Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অধ্যাপক গোবৰ্ধন দাসৰ নিযুক্তিত অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোবৰ্ধন দাসক নিটি আয়োগৰ সদস্য হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। শ্ৰী মোদীয়ে কয় যে নিৰলস নিষ্ঠা আৰু নম্ৰতাৰ দ্বাৰা চিহ্নিত দাসৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ অধ্যাপক দাসৰ  জনস্বাস্থ্য, বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি তেওঁৰ অৱদানৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ

“অধ্যাপক গোবৰ্ধন দাস জী, আপোনাক বহুত অভিনন্দন!

অক্লান্ত পৰিশ্ৰম আৰু নম্ৰতাৰে ভৰা আপোনাৰ যাত্ৰা সকলোৰে বাবে প্ৰেৰণাদায়ক। জনস্বাস্থ্য, বিজ্ঞান, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আপোনাৰ অমূল্য অৱদানৰ বাবে সমগ্ৰ দেশবাসী গৌৰৱান্বিত। আপোনাৰ কাৰ্যকালৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।”

******

MJPS/VJ/SS/DB