Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াস্থিত ষ্টেচু অফ ইউনিটীত ছৰ্দাৰ বল্লভভাই পেটেললৈ পুষ্পাঞ্জলি অৰ্পণ কৰে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপতবাক্য পাঠ কৰা


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে গুজৰাটৰ কেৱাড়িয়াস্থিত প্ৰখ্যাত ষ্টেচু অৱ ইউনিটীত লৌহ মানৱ ছৰ্দাৰ পেটেলক পুষ্পাঞ্জলি অৰ্পন কৰে৷

ছৰ্দাৰ পেটেলৰ জন্মবাৰ্ষিকী সমগ্ৰ দেশত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে৷

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্যমেৰে দেশজুৰি উদযাপিত হৈছে ‘একতাৰ বাবে দৌৰ’৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ছৰ্দাৰ পেটেলক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছো৷ আমাৰ দেশলৈ তেওঁৰ অৱদান চিৰস্মৰণীয়৷’
প্ৰধানমন্ত্ৰীয়ে লগতে অনুষ্ঠানত উপস্থিত ৰাইজক ৰাষ্ট্ৰীয় একতা দিৱসৰ সংকল্প পাঠ কৰায়৷

***

VRRK/KP/MS