পি এম ইণ্ডিয়া
আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সদনৰ মঁজিয়াত প্ৰধানমন্ত্ৰীয়ে নিশ্চিতি দিয়ে যে কোনো ভাৰতীয়কে এই আইনে ক্ষতিগ্ৰস্থ নকৰে বা প্ৰভাৱিত নকৰে।
প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বৰ চৰকাৰৰ চিন্তা প্ৰক্ৰিয়াৰ কথাও উনুকিয়াই কয় যে তেতিয়াৰ চিন্তা ধাৰাও এই সন্দৰ্ভত প্ৰায় একেই আছিল।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ কথা উল্লেখ কৰি কয় যে প্ৰয়াত প্ৰধানমন্ত্ৰী নেহৰুৱেও এই সংশোধিত আইনখন প্ৰয়োজন সাপেক্ষে ৰূপায়ন হোৱাটো বিচাৰিছিল, যাতে চুবুৰীয়া দেশবোৰৰ সংখ্যালঘূ শৰণাৰ্থীসকলক ভাৰতৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰিব পাৰি।
প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুসংখ্যক ৰাজনৈতিক দলে ভাৰতত বিভেদকামী কাৰকৰ প্ৰভাৱ বিচৰা পাকিস্তানৰ কাৰ্যক্ৰমণিকাক ফলৱতী কৰিবলৈ বিচাৰিছে, তেওঁ লগতে লোকসভাৰ মঁজিয়াত আশ্বাস প্ৰদান কৰে যে এই নাগৰিকত্ব সংশোধনী আইনে কোনো ভাৰতীয়কে প্ৰভাৱিত নকৰে।
তেওঁ লগতে কয়, “মই স্পষ্ট কৰি দিবলৈ বিচাৰিছো যে এই ‘কা’ ৰূপায়নৰ ফলত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কোনো ভাৰতীয় লোকৰ ওপৰতেই প্ৰভাৱ নপৰে।”
PM @narendramodi: Those who have been removed from office by the people of India are now doing the unthinkable. They see citizens on the basis of their faith.
We are different. We see everyone as an Indian
— DD News (@DDNewslive) February 6, 2020
Much has been said about CAA, ironically by those who love getting photographed with the group of people who want ‘TukdeTukde’ of India: PM @narendramodi
— PMO India (@PMOIndia) February 6, 2020
****************
VRRK/VJ/KP/RD
Much has been said about CAA, ironically by those who love getting photographed with the group of people who want ‘Tukde Tukde’ of India: PM @narendramodi
— PMO India (@PMOIndia) February 6, 2020
I want to clearly state- with the CAA coming, there will be no impact on any citizen of India, practising any faith: PM @narendramodi
— PMO India (@PMOIndia) February 6, 2020