পি এম ইণ্ডিয়া
দূৰদৃষ্টিৰ লগতে কৰ্ম তত্পৰতাক সাৰথি কৰি যুগুতোৱা এইটো দশকৰ প্ৰথমখন বাজেটৰ বাবেমই নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সতীৰ্থসকলক অভিনন্দন জ্ঞপন কৰিছো। বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিককো আৰ্থিক ভাবে স্বস্তি দান কৰিব। এইসমূহ সংস্কাৰে এইটো দশকৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব। কৰ্ম সংস্থানৰ আটাইতকৈ প্ৰধান ক্ষেত্ৰ হৈছে কৃষি,, আন্তঃগাঁথনি নিৰ্মাণ, বস্ত্ৰ শিল্প আৰু প্ৰযক্তি। নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এইবাৰৰ বাজেটত এইকেইটা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লগতে ইয়াক সুনিশ্চিত কৰিবলৈ ১৬টা কৰ্ম পৰিকল্পনাও যুগুতোৱা হৈছে, যিয়ে গ্ৰামীণ ক্ষেত্ৰত কৰ্ম সংস্থান বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব। বাজেটতত কৃষিক্ষেত্ৰৰ বাবে সংহত প্ৰয়াসত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰয়াসৰ আধাৰত পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে উদ্যানশস্য, মীন পালন, পশুপালনৰ ক্ষেত্ৰত অধিক গুণ-মান সম্পন্ন পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে কৃষিক্ষেত্ৰৰ উত্পাদন বৃদ্ধিৰ আৰু সংস্থাপন বৃদ্ধিৰো উদ্যোগ গ্ৰহণ কৰা হৈছে। ‘নীল-অৰ্থনীতি’ৰ অধীনত যুৱক-যুৱতীসকলে মত্স সংসাধন আৰু বিপণনৰ ক্ষেত্ৰখনতো বিশেষ সুযোগ লাভ কৰিব পাৰিব।
বাজেটতত বস্ত্ৰশিল্পৰ বাবে নতুন অভিযানৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। ‘মেনমেড ফাইবাৰ’-ৰ উত্পান ভাৰতত কৰিব পৰাকৈ ইয়াৰ কেঁচাসামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা শুল্কব্যৱস্থাৰ সংস্কাৰ কৰা হৈছে। বিগত তিনিটা দশকত এনে ধৰণৰ সংস্কাৰৰ দাবী উথ্থাপন কৰি অহা হৈছিল।
‘আয়ুষ্মান ভাৰত যোজনা’ই দেশৰ স্বাস্থ্যখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এইটো ক্ষেত্ৰত মানৱ-সম্পদ-চিকিত্সক, নাৰ্ছ, ৰোগীৰ ৰখীয়াসকলৰ লগতে চিকিত্সা সামগ্ৰী নিৰ্মাণ কৰোতাসকলৰ বাবে বহুতো সম্ভাৱনাৰ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। ইয়াক আৰু বিস্তৃত কৰাৰ বাবে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে।
প্ৰযুক্তিখণ্ডত নিয়োগ সম্ভাৱনা সৃষ্টিৰ বাবে এইখন বাজেটত আমি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো। নতুন ‘স্মাৰ্ট চিটী’ নিৰ্মাণ, ইলেক্ট্ৰনিক সা-সামগ্ৰীৰ উত্পাদন বৃদ্ধি, ‘ডাটা চেণ্টাৰ পাৰ্ক’ প্ৰতিস্থা কৰা, ‘বায়’ টেকনল’জী’ তথা ‘কোৱাণ্টাম টেকনল’জী’ৰ দৰে ক্ষেত্ৰসমূহৰ বাবে বহুবোৰ নীতিগত উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ সুবাদত ‘গোলকীয় প্ৰমূল্য শৃংখল’ৰ অভিন্ন অংগ হোৱাৰ দিশত ভাৰতে দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰিব।
বাজেটত যুৱ-প্ৰজন্মৰ দক্ষতা বিকাশৰ বাবে নতুন নতুন উদ্ভাৱনশীল পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ ঘোষণা কৰা হৈছে। উদাহৰণস্বৰূপে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত ‘এপ্ৰেণ্টিছশ্বিপ’, স্থানীয় নিকায়সমূহত ‘ইনটাৰ্ণশ্বিপ’ আৰু ‘অন-লাইন’ত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষাদানৰ প্ৰস্তাৱ লোৱা হৈছে।ভাৰতৰ পৰা যিসকল যুৱক-যুৱতীয়ে চাকৰিৰ সন্ধানত বিদেশলৈ যাব খোজে, তেওঁলোকৰ বাবে ‘সেঁতু-বদ্ধন পাঠ্যক্ৰম’ৰো ব্যৱস্থা কৰা হৈছে।
ৰপ্তানী আৰু ‘ক্ষুদ্ৰ, লঘূ তথা মজলীয়া উদ্যোগ’ খণ্ডত নিয়োগ সম্ভাৱনা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত ৰপ্তানী বৃদ্ধি কৰাৰ বাবে নতুন আঁচনি ঘোষণা কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবেও বহুকেইটা পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হৈছে।
আধুনিক ভাৰত প্ৰতিস্থাৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বিশেষ প্ৰয়োজনীয়তা আছে। আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত আকৌ বিপুল সংখ্যাত নিয়োগ সম্ভাৱনাৰ সৃষ্টি হয়। ১০০লাখ কোটি টকাৰ বিনিয়োগৰে সম্পাদিত হ’বলগীয়া ৬৫শ নিৰ্মাণ প্ৰকল্পই ব্যাপক হাৰত নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিব। ‘ৰাষ্ট্ৰীয় ল’জিষ্টিক নীতি’ৰ জৰিয়তেও বেপাৰ, বাণিজ্য আৰু জীৱিকা, এই তিনিটা ক্ষেত্ৰৰ বিশেষ লাভ হ’ব। দেশত ১০০টা বিমানবন্দৰৰউত্তৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা কথাই সৰ্ব সাধাৰণ ৰাইজৰ আকাশত উৰাৰ সপোন সাৰ্থক কৰাৰ লগতে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনকো এক নতুন মাত্ৰা প্ৰদান কৰিব। আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰত ‘ষ্টাৰ্ট-আপ’ আৰু ‘প্ৰকল্প বিকাশ কাৰ্যক্ৰম’য়ে যুৱ-শক্তিক এক নতুন শক্তি প্ৰদান কৰিব।
কৰ-ব্যৱস্থাত কৰা বুনিয়াদী সংস্কাৰৰ সুবাদত ভাৰতত এতিয়া অনেক ক্ষেত্ৰত গুণ-মান বৃদ্ধিৰ সম্ভাৱনা বাঢ়িব।
নিয়োগ সম্ভাৱনা সৃষ্টিৰ ববে আটাইতকৈ ডাঙৰ চালিকা শক্তিটোৱেই হৈছে বিনিয়োগ। এই দিশতো কেতবোৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘ব্ৰেণ্ড মাৰ্কেট’-ক শক্তিশালী ৰূপত গঢ়ি তোলাআৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দীৰ্ঘ ম্যাদী বিত্তীয় সহযোগিতা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে।
‘লভ্যাংশ বিতৰণ কৰ’ বাতিল কৰাৰ ফলত কোম্পানীসমূহৰ হাতলৈ ২৫হাজাৰ কোটি টকা আহিব আৰু এই ধন ৰাশিয়ে তেওঁলোকক পুনৰ বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। বিদেশী বিনিয়োগ ভাৰতলৈ আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিভিন্ন কৰ ৰেহাই দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ‘ষ্টাৰ্ট আপ’ আৰু গৃহ-নিৰ্মাণৰ ক্ষেত্ৰতো কৰ ৰেহাইৰ সুবিধা আগবঢ়োৱা হৈছে। এই সকলোবোৰ সিদ্ধান্ত দেশৰ ৰ্অ্থনীতিক তীব্ৰগতিত বঢ়োৱাৰ লগতে যুৱ-প্ৰজন্মক কৰ্ম-সংস্থাপনৰ নতুন সুযোগ প্ৰদানৰ লক্ষ্যৰেই গ্ৰহণ কৰা হৈছে।
এতিয়া আমি আয় কৰ ব্যৱস্থা ক্ষেত্ৰটো ‘বিবাদৰ পৰা বিশ্বাস’ৰ যাত্ৰা আৰম্ভ কৰিছো।
আমাৰ কোম্পানী আইনত থকা ভ্ৰান্তিবোৰ আতঁৰোৱাৰ বাবে বৃহত্ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ‘কৰদাতা ঘোষণাপত্ৰ’ৰ দ্বাৰা কৰদাতাসকলৰ অধিকাৰসমূহ স্পষ্ট কৰাৰো দিহা কৰা হ’ব।
‘ক্ষুদ্ৰ লঘূ তথা মজলীয়া উদ্যোগ খণ্ড’ৰে জড়িত ক্ষুদ্ৰ উদ্যোগীসকলৰ ওপৰত আমাৰ চৰকাৰে সদায়ে ভৰসা কৰি আহিছে। বছৰি ৫কোটি টকা পৰ্যন্ত ব্যৱসায়ীক লেনদেনৰ ক্ষেত্ৰত হিচাপ পৰীক্ষণৰ আৱশ্যকতাএতিয়াৰে পৰা নোহোৱা হব। সেইদৰে ‘জমাকাৰীৰ বীমা’ সম্পৰ্কতো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংকত তেওঁলোকৰ জমা ধন যে সুৰক্ষিত হৈ আছে এই নিশ্চিতি প্ৰদান কৰাৰ বাবে এতিয়াৰে পৰা ‘জমাকাৰী বীমা’ৰ সীমা বৰ্তমানৰ এক লাখ টকাৰ পৰা ৫লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
‘ন্যূনতম চৰকাৰ, ব্যাপক শাসন’-ৰ প্ৰতিশ্ৰুতিক এইখন বাজেটে আৰু অধিক দৃঢ়তা প্ৰদান কৰিলে।
‘ফেচলেছ আপিল’ৰ ব্যৱস্থা, প্ৰত্যক্ষ কৰৰ নতুন আৰু সৰলীকৰণৰ দিহা, পুনৰ বিনিয়োজনত গুৰুত্ব, স্বয়ংকিয় নামংকণৰ জৰিয়তে পেঞ্চনৰ ব্যৱস্থা, ‘সংঘবদ্ধ ক্ৰয় পদ্ধতি’ৰ দিশত পদক্ষেপ গ্ৰহণৰ দৰে কেতবোৰ প্ৰয়াসে সৰ্ব সাধাৰণ জনতাৰ দৈনন্দিনত জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰি তেওঁলোকৰ জীৱনলৈ স্বাচ্ছন্দ্যৰ পৰিমান বৃদ্ধি কৰিব। সেইদৰে শাসনৰ ব্যাপকতা সুনিশ্চিত কৰা বাবে দেশৰ একলাখখন গাঁও পঞ্চায়তৰ অংগণৱাৰী, বিদ্যালয়, স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ আৰু আৰক্ষী থানাক ‘ব্ৰডবেণ্ড সেৱা’ৰে সংযুক্ত কৰাৰ এক ঐতিহাসিক অভিযানৰ শুভাৰম্ভ কৰা হ’ব।
ইমানদিনে চৰকাৰী চাকৰিৰ বাবে যুৱক-যুৱতীসকলে বেলেগ বেলেগ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। এই পৰম্পৰাৰ পৰিৱৰ্তন সাধন কৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় নিয়োগ সংস্থাৰ দ্বাৰা পৰিচালিত হ’বলগা ‘অনলাইন পদ্ধতিৰ উমৈহতীয়া পৰীক্ষা’ৰ জৰিয়তে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হব।
কৃষকসকলৰ উত্পাদিত সামগ্ৰীসমূহৰ উচিত বিপণন আৰু পৰিবহণৰ বাবে- কিষাণ ৰে’ল আৰু কৃষি উড়ানৰ দ্বাৰা এক নতুন ব্যৱস্থাৰ সূচনা কৰা হ’ব।
এইখন বাজেটে আয় আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে চাহিদা আৰু গ্ৰাহকৰ ক্ৰয়-সামৰ্থ্যও বৃদ্ধি কৰিব বুলি মোৰ বিশ্বাস হৈছে। সেইদৰে বাজেটখনে বিত্তীয় ব্যৱস্থাপনা আৰু নগদ ধনৰ প্ৰবাহকো ন-ৰূপত উজ্জীৱিত কৰি তুলিব।
এইখন বাজেটে দেশৰ বৰ্তমানৰ আৱশ্যকতাসমূহৰ লগতে এই দশকৰ অনাগত ভৱিষ্যতৰ আশা-আকাংক্ষাসমূহকো পূৰ্ণতা দান কৰিব।
মই আকৌ এবাৰ নিৰ্মলাজী আৰু বিত্ত মন্ত্ৰালয়ৰ সতীৰ্থমণ্ডলীক এখন বাজেট যুগুতাই উলিওৱাৰ বাবে অভিনন্দন জনালো।
বহুত বহুত ধন্যবাদ!!!
वीआरआरके/एके/दीपाली/मोहिनी/KB
Sharing my views on the #JanJanKaBudget https://t.co/ipsAaMO0lJ
— Narendra Modi (@narendramodi) February 1, 2020
मैं इस दशक के पहले बजट के लिए, जिसमें विजन भी है, एक्शन भी है, वित्त मंत्री निर्मला सीतारमण जी और उनकी टीम को बहुत-बहुत बधाई देता हूं: PM @narendramodi on the Union Budget
— PMO India (@PMOIndia) February 1, 2020
बजट में जिन नए रीफॉर्म्स का ऐलान किया गया है, वो अर्थव्यवस्था को गति देने, देश के प्रत्येक नागरिक को आर्थिक रूप से सशक्त करने और इस दशक में अर्थव्यवस्था की नींव को मजबूत करने का काम करेंगे: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
रोजगार के प्रमुख क्षेत्र होते हैं, एग्रीकल्चर, इंफास्ट्रक्चर, टेक्सटाइल और टेक्नोलॉजी। इम्प्लॉयमेंट जनरेशन को बढ़ाने के लिए इन चारों पर इस बजट में बहुत जोर दिया गया है: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
किसान की आय दोगुनी हो, इसके प्रयासों के साथ ही, 16 एक्शन प्वाइंट्स बनाए गए हैं जो ग्रामीण क्षेत्र में रोजगार को बढ़ाने का काम करेंगे: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
बजट में कृषि क्षेत्र के लिए Integrated approach अपनाई गई, जिससे परंपरागत तौर तरीकों के साथ ही हॉर्टिकल्चर, फिशरीज, एनीमल हस्बेंड्री में वैल्यू एडिशन बढेगा और इससे भी रोजगार बढ़ेगा। ब्लू इंकोनॉमी के अंतर्गत युवाओं को फिश प्रोसेसिंग और मार्केटिंग क्षेत्र में भी नए अवसर मिलेंगे: PM
— PMO India (@PMOIndia) February 1, 2020
टेक्निकल टेक्सटाइल के लिए नए मिशन की घोषणा हुई है। मैनमेड फाइबर को भारत में प्रोड्यूज करने के लिए उसके रॉ मटेरियल के ड्यूटी स्ट्रक्चर में रीफॉर्म किया गया है। इस रीफॉर्म की पिछले तीन दशकों से मांग हो रही थी: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
आयुष्मान भारत योजना ने देश के हेल्थ सेक्टर को नया विस्तार दिया है। इस सेक्टर में ह्यूमन रीसोर्स- डॉक्टर, नर्स, अटेनडेंट के साथ ही मेडिकल डिवाइस मैन्यूफैक्चरिंग का बहुत स्कोप बना है। इसे बढ़ाने के लिए सरकार द्वारा नए निर्णय लिए गए हैं: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
टेक्नोलॉजी के क्षेत्र में इम्प्लॉयमेंट जनरेशन को बढ़ावा देने के लिए इस बजट में हमने कई विशेष प्रयास किए हैं। नए स्मार्ट सिटीज, इलेक्ट्रॉनिक मैन्यूफैक्चरिंग, डेटा सेंटर पार्क्स, बायो टेक्नोलॉजी और क्वांटम टेक्नोलॉजी, जैसे क्षेत्रों के लिए अनेक पॉलिसी इनिशिएटिव्स लिए गए हैं: PM
— PMO India (@PMOIndia) February 1, 2020
इसके द्वारा भारत, ग्लोबल वैल्यू चेन का एक अभिन्न अंग बनने की तरफ मजबूती से आगे बढ़ेगा: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
आधुनिक भारत के लिए आधुनिक इंफ्रास्ट्रक्चर का बहुत महत्व है। इंफ्रास्ट्रक्चर का क्षेत्र भी बड़ा इंप्लायमेंट जनरेटर है।100 लाख करोड़ रुपए से 65 सौ प्रोजेक्ट्स का निर्माण, बड़े पैमाने पर रोजगार के अवसर बढ़ाएगा। नेशनल लॉजिस्टिक्स पॉलिसी से भी व्यापार, कारोबार, रोज़गार को लाभ होगा: PM
— PMO India (@PMOIndia) February 1, 2020
डिविडेंट डिस्ट्रिब्यूशन टैक्स को हटाने के कारण, कंपनियों के हाथ में 25 हजार करोड़ रुपए आएंगे जो उनको आगे इनवेस्टमेंट करने में मदद करेंगे। बाहर के निवेश को भारत में आकर्षित करने के लिए विभिन्न टैक्स कन्सेशन्स दिए गए हैं: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
मिनिमम गवन्मेंट, मैक्सीमम गवर्नेंस के कमिटमेंट को इस बजट ने और मजबूत किया है: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
फेसलेस अपील का प्रावधान, डायरेक्ट टैक्स का नया, सरल स्ट्रक्चर, डिसइनवेस्टमेंट पर जोर, ऑटो इनरोलमेंट के जरिए यूनिवर्सल पेंशन का प्रावधान, यूनिफाइड प्रोक्योरमेंट सिस्टम की ओर बढ़ना, ये कुछ ऐसे कदम हैं, जो लोगों की जिंदगी में से सरकार को कम करेंगे, उनकी ईज ऑफ लिविंग को बढ़ाएंगे: PM
— PMO India (@PMOIndia) February 1, 2020
आज सरकारी नौकरी के लिए युवाओं को कई अलग-अलग परीक्षाएं देनी होती हैं। इस व्यवस्था को बदलकर, अब नेशनल रिक्रूटमेंट एजेंसी द्वारा लिए गए ऑनलाइन कॉमन एक्जाम के जरिए, नियुक्तियां की जाएंगी: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
किसानों के लिए अपने उत्पादों को सही तरह से मार्केट करने और ट्रांसपोर्ट के लिए - किसान रेल और कृषि उड़ान के द्वारा नई व्यवस्था बनाई जाएगी: PM @narendramodi #JanJanKaBudget
— PMO India (@PMOIndia) February 1, 2020
मुझे विश्वास है कि ये बजट Income और Investment को बढ़ाएगा, Demand और Consumption को बढ़ाएगा, Financial System और Credit Flow में नई स्फूर्ति लाएगा।
— PMO India (@PMOIndia) February 1, 2020
ये बजट देश की वर्तमान आवश्यकताओं के साथ ही इस दशक में भविष्य की अपेक्षाओं की पूर्ति करेगा: PM @narendramodi #JanJanKaBudget