Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘হুনৰ হাট’ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘হুনৰ হাট’ পৰিদৰ্শন কৰে৷ দেশৰ ভিন্ন প্ৰান্তৰ শিল্পী, হস্তশিল্প আৰু ব্যঞ্জন বিশেষজ্ঞৰ ষ্টলসমূহ তেওঁ পৰিদৰ্শন কৰে৷ ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷ ইয়াৰে প্ৰায় ৫০ শতাংশ শিল্পী মহিলা৷ প্ৰধানমন্ত্ৰীয়ে ‘হুনৰ হাট’ত অংশ লোৱা শিল্পীসকলৰ সৈতে মতবিনিময় কৰে আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে৷
‘হুনৰ হাট’ মেলাই ভাৰতৰ থলুৱা পৰম্পৰাগত ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷

এই বৰ্ষৰ হুনৰ মেলাৰ মূল বিষয় হ’ল ‘কৌশল কো কাম’৷ যোৱা ৩ বছৰত প্ৰায় ৩লাখ শিল্পী, হস্তশিল্পী আৰু ব্যঞ্জন বিশেষজ্ঞই সংস্থাপনৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ ফলত বৃহৎ পৰিমাণৰ মহিলা শিল্পীও উপকৃত হৈছে৷

**********

VRRK/AK/MS