পি এম ইণ্ডিয়া
দেশৰ কাৰণে জীৱনোত্সৰ্গা কৰা এজন মহান পুৰুষৰ স্মৃতিচাৰণ কৰাৰ বাবে আজি আমি সমবেত হৈছোহক। দেশৰ কল্যাণৰ নিমিত্তে উত্সৰ্গিত চিত্তে কাম কৰাৰ স্পৃহা প্ৰদৰ্শন কৰি যিয়ে সময়ৰ ব্যৱধানকো নেওচি এইদৰে আমাক সমবেত হোৱাৰ বাবে আজিও প্ৰেৰণা দি আহিছে।
আচাৰ্য সত্যেন্দ্ৰ নাথ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীৰ এই পৱিত্ৰ মুহূৰ্তত মই আপোনালোক সকলোকে, বিশেষকৈ আমাৰ বৈজ্ঞানিকসকলক শুভ কামনা জ্ঞাপন কৰিছো।
বন্ধুসকল, প্ৰতিটো বছৰৰ আৰম্ভণিতে মই দেশৰ প্ৰথিতযশা বিজ্ঞানীসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ গ্ৰহণ কৰি আহিছো। আজিৰ এই পৱিত্ৰ মুহূৰ্তই পুনৰবাৰ আপোনালোকৰ সৈতে বাৰ্তালাপ কৰাৰ আন এক সুযোগ প্ৰদান কৰিছে।
১৮৯৪ চনৰ এক শুভ দিনত জন্মগ্ৰহণ কৰা আচাৰ্য সত্যেন্দ্ৰ নাথ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ লক্ষ্যৰে আজিৰে পৰা এক বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিবলৈ আমি আগবাঢ়িছো। এইগৰাকী মহান বিজ্ঞানীয়ে তেওঁৰ জীৱনকালত লাভ কৰা সাফল্য আক্ষৰিক অৰ্থতে সমসাময়িক সময় আৰু সামাজিক প্ৰেক্ষাপটতকৈ বহু যুগে আগবঢ়া আছিল। বন্ধুসকল, দেশবন্ধু চিত্তৰঞ্জন দাসে তেওঁৰ এটি কবিতাত উল্লেখ কৰিছিল এনেদৰে- “বাংলাৰ মাটি আৰু পানীত অনন্ত কালে এক সত্য সংপৃক্ত হৈ আহিছেই।” এই সত্য হল বংগৰ মানুহৰ চিন্তা আৰু বিশ্লেষণৰ পৰ্যায়, যাক স্পৰ্শ কৰাটো সহজ নহয়। যিয়ে বহু শতিকাজুৰি বংগক দেশৰ ভিতৰতে অগ্ৰণী কৰি ৰাখিছে। সেয়া লাগিলে স্বাধীনতা সংগ্ৰামেই হওক, কিম্বা সাহিত্যই হওক, বিজ্ঞানেই কিম্বা খেল-ধেমালি হওক, সকলোতে বংগৰ মাটি-পানীৰ আমোঘ প্ৰভাৱ বিদ্যমান। স্বামী ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ, গুৰুবৰ ৰৱীন্দ্ৰ নাথ ঠকুৰ, সুভাষ চন্দ্ৰ বসু, শমা প্ৰসাদ মুখাৰ্জী, বংকিম চন্দ্ৰ, শৰত্ চন্দ্ৰ, সত্যজিত্ ৰয়, আপুনি যি ক্ষেত্ৰৰ নামেই নওক কিয় এজন নহয় এজন বংগ-সন্তানৰ নাম তৰাৰ দৰে জিলিকি উঠিবই।
এই ডোখৰ ভূমিয়ে পৃথিৱীক বহুকেইগৰাকী মুধাফুটা বিজ্ঞানী দিবলৈ সক্ষম হোৱাটো সামগ্ৰিকভাৱে ভাৰতৰে গৌৰৱ। আচাৰ্য এছ.এন. বসুৰ উপৰিও জগদীশ চন্দ্ৰ বসু, মেঘনাদ সাহাৰ দৰে অগণন ব্যক্তিয়ে দেশৰ আধুনিক বিজ্ঞানৰ ক্ষেত্ৰখনৰ বুনিয়াদ শক্তিশালী ৰূপত নিৰ্মাণ কৰি থৈ গৈছে। তেনেই সামান্য সমল আৰু পৰিস্থিতিৰ জটিলতাকো নেওচি কৰা অধ্যয়ন আৰু আৱিস্কাৰৰ জৰিয়তে তেওঁলোকে জনগণৰ প্ৰতি সেৱা আগবঢ়াই গৈছে। তেওঁলোকৰ দায়বদ্ধতা আৰু সৃষ্টিশীলতাই আজিও আমাক শিকনি দি আহিছে।
বন্ধুসকল, আচাৰ্য এছ.এন. বসুৰ জীৱনৰ পৰা আমি বহু শিকিবলগীয়া আছে। তেওঁ এগৰাকী স্বয়ং শিকাৰু বিদ্বান আছিল। বহু বাধা-বিঘিনিকো অতিক্ৰমী তেওঁ সাফল্য আহৰণ কৰিছিল। ইয়াৰ ভিতৰত কোনো আনুষ্ঠানিক গৱেষণামূলক শিক্ষাৰ অনুপস্থিতি কিম্বা পৃথিৱীৰ বিজ্ঞানী সমাজৰ সৈতে যোগাযোগৰ তেনেই সামান্য সুযোগৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ এককভাৱে কৰা অধ্যাৱসায়ৰ সুবাদতে ১৯২৪ চনত বিজ্ঞানৰ অন্য এক ন-দিগন্তৰ সূচনা হৈছিল। ইয়ে কোৱাণ্টাম ষ্টেটিষ্টিকছৰ ভেটি নিৰ্মাণ কৰি আধুনিক আনবিক সূত্ৰ অধ্যয়নৰ প্ৰেক্ষাপট ৰচনা কৰিছিল। আইনষ্টাইনৰ জীৱনীকাৰ আব্ৰাহাম পেচে তেওঁৰ গৱেষণাক পুৰণি কোৱাণ্টাম সূত্ৰৰ অধ্যয়নৰ ক্ষেত্ৰত শেহতীয়া চাৰিখন বৈপ্লৱিক গৱেষণা পত্ৰৰ অন্যতম বুলি অভিহিত কৰিছিল। বোস ষ্টেটিষ্টিকছ, বোস আইনষ্টাইন কণ্ডেছেশ্যন আৰু হিগছ বোসনৰ দৰে ধাৰণা আৰু বৈজ্ঞানিক অভিধাই সত্যেন্দ্ৰনাথ বসুৰ নাম বিজ্ঞানৰ ইতিহাসত অমৰ কৰি ৰাখিছে।
পৰৱৰ্ত্তী সময়ত ভৌতিক বিজ্ঞানৰ বিভিন্ন ব্যৱহাৰিক ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অধ্যয়নৰ সূত্ৰ ধৰি চৰ্চা চলোৱা বহুকেইগৰাকী ব্যক্তিক নবেল বঁটাৰে সন্মানিত কৰা কথাই বাস্তৱিকতেই তেওঁ আগবঢ়োৱা অৱদানৰ অসাধাৰণ গুৰুত্বকে প্ৰকাশ কৰিছে। অধ্যাপক বসু মাতৃভাষাত বিজ্ঞানৰ শিক্ষা দান কৰোতা ধৰ্মযোদ্ধা আছিল। জ্ঞান ও বিজ্ঞান নামৰ বাংলা ভাষাৰ বিজ্ঞান আলোচনীখন তেওঁ প্ৰকাশ কৰি উলিয়াইছিল। আমাৰ যুৱ-প্ৰজন্মৰ মাজত বিজ্ঞান জনপ্ৰিয় কৰাৰ বাবে বিজ্ঞান সংযোগীকৰণৰ ক্ষেত্ৰত আমি বিস্তৃত কাৰ্যক্ৰম ৰূপায়ণ কৰিব লাগিব। এই ক্ষেত্ৰত ভাষা বাধাৰ প্ৰাচীৰ হোৱাৰ পৰিৱৰ্তে উপযোগী বাহক হিচাপে চিহ্নিত হব লাগিব।
বন্ধুসকল, ভাৰতৰ বৈজ্ঞানিক গৱেষণাৰ প্ৰেক্ষাপট পৰম্পৰাগতভাৱেই শক্তিশালী। মেধাৰ অভাৱ, কঠোৰ সাধনা কিম্বা লক্ষ্য-উদ্দেশ্যৰ অনুপস্থিতি ভাৰতত কোনো দিনেই নাছিল। শেহতীয়া কেইবাটাও দশকত ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ধাৰাবাহিক প্ৰগতি লাভ কৰিছে। সেয়া লাগিলে তথ্যপ্ৰযুক্তিয়েই হওক, অথবা মহাকাশ প্ৰযুক্তি কিম্বা ক্ষেপনাস্ত্ৰ প্ৰযুক্তিয়েই হওক সমগ্ৰ পৃথিৱীত ভাৰতে উজ্জ্বল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ এই সাফল্যই সমগ্ৰ দেশকে গৌৰৱান্বিত হোৱাৰ সুযোগ দিছে।
ইছৰোৰ এটা মাথো ৰকেটেই ১০০টাৰো অধিক কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নি সফলতাৰে কক্ষত স্থাপনৰ কথাই সমগ্ৰ পৃথিৱীবাসীকে তবধ মনাইছিল। আমাৰ বিজ্ঞানীসকলৰ কৰ্মকুশলতাই সেই মুহূৰ্তত সমগ্ৰ ভাৰতবাসীকে উত্ফল্লিত কৰাই নহয়, উন্নত শিৰে থিয় দিয়াৰো সুযোগ প্ৰদান কৰিছিল।
বন্ধুসকল, আপোনালোকে পৰীক্ষাগাৰত কৰা কঠোৰ সাধনা, উজাৰি কৰা আপোনালোকৰ ত্যাগৰ কথা কেৱল পৰীক্ষাগাৰৰ চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখাটো আপোনালোকৰ লগতে দেশবাসীৰ বাবেও অন্যায় কৰা হব। দেশৰ বৈজ্ঞানিক সামৰ্থ্য বৰ্দ্ধনৰ লক্ষ্যৰে আপোনালোকে কৰা কঠোৰ শ্ৰমৰ ফলসমূহক যদি আধুনিক সময়ৰ উপযোগী হোৱাকৈ যুগুতাই দেশৰ সৰ্বসাধাৰণৰ উপকাৰত নিয়োজিত কৰিব পৰা যায় তেতিয়াহে এইবোৰ অধিক ফলপ্ৰসূ হব।
সেয়ে আমাৰ গৱেষণা তথা আমাৰ উদ্ভাৱনসমূহৰ চূড়ান্ত সাফল্যসমূহৰ ব্যৱহাৰিক সম্ভাৱনা নিশ্চিত কৰাটো আজিৰ প্ৰেক্ষাপটত অতিকে জৰুৰী হৈ পৰিছে। আপোনালোকৰ গৱেষণাই কোনোবা এজন দুখীয়াক সকাহ দিব পাৰে নেকি, কোনোবা মধ্যবিত্তৰ সমস্যাৰ সমাধান উলিয়াব পাৰে নেকি? যেতিয়াই আমাৰ বৈজ্ঞানিক অধ্যয়ন তথা সম্পৰীক্ষাই সামাজিক-অৰ্থনৈতিক সমস্যাৰ সমাধান সূত্ৰ উলিয়াব পাৰিব তেতিয়াই আপোনালোকৰ দৰে ব্যক্তিয়ে চূড়ান্ত পৰিণতিৰ দিশত আগবঢ়াৰ অথবা লক্ষ্য নিৰ্দ্ধাৰণ কৰিবলৈ সহজ হব।
আন দহজনে নভবা ন-ন চিন্তাৰে উদ্বুদ্ধ আপোনালোকৰ দৰে বিজ্ঞান মনস্কই সৃষ্টিশীল প্ৰযুক্তিৰ উদ্ভাৱনৰে সৰ্বসাধাৰণ জনতাৰ জীৱন সমৃদ্ধ কৰাৰ লগতে দৈনন্দিন জীৱনৰ ছন্দ অধিক সাৱলীল কৰি তুলিব বুলি মই সদায়ে বিশ্বাস কৰো। ইতিমধ্যে বহুবোৰ বৈজ্ঞানিক প্ৰতিষ্ঠানে সৌৰ শক্তি, স্বচ্ছ শক্তি, জল সংৰক্ষণ আৰু আৱৰ্জনা প্ৰৱন্ধনৰ দৰে প্ৰসঙ্গত বিস্তৃত গৱেষণা আৰম্ভ কৰিছে বুলি মই জানিব পাৰিছো। এইবোৰ গৱেষণাৰ সাফল্যসমূহ গৱেষণাৰ মাজত সীমাবদ্ধ কৰি নৰখাই আমাৰ সকলোৰে দায়িত্ব বুলিয়েই মই অনুভৱ কৰো।
সন্মানীয় বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীসকল, আপোনালোক সকলোৱে চাগৈ কোৱাণ্টাম মেকানিকছৰ অধ্যয়নৰত অথবা বিশেষজ্ঞ। মই পিচে এই বিষয় পঢ়া নাছিলো। পিছে আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰিক ক্ষেত্ৰত শিক্ষা দিব পৰা বহু পাঠ ভৌত বিজ্ঞানত সন্নিৱিষ্ট হৈ আছে বুলি মই বুজি পাও। এটা দ কুঁৱাৰ পৰা ক্লাছিকেল পাৰ্টিকল সহজে বিচাৰি উলিয়াব নোৱাৰি, কিন্তু এটা কোৱাণ্টাম পাৰ্টিকলক বিচাৰি উলিয়াব পাৰি।
কিবা নহয় কিবা একোটা কাৰণত আমি নিজকে আচুতীয়া কৰি ৰাখো। আমি এটা প্ৰতিষ্ঠানে আন এটা প্ৰতিষ্ঠানৰ সতীৰ্থ বিজ্ঞানীসকলৰ সৈতে সহযোগিতা কৰিবলৈ কিম্বা ধাৰণাৰ, অভিজ্ঞতাৰ আদান-প্ৰদান কৰিবলৈ টান পাও। আমাৰ সম্পূৰ্ণ সম্ভাৱনীয়তাত উপনীত হবলৈ হলে আৰু ভাৰতীয় বিজ্ঞানক ইয়াৰ ন্যায্য স্থানত মহিমণ্ডিত কৰিবলৈ হলে, আমিবোৰ সীমাৰ মাজত আবদ্ধ থাকিও সহজে নিৰ্ণিত হব পৰা কোৱাণ্টাম পাৰ্টিকলৰ দৰে হব লাগিব। বিভিন্ন ক্ষেত্ৰত ব্যাপক ৰূপত বহুধা বিভক্ত হৈ পৰা আজিৰ বিজ্ঞান যত সমন্বিত প্ৰয়াসৰ প্ৰয়োজনীয়তা বাঢ়িছে এনে প্ৰেক্ষাপটত আজিৰ তাৰিখত এয়া আগতকৈও অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। ব্যয়বহুল আৰু কম দিনৰ বাবে কৰ্মদক্ষতাসম্পন্ন ভৌতিক আৰু গৱেষণামূলক আন্তঃগাঁথনিসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক অংশীদাৰিত্বত মনোনিবেশ কৰাৰ কথা মই কৈ আহিছো। বিজ্ঞানৰ বিভাগসমূহে এতিয়া বহুতৰপীয়া পদক্ষেপ গ্ৰহণৰ বাবে চিন্তা-চৰ্চা কৰি আছে বুলি মোক জানিবলৈ দিছে। এই ক্ষেত্ৰত এটা পৰ্টেল যুগুতাই উলিওৱা হৈছে আৰু ইয়াৰ জৰিয়তে বৈজ্ঞানিক আন্তগাঁথনিসমূহৰ ব্যৱহাৰিক অংশীদাৰিত্ব নিশ্চিত কৰাৰ লগতে স্বচ্ছ আৰু দক্ষতাৰে সমলৰ অংশীদাৰিত্ব নিশ্চিত কৰিব পৰা যাব।
বিদ্যায়তনিক আৰু গৱেষণা তথা বিকাশ প্ৰতিষ্ঠানসমূহৰ মাজত এক শক্তিশালী সহযোগিতাৰ বাতাবৰণ সৃষ্টিৰ বাবে ইতিমধ্যে এক ব্যৱস্থা যুগুতাই উলিওৱা হৈছে। বিদ্বত্ মহলৰ পৰা প্ৰতিষ্ঠানলৈ, ঔদ্যোগিক খণ্ডৰ পৰা প্ৰাথমিক পৰ্যায়ৰ উদ্যোগীলৈকে বিজ্ঞান আৰু প্ৰযুক্তিৰ অংশীদাৰসমূহক একত্ৰিত কৰিব পৰাকৈ মহানগৰ ভিত্তিক এলানি গৱেষণা তথা বিকাশ ক্ষেত্ৰ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে।
সকলো প্ৰতিষ্ঠান তথা গৱেষণাগাৰক আমাৰ এই কৌশলৰ আৱৰ্ত্তলৈ অনাৰ দক্ষতাৰ ওপৰতে এই কাৰ্যক্ৰমৰ সাফল্য নিৰ্ভৰ কৰিব। নিশ্চিতবাৱেই এই ক্ষেত্ৰত আপোনালোক আটাইৰে আন্তৰিক সহযোগিতাৰ প্ৰয়োজন হব। দেশৰ প্ৰত্যন্ত এলেকাত কাম কৰি থকা এজন বিজ্ঞানীয়েও যাতে বাধাহীনভাৱেই, ধৰক, আইআইটি দিল্লী কিম্বা চিএছআইআৰ, ডেৰাডুনৰ পৰীক্ষাগাৰৰ আন্তঃগাঁথনিসমূহৰ ব্যৱহাৰৰ সুযোগ লাভ কৰিব পাৰে, সেই কথা নিশ্চিত কৰিব এই ব্যৱস্থাই। বহু অংশৰ যোগফলতকৈ আমাৰ কাম আৰু প্ৰয়াসৰ সামগ্ৰিক ফল অধিক হোৱাটো নিশ্চিত কৰাটোৱেই আমাৰ লক্ষ্য হোৱা উচিত।
বন্ধুসকল, উন্নয়ন, প্ৰগতি তথা ৰূপান্তৰৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে এক অসাধাৰণ চালক যন্ত্ৰৰ দৰে ভূমিকা পালন কৰে। আমাৰ আৰ্থ-সামাজিক প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ নিজৰ উদ্ভাৱনী ক্ষেত্ৰসমূহৰ দিক নিৰ্ণয়ত মনোনিবেশ কৰিবলৈ মই পুনৰবাৰ আপোনালোকক আহ্বান জনাব খুজিছে। দেশৰ লাখ লাখ লোক, বিশেষকৈ বহু হাজাৰ জনজাতীয় শিশু ছিকল চেল এনিমিয়াত আক্ৰান্ত হৈ আহিছে। ইয়াৰ নিৰাময়ৰ বাবে দশক জুৰি গৱেষণা চলাই থকা হৈছে, পিছে আমি বাৰু এইবিধ ব্যাযিৰ কম ব্যয়সাধ্য এক সহজ চিকিত্সা পদ্ধতি উদ্ভাৱন কৰি পৃথিৱীবাসীক উপকৃত কৰিম বুলি পণ লব নোৱাৰেনে? আমি বাৰু কম দৰৰ অধিক প্ৰটিনযুক্ত দাইলৰ নতুন প্ৰজাতি এটা বিকশিত কৰিব নোৱাৰোনে, যি অপুষ্টিৰ সমস্যা সমাধান কৰিব পাৰিব। আমাৰ শস্য আৰু শাক-পাচলিসমূহৰ মান আৰু অধিক উন্নত কৰি তুলিব নোৱাৰোনে? আমাৰ নৈবোৰৰ পৰিষ্কৰণ, জলাশয়ত বাহ লোৱা অপতৃণ নিস্কাষণ, অথবা প্ৰদূষণ আঁতৰোৱাৰ গতি অধিক দ্ৰুত কৰি তুলিব নোৱাৰোনে? মেলেৰিয়া, যক্ষ্মা কিম্বা জাপানী এনকেফেলাইটিছৰ দৰে বেমাৰ নিৰাময় কৰিবলৈ নতুন ঔষধ বিকশিত কৰিব নোৱাৰোনে? আমাৰ পৰম্পৰাগত জ্ঞানক আধুনিক বিজ্ঞানৰে সৃষ্টিশীলতাৰে সংপৃক্ত কৰিব পৰা ক্ষেত্ৰসমূহ আমি বাৰু বিচাৰি উলিয়াব নোৱাৰোনে?
বন্ধুসকল, বিভিন্ন কাৰণত আমি প্ৰথম উদ্যোগ বিপ্লৱৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলো। পিছে তেনে এক সুযোগৰ বাবে আজি আমি বঞ্চিত হব নোৱাৰো। আৰ্টিফিচিয়েল ইণ্টালিজেন্স, বিগ ডাটা এনালাইটিকছ, মেকাইন লাৰ্ণিং, চাইবাৰ ফিজিকেল চিষ্টেমছ, জেন’মিকছ আৰু ইলেক্ট্ৰিক ভেহিকলৰ দৰে ক্ৰমশ বিকশিত হোৱা নতুন ক্ষেত্ৰসমূহৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে আপোনালোকে মনোনিবেশ কৰিব লাগিব। এইবোৰ নতুন প্ৰযুক্তি তথা উদ্ভাৱনী ক্ষেত্ৰত এখন দেশ হিচাপে আমি আমাৰ দৃঢ় পদক্ষেপ আগবঢ়োৱাতো নিশ্চিত কৰাৰ বাবে আপোনালোকে ভূমিকা গ্ৰহণ কৰক।
এইবোৰ প্ৰত্যাহ্বান আমাৰ বিজ্ঞানী মহলে কেনেদৰে মোকাবিলা কৰে তাৰ ওপৰতে দক্ষ উত্পাদনশীলতা, দক্ষ মহানগৰী নিৰ্মাণ, ৪.০ উদ্যোগ স্থাপন, ‘ইণ্টাৰনেট অফ থিং’ৰ দৰে ব্যৱস্থাসমূহৰ সাফল্য নিৰ্ভৰ কৰিব। আমাৰ বৈজ্ঞানিক ব্যৱস্থাক উদ্ভাৱক, উদ্যোগীসকলৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰি তেওঁলোকৰ সম্ভাৱনীয়তাৰ পূৰ্ণ ব্যৱহাৰ নি্চিত কৰাৰ লগতে সাফল্যৰ প্ৰবহন আৰু সামগ্ৰিক ব্যৱস্থাৰ সৱলীকৰণ নিশ্চিত কৰিব লাগিব।
বন্ধুসকল, আমাৰ জলসম্পদ পৃথিৱীবাসীৰ বাবে ঈৰ্ষাৰ সমল হব পাৰে। ঠিক এই বিষয়টোলৈকে লক্ষ্য ৰাখি চৰকাৰে ষ্টেণ্ড আপ ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, দক্ষতা বিকাশ আঁচনি, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে কাৰ্যক্ৰম ৰূপায়ণত মনোনিবেশ কৰি আহিছে। এইলানি কাৰ্যক্ৰমৰ বাবে আমি এনে ২০টা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছো যিয়ে পৃথিৱীজোৰা খ্যাতি অৰ্জন কৰাৰ লগতে বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে পৰিচিতি লাভ কৰিব পাৰিব। যশস্বী প্ৰতিষ্ঠানৰ এই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে উচ্চতৰ শিক্ষা কাৰ্যক্ৰমেৰে জড়িত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহিবলৈ চৰকাৰে নিজেই ইতিমধ্যে আহ্বান জনাইছে। ইয়াৰ বাবে থকা বিধি-ব্যৱস্থাৰ সৰলীকৰণ তথা আইন ৰ সংশোধন কৰা হৈছে। এই সন্দৰ্ভত নিৰ্বাচিত কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহলৈ নিৰ্দিষ্ট সময় কালৰ বাবে ১০০০ কোটি টকাৰ বিত্তীয় সহযোগিতা পুঁজিৰ আবণ্টন দিয়া হব।
মই এছ.এন. বসু ৰাষ্ট্ৰীয় বুনিয়াদী বিজ্ঞান কেন্দ্ৰৰ দৰে প্ৰতিষ্ঠানসমূহক এই কাৰ্যক্ৰমেৰে জড়িত হোৱাৰ বাবে আহ্বান জনাইছো।আপোনালোকৰ প্ৰতিষ্ঠানসমূহৰ বাতাবৰণ এনেদৰে গঢ়ি তোলাক যাতে সেই পৰিবেশ আৰু অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক, আৰু আৰু অধিক সংখ্যক যুৱক-যুৱতীক নতুন গৱেষণা তথা উদ্ভাৱনীমূলক কাৰ্যক্ৰমেৰে জড়িত হোৱাৰ বাবে উদগণি দিব পাৰে। যদি প্ৰতিগৰাকী বিজ্ঞানীয়ে কিঞ্চিত সময় উলিয়াই অন্ততঃ এটা হলেও শিশুক বিজ্ঞানৰ অধ্যয়ন তথা গৱেষণাৰ বাবে আগ্ৰহী কৰি তুলিব পাৰে তেন্তে ইয়ে অনাগত সময়ত দেশৰ বহু লক্ষ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়িব পাৰিব। ১২৫ সংখ্যক জন্ম জয়ন্তীত এয়া হব আচাৰ্য সত্যেন্দ্ৰনাথ বসুলৈ আমাৰ আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি।
বন্ধুসকল, ২০১৭ চনত আমি সকলোৱে, দেশৰ ১২৫ কোটি ভাৰতীয়ই সামূহিকভাৱে এই পৱিত্ৰ সংকল্প গ্ৰহণ কৰিছিলো। সেই সংকল্প আছিল এখন নতুন ভাৰত গঢ়াৰ। এই সংকল্প আছিল, ২০২২ চনৰ ভিতৰত আমাৰ সমাজত বৰ্তি থকা বৈষম্য আঁতৰোৱাৰ। এই সংকল্প আছিল আমাৰ স্বাধীনতা সংগ্ৰামীসকলে দেখা সপোনৰ দৰে এখন ভাৰত গঢ়াৰ। ২০১৮ চনটো এই সংকল্প বাস্তৱায়িত কৰাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বছৰ। এইটো বছৰতে আমি আমাৰ সংকল্পত উপনীত হোৱাৰ বাবে সমগ্ৰ শক্তি, আমাৰ সমগ্ৰ সামৰ্থ্য উজাৰি দিব লাগিব। এই সাফল্যৰ বাবে দেশৰ প্ৰতিজন ব্যক্তিয়ে, প্ৰতিটো পৰিয়ালে, প্ৰতিটো প্ৰতিষ্ঠানে, প্ৰতিটো বিভাগে আৰু প্ৰতিটো মন্ত্ৰালয়ে নিজাববীয়াকৈ অৰিহণা আগবঢ়াব লাগিব। এখন ৰেলগাড়ীয়ে যেনেকৈ আৰম্ভণীৰ ৫-১০ মিনিটৰ ভিতৰতে সৰ্বাধিক গতিবেগ লাভ কৰিবলৈ সক্ষম হয়, ঠিক তেনেকৈয়ে ২০১৮ বৰ্যয়ো সৰ্বাধিক গতিবেগ লাভৰ অৰ্থকে সকিয়াইছে। দেশৰ বিজ্ঞানী সমাজ আৰু এই ক্ষেত্ৰৰে জড়িত সকলোৱেই ন-ন গৱেষণা আৰু উদ্ভাৱনেৰে নতুন ভাৰত গঢ়াৰ কামত মনোনিবেশ কৰিব লাগিব। দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আপোনালোকৰ উদ্ভাৱনে শক্তি প্ৰদান কৰিব আৰু তেওঁলোকে শক্তিৱন্ত কৰি তুলিব সমগ্ৰ দেশকে। সেয়া লাগিলে আধাৰেই হওক অথবা প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ পদ্ধতিয়েই হওক, ভূমি স্বাস্থ্য পত্ৰই হওক কিম্বা কৃত্ৰিম উপগ্ৰহৰ নিৰীক্ষণ পদ্ধতি বা দ্ৰোণেই হওক এই সকলোবোৰতো আপোনালোকৰে অৱদান।
বন্ধুসকল, গৃহ নিৰ্মাণ, খোৱাপানী, শক্তি ৰেল সেৱা, নৈ, পথ যোগাযোগ, বিমান বন্দৰ, জলসিঞ্চন, যোগাযোগ তথা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আদিৰ দৰে ক্ষেত্ৰত নতুন নতুন উদ্ভাৱনী সম্ভাৱনীয়তাই আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। চৰকাৰ আপোনালোকৰ লগত আছে, সম্পদ আপোনালোকৰ লগত আছে আৰু দক্ষতাৰ ক্ষেত্ৰত আপোনালোক যিহেতু অদ্বিতীয় সেয়ে যিকোনো পৰিস্থিতিতে আপোনালোক সফল হবই। আৰু আপোনালোক সফল হলে দেশলৈ সাফল্য আহিবই। আপোনালোকৰ সংকল্প বাস্তৱায়িত হলে দেশে গ্ৰহণ কৰা পৱিত্ৰ সংকল্পই বাস্তৱ ৰূপ ধাৰণ কৰিবই।
বন্ধুসকল, উদ্বোধনী অনুষ্ঠান অৰ্থবহ হয় যদিহে ইয়াৰ পৰৱৰ্ত্তী কাৰ্যক্ৰম বাস্তৱায়িত হয়। মই শুনি সুখী হৈছো যে এই অনুষ্ঠানৰ পৰৱৰ্ত্তী সময়ত ৰূপায়িত হব লগা এলানি কাৰ্যক্ৰম ইতিমধ্যেই যুগুতাই উলিওৱা হৈছে। প্ৰত্যন্ত এলেকাৰ ১০০খন বিদ্যালয় আৰু মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান, বহু সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সমাবেশ, বৈজ্ঞানিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰা ১২৫টা সমস্যাৰ সমাধান বিচাৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দৰে বিভিন্ন কাৰ্যসূচী এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।
আপোনালোকৰ প্ৰয়াস সফল হওক। সকলোলৈকে শুভকামনা জনালো। জয়হিন্দ। বহুত বহুত ধন্যবাদ।
*****
AKT/AK/KT/RSB/AK
Here is PM @narendramodi's speech at the Curtain Raiser Ceremony marking the 125th Birth Anniversary of Prof. S.N. Bose https://t.co/U05AxwqLBW
— PMO India (@PMOIndia) January 1, 2018
Addressed a programme to mark 125th birth anniversary of Professor SN Bose. His contribution towards science will always be remembered. He overcame several obstacles and excelled. Professor Bose made commendable efforts to further teaching of science in vernacular languages. pic.twitter.com/0oVeWV5BdG
— Narendra Modi (@narendramodi) January 1, 2018
Spoke about the proud history of West Bengal, the land which has produced several greats who contributed immensely to our nation. pic.twitter.com/5JSggcf1KP
— Narendra Modi (@narendramodi) January 1, 2018
Happy to see the advances India’s science, innovation and research eco-systems are making. Urged our scientists and innovators to continue their good work, use out of the box methods and provide creative solutions to the problems India faces. pic.twitter.com/btA24pdWRz
— Narendra Modi (@narendramodi) January 1, 2018
The need of the hour is to keep pace with latest trends in science and technology. pic.twitter.com/qnBviXnuB3
— Narendra Modi (@narendramodi) January 1, 2018
With a focus on research and innovation, our scientific community will play a major role in fulfilling our dream of a New India. pic.twitter.com/7UVIjagD0x
— Narendra Modi (@narendramodi) January 1, 2018