Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অটল পেঞ্চন যোজনা অব্যাহত ৰখাৰ প্ৰস্তাৱ আৰু ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে এই যোজনাৰ প্ৰচাৰ, উন্নয়ন আৰু পুঁজিৰ ঘাটি পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অটল পেন্সন যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ লগতে ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে এই যোজনাৰ প্ৰচাৰ, উন্নয়ন আৰু পুঁজিৰ ঘাটি পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰূপায়ণৰ কৌশলঃ

চৰকাৰৰ সমৰ্থনত ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে এই যোজনা অব্যাহত থাকিবঃ

  1. চৰকাৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক ইয়াৰ বিষয়ে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব, যাতে শ্ৰমিকসকলে ইয়াৰ বিষয়ে অৱগত হয়।
  2. এই প্ৰকল্পৰ ধাৰাবাহিকতা বজাই ৰখাৰ বাবে পুঁজিৰ অভাৱৰ সমস্যা দূৰ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰধান প্ৰভাৱ:

  • এই আঁচনিয়ে দেশৰ নিম্ন আয়ৰ অসংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ বৃদ্ধাৱস্থাত আয়ৰ নিশ্চয়তা প্ৰদান কৰিব।
  • ইয়াৰ জৰিয়তে সমাজত বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি হ’ব আৰু দেশত পেন্সন আঁচনিৰ সুবিধা যাতে অধিক সংখ্যক লোকে লাভ কৰে সেয়া সুনিশ্চিত কৰা হ’ব।
  • ইয়াৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ প্ৰয়াস শক্তিশালী হ’ব।

পটভূমি

অসংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ বৃদ্ধ বয়সত আয়ৰ নিশ্চয়তা প্ৰদানৰ বাবে ২০১৫ চনৰ ৯ মে’ত অটল পেন্সন যোজনা আৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে ৬০ বছৰ বয়সত যিসকল লোক এই আঁচনিৰ সৈতে জড়িত হ’ব, তেওঁলোকৰ বাবে ১,০০০ টকাৰ পৰা ৫,০০০ টকাৰ ভিতৰত পেন্সনৰ ব্যৱস্থা থাকিব। ১৯ জানুৱাৰীৰ তথ্য অনুসৰি ৮ কোটি ৬৬ লাখ নাগৰিক এই আঁচনিৰ সৈতে জড়িত হৈ আছে। সংশ্লিষ্ট প্ৰকল্পৰ বিষয়ে সজাগতা বৃদ্ধিৰ লগতে বিভিন্ন পদক্ষেপৰ জৰিয়তে প্ৰকল্পটোত চৰকাৰৰ সহযোগিতা অব্যাহত আছে।

****

MJPS /DB