Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশিষ্ট গণিতজ্ঞ ড০ বশিষ্ঠ নাৰায়ণ সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গণিতজ্ঞ ড০ বশিষ্ঠ নাৰায়ণ সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “গণিতজ্ঞ ড০ বশিষ্ঠ নাৰায়ণ সিং জীৰ বিয়োগৰ খবৰ পাই অতি দুঃখিত হৈছো৷ তেওঁৰ বিয়োগত দেশে জ্ঞান-বিজ্ঞান ক্ষেত্ৰৰ এক উজ্জ্বল প্ৰতিভাক হেৰুৱালে৷ তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনালো৷”

******

VRRK/SH/DB