Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ মেছিয়াছ ব’লছ’নাৰ’ৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰী বিয়পি পৰাৰ ফলত বিশ্বজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ বাবে ব্ৰাজিলত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে৷ এই সময়ত ব্ৰাজিলৰ বন্ধুত্বসুলভ লোকসকলৰ হকে প্ৰতিগৰাকী ভাৰতীয়ই প্ৰাৰ্থনা জনাইছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷
দুয়োগৰাকী নেতাই ক’ভিড-১৯এ ছানি ধৰা সংকট নিৰ্মূলৰ বাবে দ্বিপাক্ষিক তথা বহুপাক্ষিক প্ৰতিষ্ঠানগত পৰিকাঠামোৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত নিবিড় সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷ ক’ভিড-১৯ৰ পাছৰ যুগৰ বাবে বিশ্বক গোলকীকৰণৰ এক নতুন মানৱকেন্দ্ৰিক ধাৰণাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো সহমত প্ৰকাশ কৰে দুয়োগৰাকী নেতাই৷

প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক এই জটিল সন্ধিক্ষণত সাম্ভাব্য সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত উভয় দেশৰ বিষয়াবৰ্গই নিয়মীয়াকৈ যোগাযোগ স্থাপন কৰি যাব বুলি নেতা দুগৰাকী সহমতত উপনীত হয়৷

চলিত বৰ্ষৰ ৭০সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত-ব্ৰাজিলৰ সহযোগিতাৰ বিকশিত উচাহত আনন্দ প্ৰকাশ কৰে৷ তেওঁ লগতে যোৱা বছৰ ব্ৰিকছ সন্মিলনৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ব্ৰাজিলক ধন্যবাদ জনায়৷

****

VRRK/KP/DB