পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত তেল আৰু প্ৰাকৃতিক গেছ খণ্ডত সহযোগিতাৰ বাবে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়৷
এই বুজাবুজি চুক্তিয়ে তেল আৰু প্ৰাকৃতিক গেছ খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব৷ ইয়াৰ অধীনত ভাৰত আৰু ব্ৰাজিলত অনুসন্ধান আৰু উৎপাদনৰ সহযোগিতাৰ লগতে দুয়োখন দেশৰ উপৰি তৃতীয়খন দেশত এই খণ্ডটোৰ গৱেষণা আৰু উন্নয়ন আৰু তৰলীকৃত প্ৰাকৃতিক গেছ প্ৰকল্প প্ৰতিষ্ঠাৰ দিশত কাম কৰিব৷ তদুপৰি, এই চুক্তিয়ে শক্তি নীতি যেনে-শক্তি সক্ষমতা, শক্তিৰ গৱেষণামুলক উন্নয়ন আৰু আঞ্চলিক আন্তঃগাঁথনিমুলক নেটৱৰ্কৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহযোগিতাৰে তৈল শক্তি আৰু পৰিৱেশীয় দিশত উৎসাহ যোগাব৷
চলিত মাহৰ শেষভাগত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়তে এই চুক্তি স্বাক্ষৰ হোৱাৰ আশা আছে৷
**********
VRRK/SC/DB