Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আয়ুষ্মান ভাৰতে ৰক্ষা কৰিলে চট্টিশগড়ৰ ২১ বছৰীয়া যুৱকৰ জীৱন


চট্টিশগড়ৰ ২১ বছৰীয়া যুৱক সঞ্জয় বাৰগেম বিগত ১৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে  বুকুৰ বিষ, দ্ৰুত হৃদস্পন্দন, কাঁহ আৰু চুটি চুটি শ্বাস-প্ৰশ্বাসৰ সমস্যা লৈ চিকিৎসালয়ত ভৰ্তি হৈছিল।

তন্নতন্নকৈ ৰোগীগৰাকীক পৰীক্ষা কৰাৰ পিছত দেখা গ’ল যে ৰোগীগৰাকীৰ হৃদযন্ত্ৰত ডাবল ভাল্ভ সংৰোপনৰ প্ৰয়োজনীয়তা আছে

যিহেতু ৰোগীগৰাকী এটি অতি দৰিদ্ৰ পৰিয়ালৰ লোক, গতিকে তেনে এটা পৰিয়ালৰ পৰা এনেদৰে ভাল্ভ সংৰোপন কৰাটো তেনেই অসম্ভৱপ্ৰায় কাম। চিকিৎসকে দিয়া নিৰ্দেশানুসৰি তেওঁ সেই চিকিৎসা কৰাবলৈ অক্ষম আছিল। কাৰ্যতঃ বিমৰ্ষ মনেৰে তেওঁলোক গাওঁলৈ উভতি আহিবলগীয়া হ’ল। কিন্তু গাওঁলৈ উভতি অহাৰ পিছতেই তেওঁলোকে প্ৰধানমন্ত্ৰী জনআৰোগ্য যোজনাৰ বিষয়ে জানিবলৈ পায়, যিয়ে সঞ্জয় আৰু তেওঁৰ পৰিয়ালৰ মনত আশা জগাই তোলে। যিটো অস্ত্ৰোপচাৰৰ মুঠ ব্যয় প্ৰায় ২ লাখ টকা, সেই অস্ত্ৰোপচাৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বিগত ১৮ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি সম্প্ৰতি সুস্থ জীৱন অতিবাহিত কৰিছে সঞ্জয়ে।

http://164.100.117.97/WriteReadData/userfiles/image/image0012U0B.jpg

এতিয়া সঞ্জয়ে অনুভৱ নকৰে কোনো বুকুৰ বিষ আৰু এটা সুখী আৰু সুস্বাস্থ্য সম্পন্ন জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে সঞ্জয়।

আজি তেওঁ এগৰাকী সুস্থ লোক আৰু বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আঁচনিখনৰ সফলতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা ৩১ গৰাকী হিতাধিকাৰীৰ মাজৰ এগৰাকী।

আজিৰ পৰা ঠিক এবছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনত মুকলি কৰা এই আয়ুষ্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি, যাৰ লক্ষ্য হৈছে দেশৰ ১০.৭৪ কোটি দৰিদ্ৰ লোকক চিকিৎসা সুবিধাৰ সহজ আহৰণ প্ৰদান কৰা।

বিগত এটা বছৰত ৫০,০০০ ৰো অধিক সঞ্জয় বাৰগেম দৰে ৰোগীয়ে নিজ ৰাজ্যৰ বাহিৰত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে, য’ত তেওঁলোকে আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে শ্ৰেষ্ঠতম চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে।

http://164.100.117.97/WriteReadData/userfiles/image/image002G9UN.jpg

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PM-JAY), ৰ অধীনত ১৬,০৮৫ খন চিকিৎসালয় পঞ্জীয়ণভুক্ত হৈ আছে আৰু এই পৰ্যন্ত ৪১ লাখৰো অধিক হিতাধিকাৰীয়ে ইয়াৰ অধীনত চিকিৎসা লাভ কৰিছে আৰু ১০ কোটিৰো অধিক ই-কাৰ্ড বিতৰণ কৰা হৈছে।

২০,৭০০ ৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ এই আয়ুষ্মান ভাৰতৰ অধীনত সক্ৰিয় হৈ পৰিছে।

 

সবিশেষ চাবলৈ ইয়াত ক্লিক কৰক –

***

VRRK/SH/RD