পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত আদিত্য বিৰলা গ্ৰুপৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আয়োজিত স্বৰ্ণজয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে। আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ শ্ৰী কুমাৰ মংগলম বিৰলাই থাইলেণ্ডত আদিত্য বিৰলা গ্ৰুপৰ স্বৰ্ণজয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
এই সমাৰোহত উপস্থিত থকা চৰকাৰী বিষয়া আৰু উদ্যোগ জগতৰ শীৰ্ষপৰ্যায়ৰ ব্যক্তিসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আদিত্য বিৰলা গ্ৰুপৰ প্ৰতিগৰাকী কৰ্মীকেই তেওঁলোকৰ অনবদ্য কামৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে, যাৰ ফলশ্ৰুতিত হেজাৰ হেজাৰ লোকে ৰোজগাৰ লাভ কৰাৰ লগতে সকলোৰে সমৃদ্ধিও নিশ্চিত হৈছে। ভাৰত আৰু থাইলেণ্ডৰ মাজত মজবুত সাংস্কৃতিক সম্পৰ্ক সম্বন্ধে উল্লেখ কৰি তেওঁ কয় যে বাণিজ্য আৰু সংস্কৃতিৰ মাজত এন এক শক্তি নিহিত হৈ থাকে, যি শক্তিয়ে সমগ্ৰ বিশ্বকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিব পাৰে।
ভাৰতত সংশোধনীৰ দিশেৰে পৰিবৰ্তন
প্ৰধানমন্ত্ৰীয়ে বিগত পাচটা বছৰত চৰকাৰে লাভ কৰি ভালেমান সফলতাৰ গাঁথাৰ বিষয়েও কয়। তেওঁ কয় যে পৰম্পৰাগত পন্থা পৰিহাৰ কৰি আৰু এক অভিযানৰ মনোবৃত্তি লৈ কাম কৰাৰ বাবেই সংশোধনীৰ দিশবোৰত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো আমি। প্ৰথমে যিবোৰ কাম অসম্ভৱ বুলি ধৰি লোৱা হৈছিল, সেইবোৰ কামেই এতিয়া সম্ভৱপৰ হিচাপে গণ্য কৰা হৈছে। আৰু তাৰেই ফলশ্ৰুতিত ভাৰতত থকাৰ বাবে এয়া অত্যুত্তম সময় হিচাপে বিবেচিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব বেংকৰ ব্যৱসায় কৰাৰ সুচলতাৰ ৰেংকিংৰ ক্ষেত্ৰত ভাৰতে বিগত পাচ বছৰত ৭৯ টা ৰেংকৰ এক ব্যাপক উত্তৰণ ঘটাইছে আৰু ২০১৪ চনত থকা ১৪২ তম ৰেংকিংৰ পৰা উত্তৰণ ঘটাই ২০১৯ চনত এই ৰেংকিং হৈছেগৈ ৬৩ তম। ইয়াৰ ফলত স্বাভাৱিকতেই ব্যৱসায়ৰ বাতাবৰণ উন্নত কৰাৰ দিশেৰে সংশোধনী কৰাৰ বাবে আমাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ উমান পোৱা গৈছে। তেওঁ লগতে কয় যে বিশ্ব অৰ্থনৈতিক ফ’ৰাম ট্ৰেবল এণ্ড ট্যুৰিজম কম্পিটিটিভনেছ ইণ্ডেক্সৰ ক্ষেত্ৰতো ইয়াৰ উত্তৰণ সম্ভৱ হৈছে। আৰু ২০১৩ চনত থকা ইয়াৰ ৰেংকিং ৬৫ তম স্থানৰ পৰা উন্নত হৈ ২০১৯ চনত হৈছেগৈ ৩৪ তম স্থান। আৰাম, সুবিধাৰ বিভিন্ন ব্যৱস্থাৰ লগতে উন্নত বাট-পথ, যোগাযোগ ব্যৱস্থা আৰু আইন ব্যৱস্থাৰ ক্ষেত্ৰত শুধৰণি তথা সমগ্ৰ ব্যৱস্থা উন্নত কৰাৰ ফলশ্ৰুতিতে বিদেশী পৰ্যটকৰ আগমণ ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।
সঞ্চিত ধনক আাৰ্জিত ধন হিচাপে আৰু সঞ্চিত শক্তিক সৃজনীশীল শক্তি হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষ লাভ আহৰণ যোজনাৰ মাধ্যমেৰে বিভিন্ন ভুল-ক্ৰুটি তথা অভাৱ আঁতৰ কৰা আৰু শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আলোচনা কৰে, যাৰ ফলশ্ৰুতিত এতিয়ালৈ ২০ আৰৱ ডলাৰ ধনৰাশি ৰাহি হৈছে। তেওঁ কম বিদ্যুত্ ব্যয় কৰা এলইডি বাল্ব বিতৰণৰ বিষয়েও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে, যাৰ ফলত কাৰ্বনৰ নিৰ্যাস হ্ৰাস পাইছে।
ভাৰত – বিনিয়োগৰ এক আকৰ্ষণীয় স্থান
ভাৰতক জনসাধাৰণৰ বাবে সৰ্বাধিক অনুকূল কৰ প্ৰণালীৰ দেশ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে মধ্যবিত্ত শ্ৰেণীৰ ওপৰৰ কৰৰ পৰা কৰৰ বোজা হ্ৰাস কৰা, কৰৰ বাবে হাৰাশাস্তি কৰাৰ দিশবোৰ আঁতৰ কৰিবৰ বাবে ‘ফেচলেছ’ৰ ওপৰত মূল্যাংকন আৰম্ভ কৰা, কোম্পানীৰ বাবে কৰৰ হাৰ হ্ৰাস কৰাৰ উপৰিও অন্যান্য বিভিন্ন হিতকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে জিএছটিৰ আৰম্ভণিৰে পৰা অৰ্থনৈতিক একত্ৰিতকৰণৰ স্বপ্ন বাস্তৱত ৰূপায়িত হৈছে। তেওঁ লগতে কয় যে চৰকাৰে ইয়াক দেশৰ জনসাধাৰণৰ বাবে আৰু অধিক অনুকূল কৰি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ। এই আটাইবোৰ উপায়ৰ বাবে ভাৰতক বিনিয়োগৰ বাবে আটাইতকৈ উপযোগী স্থানসমূহৰ ভিতৰত অন্যতম হিচাপে অভিহিত কৰা হৈছে আৰু এয়া UNCTAD অনুসৰি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ শীৰ্ষ লক্ষ্য হিচাপে গণ্য কৰা হৈছে।
থাইলেণ্ড ৪.০ – ভাৰতৰ প্ৰাথমিকতাৰ পৰিপূৰক
প্ৰধানমন্ত্ৰীয়ে ভাৰতক পাচ ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে দেখা সপোনৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ অৰ্থনীতি ২০১৪ চনত থকা ২ ট্ৰিলিয়ন ডলাৰৰ পৰা বৃদ্ধি হৈ ২০১৯ চনত তিনি ট্ৰিলিয়ন হৈছেগৈ।
থাইলেণ্ডক এক মূল্ আধাৰিত সংশোধনীমুক্ত থাইলেণ্ডৰ থাইলেণ্ড ৪.০ শীৰ্ষক অভিযান আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া ভাৰতৰ ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, স্বচ্ছ ভাৰত অভিযান, স্মাৰ্ট চিটি, জল জীৱন মিশ্যনৰ লেখীয়া পদক্ষেপৰ পৰিপূৰক। তেওঁ কয় যে দুয়োখন দেশৰ ভৌগলিক – ৰাজনৈতিক ঘনিষ্ঠতা, সাংস্কৃতিক বুজাবুজি আৰু বাণিজ্যিক সম্পৰ্কক আৰু আগবঢ়াই নিবৰ বাবে ইচ্ছাশক্তিৰ লাভালাভ আহৰণ কৰিব লাগিব।
থাইলেণ্ডত আদিত্য বিৰলা গ্ৰুপ
ভাৰতীয় অৰ্থব্যৱস্থা ২২ বছৰ পূৰ্বে বিধিগতভাৱে মুকলি কৰা হৈছিল আৰু শ্ৰী আদিত্য বিক্ৰম বিৰলাই তেতিয়াই স্পিনিং ইউনিট স্থাপন কৰি থাইলেণ্ডত নিজৰ শক্তিশালী স্থিতিৰ আৰম্ভ কৰিছিল। আজি এই গ্ৰুপৰ ১.১ বিলিয়ন মাৰ্কিন ডলাৰৰ বিভিন্ন ব্যৱসায়ৰ বলতেই ই থাইলেণ্ডৰ সৰ্ববৃহত্ উদ্যোগসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে।
***
VRRK/SH/RD
We have gathered here to celebrate the Suvarna Jayanti or Golden Jubilee of the Aditya Birla Group in Suvarna Bhumi , Thailand: PM @narendramodi pic.twitter.com/NtJBv4YEIY
— PMO India (@PMOIndia) November 3, 2019
We are here in Thailand, with whom India has strong cultural linkages .
— PMO India (@PMOIndia) November 3, 2019
And, we are marking fifty years of a leading Indian industrial house in this nation: PM @narendramodi pic.twitter.com/6NmXEvfbLn
I am eager to give you a picture of some positive changes happening in India today.
— PMO India (@PMOIndia) November 3, 2019
I say this with full confidence- this is the best time to be in India: PM @narendramodi pic.twitter.com/lIBfGZke7D
India has seen many success stories in the last five years in various sectors.
— PMO India (@PMOIndia) November 3, 2019
The reason for this is not only the Governments.
India has stopped working in a routine, bureaucratic manner: PM @narendramodi pic.twitter.com/9FagP1VFpB
You would be shocked to know that for years, money was spent on the poor which did not really reach the poor.
— PMO India (@PMOIndia) November 3, 2019
Our Government ended this culture thanks to DBT.
DBT stands for direct benefit transfer. DBT has ended the culture of middlemen and inefficiency: PM @narendramodi pic.twitter.com/7URrYQIFUM
In today’s India, the contribution of the hard working tax payer is cherished . One area where we have done significant work is taxation.
— PMO India (@PMOIndia) November 3, 2019
I am happy that India is one of the most people friendly tax regimes. We are committed to further improving it even more: PM @narendramodi pic.twitter.com/1hCQljaQIo
All of what I have said just now makes India one of the world's most attractive economies for investment.
— PMO India (@PMOIndia) November 3, 2019
India received 286 billion US dollar FDI in the last five years. This is almost half of the total FDI in India in the last twenty years: PM @narendramodi pic.twitter.com/QDZlpBXdTc
India is now pursuing another dream- to become a five trillion dollar economy.
— PMO India (@PMOIndia) November 3, 2019
When my Government took over in 2014, India’s GDP was about 2 trillion dollars. In 65 years, 2 trillion. But in just 5 years, we increased it to nearly 3 trillion dollars: PM @narendramodi pic.twitter.com/yMo0EX6F5l
If there is one thing I am specially proud of, it is India’s talented and skilled human capital. No wonder India is among the world’s largest start-up eco-systems: PM @narendramodi pic.twitter.com/V8RkA2yAI9
— PMO India (@PMOIndia) November 3, 2019
When India prospers, the world prospers. Our vision for India’s development is such that it also leads to a better planet: PM @narendramodi pic.twitter.com/MubDEpoR5r
— PMO India (@PMOIndia) November 3, 2019
In the spirit of our Act East Policy, we are paying special attention to enhance connectivity with this region.
— PMO India (@PMOIndia) November 3, 2019
Direct connectivity between ports on Thailand’s west coast and ports on India’s east coast will enhance our economic partnership: PM @narendramodi pic.twitter.com/ZcEEMCGup9
For investment and easy business, come to India.
— PMO India (@PMOIndia) November 3, 2019
To innovate and starting up, come to India. To experience some of the best tourist sites and warm hospitality of people, come to India. India awaits you with open arms: PM @narendramodi pic.twitter.com/01ytLQfxm8