পি এম ইণ্ডিয়া

এক প্ৰভাৱশালী অৰিহণা আগবঢ়োৱাৰ বাবে আগ্ৰহী ভাৰত
মানুহৰ সবলীকৰণৰ সৈতে পাৰিপাৰ্শ্বিকতাৰ ঘনিষ্ঠ সম্পৰ্ক আছেঃপ্ৰধানমন্ত্ৰী
ভূমিৰ গুণ-মান অৱনমন সমস্যাৰ সমাধান সূত্ৰ উলিয়াবলৈ উত্কৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে
উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়দাতঅনুষ্ঠিত‘ৰাষ্ট্ৰসংঘৰমৰুভূমিকৰণপ্ৰতিৰোধীসভাৰসদস্যমণ্ডলীৰচতুৰ্দশসন্মিলন’ৰশীৰ্ষসমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দিয়ে।
ভাষণ প্ৰসংগত তেওঁ, মৰুভূমিকৰণ সমস্যা প্ৰতিৰোধৰ দিশত প্ৰভাৱশালী অৰিহণা আগবঢ়োৱাৰ বাবে ভাৰতেবিশেষ আগ্ৰহ প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে।এই উদ্দেশ্য আগত ৰাখিয়েই আমি এই সভাৰ দুটা কাৰ্যকালৰ বাবে সহ-পৌৰহিত্যৰ গুৰু দায়িত্ব স্বীকাৰ কৰিছো বুলিও তেওঁ উল্লেখ কৰে।
ভাষণ প্ৰসংগততেওঁ কয়, ‘আমি ভাৰতীয়সকলে যুগ-যুগান্তৰ ধৰি ভূমিক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছো। আমাৰ ভাৰতীয় সংস্কৃতিত ধৰিত্ৰীক সদায়ে পবিত্ৰ বুলি গ্ৰহণ কৰা হয়। দৰাচলতে ধৰিত্ৰীক আমি মাতৃ হিচাপেই গ্ৰহণ কৰি আহিছো।’
‘আপোনালোকে চাগৈ শুনি আচৰিত হ’ব যে আজিৰ তাৰিখত পৃথিৱীৰ দুই-তৃতীয়াংশ দেশ মৰুভূমিকৰণ সমস্যাৰ সন্মুখীন হৈছে। এই তথ্যই বাস্তৱিকতেই অতিকে চিন্তনীয় বিষয় এটাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষিত কৰাৰ লগতে সম্প্ৰতিক পৃথিৱীয়ে সন্মুখীন হোৱা পানীৰ নাটনিৰ সমস্যাৰ সৈতে একেলগে সাঙুৰি মাটিৰ এই সমস্যাটোৰো অনতিবিলম্বে এক সমাধানসূত্ৰ আৱিষ্কাৰৰ গুৰুত্ব সকলোকে সঁকীয়াই দিয়ে। কাৰণ আমি যেতিয়া ভূমিৰ গুণ-মান অৱনমনৰ সমস্যা সমাধান কৰিববিচাৰো তেতিয়া পানীৰ নাটনিৰ সমস্যাৰো সমাধানৰ সূত্ৰ ওলায়।পানীৰ যোগান বৃদ্ধি কৰা, পানীৰ মাত্ৰা পুনৰ বৃদ্ধিৰ দিহা কৰা, পানীৰ নিৰ্গমণ ৰোধ কৰা আৰু মাটিৰ আদ্ৰতা অক্ষুন্ন ৰখাৰ দৰে পদক্ষেপসমূহ মাটি আৰু পানীৰ বাবে অৱলম্বন কৰিব খোজা মংগলকামী কৌশলৰ অতিকে গুৰুত্বপূৰ্ণ অংগ। মাটিৰ গুণ-মান অৱনমন সমস্যা প্ৰশমনৰ বাবে অতিকে জৰুৰী এক ‘গোলকীয় জল কৰ্ম–পৰিকল্পনা’ যুগুতোৱাৰ বাবে মই ‘ইউএনচিচি’-ৰ নেতৃবৃন্দক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাব খুজিছো।’–প্ৰধানমন্ত্ৰী উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘বন্ধুসকল, দীৰ্ঘ–ম্যাদী উন্নয়নৰ বাবে ভূমি–স্বাস্থ্য পুনৰ্গঠন কৰটো অতিকে প্ৰয়োজনীয় কথা। আজিৰ এই মুহূৰ্তত মোৰ ‘ইউএনএফচিচি’-ৰ পেৰিছ চিঅ’পি-ত উথ্থাপন কৰা ভাৰতৰ প্ৰস্তাৱৰ কথা মনলৈ আহিছে। মাটি-পানী-বায়ু-তৰু-তৃণৰ লগতে সকলো জীৱ-জন্তুৰ কল্যাণৰ বাবে সমতুলতা বৰ্তাই ৰখাটো যে ভাৰতীয় সংস্কৃতিক প্ৰমূল্যৰ এৰাব নোৱাৰা অংগ, সেই কথা এই প্ৰস্তাৱত বাৰুকৈয়ে উল্লেখ কৰা হৈছিল। বন্ধুসকল, আপোনালোকে চাগৈ শুনি ভাল পাব যে ভাৰতে ইয়াৰ সেউজ আস্তৰণৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ ইতিমধ্যেই সক্ষম হৈছে। ২০১৫-২০১৭ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চলৰ পৰিসৰ ০.৮নিযুত হেক্টৰ বৃদ্ধি পাইছে।’
প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰি কয়, ‘মোৰ চৰকাৰে কৃষকসকলৰ আয় দুগুণে বৃদ্ধি কৰিব পৰাকৈ কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত পতিত মাটিৰ উৰ্বৰাকৰণ আৰু ক্ষুদ্ৰ জলসিঞ্চনকো অন্তৰ্ভূক্ত কৰা হৈছে। আমি ‘প্ৰতিটোপাল পানীৰে অধিক শস্য’ৰ মন্ত্ৰ আওৰাই কামত আগবাঢ়িব খুজিছো। একে সময়তে আমি শূণ্য বাজেটৰে সম্পূৰ্ণ প্ৰকৃতিক পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰাত গুৰুত্ব আৰোপ কৰিছো। আমি প্ৰতিডোখৰ মাটিৰ গুণা-গুণ পৰীক্ষা কৰি খেতি কৰাৰ বাবে খেতিয়কসকলক উত্সাহিত কৰিবলৈ আন এখন আঁচনি ইতিমধ্যে আৰম্ভ কৰিছো। ইয়াৰ লগে লগে খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগৰ হাৰ কমাই আনি জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে জনসজাগতাও সৃষ্টি কৰা হৈছে। খেতিৰ বাবে জল-প্ৰৱন্ধন কৰাটো অতিকে জৰুৰী কথা। এই কথা বিবেচনা কৰিয়ে আমি জল-প্ৰৱন্ধনৰ সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পন্ন কৰিব পৰাকৈ ‘জলশক্তি মন্ত্ৰালয়’ গঠন কৰিছো।’ সেইদৰে, অনাগত বছৰদিয়েকৰ ভিতৰতে এবাৰ ব্যৱহাৰ্য প্নাষ্টিকৰ প্ৰচলন ভাৰতৰ পৰা সম্পূ্ৰণ ৰূপে নোহোৱা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছো বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
তেওঁ কয়, ‘আমি যিমানেই আঁচনি-কাৰ্যসূচী যুগুতাই ৰূপায়ণৰ ব্যৱস্থা নকৰো কিয়, বাস্তৱ ক্ষেত্ৰত পৰিৱৰ্তন কিন্তু সম্ভৱ হ’ব কাৰ্যক্ষেত্ৰত নামি পৰা দলগত প্ৰয়াসৰ জোৰতহে। এই সত্য ভাৰতে প্ৰত্যক্ষ কৰিছিল ‘স্বচ্ছ ভাৰত অভিযান’ৰ সময়ত। দেশৰ সকলো শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূৰ্ত ভাবে আগবঢ়ি আহি এই অভিযানত জপিয়ায় পৰাৰ বাবেই ২০১৪ চনত অনাময়ৰ হাৰ ১৪ শতাংশ থকা দেশখনত আজিৰ তাৰিখত এই হাৰ ৯৯ শতাংশ হৈছেগৈ।’
‘গোলকীয় ভূমি কৰ্মসূচী’ সন্দৰ্ভত ভাৰতৰ বচনবদ্ধতা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ইতিমধ্যে সাফল্য লাভ কৰা ভূমিৰ গুণ-মান অৱনমনৰ সমস্যা প্ৰশমন(এলডিএন) কৌশল সম্পৰ্কে যদি কোনোবা ৰাষ্ট্ৰই সহযোগিতা বিচাৰে তেন্তে ভাৰতে নিশ্চয় এই সহযোগিতা আগবঢ়াব। প্ৰসংগক্ৰমে তেওঁ ২০৩০চনৰ ভিতৰত ভাৰতে মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰৰ পৰিসৰ ২১নিযুত হেক্টৰৰ পৰা ২৬নিযুত হেক্টৰলৈ বৃদ্ধি কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে বুলিও তথ্য দাঙি ধৰে।
ইফালে, পতিত মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰৰ বাবে বিজ্ঞান সন্মত প্ৰয়াস আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ দৰে প্ৰসংগ বাস্তৱায়িত কৰিব পৰাকৈ ভাৰতে ‘ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ’ৰ অধীনত এক উত্কৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰিব বুলিতেওঁ ভাষণত উল্লেখ কৰে।তেওঁ কয়, এই কেন্দ্ৰই ‘দক্ষিণ দক্ষিণ সহযোগিতা কাৰ্যক্ৰম’ক আগবঢ়াই নিয়াৰ বাবে সক্ৰীয়তাৰে কাৰ্যসূচী ৰুপায়ণ কৰাৰ লগতে মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰ প্ৰসংগত জ্ঞান আহৰণ, প্ৰযুক্তি আৰু প্ৰশিক্ষণৰ সুযোগ গ্ৰহণ কৰিব খোজা সকলক সহায়ৰ হাত আগবঢ়াই যাব।
ভাষণৰ সামৰণিত তেওঁ, ওঁম দয়োঃ, অন্তৰীক্ষ শান্তিঃ–ৰ অন্তৰ্নিহিত দৰ্শনৰ বাখ্যা দাঙি ধৰি কয় যেএই শান্তি শব্দটোৱে কেৱল শান্তি কিম্বা হিংসাৰ বিৰোধিতাৰ কথাই কোৱা নাই। ইয়াত ই সমৃদ্ধিৰ কথাহে ক’ব খোজা হৈছে। বৰ্তী থাকিবলৈ সকলোৰে এক বিধি থাকে, একোটা উদ্দেশ্য থাকে আৰু সকলোৱে এই উদ্দেশ্য সফল কৰা ব্ৰতত ব্ৰতী হ’ব লাগে। এই উদ্দেশ্যৰ পূৰ্ণতাই সমৃদ্ধি।সেয়ে ইয়াত কোৱা হৈছে-আকাশ, স্বৰ্গ আৰু মহাকাশ সমৃদ্ধ হওক।
Addressing COP 14 UN Convention in Greater Noida. Watch. https://t.co/Fn2w4uquWQ
— Narendra Modi (@narendramodi) September 9, 2019
I welcome you all to India for the fourteenth session of the Conference of Parties to the United Nations Convention to Combat Desertification: PM
— PMO India (@PMOIndia) September 9, 2019
India also looks forward to making an effective contribution as we take over the COP Presidency for a two-year term :PM
— PMO India (@PMOIndia) September 9, 2019
Climate and environment impact both biodiversity and land. It is widely accepted that the world is facing the negative impact of climate change: PM
— PMO India (@PMOIndia) September 9, 2019
Climate change is also leading to land degradation of various kinds be it due to rise in sea levels and wave action, erratic rainfall and storms, and sand storms caused by hot temperatures: PM
— PMO India (@PMOIndia) September 9, 2019