Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰত সংহত তালাচী চকী উদ্বোধন আৰু প্ৰথম পৰ্যায়ৰ তীৰ্থযাত্ৰীৰ যাত্ৰা শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ গুৰদাসপুৰত কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰত সংহত তালাচী চকী উদ্বোধন আৰু প্ৰথম পৰ্যায়ৰ তীৰ্থযাত্ৰীৰ যাত্ৰা শুভাৰম্ভ কৰে৷

কাৰ্টাৰপুৰ কৰিড’ৰ শুভাৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱ জীৰ জীৱনক লৈ ডিজিটেল সংস্থাপনৰ লগতে পেছেঞ্জাৰ টাৰ্মিনেল বিল্ডিঙৰ সন্দৰ্ভত আভাস লয়৷

তেওঁ যাত্ৰা কৰাৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ তীৰ্থযাত্ৰীসকলৰ সৈতে বাৰ্তালাপো কৰে৷

সংহত তালাচী চকী, কাৰ্টাৰপুৰ কৰিড

এই সংহত তালাটী চকী উদ্বোধনৰ ফলত ভাৰতীয় তীৰ্থযাত্ৰীসকলে পাকিস্তানত গুৰুদ্বাৰ কাৰ্টাৰপুৰ শ্বাহিব ভ্ৰমণত সুবিধা হ’ব৷

দেৰা বাবা নানকে আন্তঃৰাষ্ট্ৰীয় সীমা জিৰ’ পইণ্টত কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰ আৰম্ভ কৰাৰ পদ্ধতিক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত  যোৱা ২৪ অক্টোবৰত এক চুক্তি স্বাক্ষৰিত হয়৷

 

উল্লেখ্য যে কেন্দ্রীয় মন্ত্রিসভাৰ ২০১৮ৰ ২২ নৱেম্বৰৰ বৈঠকত দেশ তথা বিদেশত শ্রী গুৰু নানক দেৱজীৰ ৫৫০তম ঐতিহাসিক আৱির্ভাব তিথি যথাযোগ্য মর্যাদাৰে পালনৰ সিদ্ধান্ত লোৱা হৈছিল৷

 

মন্ত্রিসভাৰ বৈঠকত গোটেই বছৰ ধৰি ভাৰতীয় তীৰ্থযাত্ৰীসকলে যাতে সুস্থভাৱে তথা সহজে গুৰুদ্বাৰ দৰবাৰ শ্বাহিব কাৰ্টাৰপুৰ যাব পাৰে তাৰ বাবে দেৰা বাবা নানকৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈকে কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰ নির্মাণ আৰু উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

 

তীৰ্থযাত্ৰীসকলৰ সুবিধার্থে ব্যৱস্থাপনা

অমৃতসৰ-গুৰুদাসপুৰ ঘাইপথৰ দেৰা বাবা নানক সংযোগী ৪.২ কিলোমিটাৰ দৈর্ঘ ফ’ৰলেন ঘাইপথ নির্মাণ কৰা হৈছে৷ এই ঘাইপথ নির্মাণত ১২০ কোটি টকা ব্যয় হৈছে৷

 

তীৰ্থযাত্ৰীসকলৰ সুবিধার্থে ১৫ একৰ ভূমিৰ ওপৰত অত্যাধুনিক টার্মিনেল ভৱন নিৰ্মাণ কৰা হৈছে৷ সম্পূর্ণ শীতাতপ নিয়ন্ত্রিত এই ভৱনত বিমানবন্দৰৰ দৰে ৫০টা অভিবাসন কাউণ্টাৰ আছে, য’ত প্ৰতিদিনে প্রায় ৫ হাজাৰ তীৰ্থযাত্ৰীয়ে প্ৰয়োজনীয় সুবিধা লাভ কৰে৷

মূল ভৱনৰ ভিতৰভাগত পূণ্যার্থী আৰু সাধাৰণ মানুহৰ বিভিন্ন ধৰণৰ মৌলিক সা-সুবিধা যেনে-কিয়স্ক, শৌচাগাৰ, চাইল্ড কেয়াৰ, ফাৰ্ষ্ট এইড চিকিৎসা সেৱা, উপাসনা কক্ষ আৰু খোৱাৰ দোকান আছে৷

                        

তদুপৰি, নজৰদাৰিৰ বাবে চিচিটিভি কেমেৰা আৰু গণজ্ঞাপন ব্যৱস্থা গঢ়ি তোলা হৈছে৷

 

আন্তঃৰাষ্ট্ৰীয় সীমাত ৩০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় স্মাৰক পতাকা উত্তোলন কৰা হৈছে৷

 

পাকিস্তানৰ সৈতে যোৱা ২৪ অক্টোবৰ স্বাক্ষৰিত চুক্তিত কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰ আৰম্ভ কৰাৰ বাবে প্রাথমিক পৰিকাঠামো গঢ়ি তোলাৰ কথাও উল্লেখ কৰা হৈছে৷

 

এই চুক্তিৰ উল্লেখযোগ্য দিশঃ

· ভাৰতীয় বংশোদ্ভূত সকলো তীৰ্থযাত্ৰীয়ে এই কৰিড’ৰ ব্যৱহাৰ কৰিব পাৰিব৷

· তীৰ্থযাত্ৰীসকলৰ কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰৰ জৰিয়তে পাকিস্তানলৈ যোৱাৰ বাবে কোন ভিছা নালাগে৷

· তীৰ্থযাত্ৰীসকলে কেৱল এবিধ বৈধ পাছপোর্ট লগত ৰাখিব লাগিব৷

· ভাৰতীয় বংশোদ্ভূত প্ৰবাসী ভাৰতীয় নাগৰিকে কার্ড বা যি দেশত তেওঁ বসবাস কৰে সেই দেশৰ পাছপোর্ট প্ৰয়োজন নহ’ব৷

· এই কৰিড’ৰ সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে খোলা থাকিব৷ তীৰ্থযাত্ৰীসকল পুৱা ৰাওনা হ’লে তেওঁলোকে সেইদিনাই ঘুৰি আহিব লাগিব৷

· বিশেষভাবে ঘোষিত দিনবোৰ বাদ দি (প্ৰয়োজনত পূৰ্বেই ঘোষণা কৰা হ’ব) বছৰৰ এই কৰিড’ৰ খোলা থাকিব৷

· তীৰ্থযাত্ৰীসকলে পছন্দমতে ব্যক্তিগতভাৱে বা দলীয়ভাবে অহা-যোৱা কৰিব পাৰিব৷ খোজকাঢ়িও ভ্ৰমণ কৰিব পাৰিব৷

· ভ্ৰমণত যোৱা তীৰ্থযাত্ৰীৰ তালিকা ভাৰতে ১০ দিন পূৰ্বেই পাকিস্তানলৈ পঠিয়াব৷ তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণত অনুমতি পাব অথবা তাৰ চাৰিদিন পূৰ্বেই জনাই দিয়া হ’ব৷

· পাকিস্তানৰ ফালৰ পৰা পর্যাপ্ত পৰিমাণে ‘লংগৰ’ খোলা তথা ‘প্ৰসাদ’ বিতৰণৰ আশ্বাস দিয়া হৈছে৷

 

নাম অন্তৰ্ভুক্তিৰ বাবে পোর্টেল

কাৰ্টাৰপুৰ শ্বাহিব কৰিড’ৰ হৈ ভ্ৰমণৰ কৰাৰ বাবে তীৰ্থযাত্ৰীসকলে prakashpurb550.mha.gov.in পোর্টেল যোগে নাম অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক৷ তীৰ্থযাত্ৰীসকলে নিজৰ পছন্দৰ দিনত ভ্ৰমণ কৰিব পাৰিব৷ ভ্ৰমণলৈ যোৱাৰ ৩-৪ দিন পূৰ্বে তীৰ্থযাত্ৰীসকলক পঞ্জীয়ন সফল হৈছে নে নাই তাৰ এছএমএছ বা ই-মেল জনাই দিয়া হ’ব৷ এই লক্ষ্যৰে এটা ইলেক্ট্ৰনিক ট্ৰেভেল অথৰাইজেচন প্ৰস্তুত কৰা হৈছে৷ তীৰ্থযাত্ৰীসকলে যেতিয়া পেছেঞ্জাৰ টার্মিনেল বিল্ডিঙত আহি পাব তেতিয়া তেওঁলোকে পাছপোর্টৰ লগতে ইলেক্ট্ৰনিক ট্ৰেভেল অথৰাইজেচন সম্পৰ্কীয় নথি-পত্ৰ লগত ৰাখিব লাগিব৷

****

VRRK/KP/DB