Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুনেৰ আইআইএছইআৰৰ বিজ্ঞানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্রৰ পুণেত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান প্ৰতিষ্ঠান(আইআইএছইআৰ)ৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে৷

আইআইএছইআৰৰ বিজ্ঞানীসকলে প্ৰধানমন্ত্রীক প্ৰদূষণমুক্ত বিদ্যুৎ উৎপাদনৰ প্ৰযুক্তি, কৃষিথণ্ডত জৈৱপ্ৰযুক্তি, প্রাকৃতিক সম্পদ অনুসন্ধানৰ বাবে নতুন নতুন সামগ্রী আৰু সঁজুলি প্ৰদৰ্শন কৰে৷ সেই সময়ত আণবিক জীৱবিদ্যা , এন্টিমাইক্র’বায়াল প্ৰতিৰোধী, জলবায়ু গৱেষণা, অর্থনীতিত গাণিতিক প্ৰয়োগকে ধৰি আধুনিক প্ৰযুক্তিৰ বিভিন্ন কৌশলো উপস্থাপন কৰে বিজ্ঞানীসকলে৷

প্ৰধানমন্ত্রীয়ে বিজ্ঞানীসকলৰ তথ্যসমৃদ্ধ উপস্থাপনৰ প্ৰশংসা কৰে৷ তেওঁ ভাৰতৰ দ্রুত বিকাশত সহায় কৰা তথা নির্দিষ্ট চাহিদা পূৰণৰ লক্ষ্যৰে কম ব্যয়সাপেক্ষ প্ৰযুক্তি উদ্ভাৱনৰ বাবে বিজ্ঞানীসকলক আহ্বান জনায়৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে আইআইএছইআৰ পুণৰ চৌহদ পৰিদৰ্শন কৰে৷ তেওঁ ছাত্ৰ-ছাত্রী আৰু গৱেষকসকলৰ সৈতে মতবিনিময়ো কৰে৷ তাত তেওঁক চি-জাকৰ দ্বাৰা বিকশিত ছুপাৰ কম্পিউটাৰ ‘পৰমব্ৰহ্ম’ও দেখুওৱা হয়। এই কম্পিউটাৰৰ ক্ষমতা ৭৯৭ টেৰাফ্লপ্ছ৷

দেশৰ বিজ্ঞানশিক্ষা আৰু গৱেষণাৰ ক্ষেত্রত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান প্ৰতিষ্ঠান এক অগ্ৰণী প্ৰতিষ্ঠান৷ প্ৰধানমন্ত্ৰীয়ে আৰক্ষীৰ মহানির্দেশকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে দুদিনীয়া কাৰ্যসুচীৰে পুণে ভ্ৰমণলৈ আহিছে৷

********

VRRK/SH/DB