Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াত মুকলি কৰিলে প্ৰযুক্তিগত প্ৰদৰ্শনী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াত প্ৰযুক্তিগত প্ৰদৰ্শনী ক্ষেত্ৰ মুকলি কৰে৷

আৰক্ষী আৰু পেৰামিলিটেৰী বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত বিভিন্ন প্ৰযুক্তিগত প্ৰদৰ্শনীত নানা ধৰণৰ আধুনিক মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰা হয়৷

চিআইএছএফ, চিআৰপিএফ, বিএছএফ, এনএছজি আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীবাহিনীয়ে বিমান সুৰক্ষা, বাহিনীৰ আধুনিকীকৰণ, ডিজিটেল পদক্ষেপ বিষয়ত বিভিন্ন আধুনিক প্ৰযুক্তি প্ৰদৰ্শিত কৰে৷

চিআইএছএফে বিমানবন্দৰত মুখাৱয়ব চিনাক্ত কৰিব পৰা আধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ লগতে এনএছজিয়ে তেওঁলোকৰ সুৰক্ষা সামগ্ৰী, আধুনিৰ মাৰণাস্ত্ৰ আৰু ৰিম’ট নিয়ন্ত্ৰিত বাহন আৰু সামগ্ৰী প্ৰদৰ্শন কৰে৷

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘১১২’ নম্বৰৰ সূচনা কৰি কয় যে এই নম্বৰৰ জৰিয়তে সকলো জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰা যাব৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যৌন অপৰাধৰ ডাটাবেছ, ই-মুলাকাত আৰু অন্যান্য ডিজিটেল পদক্ষেপসমূহ প্ৰদৰ্শন কৰে৷

চিআৰপিএফে তেওঁলোকে লাভ কৰা পদকসমূহ প্ৰদৰ্শন কৰে৷ ১৯৩৯ চনৰ পৰা বিভিন্ন যুদ্ধত অংশগ্ৰহণ কৰা চিআৰপিএফৰ স্মাৰকসমূহো প্ৰদৰ্শিত কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰক্ষীবাহিনীৰ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে য’ত ‘বিশ্বাস প্ৰকল্প’ আৰু আধুনিক সঁজুলিসমূহৰ প্ৰদৰ্শন কৰা হয়৷ দিল্লী আৰক্ষীয়ে ডিজিটেল পদক্ষেপসমূহ প্ৰদৰ্শন কৰাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৰাষ্ট্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যৱহাৰ হোৱা সুৰক্ষা বাহনসমূহ প্ৰদৰ্শিত কৰে৷

***

VRRK/SH/AK/MANN