Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


ওড়িশাৰ কটকস্থিত জৱাহৰলাল নেহৰু ইনড ষ্টেডিয়মাত ২২ ফেব্ৰৱাৰীত এক বিশাল অনুষ্ঠানত প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ শুভাৰম্ভ ব৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅকনফাৰেন্সিংযোগে বিভিন্ন ক্ৰীড়াৰ এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিব৷

ভাৰত চৰকাৰে ওড়িশা ৰাজ্য চৰকাৰৰ সহযোগত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ আয়োজন কৰিছে৷

অহা ২২ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ ভূৱনেশ্বৰত এই ক্ৰীড়া অনুষ্ঠানটো অনুষ্ঠিত ব৷

বিশ্ববিদ্যালয় পৰ্যায়ত অনুষ্ঠিত এইটোৱেই ভাৰতৰ সৰ্ববৃহ প্ৰতিযোগিতা, দেশৰ ১৫০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ,৫০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব৷

এই অনুষ্ঠানত আৰ্চাৰী, এথলেটিকছ, বক্সিং, ফেন্সিং, জুডো, সাঁতোৰ, ভাৰত্তোলন, মল্লযুঁজ, বেডমিণ্টন, বাস্কেটবল, ফুটবল, হকী, টেবুল টেনিছ, টেনিছ, ভলীবল, ৰাগবী আৰু কাবাডীকে ধৰি ১৭ শিতানৰ খেল অনুষ্ঠিত ব৷ বিশ্ববিদ্যালয় পৰ্যায়ত ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে এই আকাংক্ষামুলক খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে তেওঁলোকক ক্ৰীড়া আৰু শিক্ষাৰ মাজত ভাৰসাম্যতা বিচাৰি উলিওৱাত সহায় কৰা৷

ভাৰতত তৃণমুল পৰ্যায়ত ক্ৰীড়া সংস্কৃতি পুনৰুজ্জীৱিত কৰাৰ মানসেৰে দেশত সকলো ক্ৰীড়াৰ এক শক্তিশালী পৰিকাঠামো গঢ়ি তুলি ভাৰতক মহান ক্ৰীড়াৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এই খেলো ইণ্ডিয়া কাৰ্যসুচীৰ শুভাৰম্ভ কৰিছিল৷

ভাৰত চৰকাৰে ২০১৮ত সফলতাৰে খেলো ইণ্ডিয়া স্কুল গেমছ আৰু ২০১৯ আৰু ২০২০ত নেচনেল য়ুথ গেমছ অনুষ্ঠিত কৰে৷

******

VRRK/KP/DB