Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰা অভিজিৎ বেনাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন


অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰা অভিজিৎ বেনাৰ্জীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

“আলফ্ৰেড ন’বেলৰ সোঁৱৰণত অৰ্থনীতি বিজ্ঞানত ২০১৯ৰ সন্মানীয় ছেৰিগেজ ৰিক্সবেংক বঁটা লাভ কৰাৰ বাবে অভিজিৎ বেনাৰ্জীক অভিনন্দন জ্ঞাপন কৰিছো৷ দৰিদ্ৰতা দূৰীকৰণত তেওঁ উল্লেখনীয় অৱদান আগবঢ়াইছে৷ মই লগতে সন্মানীয় ন’বেল বঁটা লাভ কৰা ইষ্টাৰ ডাফলো আৰু মাইকেল ক্ৰেমাৰকো শুভেচ্ছা জনাইছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

**************

VRRK/SH/MS