পি এম ইণ্ডিয়া

মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী ৰাজনাথ সিংজী, শ্ৰী গজেন্দ্ৰ শ্বেখাৱটজী, সভাত উপস্থিত থকা মহানুভৱসকল, মোৰ আদৰৰ আইসকল আৰু সদাশয় ৰাইজ। দেশৰ বিভিন্ন প্ৰান্তৰ উমৈহতীয়া সেৱা কেন্দ্ৰ, গাঁও-পঞ্চায়ত আৰু অন্যান্য পঞ্চায়তসমূহৰ পৰা অহা কেইবাহাজাৰো সদস্য-সদস্যাৰ লগতে গাওঁবুঢ়াসকলেও আহি আজি ইয়াত সমবেত হৈছেহি। এই কাৰ্যক্ৰমত মানালীৰ পৰা তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে আমাৰ সৈতে সংযুক্ত হৈছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰজী, বন মন্ত্ৰী শ্ৰী গোবিন্দ সিংজী, সাংসদ ৰামস্বৰূপ শৰ্মাজী আদি। তদুপৰি অটলজীৰ প্ৰিয় গাঁৱৰ পৰাও কিছুসংখ্যক লোক আমাৰ সৈতে সংযুক্ত হৈছেহি। মই আপোনালোক আটাইকে সভালৈ আদৰণি জনাইছো, অভিনন্দন জ্ঞাপন কৰিছো।
আজি এই মঞ্চৰ পৰা মই পোন-প্ৰথমে দেশবাসীৰ লগতে পৃথিৱীবাসীলৈ পবিত্ৰ খ্ৰিষ্টমাছৰ বহুত বহুত অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিব খুজিছো।–মেৰী খ্ৰিষ্টমাছ!!!
আজি ভাৰতৰ দুগৰাকী ৰত্ন, আমাৰ সকলোৰে শ্ৰদ্ধাৰ অটল জী আৰু মহামান্য মদনমোহন মালব্যজীৰো জন্মদিন। মই তেওঁলোক দুয়োগৰাকীকে শ্ৰদ্ধাৰে প্ৰণিপাত কৰাৰ লগতে দেশবাসীৰ হৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছো।
প্ৰীণো-ত আজি অটলজীৰ সোঁৱৰণত পূজা-অৰ্চনাৰ লগতে অন্যান্য অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি মই জানিব পাৰিছো।
বন্ধুসকল, আজি দেশৰ এক অতিকে মহত্বপূৰ্ণ আৰু বৃহত্ পৰিযোজনা অটলজীৰ নামত উত্সৰ্গা কৰা হৈছে। হিমাচল প্ৰদেশক লাডাখ আৰু জম্মু-কাশ্মীৰৰে, মানালীক লেহ-ৰে সংযুক্ত কৰিব লগা ৰোহতংগ জল পৰিবাহী নলাক এতিয়াৰে পৰা অটল জল পৰিবাহী নলা নামেৰে নামাংকৃত কৰা হ’ব।অটলজীৰ জন্মদিনত হিমাচল প্ৰদেশ আৰু প্ৰীণো-ৰ ৰাইজলৈ কেন্দ্ৰীয় চৰকাৰৰ এয়া এক সামান্য উপহাৰ। যিগৰাকী ব্যক্তিয়ে এইটো জল পৰিবাহী নলাৰ প্ৰয়োজনীতা অনুভৱ কৰিছিল, যিগৰাকী ব্যক্তিৰ আগ্ৰহক এই প্ৰকল্পৰ পাথেয় কৰা হৈছিল, সেইগৰাকী ব্যক্তিয়েই হৈছে অটলবিহাৰী বাজপেয়ী। নলাটোৰ অটলজীৰ নামৰে নামকৃত হোৱা কথাটোৱে হিমাচলৰ সৈতে থকা তেওঁৰ গাঢ় সম্পৰ্ক, আৰু হিমাচলৰ ৰাইজৰ তেওঁৰ প্ৰতি থকা আদৰ আৰু অপৰিসীম মৰমৰ কথাকে প্ৰতিকী ৰূপত প্ৰতীয়মান কৰিছে বুলি উল্লেখ কৰিবই লাগিব।
বন্ধুসকল, পানীৰ প্ৰসংগ অটলজীৰ বাবে অতিকে মহত্বপূৰ্ণ আছিল, তেওঁৰ হৃদয়ৰে এই প্ৰসংগৰে সংপৃক্ত আছিল। পানীৰ প্ৰসংগত তেওঁৰ দূৰদৃষ্টিয়ে আমাক আজিও প্ৰেৰণা দি আহিছে।
‘অটল জল যোজনা’-ই হওঁক কিম্বা ‘জল জীৱন অভিযান’ৰে জড়িত হৈ থকা নিৰ্দেশনাৱলীয়েই হওঁক, ই ২০২৪চনৰ ভিতৰত দেশৰ প্ৰতিখন ঘৰলৈ পানীৰ যোগান নিশ্চিত কৰাৰ সংকল্পত সিদ্ধি লাভৰ দিশত এক বৃহত পদক্ষেপ হিচাপেই চিহ্ণিত হৈছে।
বন্ধুসকল, এয়া কেৱল পানীয়েই হয় যিয়ে ঘৰ, পথাৰ, উদ্যোগ আদি সকলো ক্ষেত্ৰকে প্ৰভাৱিত কৰে। আৰু আমাৰ দেশত পানীৰ প্ৰবাহৰ স্থিতি সম্পৰ্কে আপোনালোক নিশ্চয় সকলো অৱগত। পানীৰ এই সংকটপৰিয়াল হিচাপে, একোগৰাকী নাগৰিক হিচাপে আমাৰ বাবে চিন্তাজনকতো হয়েই, এখন দেশ হিচাপেও ই বিকাশক বাৰুকৈয়ে প্ৰভাৱিত কৰে।
নতুন ভাৰতক আমি যিকোনো ধৰণৰ জল-সংকটৰ পৰা বচোৱাৰ বাবে সদা-সচেতন হৈ থাকিব লাগিব। ইয়াৰ বাবে আমি পাঁচোটা স্তৰত একেলগে কাম কৰি আছো।
প্ৰথম- পানীযোগানৰে জড়িত বিভাগসমূহত থকা খোকোজাসমূহ আঁতৰোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছো।
দ্বিতীয়তে- ভাৰতৰ দৰে বিভিন্নতাৰে পূৰ্ণ দেশ এখনত আমি সকলো ধৰণৰ বাস্তৱ স্থিতি বিশ্লেষণ কৰিহে যোজনাৰ ৰেহ-ৰূপ ঠাৱৰ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছো।
তৃতীয়তে- যিমানখিনি পানী উপলব্ধ হয়, সেইখিনি পানীৰ সঞ্চয় আৰু বিতৰণ যাতে ভালদৰে কৰিব পৰা যায় সেই কথাত গুৰুত্ব আৰোপ কৰা হৈছে।
চতুৰ্থতে- প্ৰতি টোপাল পানীৰ যাতে সদ্ব্যৱহাৰ কৰিব পৰা যায়, পানীৰ যাতে পুনৰ ব্যৱহাৰো কৰিব পৰা যায়, এই আঁচনিত সেই কথাত প্ৰাথমিকতা প্ৰদান কৰা হৈছে। আৰু
পঞ্চমতে- সবাতোকৈ মহত্বপূৰ্ণ কথাটো হৈছে—জন সজাগতা আৰু গণ অংশীদাৰিত্ব।
নিৰ্বাচনৰ আগতে আমি যেতিয়া পানীৰ নামত উত্সৰ্গিত এটা জলশক্তি মন্ত্ৰালয় গঠনৰ কথা কৈছিলো, তেতিয়া একাংশ ব্যক্তিয়ে এয়া আকৌ কেনেকুৱা প্ৰতিশ্ৰুতিবুলি মন্তব্য বুলি কৰিছিল। অৱশ্যে ৰাইজৰ তেনেই সামান্য অংশ এটাই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰা পৰিলক্ষিত হৈছিল।
বন্ধুসকল,দীৰ্ঘ সময় ধৰি আমাৰ দেশত পানীৰে বিভিন্ন কাৰ্যক্ৰম, সেয়া লাগিলে সম্পদেই হওক, সংৰক্ষণেই হওক অথবা প্ৰৱন্ধনেই হওক সকলোবোৰ কাৰ্যক্ৰম বেলেগ বেলেগ বিভাগ আৰু মন্ত্ৰালয়ৰ অধীনস্থ আছিল। এক কথাত ক’বলৈ গ’লে মই যিবোৰ অসুবিধাৰ কথা উল্লেখ কৰিব খুজিছিলো এয়া তাৰ এক উত্কৃষ্ট নিদৰ্শন আছিল। ইয়াৰ পৰিণতিত কেতিয়াবা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত, কেতিয়াবা আকৌ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ মাজত, কেতিয়াবা বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ৰ মাজত প্ৰায়েই বিবাদ, কিবা নহয় কিবা সমস্যাৰ উদ্ভৱ হৈয়ে থাকিছিল। ইয়াৰ ফলত পানীৰ দৰে মৌলিক আৱশ্যকতা থকা বিষয় এটাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰিব লগীয়া কল্যাণকামী দৃষ্টিভংগী পূৰ্ব চৰকাৰৰ দিনত কৰিব পৰা নাছিল। জলশক্তি মন্ত্ৰালয়ে এনেধৰণৰ আধাডুখৰীয়া প্ৰয়াসৰ পৰা পানীৰ দৰে প্ৰসংগ এটাক বহিৰলৈ উলিয়াই আনি এক ব্যাপক পৰিসৰৰ প্ৰয়াসত গুৰুত্ব আৰোপ কৰিলে। শেহতীয়া বাৰিষাৰ সময়চোৱাতে সমাজৰ লগতে জলশক্তি মন্ত্ৰালয়ৰ ফালৰ পৰাও জল-সংৰক্ষণৰ লক্ষ্যৰে কেনে এক ব্যাপক তত্পৰতা প্ৰদৰ্শন কৰা হৈছিল সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছোহক।
বন্ধুসকল, যি ক্ষেত্ৰীয় বিভিন্নতাৰ কথা মই উল্লেখ কৰিছো, সেয়া পানীৰ জড়িত বহু যোজনাৰ বাবে বাৰুকৈয়ে মহত্বপূৰ্ণ কথা। আমাৰ দেশততো কথাতে কোৱা হয় যে প্ৰতিটো কোষৰ অন্তৰে অন্তৰে পানী সলনি হয়। ইমান এখন বিবিধতাৰে পূৰ্ণ, ইমান বিস্তৃত পৰিসৰৰ এখন দেশত পানীযোগানৰ দৰে বিষয় এটাৰ বাবে প্ৰতিটো ক্ষেত্ৰৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িব লাগিব। এই ধৰণৰ চিন্তাই ‘অটল জল যোজনা’ৰ বুনিয়াদ ৰছনা কৰিছিল। অৰ্থাত, এফালে ‘জল জীৱন অভিযানে’ প্ৰতিখন ঘৰলৈ পাইপৰে পানীৰ যোগান নিশ্চিত কৰাৰ বিপৰীতে ‘অটল জল যোগান যোজনা’ই ভূ-তল জলৰ স্তৰ বহুত তলত থকা অঞ্চলসমূহত বিশেষ দৃষ্টি ৰাখিব। এই যোজনাই মহাৰাষ্ট্ৰ, হাৰিয়ানা, কৰ্ণাটক, ৰাজস্থান, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু গুজৰাট, এই সাত ৰাজ্যত ভূ-তলজল উত্তোলনৰ ক্ষেত্ৰত বিশেষ ভাবে সহযোগিতা আগবঢ়াব। উল্লেখ্য, এই সাতখন ৰাজ্যৰ ৭৮খন জিলাৰ ৮,৩০০তকৈয়ো অধিক গাঁও পঞ্চায়তত ভু-তল জলৰ স্তৰ উদ্বেগজনক ভাৱে নিম্নগামী হৈছে। ইয়াৰ পৰিণাম ৰাইজে ভূগিবলগীয়া হৈছে। এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হোৱা সেই অঞ্চলসমূহৰ একাংশ ৰাইজে এই পৰিস্থিতিৰ কথা খুউব ভালকৈয়ে জানে।
বন্ধুসকল, এনেবোৰ সমস্যাৰ পৰা ৰাইজক মুক্তি দিবলৈকে জল-স্তৰৰ শুধৰণি কৰাত গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে ব্যাপক সজাগতা অভিযান চলোৱাৰ লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইণ্টাৰনেট আদিৰে জৰুৰী তথ্যৰ সৰবৰহৰ দৰে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন হ’ব। সৰ্বোপৰি আমি জল-সংৰক্ষণ আৰু সংবৰ্ধনত গুৰুত্ব প্ৰদান কৰিব লাগিব।
পিছে, এয়ানো সম্ভৱ হ’ব কেনেকৈ?
এইটো গোটৰনো নেতৃত্ব ল’ব কোনে?
বিষয়া, কৰ্মচাৰী, আমোলাই?
নিশ্চয় নহয়। ইয়াৰ বাবে আমি জলসংকটে জুৰুলা কৰা ব্যক্তিসকলক জড়িত কৰিব লাগিব। ইয়াৰ বাবে আমি প্ৰতিটো পৰিয়ালৰ প্ৰকৃত গুৰিয়াল আমাৰ মাতৃ-ভগ্নীসকলৰ কাষ চাপিব লাগিব। পানীৰ ব্যৱহাৰত যাতে সকলো মিতব্যয়ী হয়, পৰাপক্ষত পানীৰ পুনৰ ব্যৱহাৰৰ বাবে যাতে সকলো সচেতন হয়, সমাজত এনেধৰণৰ এক অনুশাসনৰ পৰিৱেশ গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে আমি খেতিয়ক ৰাইজৰ ওচৰলৈও যাব লাগিব। আমাৰ খেতি-বাতিবোৰ সাধাৰণতে ভূ-জলৰ সিঞ্চনৰ ওপৰত বিশেষ ভাবে নিৰ্ভৰশীল। কিন্তু এই কথাও সত্য যে জল-সিঞ্চনৰ বাবে আমি চলাই অহা পুৰণি পদ্ধতিত বহুত পানীৰ অপচয় হয়। ইফালে কুঁহিয়াৰ, ধানৰ দৰে বহু শস্যই প্ৰচুৰ পৰিমাণৰ পানী বিচাৰে। সেয়ে এনে শস্যৰ খেতি কৰা অঞ্চলসমূহত ভূ-জলৰ স্তৰ অধিক পৰিমাণে নিম্নগামী হোৱা দেখা যায়। এনে পৰিস্থিতিৰ পৰিৱৰ্তন কৰিবলৈ হ’লে আমি কৃষকসকলক বৰষুণৰ পানী সঞ্চয় কৰাৰ লগতে বিকল্প শস্যৰ খেতি কৰা, ক্ষুদ্ৰ-জলসিঞ্চনত অধিক গুৰুত্ব দিয়াৰ বাবে উত্সাহিত কৰিব লাগিব। আমি ‘প্ৰতি টোপাল পানীত অধিক শস্য উত্পাদন’ৰ মন্ত্ৰক অধিক জনপ্ৰিয় কৰিব লাগিব।
বন্ধুসকল, আমি যেনেকৈ আয় চাই ব্যয় কৰাৰ বাবে নিজা নিজা বাজেট বনাও, সেইদৰেই পানীৰ নাটনি থকা অঞ্চলসমূহৰ ৰাইজেও জল-বাজেট তৈয়াৰ কৰি সেই মতে শস্য উতপাদনৰ অভ্যাস গঢ়ি তোলাৰ বাবে উত্সাহিত কৰিব লাগিব। আৰু এতিয়া আমাৰ সৈতে সংযুক্ত হোৱা গাঁৱৰ ৰাইজক মই এটা কথা ক’ব খুজিছো যে ‘অটল জল যোজনা’ৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দায়িত্ব কিন্তু আপোনালোকেই ল’ব লাগিব। আপোনালোকে ভালকৈ কাম কৰিলে আপোনালোকৰ গাঁৱৰ মংগলতো হ’বই লগতে আপোনালোকৰ পঞ্চায়তসমূহৰো মংগল সাধন হ’ব। সেয়ে যিসমূহ গাঁৱে ভাল কাম কৰিব তেওঁলোকক অধিক পুঁজি দিয়াৰ বাবে ‘অটল জল যোজনা’ত বিশেষ ব্যৱস্থা ৰখা হৈছে।
পঞ্চায়তৰ প্ৰিয় প্ৰতিনিধিসকল, দেশৰ প্ৰতিখন ঘৰলৈ পানীৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা অতিকে গুৰুত্বপূৰ্ণ হ’ব। মই ‘অটল জল যোজনা’ৰে জড়িত ৮,৩০০গৰাকী পঞ্চায়ত প্ৰতিনিধিক ক’ব খোজো যে আপোনালোকৰ সাফল্যই কেৱল এই আঁচনিখনৰে সাফল্য নকৰে, বৰংসামগ্ৰিক ভাবে ‘জল জীৱন অভিযান’টোকে বিশেষ শক্তি প্ৰদান কৰিব। এয়া কেনেকৈ সম্ভৱ হ’ব, এই কথা আপোনালোকে জনাটো খুবেই আৱশ্যক বুলি অনুভৱ কৰিছো। দৰাচলতে এই কথা দেশৰ প্ৰতিগৰাকী নাগৰিকেই জনা ভাল।
বন্ধুসকল, স্বাধীনতাৰ ইমান বছৰৰ পিছতো দেশৰ মাত্ৰ ৩কোটি পৰিয়ালৰ ঘৰলৈহে নলীৰে পানীৰ যোগান সম্ভৱ হৈছে। ভাবকচোন, দেশৰ গ্ৰামাঞ্চলৰ ১৮কোটি ঘৰৰ মাত্ৰ ৩কোটিলৈহে এই পৰ্যন্ত পানীৰ যোগান সম্ভৱ হৈছে। ৭০বছৰত মাত্ৰ ইমানখিনিহে কৰিব পৰা গৈছে। এতিয়া আমি আগন্তুক ৫বছৰত দেশৰ ১৫কোটি ঘৰলৈ নলীৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে অভিযান আৰম্ভ কৰিছো। এই কামৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে মিলি অহা পাঁচোটা বছৰত চাৰে তিনি লাখ কোটিৰো অধিক টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিশ্চিত ভাবেই এই সংকল্পৰ পৰিসৰ ব্যাপক যদিও সফলতাৰ বাহিৰে এই মুহূৰ্তত আমাৰ হাতত অন্য বিকল্পওতো একো নাই। সেয়ে আমি সফল হ’বই লাগিব। অৱশ্যে আমাৰ এই প্ৰতিশ্ৰুতিবদ্ধতা বাস্তৱক্ষেত্ৰত, দেশৰ গাঁৱে গাঁৱে প্ৰতীয়মান কৰাৰ বিশেষ প্ৰয়োজনীয়তা আছে। আজি ‘জল জীৱন যোজনা’ৰ যি নিৰ্দেশনাৱলী ঘোষণা কৰা হৈছে, সিয়ে এইক্ষেত্ৰত আমাক বিশেষ সহায় কৰিব বুলি আশা কৰিব পাৰি।
বন্ধুসকল, ‘জল জীৱন অভিযান’ৰ জৰিয়তে কেৱল বিশুদ্ধ পানীৰ যোগান দেশৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ প্ৰেৰণ কৰাতে সীমাবদ্ধ নহয়, বৰং আমাৰ আই-ভনীসকলে যাতে দূৰ-দূৰণিলৈ গৈ দিনৌ পানী কঢ়িয়াবলগীয়া নহয়, তেওঁলোকে যাতে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰে, তেওঁলোকৰ দৈনন্দিন জীৱন যাতে স্বস্তিৰে অতিবাহিত কৰিব পাৰে এই অভিযানে এই লক্ষ্যও গ্ৰহণ কৰিছে।আজিও মই যেতিয়া কোনোবা বয়সীয়াল মহিলাই পানী বিচাৰি ঘূৰি ফুৰা দেখো, কোনোবা ভগ্নীয়ে মূৰত পানীৰ কলহ লৈ মাইলৰ পিছত মাইল খোজ কঢ়া দেখো, তেতিয়া মোৰ মনতসৰুকালৰ কথা সজীৱ হৈ উঠে। পানী বিচাৰি ঘূৰি ফুৰিব লগা হোৱা দেশৰ প্ৰান্তে প্ৰান্তে থকা এনে কোটি কোটি বাই-ভনীক দুৰ্বিসহ যান্ত্ৰণাৰ পৰা মুক্তি দিয়াৰ সময় সমাগত হৈছেহি। আমি যেনেকৈ ঘৰে ঘৰে শৌচালয় নিৰ্মাণ কৰি দিলো, তেনেকৈয়ে পানীৰ যোগান নিশ্চিত কৰাৰ পণ লৈ আমি আগবাঢ়িব খুজিছো। আৰু যেতিয়া প্ৰতিজ্ঞা কৰিলোৱেই, তেন্তে ইয়াকো বাস্তৱত কৰি দেখুৱামেই।
বন্ধুসকল, গাঁৱৰ ৰাইজৰ সহযোগিতা আৰু অংশগ্ৰহণৰে সম্পাদিত হ’ব লগা এই যোজনাত গান্ধীজীৰ গ্ৰাম স্বৰাজৰো এক প্ৰতিফলন ঘটিছে। গাঁৱৰ প্ৰয়োজনীয়তা, স্থিতি-পৰিস্থিতিৰ আধাৰত গাঁও পৰ্যায়ত যুগতোৱা পৰিকল্পনাৰ আধাৰত পানীযোগান আঁচনিসমূহ ৰূপায়িত হ’ব। ‘জল জীৱন অভিযান’ৰ বিধি-নিৰ্দেশনাৱলী যুগুতোৱাৰ সময়ত এই কথাৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হৈছিল। পঞ্চায়তসমূহে গঠন কৰা ‘পানী-সমিতি’সমূহে আঁচনি যুগুতাব, এই আঁচনিৰ ৰূপায়ণ কৰিব আৰু ইয়াৰ তদাৰকীৰ দায়িত্বও নিজ হাতে চম্ভালিব। এটা কথা ন-দি ক’ব পাৰি যে পানী যোগান প্ৰসংগত গাঁৱৰ ৰাইজৰ বিশেষ পাৰদৰ্শিতা আছে। এইক্ষেত্ৰত তেওঁলোকৰ সমকক্ষ কেও নাই।
প্ৰসংগক্ৰমে মই আজি আমাৰ গাঁৱৰ ৰাইজক পানীৰ ব্যৱহাৰত মিতব্যয়ী হোৱা, পানীৰ সংৰক্ষণত মনোনিৱেশ কৰা, পানীৰ পুনৰ-ব্যৱহাৰৰ অভ্যাস গঢ়াৰ বাবে বিশেষ সচেতনতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনাব খুজিছো। আপোনালোকে আপোনালোকৰ সময় দিয়ক, আপোনালোকে আপোনালোকৰ শ্ৰম দিয়ক। আপোনালোকে যদি এখোজ আগবঢ়ায়, তেন্তে চৰকাৰে ৯খোজ আগবঢ়াব।
আমি সকলোৱে একগোট হৈ এই অভিযান সাফল্য মণ্ডিত কৰি তোলো আহক।
‘অটল জল যোজনা’ আৰু ‘জল জীৱন অভিযান’ৰ বাবে আকৌ এবাৰ দেশবাসীলৈ শুভ কামনা জ্ঞাপন কৰি বক্তব্যৰ সামৰণি মাৰিলো।
বহুত বহুত ধন্যবাদ!!
*****
VRRK/VJ/AK/MAMTA/KB
आज देश के लिए बहुत महत्वपूर्ण एक बड़ी परियोजना का नाम अटल जी को समर्पित किया गया है।
— PMO India (@PMOIndia) December 25, 2019
हिमाचल प्रदेश को लद्दाख और जम्मू कश्मीर से जोड़ने वाली, मनाली को लेह से जोड़ने वाली, रोहतांग टनल, अब अटल टनल के नाम से जानी जाएगी: PM @narendramodi
पानी का विषय अटल जी के लिए बहुत महत्वपूर्ण था, उनके हृदय के बहुत करीब था।
— PMO India (@PMOIndia) December 25, 2019
अटल जल योजना हो या फिर जल जीवन मिशन से जुड़ी गाइडलाइंस, ये 2024 तक देश के हर घर तक जल पहुंचाने के संकल्प को सिद्ध करने में एक बड़ा कदम हैं:PM @narendramodi pic.twitter.com/NPnCU2htYT
पानी का ये संकट एक परिवार के रूप में, एक नागरिक के रूप में हमारे लिए चिंताजनक तो है ही, एक देश के रूप में भी ये विकास को प्रभावित करता है।
— PMO India (@PMOIndia) December 25, 2019
न्यू इंडिया को हमें जल संकट की हर स्थिति से निपटने के लिए तैयार करना है।
इसके लिए हम पाँच स्तर पर एक साथ काम कर रहे हैं: PM @narendramodi pic.twitter.com/2BdnrFmq4p
जल शक्ति मंत्रालय ने इस Compartmentalized Approach से पानी को बाहर निकाला और Comprehensive Approach को बल दिया।
— PMO India (@PMOIndia) December 25, 2019
इसी मानसून में हमने देखा है कि समाज की तरफ से, जलशक्ति मंत्रालय की तरफ से Water Conservation के लिए कैसे व्यापक प्रयास हुए हैं: PM @narendramodi
अटल जल योजना में इसलिए ये भी प्रावधान किया गया है कि जो ग्राम पंचायतें पानी के लिए बेहतरीन काम करेंगी, उन्हें और ज्यादा राशि दी जाएगी, ताकि वो और अच्छा काम कर सकें: PM @narendramodi pic.twitter.com/TYECAkNJDg
— PMO India (@PMOIndia) December 25, 2019
सोचिए,
— PMO India (@PMOIndia) December 25, 2019
18 करोड़ ग्रामीण घरों में से सिर्फ 3 करोड़ घरों में।
70 साल में इतना ही हो पाया था।
अब हमें अगले पाँच साल में 15 करोड़ घरों तक पीने का साफ पानी, पाइप से पहुंचाना है: PM @narendramodi pic.twitter.com/ksxdC9Ko7X
गांव की भागीदारी और साझेदारी की इस योजना में गांधी जी के ग्राम स्वराज की भी एक झलक है।
— PMO India (@PMOIndia) December 25, 2019
पानी से जुड़ी योजनाएं हर गांव के स्तर पर वहां की स्थिति-परिस्थिति के अनुसार बनें, ये जल जीवन मिशन की गाइडलाइंस बनाते समय ध्यान रखा गया है: PM @narendramodi pic.twitter.com/KVWGRAHLNx
मेरा एक और आग्रह है कि हर गांव के लोग पानी एक्शन प्लान बनाएं, पानी फंड बनाएं। आपके गांव में पानी से जुड़ी योजनाओं में अनेक योजनाओं के तहत पैसा आता है। विधायक और सांसद की निधि से आता है, केंद्र और राज्य की योजनाओं से आता है: PM @narendramodi pic.twitter.com/hdMBFME6NY
— PMO India (@PMOIndia) December 25, 2019