ কৰিব৷
বন্ধুসকল, গুজৰাটৰ কৃষক, ব্যৱসায়ী আৰু অন্য নাগৰিকৰ বাবে পানীৰ জৰিয়তে পৰিবহণৰো এক ব্যাপক ব্যৱস্থা কৰা হৈছে৷ ঘোঘা-দহেজৰ ৰো-ৰো ফেৰী সেৱা, ইয়াৰ শুভাৰম্ভ কৰাৰ সুযোগ মই লাভ কৰিছো৷ মোক কোৱা হৈছে যে এই ফেৰীৰ সুবিধা চাৰে তিনি লাখতকৈও অধিক যাত্ৰীয়ে লাভ কৰিছে৷ এয়াই নহয়, প্ৰায় ৭০ হাজাৰ গাড়ীও ইয়াৰ সহায়ত পৰিবহণ কৰা হৈছে৷ চিন্তা কৰক, পূৰ্বতে চাৰে তিনিশ কিলোমিটাৰ অতিক্ৰম কৰিবলগীয়া হৈছিল৷ এতিয়া সাগৰেৰে কেৱল ৩১ কিলোমিটাৰহে অতিক্ৰম কৰিব লাগে৷ ক’ত চাৰে তিনিশ কিলোমিটাৰ আৰু ক’ত ৩১ কিলোমিটাৰ৷ এই সুবিধাই জনসাধাৰণৰ উপকৃত কৰাৰ লগতে সময়ো ৰাহি কৰিছে৷ পৰিবেশৰ সুৰক্ষা হৈছে৷ আৰ্থিক ৰূপত সহায়ক হৈছে৷
বন্ধুসকল, এই ধৰণৰ সেৱা মুম্বাইৰ পৰা হাজীৰাৰ মাজত প্ৰণয়ন কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷ গুজৰাট চৰকাৰে এই সন্দৰ্ভত সাংবিধানিক সন্মতি প্ৰদান কৰিছে৷ অতি শীঘ্ৰেই ইয়াৰ কাম আৰম্ভ হ’ব৷ ৰো-ৰো ফেৰীৰ দৰে প্ৰকল্পৰ দ্বাৰা গুজৰাটৰ জল পৰ্যটনো সম্প্ৰসাৰিত হ’ব৷
বন্ধুসকল, পৰ্যটনৰ কথা কোৱাৰ সময়ত ষ্টেচু অব্ ইউনিটীৰ চৰ্চা হোৱাটো স্বাভাৱিক৷ ইয়াৰ বাবে কেৱড়িয়া আৰু গুজৰাটে সমগ্ৰ বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান লাভ কৰিছে৷ ইয়াৰ লোকাৰ্পণ হোৱা কেৱল ১১ মাহতে, এবছৰো হোৱা নাই, ১১ মাহতে এই পৰ্যন্ত ২৩ লাখতকৈও অধিক পৰ্যটকে আমাৰ চৰ্দাৰ পেটেলৰ ষ্টেচু অব্ ইউনিটী চাবলৈ আহিছে৷
প্ৰতিদিনে ইয়ালৈ চাৰে আঠ হাজাৰ পৰ্যটক আহে৷ মোক কোৱা হৈছে যে যোৱা মাহত জন্মাষ্টমীৰ দিনা অভিলেখ সংখ্যক ৩৪ হাজাৰতকৈও অধিক পৰ্যটক এই স্থানলৈ আহিছিল৷ এয়া ইমান বৃহৎ উপলব্ধি আপোনালোকে এই কথাৰ পৰা অনুমান কৰিব পাৰে যে আমেৰিকাৰ ষ্টেচু অব্ লিবাৰ্টী চাবলৈ প্ৰতিদিনে ১০ হাজাৰ লোক উপস্থিত হয়, কিন্তু ষ্টেচু অব্ লিৰ্বাটী ১৩৩ বছৰ পুৰণি আৰু ষ্টেচু অব্ ইউনিটীৰ কেৱল ১১ মাহ হৈছে আৰু প্ৰতিদিনে চাৰে আঠ হাজাৰ লোক ইয়ালৈ অহাটো, ১১ মাহত ২৩ লাখ লোক ইয়ালৈ অহাটো এক বিস্ময়কৰ অভিজ্ঞতা৷
ভাতৃ আৰু ভগ্নীসকল, ষ্টেচু অব্ ইউনিটী আজি ইয়াৰ আদিবাসী ভাই-ভনীসকল তথা যুৱসমাজৰ কৰ্ম সংস্থাপনৰ মাধ্যম হৈ পৰিছে৷ আগন্তুক সময়ত যেতিয়াৰ ইয়াৰ পথ, ইয়াৰ পৰ্যটনৰ সৈতে জড়িত অন্য প্ৰকল্পসমূহ সম্পূৰ্ণ হ’ব তেতিয়া কৰ্ম সংস্থাপনৰ অৱকাশো অধিক বৃদ্ধি হ’ব৷ আজি ইয়াত যিবোৰ প্ৰকল্পৰ কাম শেষ হৈছে সেইবোৰ প্ৰত্যক্ষ কৰিবলৈ গৈছিলো৷ ইয়ালৈ অহাত সেইবাবে মোৰ অলপ পলম হ’ল, ট্ৰেফিকো ইমান নাছিল, তথাপিও চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন হ’ল আৰু সম্পূৰ্ণকৈ চোৱাও শেষ নহ’ল৷ ইয়াত ইমান ব্যাপক ৰূপত কাম…যেতিয়া ভৱিষ্যতে ইয়ালৈ পৰ্যটক আহিব, দুদিন-চাৰিদিন থাকিবলৈ মন কৰিব৷ ইয়াৰ শাক-পাচলি, ফল-ফুল, দুগ্ধ উৎপাদন কৰা আদিবাসী বন্ধুসকলে বৃহৎ বজাৰ ইয়াতেই লাভ কৰিব৷
আমি কেৱল এটা কথাত গুৰুত্ব প্ৰদান কৰিব লাগিব, সেয়া হ’ল এই অঞ্চলটোক প্লাষ্টিকৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব লাগিব৷ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ প্ৰভাৱৰ পৰা মুক্তিৰ বাবে সমগ্ৰ দেশে প্ৰয়াস কৰি আছে৷ মই জানিবলৈ পাইছো যে আপোনালোক সকলোৱে স্বচ্ছতাই সেৱা অভিযানৰ অধীনত এই কামত জড়িত হৈছে৷ কিন্তু আমি এয়া পাহৰিব নালাগিব যে আমাৰ পানী, আমাৰ বননি আৰু আমাৰ ভূমি যাতে প্লাষ্টিকমুক্ত হওক, ইয়াৰ বাবে আমি আৰু অধিক চেষ্টা কৰিব লাগে, প্ৰতিজন নাগৰিকে শপত গ্ৰহণ কৰিব লাগে, দায়বদ্ধ হ’ব লাগে৷
বন্ধুসকল, মই আৰম্ভণিতেই কৈছো যে ১৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা দিৱস হিচাপে পালন কৰা হয়৷ কিন্তু ১৭ ছেপ্টেম্বৰৰ দিনটোৰ আন এটা মহত্ব হ’ল যে আজিৰ দিনটোত…চৰ্দাৰ চাহাব আৰু ভাৰতৰ একতাৰ বাবে যি প্ৰয়াস কৰা হৈছে, ১৭ ছেপ্টেম্বৰ তাৰিখে সেই প্ৰয়াসৰ এক স্বৰ্ণিম পৃষ্ঠা সংযোজন কৰা হৈছে৷ আজি হায়দৰাবাদ মুক্তি দিৱসো৷ আজিৰ দিনটোতেই ১৯৪৮ চনত হায়দৰাবাদ ভাৰতৰ সৈতে মিলিত হৈছিল আৰু আজি হায়দৰাবাদ দেশৰ উন্নতি তথা প্ৰগতিৰ অংশীদাৰ হৈছে৷
কল্পনা কৰক, যদি চৰ্দাৰ বল্লভভাই, তেওঁৰ যি দূৰদৰ্শিতা তেতিয়া যদি নাথাকিলহেঁতেন তেন্তে আজি ভাৰতৰ নক্সা কেনে হ’লহেঁতেন আৰু ভাৰতৰ সমস্যা কিমান বৃদ্ধি হ’লহেঁতেন!
ভাতৃ-ভগ্নীসকল, চৰ্দাৰৰ এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ সপোন আজি দেশে বাস্তৱায়িত হোৱা দেখা পাইছে৷ স্বাধীনতাৰ সময়ত, স্বাধীনতাৰ পিছত বৰ্ষজুৰি যিবোৰ কাম আধৰুৱা হৈ পৰি ৰৈছে, সেইসমূহ পূৰণ কৰাৰ প্ৰয়াস আজি হিন্দুস্তানে কৰি আছে৷
জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনতাই ৭০ বছৰলৈ ভেদভাৱৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ইয়াৰ কু পৰিণাম, হিংসা আৰু বিচ্ছিন্নতাবাদৰ ৰূপত আধৰুৱা আশা আৰু আকাংক্ষাৰ ৰূপত, সমগ্ৰ হিন্দুস্তানে ভুগিবলগীয়া হৈছে৷
চৰ্দাৰ চাহাবৰ প্ৰেৰণাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত দেশে গ্ৰহণ কৰিছে৷ দশক পুৰণি সমস্যাৰ সমাধানৰ বাবে নতুন পথত অগ্ৰসৰ হোৱাৰ নিৰ্ণয় লোৱা হৈছে৷
মোৰ সম্পূৰ্ণ বিশ্বাস যে জম্মু-কাশ্মীৰ, লাডাখ আৰু কাৰ্গিলৰ লক্ষ লক্ষ সতীৰ্থৰ সক্ৰিয় সহযোগত আমি বিকাশ আৰু বিশ্বাসৰ নতুন ধাৰা বোৱাই নিয়াত সফল হ’ম৷
বন্ধুসকল, ভাৰতৰ একতা আৰু ভাৰতৰ শ্ৰেষ্ঠতাৰ বাবে আপোনালোকৰ এই সেৱক সম্পূৰ্ণৰূপে দায়ৱদ্ধ আৰু বিগত এশটা দিনত আমি এই দায়ৱদ্ধতা অধিক শক্তিশালী কৰি তুলিছো৷ বিগত এশ দিনত এটাৰ পিছত এটাকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াত কৃষকৰ কল্যাণৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি আৰু অৰ্থব্যৱস্থা সশক্ত কৰাৰ সমাধানো অন্তৰ্ভুক্ত কৰা হৈছে৷
মই এয়া নিৰ্বাচনৰ সময়তো আপোনালোকক কৈছিলো আৰু আজিও কও, আমাৰ এই নতুন চৰকাৰে পূৰ্বতকৈও অধিক ক্ষীপ্ৰতাৰে কাম কৰিব আৰু বৃহৎ লক্ষ্যত উপনীত হ’ব৷
পুনৰ বাৰ মই সমগ্ৰ গুজৰাটক চৰ্দাৰ চাহাবৰ সপোন বাস্তৱায়িত হোৱাৰ বাবে অনেক অভিনন্দন জনাইছো৷ আপোনালোকে মোক এই সুযোগ প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছো৷ আপোনালোক সকলোৱে আজি মোৰ ওপৰত যি আশীৰ্বাদ বৰ্ষণ কৰিছে… গুজৰাটৰ বাসিন্দাই, দেশৰ জনতাই, বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা লোক সকলে, মই আজি এই মাতা নৰ্মদাক সাক্ষী কৰি শিৰ দোৱাই তেওঁলোক সকলোকে সেৱা কৰিছো, তেওঁলোকক ধন্যবাদো দিছো৷ পুনৰ বাৰ দুয়োখন হাত ওপৰলৈ তুলি মোৰ সৈতে সমস্বৰে কওক…নৰ্মদে…এই ধ্বনি কচ্চলৈ শুনা পাব লাগিব….নৰ্মদে…নৰ্মদে….নৰ্মদে…৷
ভাৰত মাতাৰ জয়৷
ভাৰত মাতাৰ জয়৷
আপোনালোক সকলোকে অশেষ ধন্যবাদ৷
***
वी.आर.आर.के./शाहबाज़/ सतीश/ममता/MANN
At the public meeting in Kevadia, Jal Shakti and Jan Shakti converged.
— Narendra Modi (@narendramodi) September 17, 2019
Today’s public meeting was next to the ‘Statue of Unity’, and from there we got a clear glimpse of the Sardar Sarovar Dam.
I thank the thousands of sisters and brothers of Gujarat who joined us. pic.twitter.com/68KIg5DbBo
हमारी संस्कृति में हमेशा माना गया है कि पर्यावरण की रक्षा करते हुए भी विकास हो सकता है। प्रकृति हमारे लिए आराध्य है, प्रकृति हमारा आभूषण है। पर्यावरण को संरक्षित करते हुए कैसे विकास किया जा सकता है, इसका जीवंत उदाहरण अब केवड़िया में देखने को मिल रहा है।: PM
— PMO India (@PMOIndia) September 17, 2019
एक तरफ सरदार सरोवर बाँध है, बिजली उत्पादन के यंत्र हैं तो दूसरी तरफ एकता नर्सरी, बटर-फ्लाई गार्डन जैसी इको-टूरिज्म से जुड़ी बहुत ही सुंदर व्यवस्थाएं हैं। इन सबके बीच सरदार पटेल जी की भव्य प्रतिमा जैसे हमें आशीर्वाद देती नजर आती है।: PM
— PMO India (@PMOIndia) September 17, 2019
मैं समझता हूं कि केवड़िया में विकास, प्रकृति और पर्यटन की एक ऐसी त्रिवेणी बह रही है, जो सभी के लिए प्रेरणा है।: PM
— PMO India (@PMOIndia) September 17, 2019
आज ही निर्माण और सृजन के देवता विश्वकर्मा जी की जयंती भी है। नए भारत के निर्माण के जिस संकल्प को लेकर हम आगे बढ़ रहे हैं, उसमें भगवान विश्वकर्मा जैसी सृजनशीलता और बड़े लक्ष्यों को प्राप्त करने की इच्छाशक्ति बहुत आवश्यक है।: PM
— PMO India (@PMOIndia) September 17, 2019
आज जब मैं आपसे बात कर रहा हूं तो सरदार सरोवर बाँध और सरदार साहब की दुनिया की सबसे ऊंची प्रतिमा, दोनों ही उस इच्छाशक्ति, उस संकल्पशक्ति के प्रतीक हैं।: PM
— PMO India (@PMOIndia) September 17, 2019