Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ লোকসভাৰ সমষ্টি বাৰাণসী ভ্ৰমণ কৰে; শ্ৰী জগতগুৰু বিশ্ব আৰাধ্য গুৰুকুলৰ শতবাৰ্ষিকী উদযাপনৰ সমাপন অনুষ্ঠানত উপস্থিত


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰে৷ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জংগমৱাড়ি মঠত তেওঁ জগতগুৰু বিশ্ব আৰাধ্যৰ শতবাৰ্ষিকী উদযাপনৰ সমাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী সিদ্ধান্ত শিখামণি গ্ৰন্থ’ৰ ১৯টা ভাষালৈ অনুদিত সংস্কৰণ মুকলি কৰাৰ লগতে গ্ৰন্থখনৰ ম’বাইল এপো মুকলি কৰে৷ উপস্থিত জনসাধাৰণৰ সন্মুখত ভাষণ প্ৰদান কৰি তেওঁ কয় যে নতুন দশকৰ আৰম্ভণিতে এই শতবাৰ্ষিকী উদযাপন অনুষ্ঠিত হোৱাটো এক কাকতলীয় ঘটনা আৰু এই নতুন দশকে বিশ্ব দৰবাৰত পুনৰ ভাৰতৰ একবিংশ শতিকাৰ ভূমিকা উপস্থাপিত কৰিব৷

তেওঁ কয় যে শ্ৰী সিদ্ধান্ত শিখামণি গ্ৰন্থ ম’বাইল এপৰ জৰিয়তে যুৱসমাজে অনুপ্ৰেৰণা লাভ কৰিব পাৰিব৷ তেওঁ এই ম’বাইল এপটোৰ জৰিয়তে গ্ৰন্থখন সন্বন্ধীয় এক বাৰ্ষিক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ১৯টা ভাষালৈ অনুদিত এই গ্ৰন্থখনে সমাজৰ বিভিন্ন প্ৰান্তত বিস্তৃতি লাভ কৰিবলৈ সমৰ্থ হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘নাগৰিক হিচাপে আমাৰ আচৰণে ভাৰতৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব যিয়ে নতুন ভাৰতৰ দিশ নিৰ্ণয় কৰিব৷’’ সন্তসকলে দেখুৱাই যোৱা পথ অনুসৰণ কৰি আমি আমাৰ জীৱনৰ প্ৰত্যাশা পূৰণ কৰিব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণত নিজকে নিয়োজিত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷

দেশৰ প্ৰতিটো প্ৰান্তত জনতাই স্বচ্ছতা অভিযানক সফল কৰি তোলাৰ বাবে তেওঁ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ সকলোকে ভাৰততে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযানকো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গংগা নদীৰ পৰিষ্কাৰকৰণত উল্লেখযোগ্য অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মূলতে আছে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ৷ তেওঁ কয় যে নমামি গংগা কাৰ্যসূচীৰ অধীনত ৭০০০ কোটি টকাৰ প্ৰকল্পৰ কাম সমাধা হৈছে আৰু ২১০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শেহতীয়াকৈ ‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ’ শীৰ্ষক এক ন্যাসৰ গঠন কৰিছে৷ এই ন্যাসে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া শ্ৰীৰাম মন্দিৰৰ কাম চোৱাচিতা কৰিব৷ তেওঁ কয় যে চৰকাৰে ন্যাসক ৬৭ একৰ ভূমি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

****

VRRK/AKP/KP/MANN