Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শিক্ষক দিৱসৰ দিনটোত শিক্ষকৰ বলিষ্ঠ অৱদানৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইবুলি আলোকপাত কৰে যে শিক্ষক দিৱস হৈছে সমাজলৈ শিক্ষকৰ বলিষ্ঠ অৱদানৰ শলাগ লোৱাৰ দিন । তেওঁ লগতে কয় যে এই দিনটো ড° এছ ৰাধাকৃষ্ণণলৈও শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন।

প্ৰধানমন্ত্ৰীয়ে লগতে কালি ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে  ৭, লোক কল্যাণ মাৰ্গ (এল কে এম)ত যি মত-বিনিময় হৈছিল তাৰো আভাস  দাঙি ধৰে ।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

“#শিক্ষক দিৱস হৈছে আমাৰ সমাজলৈ শিক্ষকৰ বলিষ্ঠ অৱদানৰ শলাগ লোৱাৰ দিন। ইয়াৰ উপৰি ড° এছ ৰাধাকৃষ্ণণলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন।”

কালি ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলক ৭, এল কে এমলৈ আমন্ত্ৰণ জনোৱাৰ পিছত কি হৈছিল সেয়া ইয়াত দাঙি ধৰিলো….”

***

MJPS/SS/PRK/DM